Logo
image

চৰকাৰৰ মাজতে আনন্দক লৈ মতভেদ

 কমিটীক অপমান মিশ্ৰৰঃ মুখ্যমন্ত্ৰী n আনন্দৰ

অপসাৰণ ভুলঃ মৃণাল

আমাৰ অসম, ১১ ফেব্ৰুৱাৰীঃ কীৰ্তিকমল বৰা নামৰ যুৱকজনক নগাঁও আৰক্ষীয়ে ভুৱা এনকাউণ্টাৰত গুলীবিদ্ধ কৰা বুলি অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰে দিয়া প্ৰতিবেদনক প্ৰত্যাহ্বান জনাবলৈ গৈ নগাঁৱৰ পৰা শাস্তিমূলক বদলি হ’ব লগা হ’ল এছ পি আনন্দ মিশ্ৰ৷ অতিৰিক্ত মুখ্য সচিবৰ প্ৰতিবেদন ৰাজহুৱা হোৱাৰ পাছতেই বুধবাৰে সংবাদমেল সম্বোধন কৰি এছ পি আনন্দ মিশ্ৰই কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰটো ভুৱা বুলি মানি ল’বলৈ অস্বীকাৰ কৰাই নহয়, মাতৃৰ বাবে ফাৰ্মাচীৰ পৰা ঔষধ আনিবলৈ ওলাই অহা নিৰপৰাধী যুৱকজনক ড্ৰাগছ সৰবৰাহকাৰীৰে সম্পৰ্ক থকা বুলিহে চেষ্টা কৰাৰ পৰাও বিৰত নাথাকিল আনন্দ মিশ্ৰ৷ সংবাদমেলত  এছ পি মিশ্ৰই ভুক্তভোগী কীৰ্তিকমলক মুকলিকৈ ভাবুকি দিয়াতে ক্ষান্ত নাথাকি আৰক্ষীৰ বিৰুদ্ধে সাক্ষ্য দিয়াসকলৰ বেকগ্ৰাউণ্ড পৰীক্ষা কৰি আদালতলৈ চোঁচৰাই অনাৰ হুংকাৰ দিবলৈও নেৰিলে৷ এছ পি আনন্দ মিশ্ৰৰ এনে বক্তব্যত ক্ষুব্ধ হৈ মুখ্যমন্ত্ৰীয়ে তাৎক্ষণিকভাৱে নগাঁৱৰ এছ পি পদৰ পৰা আই পি এছ বিষয়াজনক আঁতৰোৱাৰ নিৰ্দেশ দিয়ে৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে বুধবাৰে নিশাই গৃহ বিভাগে এক নিৰ্দেশযোগে আনন্দ মিশ্ৰক আৰক্ষী সঞ্চালকপ্ৰধানৰ কাৰ্যালয়লৈ তাৎক্ষণিকভাৱে বদলি কৰে৷ কিন্তু এছ পি আনন্দ মিশ্ৰৰ এই বদলিক লৈ এতিয়া সাধাৰণ লোকৰ লগতে ৰাজনৈতিক মহলতো ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ একাংশই এনকাউণ্টাৰেৰে ৰেকৰ্ড গঢ়া চেলিব্ৰেটী এছ পি মিশ্ৰৰ বদলিত আদৰণি জনাইছে যদিও আন একাংশই আকৌ নগাঁৱত অপৰাধমুক্ত কৰিবলৈ সক্ষম হোৱা আনন্দ মিশ্ৰৰ বদলিকৰণৰ তীব্ৰ বিৰোধিতাও কৰিছে৷ আনকি খোদ শাসকীয় দলৰ ভিতৰচ’ৰাতে আনন্দ মিশ্ৰৰ বদলিক লৈ বহুধাবিভক্ত শিবিৰৰ সৃষ্টি হৈছে৷ আনকি একাংশ আমোলা তথা আই পি এছ বিষয়াইয়ো এছ পি আনন্দ মিশ্ৰৰ বদলিয়ে সমাজলৈ ভুল সংকেত যাব বুলিও মুখ্যমন্ত্ৰীক