ৰাজনৈতিক কাৰচাজি বনাম প্ৰকৃত উন্নয়ন
কৰ’নাৰ দ্বিতীয় ঢৌ অহাৰ সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ জনগণক আশ্বস্ত কৰাৰ উদ্দেশ্যে আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ বাবে বহু লাখ কোটি টকাৰ এক বৃহৎ আঁচনি ঘোষণা কৰিছিল৷ সেইমৰ্মে দেশৰ ৰাজ্যসমূহত এই অভিলাসী আঁচনিখন কাৰ্যকৰী কৰাৰ উদ্দেশ্যে প্ৰশাসনিক, ৰাজনৈতিকভাৱে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি সজাগতা সৃষ্টি কৰি অহা হৈছে৷ এইপৰ্যন্ত এনে সজাগতা কাৰ্যসূচী অব্যাহত ৰখা হৈছে৷ অলপতে প্ৰধানমন্ত্ৰীয়ে আত্মনিৰ্ভৰ অৰ্থব্যৱস্থাক আত্মনিৰ্ভৰশীল ভাৰতৰ মূল ভেটি বুলি উল্লেখ কৰি কৰ’না মহামাৰীৰ প্ৰত্যাহ্বান সত্ত্বেও ভাৰতে সকলো দিশতে চকুত লগা সাফল্য অৰ্জন কৰিছে বুলি দেশৰ বিজেপিৰ কাৰ্যকৰ্তাসকলৰ ভাৰ্ছুৱেল সন্মিলনত মন্তব্য কৰিছে৷ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে বিজেপি চৰকাৰে ৮ বছৰৰ পূৰ্বে গ্ৰহণ কৰা অৰ্থনৈতিক নীতিসমূহৰ সংস্কাৰৰ বাবে জিডিপি ৰ লাখ ১০ হাজাৰ কোটি টকাৰ তুলনাত বৰ্তমান ইয়াৰ পৰিমাণ ২ লাখ কোটি টকালৈ বৃদ্ধি পাইছে বুলি উল্লেখ কৰাটো তাৎপৰ্যপূৰ্ণ৷ উল্লেখ্য, দৰিদ্ৰ, মধ্যবিত্ত আৰু যুৱ প্ৰজন্মক গুৰুত্ব আৰোপ কৰা শেহতীয়া কেন্দ্ৰীয় চৰকাৰৰ বাজেটখনে জলজীৱন আঁচনি, দৰিদ্ৰ লোকৰ বাবে পকীঘৰ নিৰ্মাণ, সুৰক্ষা বাহিনীত অধিক নিয়োগ সংস্থান আদি বিভিন্ন দিশৰ বিষয়ে উল্লেখ কৰি বিজেপিৰ কৰ্মকৰ্তাসকলক চৰকাৰৰ আঁচনিসমূহৰ বিষয়ে ৰাইজক সজাগতা সৃষ্টিৰ বাবে আহ্বান জনাইছে৷ নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাৰে পৰা বিভিন্ন সময়ত বিজেপি নেতৃত্বাধীন চৰকাৰে গ্ৰহণ কৰি অহা আঁচনিসমূহৰ লগতে বিভিন্ন উন্নয়নমূলক পদক্ষেপসমূহে ৰাইজক কৰা উপকাৰসমূহ যাতে ৰাইজে উপলব্ধি কৰি থাকে সেই সম্পৰ্কে প্ৰধানমন্ত্ৰীজনে বিভিন্ন মাধ্যমেৰে বাকচাতুৰ্যৰে, বুদ্ধিদীপ্ততাৰে সোঁৱৰাই আহিছে৷ ‘মন কী বাত’কে ধৰি আন বহু অনুষ্ঠানৰ যোগেদি বিভিন্ন দিশ অৱতাৰণা কৰি প্ৰধানমন্ত্ৰীয়ে কোটি কোটি লোকৰ সৈতে এটা যোগসূত্ৰ স্থাপন কৰে যাৰ ফলত বিজেপি দলটো ৰাজনৈতিকভাৱেও অতি উপকৃত হয়৷ কোৱা বাহুল্য এনে কৌশলতকৈ অধিক আগুৱাই গৈ অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ লাখ লাখ যুৱ-প্ৰজন্মৰ বাবে ‘মামা’ হৈ এইসকলৰ সৈতে এটা ‘মনৰ বান্ধোন’ সৃষ্টি কৰিছে৷ এইবোৰ ব্যৱস্থাৰ বাবে প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰীয়ে ৰাইজৰ মনৰ কথাবোৰো বুজি পায় আৰু ইয়াৰে বহুবোৰ সমাধান কৰিব নোৱাৰিলেও সংযোগ স্থাপনৰ সফলতাৰ বাবে অসংখ্য লোকৰ মনৰ মানুহো হৈ পৰে৷ অৰ্থাৎ বিজেপি দলে কেৱল চিৰাচৰিত ৰাজনীতিত গুৰুত্ব