Logo
image

‘পজিটিভ’ পৰীক্ষাৰ্থীৰ বাবে বিশেষ ব্যৱস্থা

আমাৰ অসম, ২৯ জানুৱাৰীঃ ক’ভিডৰ ভয়াৱহতাৰ মাজতে সকলো প্ৰকাৰৰ সাৱধানতা অৱলম্বন কৰি মেট্ৰিক পৰীক্ষাৰ প্ৰস্তুতি অব্যাহত ৰাখিছে অসম মাধ্যমিক শিক্ষা পৰিষদে [ছেবা]৷ ছেবাৰ সূত্ৰই জনোৱা মতে, ১৫ মাৰ্চৰ পৰা আৰম্ভ হ’বলগীয়া হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা চূড়ান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থীসকলে যাতে কোনো কাৰণতে কোনোধৰণৰ অসুবিধাৰ সন্মুখীন হ’বলগীয়া নহয়, তাৰ প্ৰতি সজাগ আৰু সতৰ্ক দৃষ্টি ৰাখিছে ছেবাই৷ যদিও ১৫ মাৰ্চৰ পৰা লিখিত পৰীক্ষাসমূহ আৰম্ভ হ’ব, ব্যৱহাৰিক পৰীক্ষাসমূহ আৰম্ভ হ’ব ৪ মাৰ্চৰ পৰা৷ ১৫ মাৰ্চত আৰম্ভ হ’বলগীয়া মেট্ৰিক পৰীক্ষা শেষ হ’ব ৩১ মাৰ্চত৷ ক’ভিডৰ সম্ভাব্য ত্ৰাসৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ পৰীক্ষাৰ প্ৰস্তুতিপৰ্বত ক’ভিডৰ প্ৰসংগ সকলো সময়তে মনত ৰখা হৈছে আৰু সেইমৰ্মে ফলপ্ৰসূ আৰু কাৰ্যকৰী ব্যৱস্থা গ্ৰহণৰ দিহা কৰা হৈছে৷ ইতিমধ্যে ১২১ পৰা ১৮ বছৰৰ শিশুসকলক ক’ভিড প্ৰতিষেধক দিয়াৰ কাম চলি আছে৷ ইতিপূৰ্বে এয়া বাধ্যতামূলক কৰা হৈছিল যদিও উচ্ছতম ন্যায়ালয়ৰ শেহতীয়া নিৰ্দেশনাৰ পৰিপ্ৰেক্ষিতত ছেবা কতৃৰ্পক্ষই এইক্ষেত্ৰত বাধ্যবাধকতা আৰোপ কৰা নাই যদিও শিশুসকলৰ নিৰাপদ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি শিশুসকলক প্ৰতিষেধক দিওৱাৰ ব্যৱস্থা কৰিবৰ বাবে অভিভাৱকসকলক বিনম্ৰভাৱে অনুৰোধ জনাইছে আৰু ছেবাৰ অধীনস্থ প্ৰায় সকলো শিক্ষানুষ্ঠানতে ক’ভিড প্ৰতিষেধক দিয়াৰ দিহা কৰা হৈছে– স্বাস্থ্য বিভাগ আৰু অসামৰিক প্ৰশাসনৰ সৈতে আলোচনা কৰি৷ সূত্ৰটোৱে জনোৱা মতে, ক’ভিডৰ প্ৰতি লক্ষ্য ৰাখিয়েই পৰীক্ষাগৃহত ছাত্ৰ-ছাত্ৰীসকলক শাৰীৰিক দূৰত্ব বৰ্তাই ৰাখি বহুওৱাৰ ব্যৱস্থা কৰা হৈছে৷ পৰীক্ষাগৃহত পৰ্যাপ্ত পৰিমাণৰ মাস্ক আৰু ছেনিটাইজাৰ সাজু কৰি ৰখাৰো দিহা কৰা হৈছে৷ পৰীক্ষাৰ সময়ত যদি কোনো পৰীক্ষাৰ্থী পজিটিভ হয়, তেন্তে সেই পৰীক্ষাৰ্থীয়েও যাতে নিৰ্বিঘ্নে পৰীক্ষা দিব পাৰে, তাৰ বাবেও বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে ছেবাই৷ পৰীক্ষাগৃহত প্ৰয়োজন সাপেক্ষে পৰীক্ষাৰ্থীৰ স্বাস্থ্য পৰীক্ষাৰো দিহা কৰা হ’ব৷ পৰীক্ষাৰ বাবে আন যাৱতীয় কাম-কাজৰ প্ৰস্তুতিও পূৰ্ণোদ্যমে অব্যাহত আছে৷ ইফালে, সদৌ অসম ছাত্ৰ সন্থাৰ এটা প্ৰতিনিধি দলে শুকুৰবাৰে ছেবাৰ অধ্যক্ষ ৰমেশ চান্দ জৈনক সাক্ষাৎ কৰি মেট্ৰিক পৰীক্ষাৰ প্ৰস্তুতিৰ বুজ লোৱাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ সুৰক্ষিত শৈক্ষিক ভৱিষ্যৎ নিশ্চিত কৰা সন্দৰ্ভত আলোচনা কৰে৷

