Logo
image

নিবনুৱাৰ হাহাকাৰ

বছৰটোৰ শেষত ৫.৮ শতাংশলৈ বৃদ্ধি কৰ্মহীনৰ সংখ্যা

আমাৰ অসম, ৩১ জানুৱাৰীঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ১ লাখ নিবনুৱাক গণি গণি চৰকাৰী চাকৰি দিয়াৰ নিৰ্বাচনী প্ৰতিশ্ৰুতিৰে চৰকাৰ গঠন কৰিলে৷ নিবনুৱাক সংস্থাপনৰ সপোন দেখুওৱা হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কাৰ্যকালত এতিয়া যেন চাকৰি বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে লাখ লাখ নিবনুৱাই৷ আনকি মিত্ৰজোঁটৰ চৰকাৰে বিজ্ঞাপন প্ৰকাশ কৰা পদসমূহতো   মাহ মাহ ধৰি সাক্ষাৎকাৰ অনুষ্ঠিত নকৰাত চাকৰিৰ আশাকে বাদ দি বিকল্প পথৰ সন্ধানত নামিছে লক্ষাধিক নিবনুৱাই৷ ৰাজ্যৰ নিবনুৱালৈ অশনি সংকেট কঢ়িয়াই অতি উদ্বেগজনকভাৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথম ছটা মাহৰ কাৰ্যকালতে অভাৱনীয় হাৰত বৃদ্ধি পাইছে নিবনুৱাৰ সংখ্যা৷ আপুনি শুনিলে আচৰিত যেন লাগিলেও বিগত বৰ্ষৰ মে’ত অসমত চাকৰি প্ৰত্যাশী নিবনুৱাৰ হাৰ ০.১ শতাংশ আছিল যদিও ডিচেম্বৰত নিবনুৱাৰ হাৰ ৫.৮ শতাংশলৈ বৃদ্ধি পালে৷ সফলতাৰ ঢাক-ঢোল বজোৱা মিত্ৰজোঁটৰ চৰকাৰৰ কাৰ্যকালত নিবনুৱাস্ফীতিৰ বিস্ফোৰক তথ্য প্ৰকাশ পাইছে চেণ্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইক’নমী চমুকৈ চি এম আই ইৰ শেহতীয়া প্ৰতিবেদনত৷ প্ৰতিবেদনখনত প্ৰকাশ পোৱা মতে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত শেহতীয়াকৈ অসমত  সংস্থাপনৰ আশাত বন্দী হৈ আছে ৫ লাখ ৯১ হাজাৰ নিবনুৱাই৷ মুখ্যমন্ত্ৰীয়ে গণি গণি এক লাখ নিবনুৱাক চাকৰি দিম বুলি প্ৰতিশ্ৰুতি দিলেও এই মুহূৰ্তত জীয়াই থকাৰ তাড়নাত কাম বিচাৰি হাবাথুৰি কাঢ়ি আছে ৫ লাখ ৯১ হাজাৰ নিবনুৱাই৷ আনহাতে, বৰ্তমান ঋণ লৈ চলি থকা চৰকাৰৰ অৱস্থালৈ লক্ষ্য কৰি ৰ লাখ নিবনুৱাই চাকৰিৰ আশা ত্যাগ কৰি বিকল্পৰ সন্ধান অব্যাহত ৰাখিছে৷ লক্ষণীয় বিষয়টো হৈছে বিত্ত বিভাগে দৰমহা দিয়াৰ বাবে পুঁজি মুকলি কৰি দিয়াৰ ক্ষেত্ৰত সেউজ সংকেত নিদিয়াৰ বাবেই ৰাজ্য চৰকাৰৰ একাধিক বিভাগে সহস্ৰাধিক পদৰ বিজ্ঞাপন প্ৰকাশ কৰি লাখ লাখ নিবনুৱাৰ পৰা আবেদন প্ৰ-পত্ৰ সংগ্ৰহ কৰিলে যদিও নিযুক্তিৰ বাবে কোনো ধৰণৰ সাক্ষাৎকাৰ অনুষ্ঠিত কৰিব পৰা নাই৷ যাৰ বাবে কৃষি বিভাগ, সমাজ কল্যাণ, ভূমি সংৰক্ষণ, হস্ত তাঁত আৰু ৰেচম বিভাগ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ, স্বাস্থ্য বিভাগ, শিক্ষা বিভাগ, বিশেষভাৱে সক্ষম প্ৰাৰ্থীৰ ৪ শতাংশ পদকে ধৰি প্ৰায় চাৰি সহস্ৰাধিক পদৰ বিজ্ঞাপন প্ৰকাশ কৰিও পৰীক্ষা অনুষ্ঠিত কৰা নাই৷ চেণ্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইক’নমীৰ প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছৰে পৰা ক’ভিড তথা বিভিন্ন কাৰণত ক্ৰমাৎ নিবনুৱাৰ সংখ্যা বৃদ্ধি পাইছে৷ প্ৰতিবেদনত প্ৰকাশ পোৱা মতে মুখ্যমন্ত্ৰীয়ে দায়িত্ব লোৱাৰ সময়ত অৰ্থাৎ মে’ মাহত অসমত নিবনুৱাৰ হাৰ আছিল ০.১ শতাংশ৷ ইয়াৰ পাছৰ মাহত অৰ্থাৎ জুনত ০.৬ শতাংশলৈ নিবনুৱাৰ হাৰ বৃদ্ধি পোৱাৰ বিপৰীতে জুলাইত ইয়াৰ হাৰ ১.৯ শতাংশলৈ বৃদ্ধি পায়৷ আনহাতে, আগষ্টত ৬.৭ শতাংশলৈ নিবনুৱাৰ হাৰ বৃদ্ধিয়ে সৰ্বোচ্ছ পৰ্যায় স্পৰ্শ কৰাৰ বিপৰীতে ছেপ্টেম্বৰত ৩.৫ শতাংশ, অক্টোবৰত ৩.৭ শতাংশ আৰু নৱেম্বৰত ৪.১ শতাংশলৈ নিবনুৱাৰ হাৰ হ্ৰাস পায়৷ অৱশ্যে ডিচেম্বৰত নিবনুৱাৰ হাৰ পুনৰ ৫.৮ শতাংশলৈ বৃদ্ধি পালে৷ অৱশ্যে ৰ লাখ নিবনুৱাক চৰকাৰে চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিলেও প্ৰতিবেদনখনত প্ৰকাশ পোৱা অনুসৰি কামৰ সন্ধানত থকা নিবনুৱাসকলৰ ভিতৰত ২ লাখ ১৯ হাজাৰ নিবনুৱাই ষষ্ঠৰ পৰা নৱম শ্ৰেণী পৰ্যন্ত অধ্যয়ন কৰিছে৷ দশমৰ পৰা দ্বাদশ শ্ৰেণী পৰ্যন্ত অধ্যয়ন কৰা নিবনুৱাৰ সংখ্যা হ’ল ৰ লাখ ৬২ হাজাৰ আৰু স্নাতক উত্তীৰ্ণ নিবনুৱাৰ সংখ্যা হ’ল ৰ লাখ ৯ হাজাৰ৷ আনহাতে বয়সৰ ফালৰ পৰা কামৰ সন্ধানত থকা নিবনুৱাসকলৰ ভিতৰত ১৫ ৰ পৰা ১৯ বছৰ বয়সৰ নিবনুৱাৰ সংখ্যা হৈছে ৭৪ হাজাৰ৷ ২০ ৰ পৰা ২৪ বছৰ বয়সৰ নিবনুৱা ৰ লাখ ৯৩ হাজাৰ, ২৫ ৰ পৰা ২৯ বছৰ বয়সৰ নিবনুৱা ২ লাখ ১৫ হাজাৰ৷  ৬ হাজাৰ নিবনুৱা হৈছে ৩০ ৰ পৰা ৩৪ বছৰ বয়সৰ আৰু ২ হাজাৰ নিবনুৱা হৈছে ৩৫ ৰ পৰা ৩৯ বছৰ বয়সৰ৷ ইপিনে অসম চৰকাৰে নিয়োগ বিনিময় কেন্দ্ৰৰ জৰিয়তে বেচৰকাৰী প্ৰতিষ্ঠানত নিযুক্তি দিয়াৰ প্ৰতিশ্ৰুতিৰে লাখ লাখ নিবনুৱাৰ পৰা আবেদনপত্ৰ সংগ্ৰহ কৰিছিল যদিও কোনো এজন নিবনুৱাই নিয়োগ বিনিময় কেন্দ্ৰৰ জৰিয়তে ব্যক্তিগত কোম্পানীত সংস্থাপন লাভ নকৰিলে৷