ক্ৰীড়া বাজেট
যোৱা বছৰৰ টকিঅ’ অলিম্পিকত ভাৰতে এটা স্বৰ্ণপদকৰ লগতে দুটা ৰূপ আৰn চাৰিটা ব্ৰঞ্জৰ পদকেৰে উল্লেখনীয় সফলতা লাভ কৰিছিল৷ পদক তালিকাৰ ৪৮সংখ্যক স্থানত থাকিলেও সেয়া আছিল অলিম্পিকত ভাৰতৰ সৰ্বোত্তম প্ৰদৰ্শন৷ পেৰা অলিম্পিকতো পাঁচটা স্বৰ্ণসহ ভাৰতে লাভ কৰিছে মুঠতে ১৯টা পদক৷ বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়া সমাৰোহখনত ভাৰতীয় খেলুৱৈৰ এই উৎসাহজনক প্ৰদৰ্শনলৈ চায়েই কেন্দ্ৰীয় চৰকাৰে ক্ৰীড়াক্ষেত্ৰত অধিক গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে৷ মঙলবাৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰা ২০২২-২৩ বৰ্ষৰ সাধাৰণ বাজেটে তাৰেই ইংগিত দিছে৷ এইবাৰৰ সাধাৰণ বাজেটৰ ক্ৰীড়া শিতানত ধাৰ্য কৰা হৈছে ৩০৬২.৬০ কোটি টকা৷ বিগত বৰ্ষৰ ক্ৰীড়া বাজেটৰ তুলনাত এইবাৰ বৃদ্ধি পাইছে ৩০৫.৫৮ কোটি টকা৷ কেন্দ্ৰীয় বাজেটত ক্ৰীড়াৰ বাবে ধাৰ্য কৰা ধনৰ পৰিমাণ কম বুলি চৰকাৰ প্ৰায়েই সমালোচনাৰ সন্মুখীন হয়৷ টকিঅ’ অলিম্পিকৰ ভাৰতীয় খেলুৱৈৰ প্ৰদৰ্শনে যেন চৰকাৰৰ চকু মেল খুৱালে৷ ২০২২ বৰ্ষৰে জুলাই-আগষ্টত কমনৱেল্থ গেমছ আৰু ছেপ্টেম্বৰত এছিয়ান গেমছ অনুষ্ঠিত হ’ব৷ এই দুই ক্ৰীড়া সমাৰোহলৈ লক্ষ্য ৰাখিয়েই যদি চৰকাৰে বাজেটত ক্ৰীড়াৰ নামত আবণ্টিত ধন বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে, তেন্তে তাক এক ইতিবাচক সিদ্ধান্ত বুলিয়েই ক’ব লাগিব৷ তাৎপৰ্যপূৰ্ণ কথাটো হৈছে যে ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ [ছাই] বাৰ্ষিক বাজেটৰ ধনো চলিত বিত্তীয় বৰ্ষত হ্ৰাস কৰা হৈছে৷ ‘ছাই’ৰ নামত আবণ্টিত ধন সাত কোটি ৪১ লাখ টকা হ্ৰাস কৰি ৬৫৩ কোটি টকা কৰা হৈছে৷ এটা কথা স্বীকাৰ্য যে দেশৰ ক্ৰীড়াক্ষেত্ৰত ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণে বিশেষ বৰঙণি আগবঢ়ায়৷ ৰাষ্ট্ৰীয় শিবিৰৰ আয়োজন কৰাৰ লগতে খেলুৱৈক উন্নত আন্তঃগাঁথনি আৰু সা-সৰঞ্জাম আগবঢ়ায় ক্ৰীড়া প্ৰাধিকৰণে৷ তেনেক্ষেত্ৰত প্ৰতিষ্ঠানটোলৈ আবণ্টন কৰা ধন হ্ৰাস কৰাৰ বিষয়টোত বহুতেই আ(ৰ্য প্ৰকাশ কৰিছে৷ ক্ৰীড়াক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱা খেলুৱৈলৈ আগবঢ়োৱা আৰ্থিক পুৰস্কাৰৰ ধন পূৰ্বৰ তুলনাত সামান্য বৃদ্ধি কৰা হৈছে৷ তাৰ বিপৰীতে ৰাষ্ট্ৰীয় ক্ৰীড়া উন্নয়ন পুঁজিৰ বাবে ধাৰ্য কৰা ধনো ২৫ কোটি টকাৰ পৰা ১৬ কোটি টকালৈ হ্ৰাস কৰা হৈছে৷ খেলুৱৈসকলক সঠিক দিশত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় ক্ৰীড়া ফেডাৰেশ্বনবোৰৰো বিশেষ ভূমিকা থাকে আৰু এই ফেডাৰেশ্বনবোৰলৈ আবণ্টন কৰা ধন এইবাৰৰ বাজেটত অপৰিৱৰ্তিত [২৮০ কোটি টকা] ৰখা হৈছে৷দেশৰ প্ৰতিভাৱান খেলুৱৈৰ দক্ষতা প্ৰমাণৰ ক্ষেত্ৰত ‘খেলো ইণ্ডিয়া’ ইতিমধ্যে এক উপযুক্ত মঞ্চ হিচাপে বিবেচিত হৈছে৷ যিটো লক্ষ্যৰে চৰকাৰে ‘খেলো ইণ্ডিয়া’ আঁচনি হাতত লৈছিল, সেই আঁচনিত চৰকাৰ সফল হোৱা বুলিয়েই ক’ব পাৰি৷ ‘খেলো ইণ্ডিয়া’ৰ যোগেদি গ্ৰামাঞ্চলৰ বহু খেলুৱৈয়ে নিজৰ দক্ষতা প্ৰমাণৰ সুযোগ পাইছে৷ এই বিষয়টোলৈ লক্ষ্য ৰাখিয়েই চৰকাৰে ‘খেলো ইণ্ডিয়া’ যুৱ ক্ৰীড়াৰ বাজেট বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে৷ ‘খেলো ইণ্ডিয়া’ৰ নামত আবণ্টিত ধন বৃদ্ধিৰ সিদ্ধান্ত লৈছে চৰকাৰে৷ বিগত বিত্তীয় বৰ্ষত এই শিতানত ধাৰ্য কৰা ধন আছিল ৬৫৭.৭১ কোটি টকা৷ এইবাৰৰ বাজেটত সেই ধন ৯৭৪ কোটি টকালৈ বৃদ্ধি কৰা হৈছে৷ এটা কথা সকলোৱে স্বীকাৰ কৰিব যে আন্তঃৰাষ্ট্ৰীয় স্তৰত ভাৰতীয় খেলুৱৈৰ মান উন্নত হ’বলৈ হ’লে দেশখনৰ চৰকাৰে ক্ৰীড়াক্ষেত্ৰত অধিক গুৰুত্ব দিব লাগিব৷ কেৱল বাজেটত ধন বৃদ্ধি কৰিলেই নহ’ব, খেলুৱৈৰ ফিটনেছ, প্ৰশিক্ষণ, অনুশীলন, উন্নত মানৰ ক্ৰীড়া সামগ্ৰীৰ ব্যৱহাৰ আদিত এই ধনৰ উচিত ব্যৱহাৰ হৈছে নে নাই, তাৰ ওপৰতো দৃষ্টি ৰাখিব লাগিব৷ অলিম্পিকৰ এথলেটিকছত স্বৰ্ণপদক জয় কৰা প্ৰথমজন ভাৰতীয় হিচাপে স্বীকৃত হৈছে জেভেলিন থ্ৰ’ৱাৰ নীৰজ চোপ্ৰা৷ টকিঅ’ অলিম্পিকত নীৰজৰ সফলতাই নিঃসন্দেহে আন বহুজনক উৎসাহ যোগাব৷ অলিম্পিকৰ লগতে আন আগশাৰীৰ প্ৰতিযোগিতাবোৰত ভাৰতীয় খেলুৱৈৰ মান আৰু উন্নত হ’বলৈ হ’লে তেওঁলোকক সঠিক দিশত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত প্ৰয়োজন হ’ব প্ৰণালীবদ্ধ পৰিকল্পনা আৰু তাৰ লগতে লাগিব খেলুৱৈৰ অভাৱ-অভিযোগ বুজি পোৱা ক্ৰীড়া প্ৰশাসক৷






