২৫ ফেব্ৰুৱাৰীৰ পৰা শংকৰ সংঘৰ অধিৱেশন
আমাৰ অসম, ৩১ জানুৱাৰীঃ উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ব বৃহৎ ধৰ্মীয় আৰু সাংস্কৃতিক সংগঠন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯১ সংখ্যক অধিৱেশন ক’ভিড পৰিস্থিতিৰ বাবে পিছূৱাই দিয়া হৈছে৷ সংঘৰ অধিৱেশনখন অহা ২৫, ২৬, ২৭ ফেব্ৰুৱাৰীত তিনিদিনীয়াকৈ ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াত অনুষ্ঠিত হ’ব৷ অধিৱেশনখন ৪, ৫ আৰু ৬ ফেব্ৰুৱাৰীত নাহৰকটীয়াত অনুষ্ঠিত হোৱাৰ কথা আছিল৷ অৱশ্যে অধিৱেশন ক’ভিড বিধি মানি সীমিত ব্যৱস্থাপনাৰে অনুষ্ঠিত হ’ব৷ আজি নগাঁৱত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কলংপাৰৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিবাহক সভাত এই সিদ্ধান্ত লোৱা হয়৷ সংঘৰ প্ৰধান সম্পাদক বাবুল বৰাই জনোৱা মতে অধিৱেশনত বাণিজ্য মেলা অনুষ্ঠিত নহয়৷ কিন্তু গ্ৰন্থমেলা আৰু প্ৰদৰ্শনী অনুষ্ঠিত হ’ব৷ আগন্তক পোন্ধৰ দিন ক’ভিড পৰিস্থিতি নিৰীক্ষণ কৰি অধিৱেশনত কিমান সংখ্যক প্ৰতিনিধি উপস্থিত থাকিব সেয়া সিদ্ধান্ত লোৱা হ’ব৷ সংঘৰ স্থগিত ৰখা জিলা সমিতি সমূহৰ অধিৱেশন অহা ২৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব৷ উল্লেখ্য, শংকৰদেৱ সংঘৰ অধিৱেশন প্ৰতি বছৰেই ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হয়৷ এই অধিৱেশনত লক্ষ লক্ষ লোকৰ সমাৱেশ ঘটে৷ ক’ভিড পৰিস্থিতিৰ বাবে বিগত বৰ্ষত সংঘৰ অধিৱেশন বিস্তৃতভাৱে অনুষ্ঠিত হোৱা নাছিল৷ অধিৱেশনলৈ যোৱাৰ বাবে ৰাজ্যৰ লক্ষ লক্ষ লোক অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি থাকে৷ কিন্তু ক’ভিডে বিগত বৰ্ষৰ পৰা ভক্ত প্ৰাণ লোকসকলক নিৰাশ কৰি আহিছে৷