Logo
image

প্ৰাৰ্থীৰ নাম-গোন্ধ নাই!১৭ ফেব্ৰুৱাৰীত মনোনয়নৰ শেষ দিন

মাজুলী উপনিৰ্বাচন

আমাৰ অসম, ১১ফেব্ৰুৱাৰীঃ মাজুলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে আজি বৃহস্পতিবাৰে দেশৰ নিৰ্বাচন আয়োগে আনুষ্ঠানিকভাৱে অধিসূচনা জাৰি কৰে৷ এই নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম তাৰিখ ১৭ ফেব্ৰুৱাৰী৷ ১৮ ফেব্ৰুৱাৰীত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ’ব আৰু ২১ ফেব্ৰুৱাৰীত মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন ধাৰ্য কৰা হৈছে৷ আনহাতে ৭ মাৰ্চত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব আৰু ১০ মাৰ্চত ভোট গণনা অনুষ্ঠিত হ’ব৷ সমাগত উপ-নিৰ্বাচনটো স্বচ্ছ, নিকা, শান্তিপূৰ্ণ আৰু   সুৰক্ষিতভাৱে অনুষ্ঠিত কৰাৰ অৰ্থে অসমৰ মুখ্য নিৰ্বাচনী বিষয়া নিতীন খাড়েয়ে সংশ্লিষ্ট সকলোৰে প্ৰতি গোহাৰি জনাইছে৷ কিন্তু এই পৰ্যন্ত মাজুলীৰ বাবে প্ৰাৰ্থীৰ নাম-গোন্ধ নাই৷ শাসকীয় দল বিজেপিয়ে নহয় বিৰোধী দলেও প্ৰকাশ কৰিব পৰা নাই প্ৰাৰ্থীৰ নাম৷ উপ-নিৰ্বাচনলৈ মাজত মাথোঁ ২৪ দিন বাকী৷ কিন্তু উপ-নিৰ্বাচনৰ প্ৰাৰ্থী কোনো হ’ব সেই সন্দৰ্ভত ইংগিতো দিয়া নাই৷ বিজেপিৰ প্ৰাৰ্থীক লৈ ইতিমধ্যে কেইবাটাও পৰ্যায়ত অনুষ্ঠিত হৈছে বৈঠক৷ প্ৰাৰ্থীক লৈ দিল্লীত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মাজতো অনুষ্ঠিত হৈছে বৈঠক৷ কিন্তু এতিয়াও চূড়ান্ত হোৱা নাই প্ৰাৰ্থীৰ নাম৷ শাসকীয় দল-বিজেপিতকৈ বেয়া অৱস্থা বিৰোধী দলৰ৷ বিৰোধী শিবিৰত কোন দলৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰা হ’ব উপ-নিৰ্বাচনত সেয়াই চূড়ান্ত হোৱা নাই৷ পূৰ্বে মাজুলী বিধানসভা সমষ্টিটো অসম জাতীয় পৰিষদক এৰি দিয়া হ’ব বুলি প্ৰকাশ কৰিছিল কংগ্ৰেছে৷ ইয়াৰ বিনিময়ত কিছুদিন পূৰ্বে অনুষ্ঠিত উপ-নিৰ্বাচনত কংগ্ৰেছক সমৰ্থন দিছিল অসম জাতীয় পৰিষদে৷ পূৰ্ব প্ৰতিশ্ৰুতি মতে মাজুলী অসম জাতীয় পৰিষদক এৰি দিব কংগ্ৰেছে৷ বৃহস্পতিবাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই সদৰি কৰিছে এই কথা৷ ৰাজ্য সভাৰ নিৰ্বাচনলৈও বেছিদিন নাই৷ শাসক-বিৰোধী উভয় শিবিৰে এই পৰ্যন্ত ৰাজ্য সভাৰ খালী হ’বলগা দুখন আসনৰ বাবে প্ৰাৰ্থী চূড়ান্ত কৰিব পৰা নাই৷ পূৰ্বে ৰাজ্য সভাত কংগ্ৰেছক সমৰ্থন কৰি অহাৰ বিনিময়ত এইবেলি ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে এ আই ইউ ডি এফক এৰি দিবলৈ আহ্বান জনাইছে৷ এআইইউডিএফৰ বিধায়ক ৰফিকুল ইছলামে এই সন্দৰ্ভত কয়– ৰাজ্য সভাৰ নিৰ্বাচনৰ অধিসূচনা এতিয়াও জাৰি কৰা হোৱা নাই৷ কংগ্ৰেছৰ ২৫জন বিধায়ক আৰু এআইইউডিএফৰ ১৫জন বিধায়ক৷ অকল কংগ্ৰেছে বা অকল এআইইউডিএফ ৰাজ্যসভাৰ নিৰ্বাচন খেলি জয়লাভ কৰিব নোৱাৰে৷ বিৰোধীয়ে সন্মিলিতভাৱে প্ৰাৰ্থী দিলে জয়লাভৰ পূৰ্ণ সম্ভাৱনা আছে৷ আমি বিৰোধী দলসমূহক দহবাৰ অনুৰোধ কৰিম, কমলাক্ষৰ দৰে ডিঙি চেপি নহয়৷ এনে বক্তব্যই প্ৰমাণ কৰে ৰাজ্য সভাৰ নিৰ্বাচনক লৈ বিৰোধী শিবিৰো ঐক্যমতত উপনীত হ’ব পৰা নাই৷ 