দি ৰাজনীতি কৰি থকা নাই৷ দলটোৱে পলিটিকেলমেনেজমেণ্টৰ এক নতুন ধাৰা সৃষ্টি কৰিছে যাৰ বাবে দেশৰ বহু দিশত নেতিবাচক কথা প্ৰতিফলিত হোৱাৰ সত্ত্বেও দল তথা চৰকাৰৰ জনপ্ৰিয় হৈ আছে৷ ইয়াৰ বিপৰীতে কংগ্ৰেছকে ধৰি অন্যান্য বিৰোধী দলসমূহে বিজেপিক সমালোচনা কৰি থকাৰ বাদে আন বিশেষ কৰিব পৰা নাই৷ অৱশ্যে সেয়া কেইবাখনো ৰাজ্যৰ আঞ্চলিক দলৰ চৰকাৰ বা ‘আপ’ৰ দিল্লী চৰকাৰে এক ব্যতিক্ৰমী ৰাজনীতিৰে নিজৰ দৃঢ়স্থিতি প্ৰতিপন্ন কৰাটো উল্লেখনীয়৷ লক্ষণীয়ভাৱে ৰাজনৈতিক বহু কাৰচাজিৰ মাজত দেশৰ আৰ্থ-সামাজিক প্ৰকৃত দৃশ্যপটটো এতিয়া যেন লুকাই পৰিছে৷ অক্সফাম ইণ্ডিয়াৰ প্ৰতিবেদন অনুসৰি, যি সময়ত কৰ’না অতিমাৰীৰ বাবে প্ৰতি চাৰি ছেকেণ্ডত এজন লোকে অৰ্থাৎ দৈনিক ২১ হাজাৰ লোকে প্ৰাণ হেৰুৱাইছিল সেইসময়ত ধনীৰ ধনৰ পাহাৰ প্ৰতিনিয়ত বৃদ্ধি পাইছিল৷ অতিমাৰীৰ সময়ত অৰ্থাৎ ২০২০ চনৰ মাৰ্চ মাহৰ পৰা ২০২১ চনৰ ৩০ নৱেম্বৰপৰ্যন্ত ভাৰতীয় বিলিয়নাৰসকলৰ সম্পত্তিৰ পৰিমাণ ২১.১ লাখ কোটি টকাৰ পৰা ৫৭.৩ লাখ কোটি টকালৈ বৃদ্ধি পায়৷ অৰ্থাৎ ভাৰতীয় বিলিয়নাৰৰ সংখ্যা ১০২জনৰ পৰা ১৪৩জনলৈ বৃদ্ধি পোৱাৰ সময়ত ২০২১ বৰ্ষটোত নতুনকৈ ৪.৬ কোটি ভাৰতীয় দৰিদ্ৰ হৈছে৷ দেশত মিলিয়নাৰ, বিলিয়নাৰৰ সংখ্যা বৃদ্ধি পোৱাটো আনন্দৰ কথা৷ ধনী উদ্যোগীৰ সংখ্যা বৃদ্ধিৰ ফলত দেশত বিনিয়োগ বৃদ্ধি পালে উৎপাদন বৃদ্ধি পাব, নিয়োগ সংস্থান বৃদ্ধি পাব, কিন্তু বাস্তৱত সেয়া হোৱাৰ পৰিৱৰ্তে দুখীয়াবিলাক অধিক দুখীয়া হৈছে আৰু বহু নতুন দুখীয়াৰ সৃষ্টি হৈছে৷ অক্সফামে উল্লেখ কৰা মতে, ৫৫.৫ কোটি ভাৰতীয়ৰ সমুদায় সম্পত্তিতকৈ অধিক ধন-সম্পত্তি ন্যস্ত হৈছে মাত্ৰ ৯৮জন অতি ধনী ভাৰতীয়ৰ হাতত৷ এই ধনী কেইজনৰ ভিতৰত প্ৰথম ১০জনৰ ধন-সম্পত্তিৰ ওপৰত যদি চৰকাৰে মাত্ৰ ৰ শতাংশ উপ-কৰ আৰোপ কৰে তেন্তে দেশৰ শিক্ষা, স্বাস্থ্যৰ, সামাজিক সুৰক্ষা আঁচনিৰ ৰূপায়ণৰ বাবে প্ৰয়োজনীয় ধন আহৰণ কৰিব পৰা যাব৷ কিন্তু ইয়াৰ বিপৰীতে বিভিন্ন প্ৰক্ৰিয়াৰে, বিভিন্ন কৌশলেৰে মধ্যবিত্তৰ পৰা কৰ-কাটল আদায় কৰা হৈছে যাৰ বাবে বহুতৰ বাবে জীৱন-ধাৰণ দুৰ্বিসহ হৈ পৰিছে৷ ইফালে ধনী-দুখীয়াৰ এই বৃহৎ পাৰ্থক্যটোৰে দেশত এটা অৰ্থনৈতিক বৈষম্যৰ লগতে সামাজিক বৈষম্যৰো সৃষ্টি কৰিছে৷ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে বহু উন্নয়নমুখী পদক্ষেপ ল’লেও সামাজিক-অৰ্থনৈতিক বৈষম্যক ৰোধ কৰিব নোৱৰাটো এক ব্যৰ্থতাৰ পৰিচায়ক৷ কাজেই এনে দিশসমূহ ৰাজনৈতিক কাৰচাজিৰে ঢাকি ৰাখিবলৈ চেষ্টা কৰাৰ পৰিৱৰ্তে অগণন জনসাধাৰণৰ সমস্যাসমূহ সঠিকভাৱে উপলব্ধি কৰি কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰাটো অধিক ফলদায়ক হ’ব৷






