Logo
image

এইবাৰ জুবিনৰে যুটি বন্ধাৰ মন ভূপেন বৰাৰ

সুবিধাজনক ইছ্যু পাই সৰব বিজেপিও

আমাৰ অসম, ১১ফেব্ৰুৱাৰীঃ যি সময়ত কংগ্ৰেছে ৰাজ্যসভাৰ আগন্তুক নিৰ্বাচনক লৈ কোনো ষ্ট্ৰেটেজী ঠিক কৰিব পৰা নাই, প্ৰাৰ্থী বিচাৰি উলিয়াব পৰা নাই, মিত্ৰদল কোন হ’ব এতিয়ালৈকে ঠিৰাং কৰিব পৰা নাই, সেই সময়ত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এটাৰ পাছত এটাকৈ অদৰকাৰী কামত ব্যস্ত হৈ পৰিছে৷ বাক্‌যুদ্ধ, কবিতা, গান এতিয়া ভূপেন বৰাৰ লগৰী হৈ পৰিছে৷ নিৰ্বাচনী কাম-কাজ বাদ দি সভাপতি বৰাই প্ৰথমতে তেওঁ ‘মই ফ্ৰায়াৰ ব্ৰিগেড’ শীৰ্ষক এটা কবিতা গালে৷ তাৰ পাছত গালে এটা গান৷ তাৰ পাছত আকৌ গালে এটা বিহুসুৰীয়া গীত৷ মুঠতে এটাৰ পাছত এটাকৈ অদৰকাৰী কাম কৰি বাতৰিৰ শিৰোনাম দখল কৰাত ব্যস্ত হৈ পৰিছে কংগ্ৰেছৰ সভাপতি  ভূপেন বৰাই৷ ৰাজ্যসভা আৰু পৌৰসভাৰ নিৰ্বাচনৰ ৰণকৌশল প্ৰস্তুতৰ পৰিৱৰ্তে জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ সৈতে এইবাৰ যুটি বন্ধাত ব্যস্ত হৈ পৰিছে ভূপেন বৰা৷ তেওঁৰ বাবে পৌৰসভাৰ নিৰ্বাচন কিম্বা ৰাজ্যসভাৰ নিৰ্বাচন কাৰ্যতঃ গৌণ হৈ পৰিছে৷ এজনৰ পিছত এজনকৈ দলীয় বিধায়কে দল ত্যাগ কৰি আছে৷ অথচ তেওঁলোকক দলত ৰাখিবলৈ তিলমাত্ৰও গুৰুত্ব নাই ভূপেন বৰাৰ৷ বিপৰীতে সংবাদ মাধ্যমৰ আগত গান, কবিতাৰ পংক্তি আওৰাই সহজলভ্য প্ৰচাৰত নামি পৰিছে প্ৰদেশ কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ পদবীধাৰী বৰাই৷ বুধবাৰে সভাপতি বৰাই গাইছিল– ‘গানটি কৰি কৰি কৰি কৰি চাকৰি দিব চিয়েমে...৷’ দ্বিতীয় শাৰীটো আছিল– ‘কুলিৰ মাতে, গুলীৰ মাতে কঁকাল ভাঙি নাচিব ভাগিনে...৷’ সভাপতি বৰাৰ এই গানটোৱে ৰাজনৈতিক মহলত বিশেষ চৰ্চাৰ বিষয় হৈ পৰিছিল৷ এনে এক সময়তে বৃহস্পতিবাৰে তেওঁ সংবাদ মাধ্যমৰ আগত কয়– ‘মইতো সুৰকাৰ নহয়৷ মই শব্দহে গোটাইছোঁ৷ এই গীতটোৰ সুৰ দিবলৈ মই জনপ্ৰিয় শিল্পী জুবিন গাৰ্গক অনুৰোধ জনাম৷ এইবাৰ বিহুৰ মঞ্চত তেওঁ গীত পৰিৱেশন নকৰে বুলি কৈছে৷ গাব নে নাগাব সেয়া তেওঁৰ কথা৷ কিন্তু মোৰ গীতটো গাবলৈ মই অনুৰোধ জনাম৷ মোৰ গান বহুতৰে বাবে চৰাতৰ পাত৷ মোৰ গোৱা বিহুৰ এটা বাক্যই চাবুকৰ দৰে কাম কৰিছে৷’ ইপিনে, সুবিধাজনক ইছ্যুৰ সুযোগ লৈ সভাপতি ভূপেন বৰাক সমালোচনাৰে থকা-সৰকা কৰিছে মন্ত্ৰী পীয়ূষ হাজৰিকাই৷ বৃহস্পতিবাৰে শিলচৰত সংবাদ মাধ্যমৰ আগত মন্ত্ৰী হাজৰিকাই কয়– ‘গান, কবিতা লিখি কমেডী শ্ব’ পাটিছে ভূপেন বৰাই৷ তেওঁ হৈছে জনী লিভাৰ৷ কপিল শৰ্মাৰ কমেডী শ্ব’ কৰি বাতৰিৰ শিৰোনাম দখল কৰিব বিচাৰিছে তেওঁ৷ চিৰিয়াছ মানুহে এনে কাম নকৰে৷ চিৰিয়াছ পলিটিচিয়ানৰ কাম হৈছে ইলেকশ্বন আহিছে, দলীয় ষ্টে˜টেজী বনাব লাগে, ৰাইজৰ লগত থাকিব লাগে৷ ভূপেন বৰাৰ মানসিকতাৰ দৈন্যতা আছে৷ ভাল কাম কৰি, চিৰিয়াছ কাম কৰি বাতৰিৰ শিৰোনাম তেওঁ দখল কৰিব নোৱাৰে৷ পৌৰসভাৰ নিৰ্বাচনৰ পাছত তেওঁ গম পাব তেওঁৰ কবিতাৰ জোৰ কিমান৷ দলৰ নেতা যদি জনী লিভাৰ হয়, কপিল শৰ্মাৰ শ্ব’ পাতে সেই দলে নিৰ্বাচনত কেনেকৈ জিকিব?’

