অনূধবৰ্ ১৯ বিশ্বকাপত ভাৰতৰ সাফল্য আৰু বিচিচিআইৰ পৰিকল্পনা
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউঞ্চিলৰ ৫০ অভাৰৰ বিশ্বকাপ ক্ৰিকেটত ভাৰতীয় ছিনিয়ৰ দলটো ১৯৮৩ আৰু ২০১১ চনত চেম্পিয়ন হৈছিল৷ তাৰ বিপৰীতে অনূধবৰ্ ১৯ বছৰৰ বিশ্বকাপত ভাৰতে অভিলেখসংখ্যক পঞ্চমবাৰৰ বাবে শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিছে৷ ৱেষ্ট ইণ্ডিজত অনুষ্ঠিত এইবাৰৰ জুনিয়ৰ বিশ্বকাপৰ শেষপৰ্যন্ত অপৰাজিত থকা যশ ধূল নেতৃত্বাধীন ভাৰতীয় দলে ফাইনেলত ইংলেণ্ডক পৰাস্ত কৰিছিল চাৰি উইকেটত৷ এইবাৰৰ জুনিয়ৰ বিশ্বকাপত অধিনায়ক যশ ধূলৰ লগতে সহঃঅধিনায়ক শ্বেইক ৰছিদ, ৰাজ বাৱা আৰু ৰবি কুমাৰৰ দৰে ক্ৰিকেটাৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল৷ জুনিয়ৰ পৰ্যায়ত এই সফলতাৰ পাছত এইসকল ক্ৰিকেটাৰৰ পৰৱৰ্তী লক্ষ্য হ’ব ভাৰতীয় ছিনিয়ৰ দলক প্ৰতিনিধিত্ব কৰা৷ ইতিপূৰ্বে কেইবাজনো ক্ৰিকেটাৰে অনূধবৰ্ ১৯ বিশ্বকাপত লাভ কৰা সফলতাৰ পাছত ছিনিয়ৰ দলতো সফল হোৱাৰ উদাহৰণ আছে৷ উদাহৰণ হিচাপে উল্লেখ কৰিব পাৰি বিৰাট কোহলি, যুৱৰাজ সিং, মহম্মদ কাঈফ, ৰবীন্দ্ৰ জাদেজা, চেটেশ্বৰ পূজাৰা, পৃথ্বি শ্ব’, শুভমন গীল আদি ক্ৰিকেটাৰৰ নাম৷ কিন্তু এইসকল সফল ক্ৰিকেটাৰৰ বিপৰীতে অনূধবৰ্ ১৯ বছৰৰ ৰাষ্ট্ৰীয় দলত খেলি সফল হোৱাৰ পিছৰ পৰ্যায়ত ছিনিয়ৰ দলত খেলাৰ সুযোগ নোপোৱা ক্ৰিকেটাৰো আছে৷ ছিনিয়ৰ দলক প্ৰতিনিধিত্ব কৰাৰ সুযোগ নাপাই হতাশাত কম বয়সতে ক্ৰিকেটৰ পৰা অৱসৰ লোৱা অথবা বিদেশত খেলিবলৈ যোৱা প্ৰতিভাধৰ ক্ৰিকেটাৰৰো উদাহৰণ আছে৷ প্ৰশ্ন হয়, এইবাৰৰ অনূধবৰ্ ১৯ বছৰৰ বিশ্বকাপ জয় কৰা ভাৰতীয় দলৰ কেইজনে ছিনিয়ৰ দলত খেলাৰ সুযোগ পাব৷
