Logo
image

বাজেটত শিক্ষাৰ গুৰুত্ব

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰা কেন্দ্ৰীয় বাজেট [২০২২-২৩]ত স্বীকাৰ কৰিছে যে কৰ’না মহামাৰীসদৃশ পৰিস্থিতিৰ বাবে যোৱা দুটা বছৰত শিক্ষাক্ষেত্ৰত ব্যাপক ক্ষতি হৈছে৷ বাজেটত কোৱা হৈছে দেশৰ সকলো প্ৰান্ততে বিশেষকৈ গ্ৰামাঞ্চলত স্কুল-কলেজ বন্ধ হৈ পৰাৰ ফলত ছাত্ৰ-ছাত্ৰীসকলে বিশেষকৈ দুৰ্বল শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে সম্পূৰ্ণ দুটি শৈক্ষিক বছৰ হেৰুৱাইছে৷ পৰম্পৰাগত পদ্ধতিৰ শিক্ষা স্থবিৰ হৈ পৰাৰ ফলত শিক্ষাৰ্থীসকলে শিক্ষা লাভৰ পৰা বঞ্চিত হোৱাৰ উপৰি আন ভালেমান শাৰীৰিক তথা মানসিক সমস্যাৰ সন্মুখীন হৈছে৷ এনে পৰিস্থিতিৰ মোকাবিলা কৰাৰ বাবে এইবাৰৰ বাজেটত শিক্ষা বিষয়ক ভালেমান কথা কোৱা হৈছে৷ কোৱা হৈছে শৈক্ষিক ক্ষতি ৰোধৰ নিমিত্তে এটা চেনেল-এটা শ্ৰেণীৰ ব্যৱস্থা কৰা হ’ব৷ প্ৰধানমন্ত্ৰীৰ ই-বিদ্যা আঁচনিত ১২টাৰ পৰা টিভি চেনেল ২০০টালৈ বঢ়োৱা হ’ব, যাতে সকলো ৰাজ্যই  আঞ্চলিক ভাষাত প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ শিক্ষাদান কাৰ্যসূচী আগুৱাই নিব পাৰে৷

শিক্ষাৰ শিতানত আগৰ বছৰৰ তুলনাত বাজেট আবণ্টন ১১.৮৩ শতাংশ বৃদ্ধি কৰা হৈছে আৰু এইক্ষেত্ৰত ডিজিটেল শিক্ষাৰ কথাত গুৰুত্ব দিয়া হৈছে৷ লগতে দক্ষতা বৃদ্ধিত গুৰুত্ব দিয়া হৈছে৷ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ ৰূপায়ণে ইতিমধ্যে এটা বছৰ পাৰ কৰিছে৷ ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে [২০২০] ভাৰতৰ শিক্ষাব্যৱস্থাত ব্যাপক পৰিৱৰ্তনৰ সূচনা কৰিবলৈ ওলাইছে৷ এনে অৱস্থাত বাজেটত শিক্ষাৰ গুৰুত্ব স্বাভাৱিকতে বাঢ়িছে৷ সকলো বাধা নেওচি ভাৰতে আগুৱাই যোৱাৰ বৃহৎ লক্ষ্যত উপনীত হ’বলৈ হ’লে চৰকাৰে শিক্ষাত, বিশেষকৈ উচ্ছ শিক্ষাত অধিক গুৰুত্ব দিবই লাগিব৷ ৰাষ্ট্ৰীয় শিক্ষানীতিত কোৱা মতে, তিনি বছৰৰ পৰাই শিক্ষা আৰম্ভ কৰিবলৈ হ’লে অহা পাঁচ বছৰত লাখ লাখ অংগনৱাড়ী কেন্দ্ৰ সাজু কৰিব লাগিব আৰু তাৰ বাবে প্ৰয়োজন হ’ব যথেষ্ট পৰিমাণৰ ধন৷ অংগনৱাড়ী কেন্দ্ৰসমূহৰ লগতে প্ৰাথমিক বিদ্যালয় আৰু অনুষ্ঠানসমূহো প্ৰয়োজন পূৰণৰ বাবে সাজু কৰিব লাগিব৷ সেই হিচাপত প্ৰয়োজন হ’ব লাখৰ ঘৰত শিক্ষক আৰু শিক্ষা সহায়িকাৰ৷ দেশৰ লগতে ৰাজ্যত চলি থকা অংগনৱাড়ী কেন্দ্ৰত বৰ্তমানৰ অৱস্থা যথেষ্ট ত্ৰুটিপূৰ্ণ হোৱাৰ পৰিপ্ৰেক্ষিতত এই বিষয়ৰ নীতি-নিৰ্ধাৰণত সাৱধান হ’ব লাগিব৷ অন্যথা চৰকাৰী বা ৰাজহুৱা খণ্ডই ব্যক্তিগত খণ্ডৰ শিক্ষাৰ লগত জটিল প্ৰতিযোগিতাৰ সন্মুখীন হ’ব লাগিব৷ শিক্ষানীতিত কোৱা হৈছিল অংগনৱাড়ী শিক্ষাকৰ্মীসকলক উপযুক্ত কৰি গঢ়ি তুলিবলৈ প্ৰয়োজনীয় প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিব৷

বিগত কালত বহুতো শিক্ষা আয়োগ আৰু সমিতি গঠিত হৈছে আৰু প্ৰায়বিলাকে শিক্ষাত মুঠ ঘৰুৱা উৎপাদনৰ ৬ শতাংশ ব্যয় কৰাৰ পৰামৰ্শ দিছে৷ এইবাৰো একে পৰামৰ্শ দিয়া হৈছে৷ আগৰ বছৰৰ তুলনাত ১১.৮৬ শতাংশ বৃদ্ধি কৰাৰ পাছতো বিভিন্নপক্ষই শিক্ষাৰ শিতানত ধনৰ আৱণ্টন কম হোৱা বুলি কৈছে৷ এইবাৰৰ বাজেটত ডিজিটেল বিশ্ববিদ্যালয় স্থাপনৰ কথা কোৱা হৈছে যদিও বিভিন্ন দিশত প্ৰয়োজনীয় আলোকপাত কৰা নহ’ল বুলিও অভিযোগ উঠিছে৷ এইবাৰৰ বাজেটত প্ৰাথমিক শিক্ষাৰ শিতানত আৱণ্টন কৰা হৈছে মুঠ ৬৩,৪৪৯ কোটি টকা আৰু উচ্ছ শিক্ষা শিতানত ধাৰ্য কৰা হৈছে ৪০,৮২৮ কোটি টকা৷ উচ্ছ শিক্ষা শিতানত আগৰ বছৰৰ তুলনাত ৬.৬ শতাংশ ধন বৃদ্ধি কৰা হৈছে৷ নিৰ্ধাৰিত পৰিমাণৰ ধনৰ সঠিক ব্যৱহাৰত গুৰুত্ব দিলে আৰু বাস্তৱৰ লগত সংগতি ৰাখি আঞ্চলিক পৰ্যায়ত শুদ্ধ নীতি প্ৰস্তুত কৰিলে শিক্ষাক্ষেত্ৰই কিছু হ’লেও পৰিৱৰ্তনৰ মুখ দেখা পাব৷ অন্যথা কৰ’না মহামাৰীৰ পৰিৱেশে সৃষ্টি কৰা ক্ষতি পূৰণ সম্ভৱ নহ’ব৷ অনলাইন আৰু ডিজিটেল শিক্ষাৰ ঋণাত্মক দিশ এটাও থাকে৷ সেই কথাও অনুধাৱন কৰি ব্যৱস্থা ল’ব লাগিব৷