পৌৰ নিৰ্বাচনত মিত্ৰতা সন্দৰ্ভত কোনো সিদ্ধান্ত হোৱা নাইঃ কংগ্ৰেছ

‘আমাৰ অসমঃ ৰাজ্যৰ মুঠ ৮০খন পৌৰসভাৰ ৯২১টা ৱাৰ্ডত কংগ্ৰেছ দলে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব আৰু ইয়াৰ বাবে প্ৰায় দুমাহ পূৰ্বেই কংগ্ৰেছ দলে নিৰ্বাচন কেম্পেইন কমিটী গঠন কৰি দিছে৷ তেজপুৰত আজি এক সংবাদ মেলত অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰশাসনীয় সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই এই বিষয়ে প্ৰকাশ কৰে৷ তেওঁ কয় যে এইবাৰ কংগ্ৰেছ দলে ক্ষমতাৰ বিকেন্দ্ৰিকৰণৰে পৌৰ নিৰ্বাচনত অংশ ল’ব আৰু দলীয় প্ৰাৰ্থিত্ব প্ৰদানকে ধৰি সকলো দায়িত্বত স্থানীয়ভাৱে তথা কেম্পেইন কমিটীয়ে পালন কৰিব৷ এইক্ষেত্ৰত ৰাজ্যিক নেতৃত্বই কোনো হস্তক্ষেপ নকৰে বুলিও ভট্টাচাৰ্যই প্ৰকাশ কৰে৷ তদুপৰি, এইবাৰ পৌৰ নিৰ্বাচনত কংগ্ৰেছে স্থানীয় সমস্যাসমূহক গুৰুত্ব দিব বুলিও মন্তব্য কৰে৷ তেজপুৰস্থিত শোণিতপুৰ জিলা কংগ্ৰেছৰ কাৰ্যালয়ত বিয়লি তিনি বজাত অনুষ্ঠিত হোৱা সংবাদ মেলত ভট্টাচাৰ্যই লগতে কয় যে পৌৰ নিৰ্বাচনত কংগ্ৰেছৰ মিত্ৰতাৰ প্ৰসংগত কোনো আলোচনা এইপৰ্যন্ত হোৱা নাই৷ দুখনমান পৌৰসভা অঞ্চলত মিত্ৰতাৰ প্ৰস্তাৱ অসম প্ৰদেশ কংগ্ৰেছ সভাপতি ভূপেন বৰালৈ আহিছে যদিও সেইক্ষেত্ৰত কোনো সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই বুলি প্ৰকাশ কৰি ভট্টাচাৰ্যই লগতে কয় যে, বৰ্তমান প্ৰদেশ কংগ্ৰেছৰ সভাপতিজন সাংগঠনিক ভ্ৰমণসূচীত আছে আৰু সেয়ে তেওঁ এই ভ্ৰমণ সামৰাৰ পাছতহে এই বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰা হ’ব৷ তদুপৰি, মিত্ৰতা হ’লেও সেই মিত্ৰতা সংশি¡ষ্ট পৌৰ এলেকাতহে আবদ্ধ থাকিব বুলি প্ৰকাশ কৰে ভট্টাচাৰ্যই৷ সংবাদ মেলত ভট্টাচাৰ্যই প্ৰকাশ কৰে যে পৌৰ নিৰ্বাচনৰ বাবে প্ৰাৰ্থীসকলক মনোনয়নৰ ফৰ্ম এ আৰু ফৰ্ম বি প্ৰদানৰ কতৃৰ্ত্ব সাতজন জ্যেষ্ঠ নেতাক প্ৰদান কৰি তেওঁলোকক নিৰ্বাচনী তত্ত্বাৱধায়ক নিযুক্তি দিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি বৰাই৷ সেই অনুসৰি, তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, ধেমাজি আৰু শিৱসাগৰৰ দায়িত্ব দেৱব্ৰত শইকীয়াক, যোৰহাট আৰু গোলাঘাট জিলাৰ দায়িত্ব ৰাণা গোস্বামীক, নগাঁও, মৰিগাঁও আৰু হোজাইৰ দায়িত্ব ৰকিবুল হুছেইনক, কাছাৰ কৰিমগঞ্জ আৰু হাইলাকান্দিৰ দায়িত্ব কমলাক্ষ দেৱ পুৰকায়স্থক, বৰপেটা, বঙাইগাঁও ধুবুৰী, উত্তৰ শালমৰা আৰু বজালীৰ দায়িত্ব জাকিৰ হুছেইন শিকদাৰক, গোৱালপাৰা, নলবাৰী আৰু কামৰূপ গ্ৰাম্যৰ দায়িত্ব প্ৰদু্যত ভূঞাক আৰু লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ, দৰং আৰু গুৱাহাটী মেট্ৰ’ৰ দায়িত্ব অৰ্পণ কৰা হৈছে অপূৰ্ব কুমাৰ ভট্টাচাৰ্যক৷ জিলা কংগ্ৰেছ কমিটীৰ সভাপতিৰ লগতে পৌৰসভা নিৰ্বাচনী কমিটীৰ অধ্যক্ষসকলক নিজা এলেকাৰ প্ৰাৰ্থী তালিকা প্ৰদেশ কংগ্ৰেছ কমিটীক দাখিলৰ নিৰ্দেশ দিছে৷ শোণিতপুৰ জিলা কংগ্ৰেছৰ সভাপতি দীপেন বৰাসহ স্থানীয় কংগ্ৰেছ নেতাসকলে অংশ লোৱা এই সংবাদ মেলত সাংবাদিকে কৰা এক প্ৰশ্নৰ উত্তৰত ভট্টাচাৰ্যই কয় যে, ৰাইজে নিজাববীয়াকৈ দান-বৰঙণি সংগ্ৰহেৰে পৰম্পৰাগতভাৱে বিহু উদ্‌যাপন কৰি আহিছে৷ কংগ্ৰেছে বলপূৰ্বক চান্দা সংগ্ৰহ সমৰ্থন নকৰে বুলি উল্লেখ কৰি ভট্টাচাৰ্যই কয় যে বিহুৰ নামত এতিয়া মাৰোৱাৰী, বিহাৰীৰ প্ৰসংগ উল্লেখ কৰি আঁহফলা নীতি অৱলম্বন কৰা হৈছে আৰু কেৱল বিহুৱেই নহয়, সকলো ৰাজহুৱা কাৰ্যসূচী দান-বৰঙণিৰে অনুষ্ঠিত হয় বুলি উল্লেখ কৰি ভট্টাচাৰ্যই লগতে কয় যে, অসমত থাকি মাটিৰ দালালি কৰা, ঠিকা কৰা, পাহাৰত ঘৰ বনোৱা আদিৰ ক্ষেত্ৰত কিন্তু চৰকাৰে চকু দিয়া নাই৷ আনহাতে, মাত্ৰ সাত বছৰ শাসনত থাকি বিজেপিয়ে যি পৰিমাণৰ অনুদান সংগ্ৰহ কৰিছে সেই পৰিমাণৰ অনুদান কংগ্ৰেছে ৬০বছৰ শাসনত থাকিও সংগ্ৰহ কৰা নাছিল বুলি উল্লেখ কৰি ভট্টাচাৰ্যই ৰাজ্যৰ মুখ্যমন্ত্ৰীও এই চান্দাৰ ব্যৱস্থাৰ মাজৰেই আহি বৰ্তমান ৰাজ্যৰ মুখ্যমন্ত্ৰী হ’লহি বুলি কটাক্ষ কৰে৷