মাজুলীত কোন হ’ব সৰ্বানন্দ সোণোৱালৰ উত্তৰসূৰী 

আমাৰ অসমঃ সাত মাৰ্চত মাজুলীত অনুষ্ঠিত হ’ব লগীয়া উপ-নিৰ্বাচনৰ বাবে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছে শাসনাধীষ্ঠ বিজেপিৰ লগতে বিৰোধী শক্তি৷ ভাৰতীয় জনতা পাৰ্টী, অসম প্ৰদেশে মাজুলী সমষ্টিত মন্ত্ৰী ডাঃ ৰনোজ পেগু, বিমল বৰা, সাংসদ প্ৰদান বৰুৱা, বিধায়ক ভূবন পেগু, নব কুমাৰ দলে, ৰাজ্যিক উপ সভাপতি পুলক গোহাঁই, ৰাজ্যিক মুখপাত্ৰ লক্ষ্য কোঁৱৰ, ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য প্ৰমোদ বৰা, দেউৰী স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী মাধব দেউৰী আৰু ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য বীৰেন শইকীয়াক লৈ এখন উপ-নিৰ্বাচন প্ৰস্তুতি সমিতিখন গঠন কৰিছিল৷ ইতিমধ্যে বাৰ ফেব্ৰুৱাৰীত প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰাৰ পিছত উৎসুকতা বৃদ্ধি পাইছে ভোটাৰৰ মাজতো৷ কোন হ’ব মাজুলী সমষ্টিত সোণোৱালৰ উত্তৰসুৰী৷ ইয়াকে লৈ অনেক জল্পনা-কল্পনা৷  উল্লেখ্য প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাজুলী সমষ্টিৰ পৰাপৰা চলিত বৰ্ষৰ শেহতীয়া বিধানসভা নিৰ্বাচনত ৬৯, ৭৪২ ভোট লাভ কৰি ৪২১৬৬টা ভোটৰ ব্যৱধানত কংগ্ৰেছৰ ৰাজীব লোচন পেগুক পৰাস্ত কৰিছিল৷ পৰৱৰ্তী সময়ত পট পৰিৱৰ্তন ঘটি, ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ এনে পৰিস্থিতিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কেন্দ্ৰীয় মন্ত্ৰী সভাত অন্তৰ্ভুক্ত কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা মাজুলীৰ বিধায়ক সৰ্বানন্দ সোণোৱালক৷ যাৰফলত মাজুলী সমষ্টিত উপ নিৰ্বাচন হোৱাটো নিশ্চিত হৈ পৰিল৷ ইফালে উপ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশে তৎপৰ হোৱাৰ পূৰ্বেই বিভিন্নজন প্ৰাৰ্থিত্ব প্ৰয়াসীয়ে মাজুলী সমষ্টিৰ পৰা টিকট লাভৰ বাবে ভিন্ন দুৱাৰেদি প্ৰচেষ্টা অব্যাহত ৰাখিছে৷ এই ক্ষেত্ৰত চৰ্চালৈ আহিছে সাংসদ প্ৰদান বৰুৱা,  বিজেপি নেতা ভূবন গাম, হেমচন্দ্ৰ দলে, নৃপেন কামান, বিতোপন দলে, ৰঞ্জিত দলে, মাধব দেউৰী, লোকনাথ কুটুম আদিৰ নাম৷ অৱশ্যে বিভিন্ন কাৰণত মাজুলী সমষ্টিত হ’ব লগা উপ-নিৰ্বাচনৰ প্ৰাৰ্থিত্ব প্ৰয়াসীৰ দীঘলীয়া তালিকাখন ক্ৰমাৎ সৰু হৈ আহিছে৷ বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী, প্ৰাক্তন মুখ্যমন্ত্ৰী তথা মাজুলীৰ বিধায়ক সৰ্বানন্দ সোণোৱালৰ সমষ্টি হিচাপে গুৰুত্বপূৰ্ণ মাজুলী সমষ্টিটো বিজেপিৰ দখলৰ পৰা মুক্ত কৰিবলৈ ঐক্যবদ্ধভাবে ৰনকৌশল প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে কংগ্ৰেছ, ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ৷ মাজুলীৰ আসনখন তিনিটাকৈ কাৰ্যকাল দখলত ৰখা প্ৰধান বিৰোধী কংগ্ৰেছ দলে এই উপ-নিৰ্বাচনত দলীয় প্ৰাৰ্থিত্ব প্ৰদান নকৰি অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীক সমৰ্থন দিয়াৰ বিষয়ে জানিব পৰা গৈছে৷  ইফালে ৰাইজৰ দলেও উপ-নিৰ্বাচনত দলীয় প্ৰাৰ্থী প্ৰক্ষেপ নকৰি অসম জাতীয় পৰিষদৰ প্ৰক্ষেপিত প্ৰাৰ্থীৰ প্ৰতি সমৰ্থন আগবঢ়াব বুলি জানিব পৰা গৈছে৷