উনুকিয়াই দিছে৷ অৱশ্যে আনন্দ মিশ্ৰৰ বদলিৰ প্ৰসংগত বৃহস্পতিবাৰে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়–  ‘কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰৰ লগত আনন্দ মিশ্ৰৰ কোনো সম্বন্ধ নাই৷ সেই ফালৰ পৰা আনন্দ মিশ্ৰৰ বিৰুদ্ধে তদন্ত কমিটীয়ে কোনো প্ৰতিবেদন দিয়া নাই৷ কিন্তু সংবাদমেল পাতি তদন্ত কমিটীৰ প্ৰতিবেদনক কোনোবাই যদি হেয় প্ৰতিপন্ন কৰিব বিচাৰে, তেতিয়াহ’লে ভাল নালাগে৷ মোৰ কথাটো হ’ল পুলিচ নিৰীহ লোকৰ লগত থাকিব লাগিব৷ অপৰাধীৰ বিৰুদ্ধে কঠোৰ হ’ব লাগিব৷ কিন্তু অপৰাধীৰ বিৰুদ্ধে কঠোৰ হওঁতে যদি সাধাৰণ নাগৰিকৰ বিৰুদ্ধেও কঠোৰ হৈ যায়, আমাৰ উদ্দেশ্যটোৱেই অৰ্থহীন হৈ পৰিব৷ আমাৰ উদ্দেশ্য হৈছে সাধাৰণ নাগৰিকক ৰক্ষণাবেক্ষণ দিয়া৷ কিন্তু তাৰ পৰিৱৰ্তে যদি সাধাৰণ নাগৰিকে কষ্ট পায়, সাধাৰণ নাগৰিকে পুলিচক বেয়া পায়– তেনেহ’লে আমাৰ কষ্টৰ কোনো মূল্য নাথাকিব৷ সেয়ে আৰক্ষীলৈ এটাই আহ্বান– নিৰীহ লোকক একো নকৰিব৷ লাগিলে কোনোবাই আৰক্ষীক গালি পাৰিলেও দুটা গালি শুনি লওক৷ তাৰ পৰা আমাৰ কোনো লোকচান নহয়৷ কিন্তু অপৰাধীৰ বিৰুদ্ধে ইমান কঠোৰ হওক যাতে সাধাৰণ লোকে নিৰাপদ অনুভৱ কৰে৷’ অৱশ্যে মুখ্যমন্ত্ৰীয়ে আনন্দ মিশ্ৰৰ বদলিৰ সন্দৰ্ভত এই যুক্তি দিলেও খোদ মুখ্যমন্ত্ৰীৰে সতীৰ্থ বিজেপিৰ এজন বিধায়ক মৃণাল শইকীয়াই এছ পি মিশ্ৰৰ সমৰ্থনত থিয় দিছে৷ এই সন্দৰ্ভত বিধায়ক মৃণাল শইকীয়াক টুইটাৰত লিখিছে যে– ‘এটা ভুলৰ বাবে এজন বিষয়াক নিন্দা কাৰাটো উচিত নহয়৷ তেওঁ নগাঁৱত ড্ৰাগছৰ সাম্ৰাজ্য ধবংসৰ চেষ্টা কৰি প্ৰশংসনীয় কাম কৰিছিল৷ তেওঁক কমেও আৰু এটা বছৰ অসমত প্ৰয়োজন আছে৷’ আন এটা টুইটত বিধায়ক শইকীয়াই আক্ষেপ ব্যক্ত কৰি লিখিছে– ‘কি দুৰ্ভাগ্য...৷ অসমৰ মানুহে মিঞাৰ দাদাগিৰি হজম কৰিব পাৰে, কিন্তু সামান্য পুলিচগিৰি হজম কৰিব নোৱাৰে৷ ধিং, মৰিগাঁও, বৰপেটা, ধুবুৰী আদিৰ ভিতৰভাগ পৰিয়ালৰ সৈতে দৰ্শন কৰক৷ তেতিয়া অসমৰ পৰিস্থিতি উপলব্ধি কৰিব পাৰিব৷’ আনন্দ মিশ্ৰৰ বদলিত অসন্তুষ্ট বিধায়ক শইকীয়াই বৃহস্পতিবাৰে