Logo
image

ওৰণি, হিজাব আৰু অধিকাৰ

কৰ্ণাটকৰ উদুপীৰ চৰকাৰী পি ইউ ছোৱালী কলেজৰ ৬গৰাকী ছাত্ৰীক হিজাব পিন্ধাৰ বাবে শ্ৰেণীকোঠাত উপস্থিত থকাত বাধা দিয়া হয়৷ ছাত্ৰীকেইগৰাকীয়ে প্ৰতিবাদ কৰে আৰু জনায় যে ১৫ দিন ধৰি তেওঁলোকক হিজাব পিন্ধাৰ বাবে শ্ৰেণীকোঠাত সোমাব দিয়া হোৱা নাই৷ উদুপীৰ বিজেপি বিধায়ক ৰঘুপথি ভাট, যিজন সেই কলেজখনৰ উন্নয়ন সমিতিৰো অধ্যক্ষ, অভিভাৱক আৰু সমস্যাটোৰ স’তে জড়িতসকলৰ স’তে আলোচনাত মিলিত হয়, তেওঁ ছাত্ৰ-ছাত্ৰীক কলেজৰ সাজ-পাৰৰ নিয়ম মানি চলিবলৈ আহ৩ান জনায়৷ উল্লিখিত ছাত্ৰীকেইগৰাকীয়ে শ্ৰেণীকোঠাত উপস্থিত নথকাৰ সিদ্ধান্ত লয়৷ তেওঁলোকে কৰ্ণাটক উচ্ছ ন্যায়ালয়ত এখন ৰিট আৱেদন দাখিল কৰে আৰু ৰাষ্ট˜ীয় মানৱাধিকাৰ আয়োগৰ ওচৰ চাপে৷ এই ঘটনাৰ পাছতেই কিছুমান ছোৱালীয়ে হিজাব পিন্ধি শ্ৰেণীকোঠালৈ অহাৰ প্ৰতিবাদত কুন্দাপুৰৰ চৰকাৰী প্ৰাক-বিশ্ববিদ্যালয় কলেজৰ কিছুসংখ্যক ছাত্ৰই গেৰুৱা ৰঙৰ শ্বল মেৰিয়াই কলেজত উপস্থিত হয়৷ কুন্দাপুৰৰ বিধায়ক হালাদি শ্ৰীনিভাস ছেট্টীয়ে অভিভাৱকসকলৰ স’তে আলোচনাত মিলিত হয় আৰু চৰকাৰে এই সন্দৰ্ভত এটা সিদ্ধান্তত উপনীত নোহোৱালৈ ছাত্ৰ-ছাত্ৰীক কলেজৰ সাজ-পোছাকৰ নিয়মসমূহ মানি চলিবলৈ আহ৩ান জনায়৷ বিধায়কজনে জনায় যে কিছুসংখ্যক ছাত্ৰী কলেজলৈ কিছুদিন ধৰি হিজাব পিন্ধি আহি আছিল৷ ছাত্ৰীসকলে আত্মপক্ষ সমৰ্থন কৰি জনাই কয় যে কলেজ কতৃৰ্পক্ষই অকস্মাৎ সাজপাৰৰ নিয়ম সলনি কৰি তেওঁলোকক হিজাব পিন্ধাৰ বাবে শ্ৰেণীত উপস্থিত থকাত বাধা দিব নোৱাৰে; মুছলনান ছোৱালীয়ে হিজাব পিন্ধি অহাৰ প্ৰতিবাদত গেৰুৱা শ্বল পিন্ধি অহা হিন্দু ছাত্ৰসকলকো কলেজ কতৃৰ্পক্ষই শ্ৰেণীকোঠাত সোমোৱাত বাধা দিয়ে৷ কৰ্ণাটকৰ সাগৰপাৰৰ জিলা উদুপীৰ কেইবাখনো কলেজত এইধৰণৰ ঘটনা সংঘটিত হয়৷ ঘটনাই আন এক ৰূপ লয়, যেতিয়া চিক্কামাগলুৰুৰ  আইডিএছজি চৰকাৰী ফাষ্টৰ্ গ্ৰেড কলেজৰ ছাত্ৰই নীলা ৰঙৰ শ্বল উৰি কলেজত উপস্থিত হয় আৰু ‘জয় ভীম’ ধবনি দিয়ে৷ তেওঁলোকে হিজাব পিন্ধা মুছলমান ছাত্ৰীৰ সমৰ্থনত থিয় দিয়ে৷ তেওঁলোকে কয় যে এক ধৰ্মীয় নীতিৰূপে তেওঁলোকে কলেজত হিজাব পিন্ধাটোক সমৰ্থন কৰে৷ কৰ্ণাটক চৰকাৰে এইক্ষেত্ৰত নিজৰ মত দাঙি ধৰি কয় যে ছাত্ৰ-ছাত্ৰীয়ে কলেজৰ উন্নয়ন সমিতিয়ে নিৰ্ধাৰণ কৰা ইউনিফৰ্ম আৰু সাজ-পাৰৰ নীতি-নিয়ম মানি চলিব লাগিব৷ প্ৰাথমিক আৰু মাধ্যমিক শিক্ষামন্ত্ৰী বি চি নাগেশে কয় যে কৰ্ণাটক শিক্ষা আইন-২০১৩ আৰু ২০১৮১ অধীনত জাৰি কৰা অধিনিয়ম অনুসৰি স্কুল আৰু প্ৰাক-বিশ্ববিদ্যালয় কলেজবোৰে ইউনিফৰ্ম আৰু সাজ-পোছাকৰ ক্ষেত্ৰত নীতি-নিয়ম প্ৰস্তুত কৰিব পাৰে৷ শিক্ষা বিভাগে এখন জাননী জাৰি কৰিছে আৰু উচ্ছ ন্যায়ালয়ে নিজৰ ৰায় নিদিয়ালৈ স্কুল-কলেজবোৰে নিৰ্ধাৰণ কৰা ইউনিফৰ্মৰ নিয়ম মানি চলিবলৈ ছাত্ৰ-ছাত্ৰীক আহ৩ান জনাইছে৷ কলেজবোৰত যদিও ইউনিফৰ্ম বাধ্যতামূলক নহয়, তথাপি বিধায়কৰ নেতৃত্বাধীন উন্নয়ন সমিতিবোৰে কলেজবোৰতো বাধ্যতামূলক ইউনিফৰ্মৰ নিয়ম বলৱৎ কৰিবলৈ চেষ্টা চলাই আছে৷