মাজুলীৰ উপনিবাচনত কংগ্ৰেছে এৰি দিলে অসম জাতীয় পৰিষদক

‘আমাৰ অসমঃ  মাজুলীত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা উপস্থিত হৈ কংগ্ৰেছৰ এখন বদ্ধিৰ্ত কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণ কৰে৷ মণ্ডল কংগ্ৰেছ, জিলা কংগ্ৰেছ আৰু ব্লক কংগ্ৰেছৰ সভাপতিয়ে APCC সভাপতি বৈঠক৷ এইবাৰ মাজুলীৰ উপ নিৰ্বাচনত কংগ্ৰেছৰ হাতৰ প্ৰতীক নাথাকে৷  অসম জাতীয় পৰিষদৰ লগত হোৱা মিত্ৰতাৰ ফলত মাজুলীত অসম জাতীয় পৰিষদৰ লগত নিৰ্বাচন খেলিব কংগ্ৰেছে৷  হাতযোৰ কৰি ভূপেন বৰাই জিলা কংগ্ৰেছ, মণ্ডল ব্লক কংগ্ৰেছৰ বিষয়ববীয়া সকলক সৈমানৰ চেষ্টা কৰিলেও ক্ষোভিত হৈ পৰে কংগ্ৰেছৰ মাজুলীৰ নেতা কৰ্মী৷ বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত ত্যাগ কৰিছে কংগ্ৰেছে বুলি মন্তব্য কৰি বিজেপিক তুলাধুনা দিয়ে ভূপেন বৰাই৷ আনহাতে নিদিষ্ট দুৰত্বত অৱস্থান কৰা প্ৰাক্তন কংগ্ৰেছৰ মন্ত্ৰী ৰাজীৱ লোচন পেগুকো কঠোৰ সমালোচনা৷ তেওঁ কয়– ২০২১ নিৰ্বাচনত ৰাজীৱ লোচন পেগুৰ হৈ প্ৰচাৰ চলাইছিলো৷ আজি কিন্তু সেইজন সেনাপতিয়ে মাজুলীত পলৰীয়া ভাও দিছে৷ ‘ক্ষমতাৰ ৰাগিত তেওঁলোক মতলীয়া হৈ গৈ আছে৷ ৰাইজক গেৰাণ্টি হিচাপে লৈছে৷ তেওঁলোকে ভাবি লৈছে অসমৰ ৰাইজ তেওঁলোকৰ পিচফালে সদায় থাকিব৷ তেওঁলোকে যি ক’ব চকু মুদি সমৰ্থন কৰি যাব৷ মোৰ কবিতা-গান যে কাৰোবাৰ কাৰণে চাবুক হ’বলৈ গৈ আছে৷