Logo
image

দিছপুৰত মুখ্যমন্ত্ৰীৰ স্থায়ী বাসভৱন নিৰ্মাণৰ প্ৰস্তুতি

 কেইবাটাও বিধায়ক আৱাস সামৰি

আমাৰ অসম, ২৯ জানুৱাৰীঃ যি সময়ত ৰাজ্যৰ অৰ্থনৈতিক পৰিস্থিতি এক ভয়াৱহ দিশত গতি কৰিছে, সেই সময়তে দিছপুৰৰ ৰাজধানী চৌহদত মুখ্যমন্ত্ৰীৰ বাবে পৃথকে চৰকাৰী আবাস চৌহদত নিৰ্মাণৰ প্ৰস্তুতি তুংগত উঠিছে৷ মুখ্যমন্ত্ৰীৰ বাবে নিৰ্মাণ হ’বলগীয়া এই অত্যাধুনিক আৰু বিলাসী বাসভৱনৰ প্ৰাৰম্ভিক কাম-কাজ ইতিমধ্যে আৰম্ভ কৰিছে লোক নিৰ্মাণ আৰু সাধাৰণ প্ৰশাসন বিভাগে৷ এই বিলাসী বাংলোৰ নক্সা ইতিমধ্যে চূড়ান্ত হৈছে৷ বাস্তু শাস্ত্ৰৰ সম্পূৰ্ণ সম্পূৰ্ণ মানি প্ৰস্তুত কৰা হৈছে এই নক্সা৷ উল্লেখ্য যে, মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা দিছপুৰৰ ‘মিনিষ্টাৰ কলনী’ৰ  যিটো চৰকাৰী বাংলোত থাকে সেই ডুপ্লেক্স বাংলোটোতেই মন্ত্ৰী থকাৰ সময়ৰ পৰাই আছে তেওঁ৷ মুখ্যমন্ত্ৰী পদত বহাৰ পিছতে ঘোষণা কৰিছিল যে তেওঁ কইনাধৰা বা ব্ৰহ্মপুত্ৰ অতিথিশালাত নাথাকে৷ দিছপুৰৰ মিনিষ্টাৰ কলনীতে থাকিব অন্য মন্ত্ৰীসকলৰ সৈতে যাতে সৰ্বসাধাৰণ লোকে তেওঁক সহজে ঢুকি পায়৷ প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ দৰে কইনাধৰাৰ ৰ নম্বৰ ৰাজ্যিক অতিথিশালাত নাথাকে বুলি ঘোষণা কৰিলেও শেহতীয়াভাৱে মুখ্যমন্ত্ৰী ড॰ শৰ্মাই দিনটোৰ অধিকাংশ চৰকাৰী বৈঠক কইনাধৰাতে অনুষ্ঠিত কৰি আছে আৰু তাতে দিনটোৰ সৰহ সময় অতিবাহিত কৰে৷ তথ্য অনুসৰি মুখ্যমন্ত্ৰী শৰ্মাই বৰ্তমান যিটো বাংলোত থাকে তাৰ গাতে লাগি থকা মন্ত্ৰী পীয়ুষ হাজৰিকাৰ নামত আবণ্টিত বাংলো, সাংসদ পল্লৱলোচন দাসে ব্যৱহাৰ কৰি থকা বাংলো তথা পূৰ্বৰ মন্ত্ৰী ৰিহণ দৈমাৰীয়ে ব্যৱহাৰ কৰা বাংলো– এই চাৰিটা সুবৃহৎ বাংলো লগ লগাই মুখ্যমন্ত্ৰীৰ বাবে সাজি উলিওৱা হ’ব পৃথকে এটা চৰকাৰী বাসভৱন চৌহদ৷ মুখ্যমন্ত্ৰীৰ বাবে পৃথকে নিৰ্মাণ কৰিবলগীয়া এই সুবৃহৎ চৌহদটোত মুখ্যমন্ত্ৰীৰ বাসগৃহৰ উপৰিও এটা অত্যাধুনিক অতিথিশালা আৰু এটা কনফাৰেন্স হ’লো থাকিব৷ মুখ্যমন্ত্ৰীৰ বাসগৃহৰ সৈতে থাকিব এটা সুদৃশ্য কাৰ্যালয় কক্ষও৷ উল্লেখ্য যে মুখ্যমন্ত্ৰী মন্ত্ৰীসকলৰ বাবে আবণ্টিত প্ৰতিটো ডুপ্লেক্স বাংলোত অতি কমেও ১১টাকৈ কোঠা আছে৷ ‘মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসভৱন চৌহদ’ হিচাপে নিৰ্মাণ কৰিবলগীয়া চৌহদৰ সম্পূৰ্ণ নক্সা বাস্তু শাস্ত্ৰৰ বিশেষজ্ঞৰ পৰামৰ্শ মতে চূড়ান্ত কৰাৰ পাছত এতিয়া এই চৌহদ নিৰ্মাণৰ প্ৰাৰম্ভিক কাম-কাজ পূৰ্ণগতিত আৰম্ভ হৈছে৷ উল্লেখ্য যে, সাংসদ পল্লৱলোচন দাস বৰ্তমানো দিছপুৰৰ মিনিষ্টাৰ কলনীৰ যিটো চৰকাৰী বাসগৃহ ব্যৱহাৰ কৰি আছে সেইটো সোণোৱাল চৰকাৰৰ কাৰ্যকালত মন্ত্ৰী হৈ থকাৰ সময়তে তেওঁৰ নামত আবণ্টিত হৈছিল৷ সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পিছতো তেওঁ সেই বাংলোটো ব্যৱহাৰ কৰি আছে৷ অৱশ্যে প্ৰাক্তন মন্ত্ৰী ৰিহণ দৈমাৰীয়ে মন্ত্ৰী হিচাপে ব্যৱহাৰ কৰা বাংলোটো কাকো আবণ্টন দিয়া হোৱা  নাছিল৷ এতিয়া ‘মুখ্যমন্ত্ৰীৰ চৰকাৰী আবাস চৌহদত এই দুটা বাংলোও অন্তৰ্ভুক্ত হ’ব৷ ইয়াৰ উপৰিও থাকিব মুখ্যমন্ত্ৰীয়ে বৰ্তমান ব্যৱহাৰ কৰি থকা বাংলোটোৰ লগতে মন্ত্ৰী পীয়ুষ হাজৰিকাই ব্যৱহাৰ কৰি থকা বাংলোটোও৷ উল্লেখ্য যে, প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তও মুখ্যমন্ত্ৰী হোৱাৰ পিছত বিধায়ক আবাসৰ বহুকেইটা কোৱাৰ্টাৰ লগ লগাই সুবৃহৎ ‘আবাস চৌহদ’ এটা নিৰ্মাণ কৰি লৈছিল৷