আহি আছে সীতাৰমণৰ বাজেট
পহিলা ফেব্ৰুৱাৰীত দেশৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ক’ভিড কালৰ দ্বিতীয়খন কেন্দ্ৰীয় বাজেট সংসদত উত্থাপন কৰিব৷ দেশৰ বিত্তমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত সীতাৰমণে তেওঁৰ প্ৰথমখন বাজেট ২০১৯ চনত উত্থাপন কৰিছিল আৰু সুদীৰ্ঘ বাজেট বক্তৃতা দিছিল৷ তেওঁৰ বক্তৃতাৰ দৈৰ্ঘ্য আছিল ২ ঘণ্টা ১৭ মিনিটৰ; সেইবাৰ তেওঁ হেনো ২০০৩ চনত তদানীন্তন বিত্তমন্ত্ৰী যশৱন্ত সিঙৰ ১৩৩ মিনিট দৈৰ্ঘ্যৰ বাজেট বক্তৃতাৰ ৰেকৰ্ড ভংগ কৰিছিল৷ ২০২০ চনত আকৌ নিজৰ কাৰ্যকালৰ দ্বিতীয়খন বাজেট উত্থাপন উপলক্ষে দিয়া বক্তৃতাত সীতাৰমণে নিজৰেই পূৰ্বৰ ৰেকৰ্ড ভংগ কৰি প্ৰায় ১৬০ মিনিট লৈছিল৷ ভাৰতৰ বিত্তমন্ত্ৰীসকলে এতিয়ালৈ দিয়া বাজেট বক্তৃতাৰ ভিতৰত হেনো এইটোৱেই আছিল সুদীৰ্ঘ সময়ৰ বক্তৃতা৷ আকৌ, ১৯৭৭ চনত সেই সময়ৰ বিত্তমন্ত্ৰী হিৰুভাই মুল্জীভাই পেটেলে দিয়া বাজেট বক্তৃতাটো হেনো আছিল সবাতোকৈ কম সময়ৰ চুটি বক্তৃতা৷ অৱশ্যে, বাজেটখনো আছিল অন্তৰ্ৱৰ্তীকালীন বাজেট৷ নিৰ্মলা সীতাৰমণৰ তৃতীয়খন বাজেটে ভংগ কৰিছিল ‘ব্ৰীফকেছ’ পৰম্পৰা৷ পূৰ্বতে সতীৰ্থসকলক লগত লৈ ব্ৰীফকেছত বাজেট লৈ বিত্তমন্ত্ৰীয়ে সদনত প্ৰৱেশ কৰাৰ নিয়ম আছিল৷ ২০২১-২২ বৰ্ষৰ বাজেটত প্ৰথমবাৰৰ বাবে কাগজৰ পৰিৱৰ্তে বাজেটৰ ছফ্ট্ কপীহে উত্থাপিত হয়৷ এই বছৰো এই একেই নিয়ম বাহাল থাকিব৷ বিত্তমন্ত্ৰীৰ বাজেট যথাসময়ত হিন্দী তথা ইংৰাজী ভাষাত ম’বাইল এপতো উপলব্ধ হ’ব৷ ক’ভিড কালৰ সতৰ্কতা হিচাপেই বাজেট কপী ছপা নকৰাৰ সিদ্ধান্ত লোৱা হৈছে৷ সীতাৰমণৰ দিনত বাজেট প্ৰসংগত ভংগ হোৱা আন এক পৰম্পৰা হ’ল– ‘হালৱা’ বিতৰণ উৎসৱ উদ্যাপন নকৰাৰ সিদ্ধান্ত৷ আগেয়ে, বাজেট প্ৰস্তুতকৰণৰ সৈতে জড়িত বিত্ত মন্ত্ৰণালয়ৰ সমূহ লোকৰ মাজত ‘হালৱা’ বিতৰণ কৰি এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰা হৈছিল৷ এতিয়া ক’ভিড-সতৰ্কতা অৱলম্বন কৰি এই নিয়মৰ পৰিৱৰ্তে মিঠাই বিতৰণ কৰাৰ ব্যৱস্থা লোৱা হৈছে৷ বাজেট প্ৰসংগত এইবাৰ আনুষংগিক কথাতেই কেৱল নিৰ্মলা সীতাৰমণ চৰ্চাৰ বিষয় নহয়, আন