Logo
image

জ্বলা জুইত ঘিউ ঢালি আহিল হিমন্তবিশ্বই

উত্তৰাখণ্ডত নিৰ্বাচনী প্ৰচাৰ   

আমাৰ অসম, ১২ ফেব্ৰুৱাৰীঃ কৰ্ণাটকত চলি থকা হিজাব বিতৰ্কক নিজৰ নিৰ্বাচনী ভাষণৰ অংশ কৰি ল’লে অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ সময়ৰ শৰ সময়ত মৰাত সিদ্ধহস্ত হিমন্ত বিশ্ব শৰ্মাই হিজাব বিতৰ্কক নিজৰ নিৰ্বাচনী ভাষণৰ মাজলৈ আনি উত্তৰাখণ্ডৰ বিজেপিৰ সমৰ্থকক আকৃষ্ট কৰাৰ লগতে ৰাজ্যখনৰ নিৰ্বাচনত ধৰ্মীয় ৰং সানি আক্ষৰিক অৰ্থতে জ্বলা জুইত ঘিউ ঢালিলে৷ শুকুৰবাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া উত্তৰাখণ্ডৰ কিচ্ছাত এখন নিৰ্বাচনী সভাত ভাগ লয়৷ বিজেপি শাসিত ৰাজ্যখনত বিভিন্ন কাৰকৰ বাবে   সম্প্ৰতি বিজেপিৰ অৱস্থা সিমান সুখপ্ৰদ নহয়৷ একে সময়তে নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া অধিক গুৰুত্বপূৰ্ণ ৰাজ্য হিচাপে বিবেচিত উত্তৰপ্ৰদেশক লৈ অধিক ব্যস্ত আছে বিজেপিৰ শীৰ্ষনেতা৷ এনে সময়তে বিজেপিৰ সাম্প্ৰতিক সময়ৰ অন্যতম জনপ্ৰিয় নেতা হিচাপে দেশজুৰি নাম কৰা হিমন্ত বিশ্ব শৰ্মাক শীৰ্ষ নেতৃত্বই শুকুৰবাৰে পঠিয়াইছিল উত্তৰাখণ্ডৰ কিচ্ছাৰ এখন নিৰ্বাচনী সভাত অংশ লোৱাৰ বাবে৷ চতুৰ ৰাজনীতিক হিমন্ত বিশ্ব শৰ্মাই সেই নিৰ্বাচনী সভাত সম্প্ৰতি দেশ জ্বলাই থকা হিজাব বিতৰ্কক তেওঁৰ বক্তব্যৰ অন্যতম প্ৰধান অংশ কৰি লয়৷ সন্দেহ নাই হিমন্ত বিশ্ব শৰ্মাই যেন আজি হিজাবৰ প্ৰসংগ উত্থাপন কৰি গৰম হৈ থকা লোহাত হাতুৰি মাৰিলে৷ হিমন্ত বিশ্ব শৰ্মাই শিক্ষাৰ্থীয়ে হিজাব পৰিধান কৰিব নালাগে বুলি সবল বক্তব্য উত্থাপন কৰি একেকোবে হিন্দু ভোট একগোট কৰিবলৈ সক্ষম হোৱা বুলি চৰ্চা হৈছে৷ পিছে কৰ্ণাটক উচ্ছ ন্যায়ালয়ে হিজাব পৰিধানক লৈ চলি থকা গোচৰৰ মীমাংসা নোহোৱা পৰ্যন্ত শিক্ষাৰ্থীক হিজাব কিম্বা কোনো ধৰ্মীয় পোছাক পৰিধান নকৰাকৈ শিক্ষানুষ্ঠানলৈ আহিবলৈ পৰামৰ্শ দিছিল৷ এনে পৰিস্থিতিত বিচাৰাধীন বিষয় হিজাবৰ প্ৰসংগ নিৰ্বাচনী ভাষণত উত্থাপন কৰাটো কিমানদূৰ সমীচীন সেই লৈ বিৰোধী দলে প্ৰশ্ন উত্থাপন কৰিলেও হিমন্ত বিশ্ব শৰ্মাই সেই বক্তব্যৰে জ্বলা জুইত ঘিউ ঢলা বুলি অনেকেই মন্তব্য কৰিছে৷ উত্তৰাখণ্ডত নিৰ্বাচনী প্ৰচাৰ সভাত হিজাবৰ সৈতে  শতিকা