Logo
image

আশাহত নিবনুৱা

কংগ্ৰেছ চৰকাৰৰ পোন্ধৰ বছৰীয়া শাসনৰ সময়ছোৱাত নিযুক্তি সম্পৰ্কীয় যি দুৰ্নীতি তথা অনিয়মৰ সৃষ্টি হৈছিল, ঠিক একেই দুৰ্নীতি আৰু অনিয়ম শাসনাধিষ্ঠিত বিজেপি চৰকাৰখনৰ ক্ষেত্ৰতো দেখিবলৈ পোৱাটো দুৰ্ভাগ্যজনক৷ চৰকাৰৰ শেহতীয়া নিযুক্তি সম্পৰ্কীয় অনিয়মবোৰ ৰাজ্যৰ শিক্ষিত নিবনুৱাসকলৰ কাৰণে মোক্ষম আঘাত৷ নিযুক্তি সম্পৰ্কীয় দুৰ্নীতি আৰু অনিয়ম চতুৰ্থবৰ্গৰ নিযুক্তিৰ ক্ষেত্ৰতে হওক নাইবা ৰাজপত্ৰিত বিষয়াৰ ক্ষেত্ৰতে হওক, দুৰ্নীতি সদায় দুৰ্নীতিয়ে৷  স্বচ্ছ আৰু নিকা নিযুক্তি সম্পৰ্কীয় চৰকাৰখনৰ শ্লোগান যোৱা চাৰিটা বছৰে কেৱল শুনিহে থাকিলোঁ৷ কথাষাৰ শুনি চাকৰিপ্ৰত্যাশী শিক্ষিত নিবনুৱাসকলৰো আশা-আকাংক্ষাবোৰ বাঢ়ি গৈ থাকিল৷ অশেষ কষ্ট আৰু ত্যাগ স্বীকাৰ কৰি হ’লেও চৰকাৰী নিযুক্তিৰ প্ৰতি উচ্ছাকাংক্ষিত হৈ ৰ’ল লাখ লাখ শিক্ষিত নিবনুৱা৷ কাৰণ স্বচ্ছ আৰু নিকা ভাবমূৰ্তিৰ মুখ্যমন্ত্ৰীৰ মুখৰ পৰা ওলোৱা অবিশ্বাস্য যেন লগা কথাবোৰো বিশ্বাস কৰিব পৰা কথা যেনে লাগে৷ মধ্যবিত্ত পৰিয়াল এটাৰ ভৰণ-পোষণৰ দায়িত্ব সন্তানে মূৰ পাতি লৈ কিদৰে কষ্ট কৰিবলগা হয়, সেয়া স্বচ্ছ আৰু নিকা ভাবমূৰ্তিৰ মানুহৰ বাহিৰে আনে বুজি নাপায়৷ মুঠৰ ওপৰত চৰকাৰী চাকৰি এটাৰ খুবেই প্ৰয়োজন৷ কিন্তু প্ৰশ্ন হয়– সম্প্ৰতি চৰকাৰী চাকৰি এটাৰ কাৰণে মধ্যবিত্ত ঘৰৰ ল’ৰা এজনে কিদৰে যোগাৰ কৰিব লাখ লাখ টকা?

শেহতীয়াকৈ অসম আৰক্ষীৰ এছ আই পৰীক্ষাত দেখা দিয়া প্ৰশ্নকাকত ফাদিল তথা দুৰ্নীতিয়ে চৰকাৰখনৰ স্বচ্ছ আৰু নিকা ভাবমূৰ্তি যথেষ্ট পৰিমাণে লাঘৱ কৰিছে৷ দুৰ্নীতি ক’ত হৈছে বুলি সোধাতকৈ দুৰ্নীতি ক’ত হোৱা নাই এনেবোৰ প্ৰশ্নই এতিয়া ৰাইজৰ মনলৈ আহিব ধৰিছে৷ পৰীক্ষা এটা অনুষ্ঠিত কৰাৰ গুৰুদায়িত্ব নিৰ্ভৰযোগ্য কোনো প্ৰতিষ্ঠান নাইবা শিক্ষানুষ্ঠানক দিয়াৰ বিপৰীতে কোনো ব্যক্তিবিশেষ নাইবা দায়িত্বজ্ঞানহীন প্ৰতিষ্ঠানক দিলে এনেবোৰ দুৰ্নীতি তথা বেমেজালিয়ে গোটেই নিযুক্তি প্ৰক্ৰিয়াটোকে সন্দেহৰ মাজলৈ ঠেলি নিয়ে৷ দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে চৰকাৰ কঠোৰ হ’ব নোৱাৰিলে ৰাইজো চৰকাৰবিৰোধী স্থিতি ল’বলৈ বাধ্য হয়৷ অৰ্থাৎ কংগ্ৰেছৰ দৰে বিজেপি চৰকাৰখনৰ বিৰুদ্ধেও প্ৰতিষ্ঠানবিৰোধী ঢৌ অহাৰ আগতেই চৰকাৰে উচিত পদক্ষেপ গ্ৰহণ কৰি নিযুক্তি প্ৰক্ৰিয়াবোৰ সম্পন্ন কৰিব লাগে৷ নিযুক্তি মানেই কেৱল দুৰ্নীতি আৰু স্বজন-তোষণৰ ৰাজনীতিৰ বিপৰীতে মেধাসম্পন্ন প্ৰাৰ্থীক বাছনিত অগ্ৰাধিকাৰ দি গোটেই ব্যৱস্থাটোকে সংশোধন কৰাৰ সময় আহি পৰিছে৷ লাখ লাখ শিক্ষিত নিবনুৱাৰ প্ৰতি চৰকাৰে সদিচ্ছা প্ৰকাশ কৰক৷ অন্যথা নিযুক্তিৰ ক্ষেত্ৰত কংগ্ৰেছ চৰকাৰৰ সমান্তৰালকৈ বিজেপি চৰকাৰকো সমানেই জগৰীয়া কৰিব লাগিব৷

বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনৰ বিভিন্ন প্ৰতিশ্ৰুতিৰ মাজৰ অন্যতম এটা প্ৰতিশ্ৰুতি আছিল ৰাজ্যৰ লাখ লাখ শিক্ষিত নিবনুৱাৰ সংস্থাপনৰ বাট মুকলি কৰা৷ নিৰ্বাচনৰ আগত সদম্ভে নিবনুৱা সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিছিল৷ চৰকাৰী চাকৰি নাইবা অন্য সংস্থাপনৰ বাট মুকলি কৰি নিবনুৱা সমস্যা কিছু পৰিমাণে হ’লেও লাঘৱ কৰিব পাৰিব বুলি শাসনাধিষ্ঠিত বিজেপি চৰকাৰখনৰ প্ৰতি বিশ্বাস জন্মিছিল৷ বিশেষকৈ সততে নিকা ভাবমূৰ্তিৰ বুলি পৰিচিত বৰ্তমানৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতি ৰাইজৰ স্বতঃস্ফূৰ্ত সঁহাৰি দেখিবলৈ পোৱা গৈছিল৷ কিন্তু কাৰ্যতঃ সোণোৱাল চৰকাৰখনে বিগত চাৰিটা বছৰে কৰিলে কি? কিমানজন শিক্ষিত নিবনুৱাই চৰকাৰী চাকৰি লাভ কৰিলে? প্ৰথমটো পাঁচ বছৰীয়া কাৰ্যকালৰ সন্ধিক্ষণত ৰাইজৰ এনেবোৰ প্ৰশ্নৰ মুখামুখি নিশ্চয় হ’ব লাগিব সোণোৱাল চৰকাৰ৷

ৰাজ্যত বৰ্তমান স্বাস্থ্য আৰু শিক্ষা বিভাগৰ বাহিৰে আন বিভাগত চাকৰি দিব পৰাকৈ ৰাজ্য চৰকাৰ সামৰ্থ্য নহয় নেকি? কেৱল স্বাস্থ্য আৰু শিক্ষা বিভাগত নিযুক্তি দিয়েই ৰাজ্যৰ সামগ্ৰিক উন্নয়নৰ খতিয়ান দিব বিচাৰে নেকি? আনকি মুখ্যমন্ত্ৰীৰ গৃহ বিভাগতো নিযুক্তি প্ৰক্ৰিয়া সন্তোষজনক নহয়৷ অন্য বিভাগৰো একেই অৱস্থা৷ ক’ত গ’ল নিৰ্বাচনী ইস্তাহাৰত নিবনুৱা সংস্থাপনৰ প্ৰতিশ্ৰুতি? নিবনুৱাৰ জীৱনক লৈ এই ল’ৰা-ধেমালি কিয়?

বিগত চাৰিটা বছৰত নিযুক্তি সম্পৰ্কীয় নামমাত্ৰ কেইটামান পৰীক্ষা অনুষ্ঠিত কৰিলে যদিও সকলোতে কেৱল খেলিমেলি৷ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ দিব কোনোবা ব্লেকলিষ্টেড প্ৰতিষ্ঠানক৷ নাইবা প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰে আদালতৰ মজিয়াত ওলমি ৰয় পৰীক্ষাৰ ফলাফল৷ বিগত দিনসমূহত শক্তি বিভাগ, জলসিঞ্চন বিভাগ, শিক্ষা বিভাগৰো কিছুমান পদ, বিদেশী ন্যায়ানধিকৰণ আদি  বিভাগত পৰীক্ষা অনুষ্ঠিত কৰিও ফলাফল ঘোষণা কৰিব নোৱাৰিলে৷ শেহতীয়াকৈ আৰক্ষী বিভাগতো উপ-পৰিদৰ্শকৰ লিখিত পৰীক্ষাত প্ৰশ্নকাকত ফাদিল হৈ অনিশ্চিত হৈ পৰিল সমগ্ৰ নিযুক্তি প্ৰক্ৰিয়াটো৷ তাৰ মাজত দুই-এটা বিভাগত কিছু নিযুক্তি হৈছে যদিও তাতো অভিযোগৰ আঙুলি উঠিছে স্বজন-তোষণক লৈ৷ নিবনুৱা সংস্থাপনৰ নামত ৰাজ্যখনত বাৰে বাৰে কিয় হৈ আছে একেবোৰ ঘটনা? কাৰ ভুলৰ শাস্তি ভোগ কৰিব লগা হৈছে শিক্ষিত নিবনুৱাসকলে?   সমাগত বিধানসভাৰ প্ৰতি লক্ষ্য ৰাখি পঞ্চাছ হাজাৰ নতুন নিযুক্তি দিয়াৰ কথা ঘোষণা কৰিছে চৰকাৰে৷ কিন্তু এনেদৰে প্ৰত্যেক পৰীক্ষাতে অনিয়ম সংঘটিত হৈ থাকিলে পঞ্চাছ হাজাৰ নালাগে পাঁচশ পদতো নিযুক্তি জানো সম্ভৱ হ’ব?