বিভিন্ন ক্ষেত্ৰতো তেওঁ এগৰাকী ব্যতিক্ৰমী ব্যক্তিত্বৰ গৰাকী হিচাপে চিহ্নিত৷ প্ৰয়াত ইন্দিৰা গান্ধীৰ পাছতেই তেওঁ হৈছে ভাৰতৰ দ্বিতীয়গৰাকী মহিলা বিত্তমন্ত্ৰী আৰু দ্বিতীয়গৰাকী মহিলা প্ৰতিৰক্ষা মন্ত্ৰী৷ সেয়ে হ’লেও উভয় ক্ষেত্ৰতেই সীতাৰমণেই হৈছে পূৰ্ণকালীন পৰ্যায়ৰ মহিলা প্ৰতিৰক্ষা আৰু বিত্তমন্ত্ৰী৷ এই কথা সৰ্বজনবিদিত যে ক’ভিড-১৯ অতিমাৰীয়ে সমগ্ৰ বিশ্বৰে আৰ্থিক ব্যৱস্থাত প্ৰতিকূল প্ৰভাৱ পেলাইছে৷ জনবহুল অথচ উন্নয়নশীল অৰ্থনীতিৰ দেশ হিচাপে ভাৰতে এই কুফল ভালকৈয়ে ভুগিবলগীয়া হৈছে৷ ২০২০ বৰ্ষৰ শেষৰ ভাগত ভাৰতৰ ঘৰুৱা উৎপাদনৰ হাৰ ৩.ৰ শতাংশলৈ নিম্নগামী হৈছিল৷ আয়-সংকোচন, নিবনুৱাৰ অভাৱনীয় বৃদ্ধি, যোগান শৃংখলত বিজুতি, পৰ্যটনকে ধৰি অনেক উদ্যোগত তলাবন্ধ অৱস্থা, গ্ৰাহক-নিষ্ক্ৰিয়তাই দেশৰ অৰ্থনীতিক ধৰাশায়ী কৰিছিল৷ সেই সময়তে পৰিস্থিতি নিয়ন্ত্ৰণৰ হকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘ক’ভিড-১৯ ইক’নমিক ৰেছপন্স টাস্ক ফ’ৰ্চ’ গঠন কৰিছিল আৰু ইয়াৰ ‘ইনচাৰ্জ’ নিযুক্ত কৰিছিল বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক৷ ২০২০ চনৰ ১৯ মাৰ্চত দেশবাসীলৈ দিয়া এক মুকলি ভাষণত এই কথা ঘোষণা কৰিছিল স্বয়ং প্ৰধানমন্ত্ৰীয়ে, যদিও কোনো আনুষ্ঠানিকতাৰে এই ‘টাস্ক ফ’ৰ্চ’ গঠন কৰা নাছিল৷ তাৎক্ষণিকভাৱেই সীতাৰমণে ৰিজাৰ্ভ বেংককে ধৰি বিভিন্ন অনুষ্ঠান তথা কাৰ্যক্ষেত্ৰৰ লগত যোগাযোগ কৰি অৰ্থনীতিৰ পুনৰুদ্ধাৰৰ বাবে যাৱতীয় ব্যৱস্থা লৈছিল৷ অনেক বিড়ম্বনাৰ অন্তত অৰ্থনীতি পুনৰ ঠন ধৰি উঠিছে৷ বিত্তমন্ত্ৰীগৰাকীৰ বাবে পুনৰ উপস্থিত হৈছে সেই ক্ষণ, যিয়ে তেওঁক তেওঁৰ দক্ষতা-দূৰদৰ্শিতা, প্ৰত্যুৎপন্নমতিতা প্ৰতিষ্ঠা কৰাৰ সুযোগ দিব৷ দেশবাসীয়ে আশাৰে ৰৈ আছে কিদৰে ক’ভিডপিষ্ট দুৰ্বল অৰ্থনীতিক সবল কৰাৰ মন্ত্ৰ লৈ সীতাৰমণৰ বাজেট উত্থাপিত হয়, কিদৰে নিৰাশাই দুৰ্বল কৰা কোটি কোটি মানুহৰ মনবোৰ বাজেটৰ আশাভৰা কথাবোৰে পুনৰুজ্জীৱিত কৰি তোলে৷ ভিন্নক্ষেত্ৰৰ ৰেকৰ্ড ভংগকাৰী সাহসী বিত্তমন্ত্ৰীগৰাকীয়ে মানুহৰ মনলৈ আশাৰ সঞ্জীৱনী আনিবলৈ সক্ষম হ’বনে?






