Logo
image

অসমক বাঃ বাঃ দিলে প্ৰধানমন্ত্ৰীয়ে

হ্ৰাস পালে গঁড় নিধন

আমাৰ অসম,৩১ জানুৱাৰীঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘মন কী বাত’ত সুধাকণ্ঠ ড॰ ভূপেন হাজৰিকাৰ গীত, কাজিৰঙাৰ সৌন্দৰ্য, এশিঙীয়া গঁড়ৰ লগতে গুৱাহাটীৰ সপ্তম শ্ৰেণীৰ ছাত্ৰী ঋধিমা স্বৰ্গীয়াৰী এখন পোষ্টাকাৰ্ডৰ প্ৰসংগই স্থান পালে৷ উল্লেখ্য যে প্ৰতিমাহত প্ৰচাৰিত হোৱা প্ৰধানমন্ত্ৰীৰ মন কী বাত অনুষ্ঠানৰ চলিত বৰ্ষৰ প্ৰথমটো ‘মন কী বাত’ আজি অনুষ্ঠিত হয়৷ আজি সম্প্ৰচাৰিত ‘মন কী বাত’ত প্ৰধামন্ত্ৰীয়ে দেশৰ সামগ্ৰিক উত্তৰণৰ ক্ষেত্ৰত লোৱা সক্ৰিয় পদক্ষেপসমূহৰ বিষয়ে উল্লেখ কৰাৰ লগতে অসমৰো কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত মত পোষণ কৰে৷ প্ৰধানমন্ত্ৰীয়ে কয়– শুদ্ধ অন্তৰেৰে কাম কৰিলে কেনেদৰে ইয়াৰ উত্তম ফলাফল পোহৰলৈ আহে, ইয়াৰ উৎকৃষ্ট উদাহৰণ অসমত পোহৰলৈ আহিছে৷ অসমৰ নাম ললেই চাহবাগান, বহু কেইখন ৰাষ্ট্ৰীয় উদ্যান আৰু এশিঙীয়া গড়ৰ ছবি মনলৈ আহে৷ এশিঙীয়া গড় অসমীয়া সংস্কৃতিৰ অভিন্ন অংগ৷ এই প্ৰসংগতে প্ৰধানমন্ত্ৰীয়ে ভাৰতৰত্ন সুধাকণ্ঠৰ ড॰ ভূপেন হাজৰিকাৰ ‘কাজিৰঙাৰ চিৰ সেউজ পৰিৱেশযএক খৰ্গৰ গঁড় পৃথিৱীয়ে চায়’ শীৰ্ষক গীতটোৰ কলি দাঙি ধৰি সকলোকে নষ্টালজিক কৰি তোলাৰ লগতে ইয়াৰ তাৎপৰ্য ব্যাখ্যা কৰে৷ প্ৰধানমন্ত্ৰীয়ে কয় যে অসমৰ পৰিচয়, গৌৰৱৰ প্ৰতীক গড় ৰক্ষাৰ বাবে অসম চৰকাৰ তথা অসমৰ ৰাইজে লোৱা পদক্ষেপ প্ৰশংসনীয় আৰু প্ৰেৰণাদায়ক৷ ২০১৩ চনত অসমত ৩৭টা, ২০১৪ চনত ৩২টা গড় চোৰাং চিকাৰীৰ হাতত নিহত হৈছিল৷ বিজেপি চৰকাৰে যোৱা জ্জ বছৰত গড়হত্যা ৰোধৰ বাবে চলোৱা ঐকান্তিক প্ৰচেষ্টাৰ ফলত ২০২০ চনত ২টা আৰু ২০২১ চনত মাত্ৰ এটা গড়হে চোৰাং চিকাৰীৰ হাতত নিহত হৈছে৷ যোৱা ২২ ছেপ্টেম্বৰত বিশ্ব গড় দিৱসৰ দিনাই ৰাজ্য চৰকাৰে চোৰাং চিকাৰীৰ হাতৰ পৰা জব্দ কৰা ২৪শতকৈ অধিক গড়ৰ খৰ্গ জ্বলাই দি চোৰাং চিকাৰীৰ বিৰুদ্ধে এক সকীয়নি দিছে৷ ইফালে প্ৰধানমন্ত্ৰী যে দেশ বিদেশৰ ৰ কোটি ছাত্ৰ-ছাত্ৰীয়ে তেওঁলৈ পোষ্ট¸কাৰ্ড প্ৰেৰণ কৰি বাৰ্তা দিয়া বুলি ‘মন কী বাত’ত উল্লেখ কৰে৷ এই প্ৰসংগতে প্ৰধানমন্ত্ৰীয়ে গুৱাহাটীৰ সপ্তম শ্ৰেণী ছাত্ৰী  ঋধিমা স্বৰ্গীয়াৰীৰ পোষ্টাকাৰ্ডৰ প্ৰসংগ উল্লেখ কৰে৷ প্ৰধানমন্ত্ৰীয়ে কয় যে ঋধিমাই পোষ্টকাৰ্ডত ভাৰত বিশ্বৰে স্বচ্ছ দেশ, সন্ত্ৰাসবাদমুক্ত দেশ, এশ শতাংশ দুৰ্ঘটনামুক্ত দেশ হোৱাৰ আশা প্ৰকাশ কৰাৰ লগতে খাদ্য উৎপাদনত সংবহনক্ষম প্ৰযুক্তিৰ প্ৰয়োগৰ প্ৰসংগ উল্লেখ কৰিছে৷ প্ৰধানমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে যে এদিন ঋধিমাৰ সপোন বাস্তৱায়িত হ’ব৷ উল্লেখ্য যে আজিৰ প্ৰধানমন্ত্ৰীৰ মন-কী-বাত কাৰ্যসূচীত প্ৰদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতাই মৰিগাঁও বিধানসভা সমষ্টিৰ নগৰ মণ্ডলৰ অন্তৰ্গত ৪৪নং বুথৰ কাৰ্যকৰ্তাসকলৰ উপস্থিতিত পোনপটীয়াকৈ অংশগ্ৰহণ কৰে৷ লগতে উপস্থিত আছিল সাধাৰণ সম্পাদক দিপ্লু ৰঞ্জন শৰ্মা৷