Logo
image

নীলা ইউৰিয়াৰ ক’লা বেপাৰ

আঁৰত দুই বিজেপি বিধায়ক

আমাৰ অসম,৮ ফেব্ৰুৱাৰীঃ ৰাজ্যৰ সাধাৰণ কৃষকক যোগান ধৰা ৰাজসাহায্যযুক্ত ৰাসায়নিক সাৰৰ চলিছে বৃহৎ ছিণ্ডিকেট৷ অসমৰ চৰকাৰী নীলা ইউৰিয়াৰ ক’লা বেপাৰ ক্ৰমশঃ উন্মোচন হ’বলৈ ধৰিছে৷ ছিণ্ডিকেট মাফিয়াই আৰক্ষীক মেনেজ কৰি অসমৰ পৰা ৰাজসাহায্যযুক্ত সাৰ ম্যানমাৰ-বাংলাদেশলৈ চোৰাং সৰবৰাহ  অব্যাহত ৰাখিছে৷ দীৰ্ঘদিন ধৰি ৰাজনৈতিক পৃষ্ঠপোষকতাত আৰক্ষীৰ সহযোগত ছিণ্ডিকেট চক্ৰই ৰাসায়নিক সাৰৰ চোৰাং সৰবৰাহ অব্যাহত ৰাখিছে যদিও মুখ্যমন্ত্ৰীৰ নিৰ্দেশত শেহতীয়াকৈ টোপনিৰ পৰা জাগিছে স্মাৰ্ট অসম আৰক্ষী৷ ৰাজসাহায্যযুক্ত সাৰৰ চোৰাং সৰবৰাহ বন্ধ কৰাটো আৰক্ষীৰ দায়িত্ব যদিও বিশেষ সঞ্চালক প্ৰধান জি পি সিঙে ৰাজ্যৰ খেতিয়কৰ বাবে অহা সাৰৰ চোৰাং সৰবৰাহ বন্ধ কৰিবলৈ সংকল্পবদ্ধ বুলিও টুইটাৰ যোগে ঘোষণা কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে৷ আৰক্ষীৰ এনে নেক্সাছৰ বাবেই লাহৰীঘাটত ইউৰিয়া সাৰৰ অত্যধিক দামত বিক্ৰী হোৱাত জুৰুলা হৈ কৃষকে সোমবাৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হয়৷ বৰাকত ৰাজনৈতিক পৃষ্ঠপোষতাত জাকিৰ হুছেইন নামৰ এটা ছিণ্ডিকেট মাফিয়া ৰাসায়নিক সাৰৰ চোৰাং সৰবৰাহৰ মাষ্টাৰ মাইণ্ড বুলি চিহ্নিত হৈছে৷ ইপিনে উজনি অসমত দুই বিজেপি বিধায়কৰ ছত্ৰছায়াতে ৰাজ সাহায্যযুক্ত সাৰৰ ছিণ্ডিকেট চলাৰ অভিযোগ উঠিছে৷ কয়লা ছিণ্ডিকেটত জড়িত এই দুই বিজেপি বিধায়কৰ নেতৃত্বতে ৰাজ্যৰ বিভিন্ন স্থানত স্থাপন কৰা গুডামলৈ নামৰূপৰ ব্ৰহ্মপুত্ৰ ফাৰ্টিলাইজাৰৰ পৰা পোনে পোনে ৰাজসাহায্যযুক্ত সাৰ চালান হয় বুলিও আৰক্ষীৰে এটা শীৰ্ষ সূত্ৰই সদৰী কৰিছে৷ অৱশ্যে উজনিৰ দুই বিজেপি বিধায়কৰ বিৰুদ্ধে আৰক্ষীয়ে নৰম স্থিতি গ্ৰহণ কৰিলেও ছিণ্ডিকেট মাফিয়াৰ পৰা কমিচন খোৱাৰ ক’লা দাগ লগা কাছাৰ আৰক্ষীয়ে  চোৰাং ৰাসায়নিক সাৰৰ ছিণ্ডিকেট চক্ৰৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে৷ দেওবাৰে কাছাৰ আৰক্ষীয়ে ডিমা হাছাও সীমান্তৰ বৰখলা, বান্দৰখোলাত দুটা স্থানত অভিযান চলাই ২,৫০০ বস্তা ইউৰিয়া সাৰ জব্দ কৰে৷ উক্ত সাৰখিনি ছিণ্ডিকেট মাফিয়া জাকিৰ হুছেইনে ম্যানমাৰলৈ চালান দিয়াৰ উদ্দেশ্যৰে সুযোগৰ সন্ধানত এখন প্ৰাথমিক  বিদ্যালয়ত মজুত কৰি ৰাখিছিল৷ ইয়াৰ পূৰ্বেও কাছাৰ আৰক্ষীয়ে ৰ ফেব্ৰুৱাৰীত বৰখলাত ৩খন ইউৰিয়াভৰ্তি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হৈছিল৷ মিজোৰাম হৈ ম্যানমাৰলৈ সৰবৰাহৰ চেষ্টা চলোৱা ট্ৰাক কেইখনত আছিল অসমৰ কৃষকৰ বাবে আবণ্টিত ৰাসায়নিক সাৰ৷ এই চোৰাং সাৰ সৰবৰাহত জড়িত কেইবাজনো চালক হেণ্ডিমেনক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে৷ ৩১ জানুৱাৰীতো কাছাৰ আৰক্ষীয়ে ম্যানমাৰ মুখি জ্জখন ট্ৰাকৰ পৰা চ্ছ্ৰ,৫০০ বস্তা সাৰ জব্দ কৰি চালক-হেণ্ডিমেনক গ্ৰেপ্তাৰ কৰিছিল৷ কেৱল কাছাৰতে  নহয় হাইলাকান্দি, হোজাই, নগাঁৱতো চোৰাং ৰাসায়নিক সাৰ জব্দ কৰিছে আৰক্ষীয়ে৷ কৃষকৰ বাবে আবণ্টিত নীলা সাৰৰ ক’লা বজাৰৰ ঘাটিত পৰিণত হৈছে অসম৷ খেতিপথাৰৰ লগতে মাছৰ খাদ্য আৰু ফেক্টৰীতো এই সাৰ ব্যৱহাৰ হোৱাৰ বাবেই চুবুৰীয়া ৰাষ্ট্ৰ কেইখনত চাহিদা বৃদ্ধি পাইছে৷ অথচ অসমৰ পৰা বাংলাদেশ- ম্যানমাৰলৈ সাৰৰ চোৰাং সৰবৰাহ চলি থাকিলেও ৰাজ্যৰ কৃষকে ৰাজসাহায্যযুক্ত সাৰকে অধিক দামত ক্ৰয় কৰিবলৈ বাধ্য হৈছে৷ ইপিনে সোমবাৰে গুৱাহাটী আৰক্ষীৰ ক্ৰাইম বান্সে ৰাজ্যৰ একাধিক সাৰ যোগনীয়া প্ৰতিষ্ঠান, ডিলাৰ তথা কৃষিবিভাগৰ বিষয়াৰ সৈতে আলোচনাত মিলিত হয়৷ এইসকল বিষয়া পৰা ক্ৰাইম ব্ৰান্সে ছিণ্ডিকেটৰ তথ্য বিচৰাৰ লগতে বিশেষ সঞ্চালকপ্ৰধান জি পি সিঙেও সাৰৰ চোৰাং সৰবৰাহৰ সন্দৰ্ভত আৰক্ষীক তথ্য দিবলৈ ৰাইজক আহ্বান জনাইছে৷

