Logo
image

ৰূপজ্যোতিক ন’ এণ্ট্ৰী মুখ্যমন্ত্ৰীৰ সভাত ধৰ্ণা

হিতেশ্বৰ শইকীয়া, তৰুণ গগৈৰ কথা কৈ খেদ

আমাৰ অসম,৩০জানুৱাৰীঃ বিৰোধী পক্ষ ত্যাগ কৰি তেওঁ যে শাসকীয় পক্ষত যোগ দিছে সেই কথা হয়তো আজি হঠাৎ পাহৰি গ’ল মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে৷ যাৰ বাবে নিজৰ দলৰ চৰকাৰৰ বিৰুদ্ধে ধৰ্ণাত বহিল শাসকীয় দলৰ বিধায়কজন৷ ইয়াৰ পূৰ্বে কংগ্ৰেছত থাকোঁতে শাসকীয় দল আৰু চৰকাৰৰ বিৰুদ্ধে সময়ে সময়ে ধৰ্ণাত বহাৰ বহু নজিৰ আছে কুৰ্মীৰ ক্ষেত্ৰত৷ কিন্তু আজি হয়তো পাহৰি গ’ল যে কংগ্ৰেছ ত্যাগ কৰি তেওঁ ইতিমধ্যে বিজেপিত যোগদান কৰিছে আৰু বৰ্তমান শাসকীয় দলৰ এজন বিধায়ক৷ উল্লেখ্য,  দেৰগাঁৱত আজি অনুষ্ঠিত হয় সদৌ অসম গাঁওৰক্ষী সংগঠনৰ ৭৩সংখ্যক প্ৰতিষ্ঠা দিৱস৷ এই দিৱসৰ কাৰ্যসূচীত উপস্থিত আছিল মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা৷ অনুষ্ঠানত উপস্থিত থকাৰ বাবে গৈছিল বিধায়ক ৰূপজ্যোতি কুৰ্মী৷ কিন্তু মূল অনুষ্ঠানলৈ বিধায়ক কুৰ্মীৰ গাড়ী প্ৰৱেশত বাধা দিলে নিৰাপত্তাৰক্ষীয়ে৷ ইয়াতে খঙত অগ্নিশৰ্মা হৈ পৰে বিজেপি বিধায়কজন৷ নিৰাপত্তাৰক্ষীয়ে তেওঁৰ গাড়ী ভিতৰত প্ৰৱেশ কৰাত বাধা দিয়াৰ প্ৰতিবাদত উক্ত স্থানতৈ ধৰ্ণাত বহে ক্ষোভিত বিধায়কজন৷ তেওঁৰ লগতে দেৰগাঁও সমষ্টিৰ বিধায়ক ভবেন ভৰালীৰ গাড়ীও প্ৰৱেশত বাধা দিয়ে নিৰাপত্তাৰক্ষীয়ে৷ ক্ষোভত অগ্নিশৰ্মা হৈ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কয়– ইয়াত চি এম চিকিউৰিটীৰ কোনোবাই কৈছে যে