হিজাব পিন্ধাৰ অধিকাৰ বা গেৰুৱা অথবা নীলা ৰঙৰ শ্বল লোৱাৰ অধিকাৰ বা আন সকলোধৰণৰ সাজ-পাৰ পিন্ধাৰ অধিকাৰ নতুবা নিজে কি পিন্ধিছে তাক লৈ¸ আন এজনে বা আনে কি পিন্ধিছে তাক লৈ নিজে মূৰ ঘমোৱা সম্পূৰ্ণ অপ্ৰয়োজনীয় বুলি আধুনিক উদাৰবাদী গণতান্ত্ৰিক দেশৰ উদাৰপন্থীসকলে মত প্ৰকাশ কৰে৷ ইয়াক তেওঁলোকে ব্যক্তিগত অধিকাৰ বুলি গণ্য কৰে৷ সেই হিচাপে এজনী ছোৱালীৰ হিজাব পিন্ধাৰ অধিকাৰ আছে আৰু হাফপেণ্ট পিন্ধাৰো অধিকাৰ আছে৷ প্ৰশ্ন হ’ল– এজনী ছোৱালীৰ স্কুল বা কলেজলৈ হিজাব বা হাফপেণ্ট পিন্ধি অহাৰো অধিকাৰ আছেনে? হিজাব পিন্ধাৰ অধিকাৰ বিচৰাসকলে হাফপেণ্ট পিন্ধিব বিচৰাসকলৰ অধিকাৰৰ হৈও থিয় দিবনে? হিজাব আৰু হাফপেণ্ট সহনশীলতাৰে ইটো সিটোৰ স’তে একেলগে শান্তিপূৰ্ণভাৱে সহাৱস্থান কৰিবনে? বিশেষকৈ স্কুল-কলেজত? বিশেষ ধৰ্মৰ পৰিচয় বহন কৰা সাজপাৰতকৈ কোনো ধৰ্মৰে পৰিচয় বহন নকৰা ধৰ্মনিৰপেক্ষ ইউনিফৰ্ম স্কুল-কলেজৰ বাবে আটাইতকৈ উপযুক্ত নহয়নে? 

