Logo
image

ত্ৰিপুৰা বিজেপিত খহনীয়া

আমাৰ অসম, ৯ ফেব্ৰুৱাৰীঃ ত্ৰিপুৰাৰ শাসনাধিষ্ঠিত বিজেপিৰ পৰা দুজনকৈ বিধায়কে পদত্যাগ কৰাত বাংলাদেশৰ সীমামূৰীয়া ৰাজ্যখনৰ চৰকাৰত  প্ৰচণ্ড জোকাৰণি উঠিছে৷ সোমবাৰে দলটোৰ দুজন বিধায়ক ক্ৰমে সুদীপ ৰয় বৰ্মন আৰু আশিস কুমাৰ সাহাই বিধানসভাৰ পৰা পদত্যাগ কৰাৰ লগতে বিজেপিৰ প্ৰাথমিক সদস্যপদো ত্যাগ কৰি অৱশেষত কংগ্ৰেছত যোগদান কৰে৷ দুয়ো মঙলবাৰে কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীক দিল্লীত সাক্ষাৎ কৰি কংগ্ৰেছত যোগদান কৰাটো নিশ্চিত কৰে৷ তেওঁলোকৰ সৈতে আৰু দুজন বিজেপিৰ বিধায়কে ৰাহুল গান্ধীক সাক্ষাৎ  কৰাত বিজেপিৰ শীৰ্ষ মহলত আতংকৰ সৃষ্টি হৈছে৷ বিজেপিৰ ‘ষ্ট্ৰেংমেন’ সুদীপ ৰয় বৰ্মনৰ শাসনাধিষ্ঠিত দলত্যাগ আৰু একেলগে আন এজন বিধায়কেও বিজেপি ত্যাগ কৰাৰ পাছত বহু কেইজন বিধায়কে একে পথ অনুসৰণ কৰিব বুলি প্ৰকাশ পোৱাত চাঞ্চল্যৰ সৃষ্টি হৈছে৷ নিৰ্বাচনলৈ মাজত এবছৰ বাকী থকা অৱস্থাত এই পৰিস্থিতি বিপ্লৱ দেৱৰ চৰকাৰৰ বাবে মুঠেই শুভলক্ষণ নহয় বুলি চৰ্চা হৈছে৷ ইপিনে মেঘালয়ৰ অৱশিষ্ট প্তজন কংগ্ৰেছ বিধায়কে মুখ্যমন্ত্ৰী কনৰাড চাংমা নেতৃত্বাধীন এনপিপিত যোগদান কৰি ৰাজ্যখনৰ এম ডি এ চৰকাৰলৈ সমৰ্থন আগবঢ়োৱাৰ লগে লগে মেঘালয় বিধানসভা কংগ্ৰেছশূন্য হৈ পৰিছে৷ যোৱা নৱেম্বৰত প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমাৰ নেতৃত্বত ১২জন কংগ্ৰেছ বিধায়কে তৃণমূল কংগ্ৰেছত যোগদান কৰাত এই ৫ জন বিধায়কহে কংগ্ৰেছত অৱশিষ্ট আছিল৷ এইবাৰ তেওঁলোকেও মেঘালয় ডেম’ক্ৰেটিক এলায়েন্স চৰকাৰলৈ সমৰ্থন আগবঢ়াই মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ দল এন পি পি-ত যোগদান কৰাত এতিয়া মেঘালয়ত কংগ্ৰেছ নিপাত গ’ল৷ বিধায়ক এম আম্পাৰীন লিংডো, মেইৰালবৰ্ম ছাইলেম, মহেন্দ্ৰ ৰূপছাং, কিমফা মাৰবানিয়াং আৰু পি টি ছাউমিয়েই এখন পত্ৰ লিখি মুখ্যমন্ত্ৰী কনৰাড চাংমাক তেওঁৰ দল আৰু এম ডি এ চৰকাৰক সমৰ্থন জনোৱাৰ কথা ব্যক্ত কৰে আৰু চাংমায়ে প্ত কংগ্ৰেছ বিধায়কক আদৰি লোৱা বুলি ঘোষণা কৰে৷ ইপিনে ত্ৰিপুৰাত কংগ্ৰেছে শাসনাধিষ্ঠিত বিজেপিক শংকিত কৰিলেও মেঘালয় কংগ্ৰেছৰ এই খবৰে কংগ্ৰেছ দলটোক নিৰাশ কৰিছে৷ ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সমীৰ ৰঞ্জন বৰ্মনৰ পুত্ৰ সুদীপ ৰয় বৰ্মনৰ বিজেপি ত্যাগে ত্ৰিপুৰাৰ ক্ষমতাসীন দলটোক জোকাৰি পেলাইছে৷ সুদীপ ৰয় বৰ্মনৰ সৈতে আশিস কুমাৰ সাহাই নহয়, অচিৰেই আৰু বহুকেইজন বিজেপি বিধায়কে দলত্যাগ কৰিব বুলি বাতৰি প্ৰকাশ পোৱাত ত্ৰিপুৰাত চাঞ্চল্যৰ সৃষ্টি হৈছে৷ বিজেপিৰ পৰা পদত্যাগ কৰা সুদীপ ৰয় বৰ্মনে ২০১৬ চনত কংগ্ৰেছ ত্যাগ কৰি তৃণমূল কংগ্ৰেছত আৰু ২০১৭ চনত বিজেপিত যোগদান কৰিছিল৷ তেওঁ আছিল কংগ্ৰেছৰ প্ৰাক্তন সভাপতি৷ বিজেপিতো তেওঁৰ বেছ প্ৰভাৱ আছিল আৰু সেয়ে সুদীপ ৰয় বৰ্মনৰ একে শিবিৰৰ কেইবাজনো বিজেপি বিধায়কে  তেওঁৰ প্ৰভাবত শাসনাধিষ্ঠিত দল ত্যাগ কৰাতো একপ্ৰকাৰ নিশ্চিত হৈছে৷ মূলতঃ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱৰ স্বেচ্ছাচাৰিতাৰ বাবেই বিজেপিৰ অনেক বিধায়ক অসন্তুষ্ট৷ সুদীপ ৰয় বৰ্মন আৰু আশিস কুমাৰ সাহায়ো মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বিদ্ৰোহ কৰিয়েই পদত্যাগ কৰে৷