এম এল এৰ গাড়ী সোমাব নোৱাৰে৷ কোনে কৈছে সেই মানুহজনক লাগে৷ ভবেন ভৰালী আৰু মোক কোৱা হ’ল যে বিধায়কৰ গাড়ী প্ৰৱেশত অনুমতি নাই৷ কিয় গাড়ী সোমাবলৈ দিয়া নহ’ল তাৰে উত্তৰ লাগে মোক৷ আমাক এই অনুষ্ঠানটোলৈ মাতিছে৷ স্থানীয় বিধায়ক ভবেন ভৰালীয়ে বাৰম্বাৰ কৈছে যে তেওঁ স্থানীয় বিধায়ক৷ তেওঁৰ গাড়ীও সোমাবলৈ নিদিলে৷ মই ২০০৬১ পৰা বিধায়ক হৈ আছোঁ৷ আজিলৈকে এনেকুৱা পৰিস্থিতিৰ মুখামুখি হোৱা নাই৷ মুখ্যমন্ত্ৰীয়ে পি এছ অ’ এৰিবলৈ কৈছে আমাক৷ পি এছ অ’ এৰিবলৈ বিচাৰি আছোঁ৷ কিন্তু আমাক কিয় পি এছ অ’ এৰিবলৈ কোৱা হৈছে৷ আমাক কিয় সোমাবলৈ নিদিলে৷ মই অপমানিত হ’লোঁ৷ বহুত মুখ্যমন্ত্ৰী পালোঁ মই৷ মোৰ মা হিতেশ্বৰ শইকীয়া চৰকাৰত কেবিনেট মন্ত্ৰী আছিল৷ মই পাঁচবাৰৰ বিধায়ক৷ হিতেশ্বৰ শইকীয় চৰকাৰ পালোঁ৷ তৰুণ গগৈৰ চৰকাৰ পালোঁ৷ সৰ্বানন্দ সোণোৱালৰ চৰকাৰ পালোঁ৷ কিন্তু আজি অতিৰিক্ত কৰি দিলে৷ আমাৰ যদি ইমানে নিৰাপত্তা নাই তেন্তে কিয় পি এছ অ’ এৰিবলৈ কৈ থকা হৈছে৷ আমাক নমাই থৈ আহিব বুলি পি এছ অ’ই বাৰম্বাৰ কোৱাৰ পাছতো গাড়ী সোমাবলৈ নিদিলে৷ মা ১৯৯১ পৰা বিধায়ক আছিল৷ আজি বহুত দুখ লাগিল৷ স্থানীয় প্ৰশাসনে বিধায়কজনৰ এই প্ৰতিবাদৰ বিষয়ে অৱগত হৈয়ে তেওঁক মনাবলৈ ধৰ্ণাস্থলত উপস্থিত হয়৷ পাছত বুজাই-বঢ়াই ৰূপজ্যোতি কুৰ্মীক অনুষ্ঠানলৈ লৈ যায়৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ৰূপজ্যোতি কুৰ্মীৰ ক্ষোভ সন্দৰ্ভত মত প্ৰকাশ কৰি কয়– লাহে লাহে সকলো ঠিক হৈ যাব৷ মই তেওঁৰ লগত কথা পাতি ল’ম৷

