Logo
image

বাজেটে কাক উপকৃত কৰিব

কেইদিনমান পাছতে পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচন অনু্‌ষ্ঠিত হ’ব৷   বাজেটত সেই ৰাজ্যৰ লোকক আকৰ্ষণ কৰিবলৈ নি(য় ত্ৰুটি নকৰে বিজেপিয়ে৷ কিয়নো উত্তৰ প্ৰদেশত বিজেপিৰ ক্ষমতা নাথাকিলে কেন্দ্ৰত ভৱিষ্যতে বিজেপিৰ স্থিতি থৰক-বৰক যে নহয়, সেই কথা নুই কৰিব নোৱাৰি৷ পহিলা ফেব্ৰুৱাৰীত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন এন ডি এ চৰকাৰৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে তেওঁৰ চতুৰ্থ কেন্দ্ৰীয় বাজেট উপস্থাপন কৰে৷ বিত্তমন্ত্ৰীয়ে আশা কৰা মতে, ভাৰতে আগত সময়ত ৯.২ শতাংশ হাৰে উন্নতি কৰিব৷ সামূহিক উন্নয়ন, উৎপাদনৰ পৰিৱেশ, শক্তি আৰু জলবায়ু সন্দৰ্ভত কাম কৰাৰ লক্ষ্যৰে উপস্থাপন কৰা বাজেটখনত ২০২২-২৩ চনত ১১.১ শতাংশ জি ডি পি বৃদ্ধিৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে৷ ক’ভিড কালৰ অৰ্থনৈতিক বিপৰ্যয় নিৰাময়ৰ অৰ্থে বাজেটত লক্ষ্য নিৰ্ধাৰণ কৰিছে যদিও সেই লক্ষ্যত কিমান উপনীত হয়, সেই কথা সময়েহে ক’ব৷ ক’ভিড কালত শিক্ষাখণ্ডত শ্ৰেণীকোঠাৰ পাঠ্যক্ৰম বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে৷ সেয়ে নতুন বাজেটত ডিজিটেল শিক্ষাত গুৰুত্ব দিয়া হৈছে৷ নতুন বাজেটখনত ভাৰ্চুৱেল ডিজিটেল সম্পদত ৩০ শতাংশ কৰ নিৰ্ধাৰণ কৰিছে৷ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ক্ষেত্ৰত এন পি এ ১৮ শতাংশৰ পৰা ১৫ শতাংশলৈ কমাই দিয়া হৈছে৷ কো-অপাৰেটিভ ছ’চাইটীৰ ক্ষেত্ৰতো ৰ কোটি টকাৰ তলৰ আয়ৰ ক্ষেত্ৰত কৰ ১২ শতাংশৰ পৰা জ্জ শতাংশলৈ হ্ৰাস কৰা হৈছে৷ অৱশ্যে, ব্যক্তিগত কৰদাতাৰ ক্ষেত্ৰত পূৰ্বৰ কৰৰ কোনো পৰিৱৰ্তন ঘটোৱা নাই৷ নতুন বিত্তীয় বৰ্ষত ৰাজ্যৰ উন্নয়নৰ বাবে ৫০ বছৰৰ বাবে সুদবিহীন ৰ লাখ কোটি টকাৰ দিয়াৰ ব্যৱস্থা কৰিছে৷ এনে ব্যৱস্থাই ৰাজ্যসমূহৰ সামগ্ৰিক উন্নয়নত নি(য় সহায় কৰিব৷ আনহাতে, ভাৰতীয় ৰিজাৰ্ভ বেংকে ২০২২-২৩ বৰ্ষত ডিজিটেল টকাৰ প্ৰচলনৰ পৰিকল্পনা গ্ৰহণ কৰিছে৷ এই ব্যৱস্থাই দেশক অৰ্থনৈতিক উন্নয়নত সহায় কৰিব বুলি আশা প্ৰকাশ কৰিছে বিত্তমন্ত্ৰীয়ে৷ আনহাতে, কাৰ্বন নিৰ্গমন ৰোধৰ বাবে ছোভেৰিন গ্ৰীন বণ্ডছৰ ব্যৱস্থা কৰিব বুলিও বিত্তমন্ত্ৰীয়ে ঘোষণা কৰিছে৷ শক্তিখণ্ডত কেৱল জলবিদ্যুতৰ ওপৰতে নিৰ্ভৰ নকৰি সৌৰশক্তি আহৰণৰ বাবে ২০৩০ চনৰ ভিতৰত ২৮০ গিগাৱাট ঘৰুৱা সৌৰশক্তি উৎপাদনৰ অভিলাষী আঁচনি গ্ৰহণ কৰিছে৷ ইয়াৰ বাবে ১৯,৫০০ কোটি টকা মঞ্জুৰ কৰিছে৷ দেশত দক্ষ মানৱ সম্পদ গঢ় দি সংস্থাপনৰ ব্যৱস্থাৰ উদ্দেশ্যে স্কিলিং এণ্ড লাইভলীহুড ই-পৰ্টেল মুকলি কৰাৰ কথাও বিত্তমন্ত্ৰীয়ে ঘোষণা কৰিছে৷ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ প্ৰসাৰণৰ লগতে সংস্থাপনৰ সুযোগ সৃষ্টি কৰাৰ উদ্দেশ্যে অতিৰিক্ত ২ লাখ কোটি টকাৰ মঞ্জুৰ কৰিছে৷ নতুন বাজেটত অনলাইন বিল পৰিশোধত গুৰুত্ব আৰোপ কৰিছে, যাতে বিল আদায় দিয়াৰ ক্ষেত্ৰত সময় বিলম্ব নহয়৷ সীতাৰমণৰ বাজেটত আত্মনিৰ্ভৰশীলতাতো গুৰুত্ব দিয়াৰ উপৰি হাউছিং প্ৰজেক্টৰ বাবে ৪৮ হাজাৰ কোটি আৰু ৩.৮ কোটি গৃহত টেপ ৱাটাৰ যোগান ধৰাৰ বাবে ৬০ হাজাৰ কোটি টকা মঞ্জুৰ কৰিছে৷ কিষাণ দ্ৰোণৰ জৰিয়তে কৃষকৰ শস্যৰ জৰীপ, ভূমিৰ তথ্য আদি গ্ৰহণৰ ব্যৱস্থা কৰিছে৷ কৃষি আৰু গ্ৰাম্য উদ্যোগৰ উন্নয়নৰ বাবে নাবাৰ্ডৰ জৰিয়তে ধন আৱণ্টন দিয়াৰ ব্যৱস্থা কৰিছে৷ কৰ’না মহামাৰীয়ে মানুহৰ মানসিক স্বাস্থ্যত বিৰূপ প্ৰভাৱ পেলাইছিল৷ সেয়ে নতুন বাজেটত মানসিক স্বাস্থ্যৰ উন্নয়নৰ বাবে পৰামৰ্শ কেন্দ্ৰ স্থাপনৰ ব্যৱস্থা কৰিছে৷ পাৰপত্ৰ আহৰণৰ ক্ষেত্ৰত সৃষ্টি হোৱা সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি ই-পাছপ’ৰ্টৰ ব্যৱস্থা কৰাৰ কথা বাজেটত প্ৰকাশ কৰিছে৷ নূ্যনতম সমৰ্থন মূল্যত ধান আৰু ঘেঁহু ক্ৰয় কৰাৰ উদ্দেশ্যে চৰকাৰে ২.৩ লাখ কোটি টকা খৰচ কৰিব৷ চলিত বৰ্ষত ১.৫ লাখ ডাকঘৰক ক’ৰ বেংকিং পদ্ধতিৰ আওতালৈ আনিব৷ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত নতুনকৈ ৬০ হাজাৰ গৃহ হিতাধিকাৰীয়ে নতুন বিত্তীয় বৰ্ষত লাভ কৰিব৷ নতুনকৈ ৪০০ বন্দে ভাৰত ট্ৰেইন অহা তিনি বছৰৰ ভিতৰত চলাচলৰ ব্যৱস্থা কৰিব৷ ২০০ টি ভি চেনেলত পি এম ই-বিদ্যা প্ৰগ্ৰেম সম্প্ৰচাৰ কৰিব৷ এই ব্যৱস্থাই পঞ্চম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক আঞ্চলিক ভাষাত শিক্ষা আহৰণত উপকৃত কৰিব৷ মুঠতে বিত্তমন্ত্ৰী সীতাৰমণৰ বাজেটত বহু প্ৰতিশ্ৰুতি আছে যদিও সেই প্ৰতিশ্ৰুতি অনুসৰি কি কাম হয়, সেয়া সময়েহে ক’ব৷ কিয়নো বছৰ বছৰ ধৰি বাজেটত ঘোষণাৰ পাছতো বহু কাম নোহোৱাকৈ ৰৈ যায়৷ তদুপৰি নতুন বাজেটে কৃষক, শ্ৰমজীৱী, মধ্যবিত্ত শ্ৰেণীৰ লগতে চাকৰিয়ালসকলৰ অৰ্থনৈতিক উন্নয়নৰ বাবে কোনো বিশেষ ব্যৱস্থা নাই বুলি বিৰোধীয়ে প্ৰকাশ কৰিছে৷ নতুন বাজেটে দেশৰ দহ শতাংশ লোকক, যিসকল দেশৰ মুঠ সম্পদৰ ৭৫ শতাংশৰ গৰাকী, সেইসকলক উপকৃত কৰিব নে যি ৬০ শতাংশ ভাৰতীয়ৰ হাতত দেশৰ মুঠ সম্পদৰ মাত্ৰ পাঁচ শতাংশ আছে, সেইসকলক উপকৃত কৰিব?