সৰস্বতী পূজাত বাধা নিষেধ নাথাকেঃ মহন্ত
ৰাজ্যত একেদিনাই ক’ভিডত ২০জনৰ মৃত্যু
আমাৰ অসম, ৩১ জানুৱাৰীঃ পহিলা ফেব্ৰুৱাৰীত ক’ভিডৰ নতুন এছ অ’ পি জাৰি হ’ব৷ ৰাজ্যত ক’ভিডৰ সংক্ৰমণ হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিতত ফ্ৰেবুৱাৰীৰ পৰা কিছু শিথিল হ’ব কাৰ্ফিউ৷ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ক’ভিডৰ নতুন এছ অ’ পি প্ৰকাশ কৰাৰ কথা ঘোষণা কৰিছে৷ অৱশ্যে ক’ভিডৰ বাবে শিক্ষানুষ্ঠান বন্ধ থাকিলেও স্বৰস্বতী পূজা উদ্যাপনৰ ক্ষেত্ৰত কোনো বাধা নাথাকিব৷ সৰস্বতী পূজা উদ্যাপনত পৃথক এছ অ’ পি প্ৰকাশ কৰা নহয় বুলিও স্বাস্থ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিছে৷ উল্লেখ্য, ৰাজ্যত বৰ্তমান প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ সকলো পাঠদান বন্ধ ৰখাত শিক্ষাৰ্থী তথা শিক্ষকসকলে সৰস্বতী পূজা উদযাপনক লৈ দোধোৰ-মোধোৰত আছিল যদিও স্বাস্থ্যমন্ত্ৰীয়ে ছাত্ৰ-ছাত্ৰীসকলক যেন সকাহ প্ৰদান কৰিলে৷ ইপিনে ক’ভিডৰ সংক্ৰমণ হ্ৰাস পালেও ক’ভিড ৰোগীৰ মৃত্যুৰ গ্ৰাফ ডাল ঊধবৰ্ৰ্গামী হৈ আছে৷ শনিবাৰে ৰাজ্যত ২০জন ক’ভিড ৰোগীৰ মৃত্যু হোৱাৰ বিপৰীতে দেওবাৰেও আন ২০ জন ক’ভিড ৰোগীৰ মৃত্যু হৈছে৷ ক’ভিড ৰোগীৰ মৃত্যুৰ হাৰ বৃদ্ধি পোৱাত চিন্তিত হৈ পৰিছে চিকিৎসক-বিশেষজ্ঞসকল৷ ইপিনে স্বাস্থ্য বিভাগৰ বুলেটিনত প্ৰকাশ পোৱা অনুসৰি বিগত ২৪ ঘণ্টাত ৰাজ্যত নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে ৯১০ জন লোক৷ গুৱাহাটীত ৩৫৭ জন, লখিমপুৰত ৫১ জন আৰু বৰপেটাত ৫০ জনৰ পজিটিভ ধৰা পৰিছে৷ তথ্য অনুসৰি সোমবাৰে গুৱাহাটী, কাছাৰ, শোণিতপুৰ আৰু তিনিচুকীয়াত দুজনকৈ ক’ভিড ৰোগীৰ মৃত্যু হৈছে৷