ছেবাৰ সদৰত আছুৰ প্ৰতিনিধি 

আমাৰ অসমঃ ক’ভিডে সৃষ্টি কৰা বিভীষিকাৰ পৰিপ্ৰেক্ষিতত বিগত বৰ্ষত প্ৰভাৱ পৰিছিল মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ্থীসকলৰ ওপৰত৷ এই বৰ্ষতো পৰীক্ষা ওচৰ চাপিছে৷ ছাত্ৰ-ছাত্ৰী, অভিভাৱকৰ মনত উদ্বিগ্নতা বৃদ্ধি পাইছে৷ সদৌ অসম ছাত্ৰ সন্থাই পৰীক্ষাৰ প্ৰস্তুতি সন্দৰ্ভত বুজ ল’বলৈ শুকুৰবাৰে অসম মাধ্যমিক শিক্ষা পৰিষদৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনক সাক্ষাৎ কৰে৷ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা আৰু উপদেষ্টা প্ৰকাশ চন্দ্ৰ দাসৰ নেতৃত্বত যোৱা আছুৰ দলটোৱে পৰীক্ষাৰ অগ্ৰগতিৰ খবৰ লোৱাৰ লগতে সুচাৰুৰূপে প্ৰক্ৰিয়াটো সম্পন্ন কৰিবলৈ আহ্বান জনায়৷ ক’ভিডৰ প্ৰকোপ বৃদ্ধি পালেও ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক জীৱনত প্ৰভাৱ নপৰাকৈ পানী নসৰকা ব্যৱস্থা গ্ৰহণ কৰিবলৈও ছেবা কতৃৰ্পক্ষক আহ্বান জনায় দলটোৱে৷ আছুৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই এই সন্দৰ্ভত কয়– ছাত্ৰ সন্থাই ছাত্ৰ-ছাত্ৰীৰ স্বাস্থ্যৰ প্ৰতি ভাবুকি নহাকৈ সুচাৰুৰূপে পৰীক্ষা অনুষ্ঠিত হোৱাটো বিচাৰে৷ ইতিমধ্যে ৬০ শতাংশ পাঠ্যক্ৰমৰ সৈতে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ ছেবা কতৃৰ্পক্ষ সাজু হৈছে৷ লগতে সকলো বিদ্যালয়ৰ ছমহীয়া পৰীক্ষাৰ ফলাফল মজুত ৰাখিছে৷ মুঠ ৪,২১,৫৮৭ জন শিক্ষাৰ্থীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত বহিবলৈ আবেদন কৰাৰ বিপৰীতে হাই মাদ্ৰাছা পৰীক্ষাৰ বাবে আৱেদনকাৰীৰ সংখ্যা হৈছে ১১,৩০৬ জন৷ মুঠ ৯০৩ টা কেন্দ্ৰত পৰীক্ষা অনুষ্ঠিত হ’ব৷ ছাত্ৰ সন্থাই সামাজিক দূৰত্ব বৰ্তাই ৰাখি স্বাস্থ্যসন্মতভাৱে পৰীক্ষা অনুষ্ঠিত কৰাৰ স্বাৰ্থত প্ৰয়োজন হ’লে পৰীক্ষা কেন্দ্ৰৰ সংখ্যা বৃদ্ধি কৰিবলৈও আহ্বান জনাইছে৷ লগতে কোনো পৰীক্ষাৰ্থীৰ শৰীৰত ক’ভিড ধৰা পৰিলে ‘পজিটিভ’ শিক্ষাৰ্থীয়ে পৰীক্ষাত বহিব পৰাকৈ সুকীয়া পৰীক্ষা গৃহৰ ব্যৱস্থা কৰিবলৈও দাবী জনায়৷ ছাত্ৰ সন্থাৰ স্পষ্ট মত– ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক জীৱন বাধাহীনভাৱে আগবাঢ়িবই লাগিব৷ ক’ভিডৰ প্ৰকোপ কম-বেছি হ’লেও ছাত্ৰ-ছাত্ৰীক ন্যায় প্ৰদান কৰিব পৰাকৈ শিক্ষা সংসদ সাজু থাকিবই লাগিব৷ সাক্ষাৎকালত আছুৰ উপ-সভাপতি উৎপল শৰ্মা, সহকাৰী সাধাৰণ সম্পাদক ধৰ্মেশ্বৰ দাস, শিক্ষা সম্পাদক ভৱজিৎ বেজবৰুৱা আৰু সাংগঠনিক সম্পাদক দিব্যজ্যেতি মেধিও উপস্থিত থাকে৷