পুনৰ সংবাদ মাধ্যমৰ আগত কয়– ‘নগাঁৱত ড্ৰাগ্‌ছৰ বাহিৰেও মিঞাৰাজ চলিছিল৷ নগাঁৱৰ কিছু কিছু অঞ্চলত সন্ধিয়া পৰিয়াল লৈ ফুৰিবলৈ ওলাই আহিলে গম পাব অসমত কি পৰিৱেশে বিৰাজ কৰিছে৷ আনন্দ মিশ্ৰৰ বাবেই নগাঁৱৰ পৰিৱেশ স্বাভাৱিক হৈ আহিছিল৷ অসমীয়া মানুহে সুৰক্ষিত অনুভৱ কৰিছিল৷ ড্ৰাগ্‌ছ আৰু মিঞাৰাজ বৃদ্ধি পোৱাৰ কাৰণ আছিল অসমত পুলিচৰাজ দুৰ্বল আছিল৷ পুলিচগিৰিৰ বাবেই নগাঁৱত আনন্দ মিশ্ৰক লাগে৷ এটা ভুলৰ বাবে পূৰ্বৰ সকলো ভাল কাম নোহোৱা হৈ যাব নোৱাৰে৷’  ইপিনে, মুখ্যমন্ত্ৰীয়ে কুখ্যাত অপৰাধীৰ বিৰুদ্ধে যি স্থিতি গ্ৰহণ কৰিছে তাক কাৰ্যকৰি ৰূপ দিয়াত অন্যতম অংশীদাৰ আনন্দ মিশ্ৰক বদলিয়ে অপৰাধীক উৎসাহিত কৰিব বুলিও একাংশ আই পি এছ বিষয়াই অভিযোগ কৰিছে৷ মিশ্ৰৰ বদলিকৰণে সমাজলৈ যাতে ভুল সংকেত নাযায় আৰু আৰক্ষীৰ মনোবল যাতে ভাগি নাযায়, তাৰ বাবে মুখ্যমন্ত্ৰীক স্থিতি পুনৰ বিবেচনাৰো আহ৩ান জনাইছে একাংশ আই পি এছ বিষয়াই৷ কেৱল, বিধায়ক মৃণাল শইকীয়াই এছ পি আনন্দ মিশ্ৰৰ সমৰ্থনত থিয় দিয়াই নহয়, ভুৱা এনকাউণ্টাৰটো সংঘটিত হোৱাৰ পাছত মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা বিজেপিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাইও কীৰ্তিকমল ড্ৰাগ্‌ছৰ বেপাৰত জড়িত বুলি দাবী কৰি আনন্দ মিশ্ৰৰ এনকাউণ্টাৰত সমৰ্থন জনাইছিল৷ ছাত্ৰ নেতা হ’লেই পুলিচক মাৰিব, ড্ৰাগ্‌ছৰ বেপাৰ কৰিব নেকি বুলিও কীৰ্তিকমলক অপবাদ দিয়াৰ চেষ্টা চলাইছিল বিজেপি বিধায়ক জয়ন্তই৷ আনহাতে বিজেপি শিবিৰতে আনন্দ মিশ্ৰৰ বদলিক লৈ দুটা শিবিৰৰ সৃষ্টি হোৱাত প্ৰতিক্ৰিয়া ব্যক্তি কৰি এআইইউডিএফৰ বিধায়ক হাফিজ ৰফিকুল ইছলামে কয়– মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বিজেপি বিধায়ক মৃণাল শইকীয়াই টুইট কৰি আক্ষেপ প্ৰকাশ কৰিছে৷  এই কাৰ্যই প্ৰমাণ কৰিছে যে বিজেপিৰ ভিতৰচ’ৰাত মুখ্যমন্ত্ৰীৰ নিয়ন্ত্ৰণত নাই৷ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে দলৰে একাংশ মন্ত্ৰী-বিধায়ক যে ক্ষুণ্ণ হৈ  পৰিছে তাৰেই উকমুকনি দেখা পোৱা গৈছে৷