Logo
image

ক’ভিড বনাম নিৰ্বাচন

বিগত প্ৰায় দুটা বছৰে ক’ভিডক লৈ শাসকীয় দলে ৰাজনীতি কৰাৰ অভিযোগ উঠিছে৷ ক’ভিডক হাথিয়াৰ হিচাপে লৈ শাসকীয় দলে বিৰোধী দলক বশ কৰাৰ কৌশল ৰচনা কৰাৰ অভিযোগ এতিয়া পুৰণি হ’ল৷ নিজৰ সুবিধা অনুযায়ী চৰকাৰে অনুষ্ঠিত কৰি আহিছে ইটোৰ পাছত সিটো নিৰ্বাচন৷ নিৰ্বাচন আহিলেই ক’ভিডৰ সকলো সংশয় নাইকিয়া হৈ যায়৷ আনকি ক’ভিড-বিধি বলৱৎ থকাৰ সময়তো ৰাজনৈতিক দলসমূহে সেই বিধি ভংগ কৰি আহিছে৷ নিৰ্বাচনক লৈ ৰাজনৈতিক দলসমূহ যিমান তৎপৰ হৈ পৰে, দেশৰ ভৱিষ্যৎ ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষাক লৈ কিন্তু কোনোৱে মূৰ ঘমোৱাৰ প্ৰয়োজন অনুভৱ নকৰে৷ ক’ভিডৰ বাবে ৰাজ্যত এতিয়াও অষ্টম শ্ৰেণীপৰ্যন্ত পাঠদান বন্ধ আছে৷ ৰাজ্যত ক’ভিড আক্ৰান্তৰ সংখ্যা এতিয়াও হ্ৰাস পোৱা নাই৷ ক’ভিড টেষ্টৰ সংখ্যা বঢ়ালেই প্ৰতিপন্ন হ’ব ৰাজ্যত ক’ভিড সংক্ৰমণৰ প্ৰকৃত তথ্য৷ তদুপৰি, ৰেপিড এণ্টিজেন টেষ্টৰ লগতে আৰ টি পি চি আৰ টেষ্ট কৰালে ওলাই পৰিব ৰাজ্যত এতিয়াও দিনে কিমান ক’ভিডত আক্ৰান্ত হৈ আছে৷ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবেই চৰকাৰে ক’ভিড টেষ্টৰ সংখ্যা কমাই দিয়াৰ উপৰি আৰ টি পি চি আৰ টেষ্ট কৰোৱাটো প্ৰায় বন্ধ কৰাৰো অভিযোগ উঠিছে৷ ৰাজনীতি যিদৰে সংখ্যাৰ খেল, ৰাজনীতিকৰ বাবে এতিয়া ৰাজনৈতিক স্বাৰ্থ সুৰক্ষা কৰাৰো অস্ত্ৰ হৈ পৰিল ক’ভিড সংক্ৰমণৰ সংখ্যা৷ চৰকাৰে ইচ্ছা অনুসৰি ক’ভিডৰ সংখ্যা বঢ়া-টুটা কৰে বুলিও সৰ্বসাধাৰণৰ মাজত চৰ্চা হৈছে৷ কিয়নো ১৫ ফেব্ৰুৱাৰীলৈ ক’ভিড সংক্ৰমণৰ ভয়ত প্ৰাথমিক স্তৰৰ শিক্ষানুষ্ঠান বন্ধ ৰাখি শিক্ষাৰ্থীক ভৱিষ্যৎ জীৱন গঢ়াৰ ক্ষেত্ৰত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰা চৰকাৰে কিদৰে জানিব পাৰিলে যে ১৫ ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যত ক’ভিড নাথাকিবক্ক যেন নিৰ্বাচনৰ বাবেই ক’ভিড সমাপ্তি ঘোষণা কৰা হৈছেক্ক মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ১৫ ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যত কোনো ক’ভিড প্ৰট’কল নাথাকিব বুলি প্ৰকাশ কৰাৰ পাছতে বুধবাৰে ৰাজ্যিক নিৰ্বাচন আয়োগে ৬ মাৰ্চত পৌৰসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰিছে৷ ৰাজ্যিক নিৰ্বাচন আয়োগে জাৰি কৰা পৌৰসভাৰ নিৰ্বাচনৰ অধিসূচনা অনুসৰি ১৫ ফেব্ৰুৱাৰীত মনোনয়ন-পত্ৰ দাখিলৰ অন্তিম দিন নিৰ্ধাৰণ কৰিছে৷ ১৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজনৈতিক দলসমূহে অবাধ নিৰ্বাচনী প্ৰচাৰ চলাব পাৰিব৷ ৰাজ্যৰ ৩৫খন জিলাৰ ৮০খন পৌৰসভাত হ’বলগীয়া নিৰ্বাচনৰ ভোটদান হ’ব ৬ মাৰ্চত আৰু ফলাফল ঘোষণা কৰিব জ্ঝ মাৰ্চত৷ ইফালে, দেশৰ নিৰ্বাচন আয়োগেও জ্জ মাৰ্চত মাজুলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচন অনুষ্ঠিত কৰিব৷ এতিয়া প্ৰতিটো ৰাজনৈতিক দলেই নিৰ্বাচনক লৈ কঁকালত টঙালি বান্ধিছে৷ নিৰ্বাচন আহিলেই ক’ভিডৰ সংক্ৰমণ নোহোৱা হয় নেকি? পৌৰসভাসমূহৰ নিৰ্বাচন সময় মতে অনুষ্ঠিত কৰি পৌৰসভাৰ কাম-কাজ ত্বৰান্বিত কৰাটো ৰাজ্য চৰকাৰৰ দায়িত্ব৷ দীৰ্ঘদিন পৌৰসভাৰ নিৰ্বাচন অনুষ্ঠিত নকৰাৰ বাবে বহু পৌৰ এলেকাৰ উন্নয়নমূলক কাম পিছপৰি আছে৷ সেয়ে পৌৰ নিৰ্বাচন অনুষ্ঠিত কৰাটোও দৰকাৰ৷ কিন্তু ইয়াৰ লগে লগে দেশৰ ভৱিষ্যৎ প্ৰজন্মক উপযুক্ত শিক্ষাৰে শিক্ষিত কৰি দক্ষ মানৱ সম্পদৰূপে গঢ়ি তোলাটোও চৰকাৰৰে দায়িত্ব৷ কিন্তু এই দায়িত্ব পালনত চৰকাৰ তথা ৰাজনৈতিক দলসমূহ কিমান নিষ্ঠাৱান, সেয়া সকলোৱে প্ৰত্যক্ষ কৰিছে৷ দেশ তথা ৰাজ্যৰ শিক্ষাব্যৱস্থা, অৰ্থনীতিৰ কি অৱস্থা হৈছে, সেই বিষয়ে গুৰুত্ব দিয়াতকৈ ৰাজনৈতিক দল তথা শাসকীয় চৰকাৰে কিদৰে শাসন ক্ষমতা নিজৰ হাতত ৰাখিব পাৰে তাৰ প্ৰতিহে অধিক গুৰুত্ব দিয়ে৷ এনে ব্যৱস্থাই আগত সময়ত সমাজ জীৱনত বিৰূপ প্ৰভাৱ পেলোৱাৰ আশংকাই অধিক৷ সেয়ে চৰকাৰে নতুন প্ৰজন্মৰ শিক্ষা-দীক্ষাত অধিক গুৰুত্ব দিয়াৰ উপৰি জনসাধাৰণৰ আৰ্থিক উন্নয়নতো গুৰুত্ব দিয়া উচিত৷