বিজেপিত গুৰুত্বহীন হ’ল নেকি বিধায়ক ৰূপজ্যোতি

‘আমাৰ অসমঃ ক্ষমতাৰ স্বাৰ্থত কংগ্ৰেছৰ পৰা সাত জাপ মাৰি বিজেপিত যোগদান কৰা ৰূপজ্যোতি কুৰ্মীয়ে বিজেপিৰ বিধায়ক হিচাপে নিৰ্বাচিত হ’লেও বৰ্তমান বিজেপিত কোনো গুৰুত্ব নাই দল সলোৱা ন বিজেপি বিধায়কজনৰ৷ আজি দেৰগাঁৱত অনুষ্ঠিত মুখ্যমন্ত্ৰীৰ এখন সভাত অংশ গ্ৰহণ কৰিবলৈ যোৱা বিধায়ক ৰূপজ্যোতি কুৰ্মীক আন এজন বিজেপিৰ বিধায়ক দেৰগাঁৱৰ ভবেন্দ্ৰ নাথ ভৰালীৰ সৈতে মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত থকা বিষয়াই সভাগৃহৰ মুখ্যদুৱাৰৰ ভিতৰত প্ৰৱেশ কৰিবলৈকে নিদিলে৷ ফলত খঙে ক্ষোভে লাজে অপমানে বিধায়কজন সভাৰ মুখ্য দুৱাৰৰ বাহিৰত প্ৰতিবাদত বহি পৰিল৷ ‘মই ছয়বাৰৰ বিধায়ক, মা-বিধায়ক আৰু মন্ত্ৰী থাকোতে হিতেশ্বৰ শইকীয়াক পাইছিলোঁ৷ তৰুণ গগৈক পাইছিলোঁ, সৰ্বানন্দ সোণোৱালকো পাইছিলোঁ কিন্তু মই কোনো এজন মুখ্যমন্ত্ৰীৰ দিনতে এনে পৰিস্থিতিৰ সন্মুখীন হোৱা নাছিলোঁ৷ মই জানিব বিচাৰিছোঁ কিয় আমাৰ গাড়ী ভিতৰত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ল৷ ক্ষোভিত কুৰ্মীয়ে সাংবাদিকৰ আগত এইদৰে কয়৷ তেওঁ কয় অকল মোকেই নহয়, দেৰগাঁৱৰ বিধায়ক ভবেন্দ্ৰ নাথ ভৰালীকো প্ৰৱেশ কৰিবলৈ নিদিলে নিজৰ পৰিচয় দিয়াৰ পাছতো৷ আমাক কোৱা হ’ল ভিতৰলৈ গাড়ী যাবলৈ দিয়া নহ’ব৷ বিধায়ক ভবেন ভৰালীকো দেৰগাঁৱৰ বিধায়ক বুলি কোৱাৰ পাছতো গাড়ী ভিতৰলৈ যাবলৈ দিয়া নহ’ল৷ এতিয়া মই বিচাৰিছোঁ চিএম ছিকিউৰিটিৰ কোনে বাধা দিলে সেই মানুহজনক লাগে, সেইটো প্ৰশ্নৰ উত্তৰ লাগে কিয় সভালৈ মতাৰ পিছতো আমাক ভিতৰলৈ যাবলৈ দিয়া নহ’ল৷ চিএম ছিকিউৰিটিৰ কোন জন বিষয়াই এই নিৰ্দেশ দিলে সেইটো মোক লাগে৷ খঙে ক্ষোভে বিধায়কজনে আৰু কয় আমাক পিএছঅ’ এৰিবলৈ কৈছে৷ মই এৰিবলৈও সাজু আছোঁ৷ মোৰ পিএছঅ’ই মোক মৰিয়নিৰ বিধায়ক বুলি কৈ ভিতৰত নমাই থৈ আহিম বোলাৰ পাছতো মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰক্ষীৰ দায়িত্বপ্ৰাপ্ত বিষয়াই ভিতৰলৈ যাবলৈ নিদিলে৷ এনেকুৱা ধৰণৰ মুখ্যমন্ত্ৰীৰ নিৰাপত্তা ব্যৱস্থা আগতে দেখা নাছিলোঁ৷ ইফালে কিছু পৰ সভাৰ বাহিৰত মাটিত বহি প্ৰতিবাদ কৰাৰ পাছত নিৰাপত্তা ৰক্ষীৰ বুজনিত সৈমান হৈ বিধায়কজন মুখ্যমন্ত্ৰীৰ সভাত প্ৰৱেশ কৰে৷ অৱশ্যে, আজিৰ এনে দুৰৱস্থাৰ বাবে মুখ্যমন্ত্ৰীৰ প্ৰতি হেনো কোনো ক্ষোভ নাই বিধায়কজনৰ৷ ‘আমাৰ অসম’ কাকতক বিধায়কজনে কয় মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত থকা কোনো বিষয়াৰ বাবেহে এনে লটি ঘটি হ’ল৷ উল্লেখ্য, অসমত গাঁওৰক্ষী বাহিনীৰ প্ৰতিষ্ঠাতা হৰিনাৰায়ণ বৰুৱাৰ মৃত্যু দিৱস উপলক্ষে আজি গাঁওৰক্ষী দিৱসৰ এজন সভাত মুখ্যমন্ত্ৰীয়ে ভাষণ দিছিল৷