এটা কথা অনস্বীকাৰ্য যে ছিনিয়ৰ দলত সুযোগ পাবলৈ হ’লে ক্ৰিকেটাৰসকল যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হয়৷ প্ৰথমে তেওঁলোকে ঘৰুৱা ক্ৰিকেটত পাৰদৰ্শিতা দেখুৱাবলাগিব৷ এতিয়া ইণ্ডিয়ান প্ৰিমিয়াৰ লীগেও ক্ৰিকেটাৰসকলক নিজকে প্ৰমাণ কৰাৰ সুযোগ দিছে৷ ভাৰতীয় ক্ৰিকেটাৰৰ বাবে নিজক প্ৰমাণ কৰাৰ এক উপযুক্ত প্লেটফৰ্ম হৈছে ৰঞ্জি ট্ৰফী৷ ৰঞ্জি ট্ৰফীত ধাৰাবাহিকভাৱে ভাল প্ৰদৰ্শন দেখুৱাব পাৰিলে তাৰ দ্বাৰা ক্ৰিকেটাৰ এজনৰ ছিনিয়ৰ ৰাষ্ট˜ীয় দলত স্থান পোৱাৰ পথ মুকলি হ’ব পাৰে৷ কিন্তু তাৰ বাবে ক্ৰিকেটাৰজনে নিয়মিতভাৱে নিজ ৰাজ্যৰ হৈ ৰাষ্ট্ৰীয় টুৰ্নামেণ্টখনত খেলাৰ সুযোগ পাব লাগিব৷ বহু সময়ত দেখা যায় যে অনূধবৰ্ ১৯ বছৰৰ ৰাষ্ট˜ীয় দলক প্ৰতিনিধিত্ব কৰা ক্ৰিকেটাৰে নিয়মিতভাৱে ৰঞ্জি ট্ৰফীত খেলাৰ সুযোগ নাপায়৷ এইসকল ক্ৰিকেটাৰৰ বাবে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে [বি চি চি আই] এক বিশেষ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ চিন্তা-চৰ্চা আৰম্ভ কৰিছে, যিটো এক ইতিবাচক চিন্তা হিচাপেই বিবেচিত হৈছে৷ অনূধবৰ্ ১৯ বছৰৰ দলত খেলি পাৰদৰ্শিতা দেখুওৱা ক্ৰিকেটাৰ যাতে পৰৱৰ্তী সময়ছোৱাত প্ৰাপ্য সুযোগৰ পৰা বঞ্চিত হ’বলগীয়া নহয়, তাৰ বাবে বিশেষ ব্যৱস্থা লোৱাৰ কথা ভবা হৈছে৷ এই লক্ষ্যৰে ক্ৰিকেট ব’ৰ্ডে ১৯ বছৰ অতিক্ৰম কৰা ক্ৰিকেটাৰসকলৰ বাবে এক সুকীয়া স্তৰ আৰম্ভ কৰাৰ সম্ভাৱনা আছে, যাতে এইসকল ক্ৰিকেটাৰৰ ওপৰত নজৰ ৰাখিব পৰা যায়৷ ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীয়েও এই ক্ৰিকেটাৰসকলৰ দায়িত্ব ল’ব পাৰে৷ ভাৰতে অনূধবৰ্ ১৯ বছৰৰ বিশ্বকাপ জয় কৰাৰ পাছত ৰাষ্ট˜ীয় ক্ৰিকেট একাডেমীৰ বৰ্তমানৰ মুৰব্বী ভি ভি এছ লক্ষ্মণে মন্তব্য কৰিছে যে ভাৰতীয় দলৰ এই সফলতাৰ মূলতে আছে ভাৰতত বিভিন্ন বয়স গ্ৰুপৰ ক্ৰিকেটাৰৰ বাবে লোৱা বিশেষ ব্যৱস্থা৷ বিশ্বকাপ জয় কৰা অনূধবৰ্ ১৯ বছৰৰ দলটোৰ সদস্যসকলৰ বাবে বি চি চি আয়ে যি নতুন প্ৰক্ৰিয়া আৰম্ভ কৰাৰ কথা ভাবিছে, তাৰ দ্বাৰা যুৱ ক্ৰিকেটাৰসকল উপকৃত হোৱাৰ লগতে বিভিন্ন বয়স গ্ৰুপত খেলি থকা আন ক্ৰিকেটাৰসকলকো উৎসাহিত কৰিব৷






