নাগৰিকৰ নিৰাপত্তাহীনতা
স্মাৰ্টচিটীত স্মাৰ্ট পুলিচে গিজ্গিজাই থকাৰ পাছতো গুৱাহাটী মহানগৰীত স্মাৰ্ট অপৰাধীয়ে এটাৰ পাছত আনটো অপৰাধ সংঘটিত কৰিবলৈ সক্ষম হৈছে৷ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰীৰূপে এচামে অভিহিত কৰা আৰু গৃহ বিভাগৰো দায়িত্বত থকা ড॰ হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত সংঘটিত অপৰাধজনক ঘটনাই নাগৰিকৰ নিদ্ৰাহৰণ কৰিছে৷ অসম আৰক্ষীক অপৰাধ নিয়ন্ত্ৰণৰ অৰ্থে অধিক ক্ষমতা দিয়াৰ উপৰি অপৰাধীক এনকাউণ্টাৰ কৰাৰো ক্ষমতা দিয়ে মুখ্যমন্ত্ৰীয়ে৷ মুখ্যমন্ত্ৰীৰ সেউজ সংকেতৰ পাছতেই আৰক্ষীয়ে কৰা শতাধিক এনকাউণ্টাৰত ইতিমধ্যে ২৮জন অপৰাধী নিহত হোৱাৰ উপৰি ৭৩জন লোক আৰক্ষীৰ গুলীত আহত হৈছে৷ অৱশ্যে, এনে এনকাউণ্টাৰৰ বহু ঘটনা ভুৱা বুলিও চৰ্চা হৈছে৷ অভিযোগ অনুসৰি প্ৰকৃত অপৰাধীক কৰায়ত্ত নকৰি বা এনকাউণ্টাৰ নকৰি আৰক্ষীৰ কাৰ্যত বিধি-পথালি দিয়া নিৰীহ লোককহে আৰক্ষীয়ে ‘টাৰ্গেট’ কৰি লোৱাৰ অভিযোগ উঠিছে৷ এনেবোৰ ঘটনাই নিৰাপত্তাৰ বাবে নিয়োজিত আৰক্ষী বাহিনী জনসাধাৰণৰ কাৰণে নিৰাপত্তাহীনতাৰ কাৰণ হৈ পৰিছে৷ ভোগবাদী সমাজত মানুহৰ মানৱতা ক্ৰমশঃ নাইকিয়া হৈ গৈছে৷ সহজ ধনৰ লোভত এচাম লোকে অপৰাধ সংঘটিত কৰি গৈছে৷ চুৰি-ডকাইতি, হত্যা, নিচাজাতীয় দ্ৰব্যৰ ৰম্যভূমিত পৰিণত হৈছে গুৱাহাটী মহানগৰী৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ড্ৰাগ সৰবৰাহকাৰীৰ বিৰুদ্ধে যিমানেই কঠোৰ ব্যৱস্থা লোৱাৰ কথা কৈছে, সিমানেই যেন এনে দ্ৰব্যৰ অবাধ বেহাৰ বিস্তাৰ হৈছে৷ ড॰ শৰ্মাই মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰাৰ পৰা ৩১ ডিচেম্বৰপৰ্যন্ত গুৱাহাটীত আৰক্ষীয়ে ১৮৮টা গোচৰত ৪০৭জন ড্ৰাগ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে৷ ড্ৰাগ সৰবৰাহকাৰীৰ বাবে গুৱাহাটী মহানগৰী এক ঘাটিত পৰিণত হৈছে৷ নৱপ্ৰজন্মক বহু লোক বৰবিহ ড্ৰাগৰ প্ৰতি আসক্ত হৈছে৷ এনে এচাম লোকে ধনৰ বাবেই সংঘটিত কৰি গৈছে ইটোৰ পাছত সিটো অপৰাধ৷ আনহাতে, সহজতে ধন ঘটাৰ পন্থা হিচাপে আন এচাম লোকে অকলশৰীয়া বৃদ্ধ-বৃদ্ধাক টাৰ্গেট কৰি লৈছে৷ সৌ সিদিনা গুৱাহাটীৰ বেলতলাৰ চন্দন নগৰত বৃদ্ধ দম্পতীক শোৱাপাটীতে নৃশংসভাৱে হত্যা কৰাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই পুনৰ সোমবাৰে নিশা গুৱাহাটীৰ কালাপাহাৰত সংঘটিত হয় চাঞ্চল্যকৰ হত্যাকাণ্ড৷ আৰক্ষীয়ে সন্দেহ কৰা অনুসৰি ধন-সম্পত্তিৰ বাবেই কালাপাহাৰৰ তাৰাহীৰা কমপ্লেক্সত বাস কৰা ৬০ বছৰীয়া নিঃসংগ মহিলা অণু হাজৰিকাক দুবৃৰ্ত্তই নিৰ্মমভাৱে হত্যা কৰি বিছনাৰ তলত পেলাই থৈ যায়৷ আৰক্ষীয়ে মহিলাগৰাকীৰ কেয়াৰটেকাৰ আৰু মহিলাগৰাকীৰ ধনৰ লেনদেন কৰা লোকজনক জেৰা কৰিছে যদিও এতিয়াও অপৰাধীক কৰায়ত্ত কৰিব পৰা নাই৷ যদি মহানগৰীত এনেদৰেই এটাৰ পাছত আনটো ঘটনাত নিঃসংগ বৃদ্ধ-বৃদ্ধাই অকাল মৃত্যুক আঁকোৱালি ল’ব লগা হয়, তেন্তে গুৱাহাটীৰ নাগৰিক সুৰক্ষিত বুলি ভাবেনে? এনে অপৰাধজনক ঘটনা যদিহে আৰক্ষীয়ে নিৰ্মূল কৰিব নোৱাৰে, তেন্তে অনাগত দিনত মহানগৰীত বাস কৰা অকলশৰীয়া বৃদ্ধ-বৃদ্ধাই নহয়, কোনো পৰিয়ালেই সুৰক্ষিত নহ’ব৷ কৰ’না কালত বহু লোকৰ জীৱন-জীৱিকাৰ পথ বন্ধ হৈছে৷ বহুজনৰ আৰ্থিক অৱস্থা শোচনীয় হৈছে৷ সৎ পথেৰে অৰ্থৰ জোৰা মাৰিব নোৱাৰি বহুতে অপৰাধজগতত ভৰি দিছে৷ ৰাজ্যত সংঘটিত অপৰাধজনক ঘটনা ৰোধ কৰাৰ অৰ্থে চৰকাৰে জনসাধাৰণৰ আৰ্থিক উন্নয়ন সাধন কৰিব লাগিব৷ কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰি জনসাধাৰণক কৰ্মমুখী কৰাৰ উপৰি জনসাধাৰণৰ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰিব পাৰিলেহে জনসাধাৰণৰ নিৰাপত্তা নিশ্চিত হ’ব৷






