ভাষাৰ ভৱিষ্যৎ
বৰ্তমান বিশ্বায়নৰ যুগত কম্পিউটাৰ, ইণ্টাৰনেট, ম’বাইল ফোন আদিয়ে ইংৰাজী ভাষাটোক অধিক চহকী কৰি তুলিছে৷ ইংৰাজী ভাষাত নিতৌ নতুন নতুন শব্দ সম্ভাৰৰ অন্তৰ্ভুক্তিয়ে ভাষাটোক সমৃদ্ধ কৰিছে৷ ইংৰাজী ভাষাটোৰ প্ৰচাৰ বৃদ্ধিৰ বিপৰীতে আন ভাষা কোৱা লোকৰ সংখ্যা ক্ৰমাৎ হ্ৰাস পাই আহিছে৷ ইতিমধ্যে পৃথিৱীৰ বুকুৰ পৰা বহু ভাষা হেৰাই গৈছে৷ ভাৰতৰো শতাধিক ভাষা ইতিমধ্যে বিলুপ্ত হৈছে আৰু কিছুমান ভাষা বিলুপ্ত হোৱাৰ পথত৷ মানৱ সভ্যতাৰ বিকাশত যি ভাষাই প্ৰভাৱ পেলায়, যি ভাষাৰ জ্ঞানৰ দ্বাৰা মানুহে দৈনন্দিন কাম-কাজ সুচাৰুৰূপে সম্পন্ন কৰিব পাৰে, তেনে ভাষা শিকাৰ প্ৰৱণতা অধিক হোৱাৰ বাবেই কিছুমান ভাষা ক্ৰমাৎ এলাগি হৈ পৰিছে৷ বিশ্বায়নৰ যুগত ইংৰাজী ভাষা জ্ঞান থকা লোকে যিহেতু বিভিন্ন ক্ষেত্ৰত সুবিধা আদায় কৰিবলৈ সক্ষম হয়, সেয়ে জনসাধাৰণ ক্ৰমাৎ ইংৰাজী ভাষাৰ প্ৰতি আকৰ্ষিত হৈছে৷ ইংৰাজী ভাষাৰ প্ৰভাৱত বহু ভাষা-উপভাষাই অস্তিত্বৰ সংকটত ভুগিছে৷ এসময়ত ভাৰতত বহুল প্ৰচাৰিত সংস্কৃত ভাষাই সময়ৰ পৰিৱৰ্তনৰ লগে লগে পূৰ্বৰ গৰিমা হেৰুৱাই পেলাইছে৷ বিশ্ববিদ্যালয়, মহাবিদ্যালয় আদিত সংস্কৃত ভাষা অধ্যয়ন কৰাৰ সুবিধা থকাৰ পাছতো এই ভাষাই পূৰ্বৰ গৰিমা লাভ কৰিব পৰা নাই৷ ই মাথোঁ বিদ্যায়তনিক ভাষাৰূপেহে বৰ্তি আছে৷ ২০১০ চনৰ ২৬ জানুৱাৰীত প’ৰ্ট ব্লেয়াৰৰ বো ভাষা কোৱা অন্তিমজন লোক ৮৫ বছৰীয়া বৃদ্ধজনৰ মৃত্যুৰ লগে লগে সেই ভাষা-সংস্কৃতিৰ বহু ঐতিহ্য হেৰাই যায়৷ অসমতো শেহতীয়াকৈ ইংৰাজী ভাষাকহে প্ৰাধান্য দিয়া দেখা গৈছে৷ যদিও অসম ৰাজ্য ভাষা আইন ১৯৬৪ প্ৰণয়ন কৰা হৈছে, তথাপি অফিচ-কাছাৰীত ইংৰাজী ভাষাৰ প্ৰচলন বেছি৷ শেহতীয়াকৈ অসম চৰকাৰে অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ পৰা বাধ্যতামূলক অসমীয়া কাকতখন আঁতৰোৱাৰ উপৰি অসমৰ প্ৰতিটো সমষ্টিতে একোখনকৈ ইংৰাজী মাধ্যমৰ চৰকাৰী বিদ্যালয় স্থাপনৰ যি সিদ্ধান্ত গ্ৰহণ কৰিছে, এই সিদ্ধান্তই অসমীয়া ভাষাৰ শ্মশান যাত্ৰা ত্বৰান্বিত কৰিব৷ জাতি-মাটি-ভেটিৰ কথা কোৱা চৰকাৰৰ দিনত নিজৰ মুখৰ সুৱদী মাতষাৰ অসমীয়াই হয়তো সোনকালেই পাহৰি যাব৷ অসমীয়া মাধ্যমৰ বিদ্যালয় বিভিন্ন অজুহাতত বন্ধ কৰি নাইবা ওচৰৰ আন বিদ্যালয়ৰ লগত চামিল কৰি অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ লগতে আন জনগোষ্ঠীয় ভাষাৰ বিদ্যালয়ৰ সংখ্যা কমাই আনি তাৰ ঠাইত ইংৰাজী মাধ্যমৰ বিদ্যালয় আৰম্ভ কৰিলে অসমীয়া ভাষাৰ লগতে আন জনগোষ্ঠীয় ভাষালৈ সংকট নামি আহিব৷






