কেন্দ্ৰীয় বাজেট আৰু আত্মনিৰ্ভৰশীল ভাৰত!
ভাৰতবৰ্ষৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ২০২২-২৩ বৰ্ষৰ বাবে কেন্দ্ৰীয় বাজেট দাখিল কৰিলে৷ এইবাৰ বাজেটৰ বাবে ভাৰতবৰ্ষৰ কোটি কোটি মানুহে অধীৰ আগ্ৰহেৰে বাট চাই আছিল৷ এই বাজেটে কৰ’নাগ্ৰস্ত সমাজখনক উদ্ধাৰ কৰাৰ বাবে চৰকাৰে কি পদক্ষেপ লয় তাৰ প্ৰতি সমাজৰ প্ৰতিটো অংশৰ ৰাইজৰ তীক্ষ্ণ দৃষ্টি আছিল৷ বাজেটৰ প্ৰতি দৃষ্টি আছিল কাৰণ মোদী চৰকাৰে এই বছৰৰ পৰা কৃষকৰ উপাৰ্জন দুগুণ কৰাৰ কথা আছিল৷ বাজেটৰ প্ৰতি সমাজৰ বিদ্বান সমাজখনে দৃষ্টি ৰাখিছিল, কাৰণ এই বৰ্ষৰ পৰা নতুন শিক্ষানীতি প্ৰৱৰ্তন কৰাৰ কথা আছিল৷ বাজেটৰ প্ৰতি দেশৰ উদ্যোগ খণ্ডটোৰ দৃষ্টি আছিল, কাৰণ এই চৰকাৰে যোৱা বৰ্ষৰ বাজেটত খোলাখুলিকৈ নিৰ্বিনিয়োজনৰ কথা কৈছিল আৰু সৰ্বমুঠ ১.৭৫ লাখ কোটি টকা ৰাষ্ট্ৰীয় সম্পদ বিক্ৰী কৰি যোগাৰ কৰাৰ কথা আছিল৷ কিন্তু চৰকাৰে মাত্ৰ ১৪ হাজাৰ কোটি টকাহে সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল৷ কিন্তু আচৰিত ধৰণে এইবাৰ বাজেটে এই সকলো ক্ষেত্ৰতে মানুহক হতাশ কৰা বুলি ক’লেও বঢ়াই কোৱা নহয়৷ কাৰণ যিজন প্ৰধানমন্ত্ৰীয়ে বিগত দুটা বছৰে এটা কথাই কৈ আহিল যে ভাৰতবৰ্ষ আত্মনিৰ্ভৰশীল হ’ব লাগিব, কিন্তু বাজেটত আত্মনিৰ্ভৰশীল ভাৰতৰ শ্লোগানক বাস্তৱত ৰূপায়ণ কৰাৰ বাবে তেনে কোনো পদক্ষেপ গ্ৰহণ কৰা দেখা নগ’ল৷ বিশেষকৈ কৰ’না মহামাৰীৰ প্ৰভাৱত চহৰ এৰি গাঁৱলৈ ঢাপলি মেলা কোটি কোটি শ্ৰমিক-মজদুৰ, ঠেলাচালক, ৰিক্সাচালক, মটিয়া, গৃহ শ্ৰমিক আদিৰ বাবে কোনো আঁচনি গ্ৰহণ নকৰিলে৷ বৰঞ্চ এইসকল লোকৰ একমাত্ৰ আশা-ভৰসাৰ স্থল এম জি এনৰেগাৰ আঁচনিৰ ধন পূৰ্বতকৈ কমোৱা হ’ল৷ সেইদৰে চৰকাৰে কোন কোন ক্ষেত্ৰত ভৰতক আত্মনিৰ্ভৰশীল কৰিব বিচাৰিছে সেই সম্পৰ্কতো বাজেটত কোনে স্পষ্ট ৰূপৰেখা নাই৷ বাজেটত প্ৰধানমন্ত্ৰী গতিশক্তি আঁচনিৰ নামত যি পথ, ৰে’লৱে, বিমানবন্দৰ, বন্দৰ, পৰিবহণ, জলপথ আৰু লজিষ্টিক আন্তঃগাঁথনিৰ কথা কোৱা হ’ল, কিন্তু সকলোৱেই জানে এই ক্ষেত্ৰকেইখনত বৰ্তমান থকা আন্তঃগাঁথনিক ইতিমধ্য চৰকাৰে বৃহৎ পুঁজিপতি গোষ্ঠীৰ ওচৰত বিক্ৰী কৰি দিছে৷ এতিয়া বাকী অংশসমূহৰো জনতাৰ কৰৰ পৰা সংগৃহীত ধনেৰে আন্তঃগাঁথনি মজবুত কৰি পুনৰ সেইবোৰ যে বিক্ৰী কৰি নিদিব, তাৰ নিশ্চিতি