 ইছলাম ধৰ্ম, কোৰাণৰ বহু কথা জনা লোকে কৈছে যে হিজাব পিন্ধাটো ইছলাম ধৰ্ম আচৰণৰ বাবে অপৰিহাৰ্য নহয়৷ কোৰাণেও মুছলমান হোৱাৰ বাবে হিজাব পিন্ধাৰ প্ৰয়োজন আছে বুলি কোৱা নাই৷ আন বহু পাৰম্পৰিক সাজ-পাৰৰ দৰে হিজাব এক পাৰম্পৰিক সাজ-পাৰ৷ ৬ষ্ঠ শতিকাতে ৰচিত এখন ধৰ্মগ্ৰন্থত এহাজাৰ চাৰিশ বছৰ পাছত ব্যাপক ৰূপত সলনি হৈ যোৱা পৃথিৱী আৰু মানুহৰ জীৱনৰ সকলো সমস্যাৰ সমাধান বিচৰাটো কিমান যুক্তিসংগত সেয়াও আন এক প্ৰশ্ন৷ কিন্তু বহু সময়ত আধুনিক কালৰ সমস্যাৰ সমাধান সূত্ৰবোৰক যুক্তিযুক্ততাৰ সলনি কোৰাণেৰে ন্যায্যতা প্ৰদান কৰাৰ প্ৰচেষ্টা দেখা যায়৷ হিজাবৰ হৈ ওকালতি কৰা শ্বৰিয়া আইনে মহিলা বা ছোৱালী অকলে ঘৰৰ পৰা ওলোৱাটো নিষেধ কৰি থৈছে৷ কোনো পুৰুষৰ সংগতহে মহিলা বা ছোৱালী ঘৰৰ বাহিৰ ওলাব পাৰে৷ শ্বৰিয়া আইন মানি চলা বহু ইছলামিক দেশত এতিয়াও এই নিয়ম প্ৰযোজ্য৷ গতিকে স্কুল-কলেজলৈ হিজাব পিন্ধি অহাটোক গণতান্ত্ৰিক দেশ এখনৰ  সংবিধানপ্ৰদত্ত ব্যক্তি স্বাধীনতৰা মৌলিক অধিকাৰৰ নামত দাবী কৰাসকলে একে সময়তে নাৰীবিদ্বেষী শ্বৰিয়া আইনকো সমৰ্থন কৰে নেকি সেই প্ৰশ্নৰো সন্মুখীন হ’ব৷

হিজাবৰ বিৰোধিতা কৰি গেৰুৱা শ্বল লোৱাসকলৰ বা হিজাবৰ সমৰ্থনত নীলা শ্বল লোৱাসকলৰ কাৰ্যই সমস্যাটো সন্দৰ্ভত সুস্থ আলোচনা হোৱাৰ ক্ষেত্ৰত অকণো অৰিহণা যোগাব নোৱাৰে৷ 

ইছলাম, হিন্দু, খ্ৰীষ্টান বা ইহুদীকে ধৰি সকলো ধৰ্মতেই বহু নাৰীবিদ্ধেষী চিন্তাধাৰা-নিয়ম-নীতি আছিল আৰু আছে৷ সকলো ধৰ্মৰে সংস্কাৰ সাধন কৰিছে সেই ধৰ্মাৱলম্বীয়ে৷ ইছলাম ধৰ্মৰ সংস্কাৰ কৰিব পাৰিব কেৱল মুছলমানে৷ বহু মুছলমান নাৰী-পুৰুষে ইছলামৰ নাৰীবিদ্ধেষৰ বিৰুদ্ধে নিজৰ মত প্ৰকাশ কৰিছে আৰু সেইবোৰ নিয়মৰ অৱসানৰ হৈ মাত মাতিছে৷ শিক্ষিতা মুছলমান ছোৱালীয়ে হিজাব পিন্ধাৰ অধিকাৰকতকৈ অধিক গুৰুত্ব দিবলগীয়া আন বহু গুৰুতৰ সমস্যা দেশখনত, মুছলমানৰ মাজত বিশেষকৈ মুছলমান নাৰীৰ মাজত আছে৷