প্ৰাচীন কংগ্ৰেছক সাঙুৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই ক’লে– ‘মুছলমান সন্তানক কেৱল মোল্লা বনোৱাৰ চিন্তা কৰে কংগ্ৰেছে৷ তেওঁলোকৰ মতে মুছলমানৰ সন্তান হ’ব নালাগে ডাক্তৰ ইঞ্জিনীয়াৰ৷ মোৰ কোনো আপত্তি নাই আপুনি যিয়েই নিপিন্ধক কিয়, আপুনি স্কুল-কলেজলৈ যাওতে যদিহে হিজাব পিন্ধি যায় তেন্তে কাইলৈ হিন্দু ভাইসকলে ক’ব আমি বেলেগ কিবা পিন্ধি যাম, খ্ৰীষ্টান ভাইসকলে ক’ব আমি বেলেগ ড্ৰেছ পিন্ধি যাম৷ তেতিয়া কি হ’ব৷ স্কুল-কলেজলৈ পঢ়িবৰ বাবেহে যায়, ফেছন শ্ব’ৰ বাবে নাযায়৷ মুছলমান ছোৱালীৰো পঢ়াৰ অধিকাৰ আছে৷ তেওঁলোকো ডাক্তৰ-ইঞ্জিনীয়াৰ হ’ব লাগে৷ স্কুল-কলেজলৈ গ’লে ইউনিফৰ্মহে পিন্ধিব লাগে৷ ইউনিফৰ্মে সমানতা আনে৷ কংগ্ৰেছৰ মতে মুছলমান ছাত্ৰীসকল ডাক্তৰ-ইঞ্জিনীয়াৰ হ’ব নালাগে৷ তেওঁলোকে হিজাব পিন্ধিব লাগে৷ হৰিশ ৰাৱাটে মুছলমান ইউনিৰ্ভাচিটী পতাৰ কথা কয়৷ তেওঁ হিন্দু ইউনিভাৰ্চিটী পতাৰ কথা নকয়৷ মুছলমান ইউনিৰ্ভাচিটীত পঢ়া ছাত্ৰক ৰিলায়েন্স, টাটা কোনে চাকৰি দিব? কংগ্ৰেছে তুষ্টিকৰণৰ ৰাজনীতি কৰে৷ হৰিশ ৰাৱাট কেতিয়াও ভীষ্ম হ’ব নোৱাৰে৷’ ইফালে নিৰ্বাচনী সভাত কংগ্ৰেছ তথা ৰাহুল গান্ধীক তুলাধুনা দি মুখ্যমন্ত্ৰীয়ে পুনৰ ক’লে– ‘জিন্নাৰ ভূতে খেদি ফুৰিছে কংগ্ৰেছক৷ টুক্‌ৰে টুক্‌ৰে গেঙৰ পৃষ্ঠপোষক কংগ্ৰেছ৷ তুষ্টিকৰণৰ ৰাজনীতিৰে দেশক বিভাজনৰ চেষ্টা কৰিছে ৰাহুল গান্ধীয়ে৷ দুদিন ধৰি ৰাহুল গান্ধীয়ে কৈ আছে ইণ্ডিয়া দেশ নেহী হ্যেয়, ইণ্ডিয়া ইউনিয়ন অৱ ষ্টেটছ– এয়া বাছৰ ইউনিয়ন নে ষ্টুডেণ্ট ইউনিয়ন নে কালচাৰেল ইউনিয়ন৷ উত্তৰাখণ্ডত নহয় চন্দ্ৰতহে চৰকাৰ গঠন কৰিব কংগ্ৰেছে৷’ উত্তৰাখণ্ডৰ সু-সন্তান প্ৰয়াত চিফ অৱ দ্য ডিফেণ্ড ষ্টাফ হৰিশ ৰাৱাটৰ প্ৰসংগ টানি আনি মুখ্যমন্ত্ৰীয়ে কয়, ৰাহুল গান্ধীয়ে ছাৰ্জিকেল ষ্ট˜াইকৰ প্ৰমাণ বিচাৰি সমগ্ৰ উত্তৰাখণ্ডকে অপমানিত কৰিছে৷ ৰাহুল গান্ধী কোনজন বাপেকৰ পুতেক ইয়াৰো প্ৰমাণ লাগিব নেকি মুখ্যমন্ত্ৰীয়ে প্ৰশ্ন কৰে৷ মুখ্যমন্ত্ৰীয়ে কয় যে দেশৰ নেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰণে ছাৰ্জিকেল ষ্ট্ৰাইক সম্ভৱ হৈছে৷ কৰ’না কালত দুটাকৈ ভেকচিন ভাৰতে নিৰ্মাণ কৰিবলৈ সক্ষম হৈছে৷