Logo
image

হাগ্ৰামা ক্ষুব্ধ খেল দেখুৱাব ২০২৪ত!

আমাৰ অসম, ৩০ জানুৱাৰীঃ ‘মিত্ৰতা, মিত্ৰতা বুলি নক’ব৷ আমি কাৰো লগত মিত্ৰতা কৰা নাই৷ তিনি বিধায়কে ব্যক্তিগতভাৱে বিধানসভাত বিজেপিক সমৰ্থন দিছে৷ মই বিটিআৰৰ নহয় বিটিচিৰহে চীফ হ’ম৷’– এই মন্তব্য বি পি এফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ৷ সাংগঠনিক ভেটি শক্তিশালী কৰিবলৈ আজি গোৰেশ্বৰ ভ্ৰমণৰ সময়ত এনেদৰে মন্তব্য কৰি মহিলাৰীয়ে কয়– ‘বি পি এফে ইউ পি পি এলৰ সৈতে মিত্ৰতা কৰাৰ প্ৰশ্নই নাহে৷ প্ৰমোদ বড়োৰ আণ্ডাৰত বিপিএফ দলে কেতিয়াও নচলে৷ কংগ্ৰেছ, বিজেপি, এজেপিৰেও বিপিএফ দল নাই৷ বি পি এফ দল বিটিচিত অকলে থাকি ৰাজনীতি কৰি যাব৷ ২০২৪ চনৰ লোকসভাৰ নিৰ্বাচনৰ পূৰ্বেহে মিত্ৰতা হ’ব৷ ৰাজ্যসভা এপ্ৰিল মাহত হ’ব৷ সময়তো আহিব দিয়ক৷ বি পি এফ হিচাপে কি ৰোল ল’ব লাগে, সেয়া সময়ত লোৱা হ’ব৷ এতিয়া মই এই বিষয়ে ক’বলৈ নাযাও আৰু কোৱাৰ দৰকাৰো নাই৷ নিজৰ সমষ্টি উন্নয়নৰ বাবেহে আমাৰ এমএলএসকলক চিএম ছাৰৰ লগত এডজাষ্ট হৈ কাম কৰাৰ কথা কৈছোঁ৷ ২৪ লোকসভাৰ নিৰ্বাচনত কংগ্ৰেছ বা বিজেপিৰ কোনোবা এটাৰ লগত বিপিএফ থাকিব৷’ ইফালে, আলোচনাপন্থী আলফাৰ নেতাসকল কিয় জে’লত নাই বুলি প্ৰশ্ন কৰি হাগ্ৰামাই ৰঞ্জন দৈমাৰীকে ধৰি সকলো এন ডি এফ বি নেতাক মুক্তিৰ দাবী জনায়৷ প্ৰমোদ বড়ো বা গোবিন্দ বসুমতাৰীয়েহে জানে তেওঁলোকে এনডিএফবিৰ নেতাৰ মুক্তিৰ বাবে কি কৰিছে৷ ‘শান্তি চুক্তি স্বাক্ষৰৰ পাছত লীডাৰ জে’লত থকাটো মই ক’তো দেখা নাই’ বুলিও কটাক্ষ কৰে হাগ্ৰামাই৷ তামুলপুৰ নতুন জিলা হোৱাত আদৰণি জনাই বিপিএফৰ প্ৰধানগৰাকীয়ে গোসাঁইগাঁও, ভেৰগাঁও জিলা হ’ব লাগে বুলি কয়৷ তামুলপুৰ জিলা হোৱাত গোৰেশ্বৰ মহকুমা হ’ব লাগে৷ তামুলপুৰক জিলা ঘোষণা কৰাৰ বাবে চিএম ছাৰক মই ধন্যবাদ জনাইছোঁ৷ লক্ষণীয় যে হাগ্ৰামাৰ আজিৰ বক্তব্যৰ পৰা প্ৰমাণিত হৈছে যে ২০২৪১ লোকসভাৰ নিৰ্বাচনত তেওঁ খেল দেখুৱাবৰ বাবে সাজু আছে৷