আত্মনিৰ্ভৰ শিক্ষাব্যৱস্থা
শিক্ষা হ’ল অৰ্থনীতিৰ মূল স্তম্ভ৷ সেই কাৰণেই চলিত বৰ্ষৰ [২০২১-২২] বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে নতুন শিক্ষানীতিৰ সফল ৰূপায়ণত গুৰুত্ব দিছিল৷ কেইদিনমান পাছতে আগন্তুক বৰ্ষৰ বাবে [২০২২-২৩] বাজেট দাখিল কৰা হ’ব৷ আশা কৰা যায়, এইবাৰো শিক্ষা ক্ষেত্ৰত গুৰুত্ব দিয়াৰ লগতে নতুন শিক্ষানীতিৰ অধিক ফলপ্ৰসূ ৰূপায়ণত গুৰুত্ব দিয়া হ’ব৷ কথা হ’ল বাজেটত প্ৰস্তাৱ অনা সহজ, ৰূপায়ণ কৰা আৰু ধাৰাবাহিকতা ৰক্ষা কৰাটো কঠিন৷ তাতে সম্প্ৰতি ক’ভিডজনিত পৰিস্থিতিৰ বাবে অৰ্থনীতিৰ কাঠামো ভাঙি পৰিছে, শিক্ষাক্ষেত্ৰ যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে আৰু নিবনুৱা সমস্যাই জটিল ৰূপ ধাৰণ কৰিছে৷ তেনে পৰিপ্ৰেক্ষিতত শিক্ষাৰ কাঠামো মজবুত কৰি শিক্ষাব্যৱস্থাক আত্মনিৰ্ভৰ কৰি তোলাৰ আন্তৰিক প্ৰচেষ্টা লাগিব৷ আগন্তুক বাজেটৰ প্ৰাকক্ষণত চলিত বৰ্ষৰ বাজেট প্ৰস্তাৱসমূহ কিধৰণে ৰূপায়ণ কৰা হ’ল, তাৰো সঠিক পৰ্যালোচনা দৰকাৰ৷চলিত বৰ্ষৰ বাজেটত শিক্ষাৰ শিতানত নিৰ্ধাৰণ কৰা হৈছিল মুঠ ৯৩,২২৪ কোটি টকা৷ এই পৰিমাণৰ ৫৪,৮৭৩ কোটি টকা ধাৰ্য কৰা হৈছিল স্কুলীয়া শিক্ষাৰ বাবে আৰু ৩৮,৩৫০ কোটি টকা ধাৰ্য কৰা হৈছিল উচ্ছশিক্ষাৰ বাবে৷ সকলো প্ৰস্তাৱৰ ৰূপায়ণৰ বাবে প্ৰয়োজন সঠিক পৰিমাণৰ ধন৷ ভাৰতৰ বৃহৎ শিক্ষাব্যৱস্থা বৰ্তাই ৰখাৰ বাবে আগৰ কমিছনবোৰৰ দৰে নতুন শিক্ষানীতিয়েও মুঠ ঘৰুৱা উৎপাদনৰ ৬ শতাংশ ব্যয় কৰাৰ পৰামৰ্শ দিছে৷ সেই হিচাপত এইবাৰৰ বাজেটতো শিক্ষাৰ বাজেট নি(য় বৃদ্ধি হ’ব৷ বাজেটত বৃদ্ধি কৰা ধন সঠিক ব্যৱহাৰত গুৰুত্ব দিয়া প্ৰয়োজন৷ এই দিশত বিত্তমন্ত্ৰীয়ে কি কয় সেয়া লক্ষণীয় হ’ব৷
নতুন শিক্ষানীতিত প্ৰাথমিক বিদ্যালয়সমূহৰ উন্নতিত গুৰুত্ব দিয়া হৈছে৷ তিনি বছৰৰ পৰাই শিশুৰ শিক্ষা আৰম্ভ কৰাৰ কথা কোৱা হৈছে৷ গ্ৰামাঞ্চলত প্ৰাথমিক শিক্ষা সম্প্ৰসাৰণৰ বাবে যথেষ্ট পৰিমাণৰ ধনৰ প্ৰয়োজন হ’ব৷ লগতে প্ৰয়োজন হ’ব সমাজৰ সকলো শ্ৰেণীৰ সহযোগিতা৷ আগৰবাৰ কোৱা হৈছিল ১০০খন নতুন সৈনিক স্কুল