বিদ্যালয়ত লুকুৱাই ৰখা ইউৰিয়া জব্দ, গাঁওবুঢ়াসহ গ্ৰেপ্তাৰ ২ 

‘আমাৰ অসমঃ কাছাৰ জিলাৰ ডিমা হাছাও সীমান্তত পুনৰ আৰক্ষীৰ অভিযান৷ সীমান্ত এলেকা দামছড়াত পৃথকে পৃথকে অভিযান চলাই দুটা স্থানৰ পৰা সাৰ মাফিয়া জাকিৰ হুছেইনৰ  ২,৫০০ বস্তা ইউৰিয়া সাৰ বাজেয়াপ্ত কৰে আৰক্ষীয়ে৷ দামছড়া এলেকাৰ এটা ঘৰত অভিযান চলাই ১,৫০০ বস্তা সাৰ বাজেয়াপ্ত কৰে আৰক্ষীয়ে৷ তাৰ পাছত আৰক্ষীয়ে বান্দৰখালৰ এখন প্ৰাথমিক স্কুলত অভিযান চলাই ১,০০০ বস্তা সাৰ বাজেয়াপ্ত কৰিবলৈ সক্ষম হয়৷ তদুপৰি, দুজন লোককো আটক কৰে আৰক্ষীয়ে৷ তেওঁলোক হ’ল গাঁওবুঢ়া ব্ৰিথ ছুচিয়াং আৰু মালছুমি চাহি৷ বাজেয়াপ্ত কৰা সাৰখিনিৰ মালিক সাৰ মাফিয়া জাকিৰ হুছেইন বুলি জনা গৈছে৷ স্কুল বন্ধ থকাৰ সুযোগ লৈ সাৰ লুকুৱাই ৰাখিছিল স্কুলঘৰত৷ সহজ-সৰল উপজাতি মানুহক ভুলকৈ বুজাই কেতিয়াবা টকাৰ প্ৰলোভন দিও সীমান্ত এলেকাত সাৰ লুকাই ৰাখিছিল জাকিৰ হুছেইনে৷