ভাৰতীয় নাগৰিকে লাভ কৰিবনে বুলি ব্যাপক চৰ্চা হৈছে৷ আনহাতে, চৰকাৰে শিক্ষা খণ্ডটোৰ ব্যাপক পৰিৱৰ্তনৰ বাবে নতুন শিক্ষানীতি ইতিমধ্যে প্ৰৱৰ্তন কৰিছে৷ কিন্তু এই মূল্যবৃদ্ধিৰ দিনত বিগত বৰ্ষতকৈ মাত্ৰ ১১ হাজাৰ কোটি টকা বৃদ্ধি কৰা হৈছে ৷ চৰকাৰে কৰ’নাগ্ৰস্ত শিক্ষাব্যৱস্থাক উদ্ধাৰ কৰাৰ বাবে যি সূত্ৰ আৱিষ্কাৰ কৰিছে, সি বাস্তৱিকতে কিমান কাৰ্যক্ষম হ’ব সেয়া সময়েহে ক’ব৷ কিন্তু শ্ৰেণীকোঠাত টিভি দি শৈক্ষিক অৱস্থা উন্নতি কৰিবলৈ হ’লে শিক্ষকৰ ভূমিকা কি হ’ব? চৰকাৰে ছাত্ৰ-ছাত্ৰীক ঘৰতেই ৰাখি শিক্ষা দিয়াৰ বাবে মন স্থিৰ কৰিছে নেকি, সেয়া স্পষ্ট হোৱা নাই৷ এফালে নতুন শিক্ষানীতি, আনফালে টিভি চেনেল খোলাৰ আঁচনি/ চৰকাৰেই কৈ আছে যে লাহে লাহে কৰ’না নিয়ন্ত্ৰণ হৈছে আৰু মাৰ্চৰ পাছত স্বাভাৱিক অৱস্থা ঘূৰি আহিব৷ এতিয়া স্বাভাৱিক অৱস্থাত শিক্ষা দিয়াৰ বাবে এই আঁচনি যেন লগা নাই৷ নতুন শিক্ষানীতিৰ বাবে প্ৰয়োজন হোৱা নতুন আন্তঃগাঁথনিৰ বাবে চৰকাৰে কি পদক্ষেপ লৈছে সেয়া বাজেটত স্পষ্ট নহয়৷
বাজেটে অসমক বিশেষ একো দিব নোৱাৰিলে৷ বিশেষকৈ অসমত দীৰ্ঘদিনৰ পৰা দাবী উত্থাপন হৈ থকা দ্বৈত ৰে’লপথ, বৈদু্যতিক ৰে’লপথ, সীমান্ত অঞ্চল উন্নয়নৰ বাবে কোনো আঁচনি বাজেটত দেখা নগ’ল৷ অসমৰ বন্ধ হৈ থকা কাগজ কলকেইটা পুনৰ খোলাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত সময়ত প্ৰতিশ্ৰুতি দিছিল, কিন্তু এই সম্পৰ্কতো বাজেটে কোনো ৰেঙণি নিদিলে৷
বাজেটে কেৱল ৰেহাই দিলে দেশৰ বৃহৎ পুঁজিপতি গোষ্ঠীকহে৷ কৰ্প’ৰেট কৰ ৰেহাই দি চৰকাৰে সাধাৰণ মধ্যবিত্তৰ পৰা সংগ্ৰহ কৰা জি এছ টি আৰু আয়কৰৰ দ্বাৰা দেশ চলাব৷
ৰাজ্যসমূহে কেন্দ্ৰীয় চৰকাৰৰ পৰা আৰ্থিক সহায় পোৱাৰ পৰিৱৰ্তে পুনৰ এক লাখ কোটি টকালৈকে ঋণ ল’ব পৰা কথাহে ক’লে৷ ইতিমধ্যে ঋণ লৈ লৈ অসমৰ দৰে ৰাজ্য প্ৰায় ভাগৰুৱা হৈ পৰিছে৷ এতিয়া কৰ’না মহামাৰীৰ পৰা হোৱা ক্ষতিৰ জোৰা মাৰিবলৈ কেন্দ্ৰীয় চৰকাৰে অতিৰিক্ত পুঁজি যোগান ধৰিব লাগিছিল, কিন্তু ইয়াৰ পৰিৱৰ্তে জি এছ টিৰ ক্ষতিপূৰণ সমাপ্ত কৰিলে আৰু এতিয়া ঋণ লৈ ৰাজ্য উদ্ধাৰৰ আঁচনি দিছে৷ এইখন বাজেটে যে অনাগত সময়ত দেশৰ জনতাৰ সমস্যা বৃদ্ধি কৰিব আৰু দেশৰ আন্তঃগাঁথনি বৃহৎ পুঁজিপতি গোষ্ঠীৰ ওচৰত বিক্ৰী কৰিব, সেইটোৰ নিশ্চিতি দিলে৷