স্থাপন কৰা হ’ব; তাৰ বাবে সামাজিক সংস্থা [এন জি অ’], ৰাজ্য চৰকাৰ আৰু ব্যক্তিগত বিদ্যালয়ৰ সহযোগ বিচৰা হ’ব৷ ২০২১ বৰ্ষত ৭৫০খনৰ অধিক আধুনিক একালব্য মিছন বিদ্যালয় স্থাপনৰ প্ৰস্তাৱ ৰখা হৈছিল, যাতে অনুসূচিত জাতি-জনজাতি অধ্যুষিত অঞ্চলত শিক্ষাৰ বিকাশ কৰিব পৰা যায়৷ লক্ষণীয় দিশটো হ’ল, এই বিষয়তো চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ সহযোগিতাত গুৰুত্ব দিয়া হৈছিল৷ তদুপৰি ৰাষ্ট্ৰীয় ভাষা অনুবাদ মিছনত গুৰুত্ব দিয়াটো অন্যতম লক্ষণীয় দিশ আছিল৷
চলিত বৰ্ষৰ বাজেটত শিক্ষকৰ প্ৰশিক্ষণত যথেষ্ট গুৰুত্ব দিয়া হৈছিল৷ ক’ভিড কালতো শিক্ষাব্যৱস্থাক আগুৱাই নিয়াৰ বাবে অনলাইন শিক্ষাত গুৰুত্ব বঢ়োৱাৰ কথা কোৱা হৈছিল৷ তেনে কাৰণতে এনে উদ্দেশ্যত ধন আৱণ্টন দিয়া হৈছিল৷ ভাৰতক জ্ঞানৰ ছুপাৰ পাৱাৰ কৰাৰ লক্ষ্যৰে নতুন শিক্ষানীতিত ভালেমান প্ৰস্তাৱ অনা হৈছে আৰু পাৰ্যমানে সিবিলাক বাজেটৰ অন্তৰ্ভুক্তিৰ চেষ্টা চলোৱা হৈছে৷ আগন্তুক বাজেটতো ইয়াৰ প্ৰতিফলন দেখা যাব বুলি ধাৰণা কৰা হৈছে৷
আগৰবাৰ শিক্ষাৰ বাজেটত বৃত্তিমূলক আৰু বিষয়মূলক শিক্ষাত গুৰুত্ব দিয়া হৈছিল৷ লাডাখত কেন্দ্ৰীয় বিশ্ববিদ্যালয় পতাৰ প্ৰস্তাৱ ৰখা হৈছিল৷ এনেধৰণৰ অনেক প্ৰস্তাৱৰ যোগেদি ভাৰতত আত্মনিৰ্ভৰ শিক্ষাব্যৱস্থা গঢ়ি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে৷ অনুমান কৰা মতে, আগন্তুক বাজেটতো আত্মনিৰ্ভৰ শিক্ষাব্যৱস্থাৰ কথা কোৱাৰ লগতে কাৰ্যকাৰিতাত গুৰুত্ব দি ধনৰ পৰিমাণ বৃদ্ধি কৰা হ’ব৷
আমাৰ দেশত এতিয়া ৰাজনৈতিক ক্ষেত্ৰত অনবৰতে উত্তেজনামূলক পৰিৱেশে বিৰাজ কৰে৷ ৰাজনৈতিক বিতৰ্ক, সামাজিক অস্থিৰতা, সংঘৰ্ষ আৰু বিতৰ্কমূলক কথা-বাৰ্তাই মানুহক মূল বিষয়বোৰৰ পৰা বিৰত ৰাখে৷ সংসদৰ বাজেট অধিৱেশনো অনা-আৰ্থিক আৰু দলীয় স্বাৰ্থজড়িত বিতৰ্কৰ নামত উত্তাল হৈ থাকে৷ ফলত বাজেটৰ প্ৰস্তাৱসমূহৰ সঠিক বিশ্লেষণ হোৱা দেখা নাযায়৷ এইবাৰ নিৰ্বাচনৰ গৰম বতাহে সংসদৰ কাৰ্যক্ৰমণিকা যাতে ব্যাহত নকৰে, তাৰ প্ৰতি চৰকাৰৰ লগতে দেশবাসী সতৰ্ক থাকিব লাগিব৷






