Logo
image

ৰহস্যময়ভাৱে বাৰে বাৰে জ্বলি উঠিছে চুপাৰি, গো পৰিবাহী ট্ৰাক

আমাৰ অসম, ১২ফেব্ৰুৱাৰীঃ আৰক্ষীৰ থানাৰ সন্মুখতে পুনৰবাৰ জব্দকৃত ট্ৰাকত জুই লগা চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে৷ এইবাৰ উত্তৰ গুৱাহাটীৰ গৌৰীপুৰ আৰক্ষী চকীৰ সন্মুখতে বাৰ্মিজ চুপাৰি সৰবৰাহৰ গোচৰত জব্দ কৰা দুখন ট্ৰাকত নিশা আকস্মিকভাৱে জুই লাগে৷ জব্দকৃত চুপাৰি ভৰ্তি দুখনকৈ ট্ৰাকত আৰক্ষীৰ সন্মুখতে ৰহস্যজনক অৱস্থাত জুই লগা কাৰ্যই ৰহস্যৰ সৃষ্টি কৰিছে৷ আৰক্ষীৰ ফালৰ পৰা দুৰ্বৃত্তই ট্ৰাক দুখনত অগ্নি সংযোগৰ সন্দেহ কৰিলেও এই অগ্নিকাণ্ডৰ ঘটনাত কোনো আৰক্ষী জড়িত থকাৰো সন্দেহ নুই কৰা নাই স্থানীয় লোকে৷ কিয়নো বে-আইনী কামত ব্যৱহৃত ট্ৰাক আৰক্ষীয়ে জব্দ কৰাৰ পাছতেই থানাতে নিশাভাগত ৰহস্যজনকভাৱে জুই লগা ঘটনা কোনো নতুন কথা  নহয়৷ মূলত চোৰাং সৰবৰাহত ব্যৱহৃত ট্ৰাক জব্দ হোৱাৰ পাছতেই তথ্য প্ৰমাণ নষ্ট কৰাৰ বাবেই বহু সময়ত ট্ৰাকৰ মালিক বা অসাধু চক্ৰই গোপনে অগ্নিসংযোগ কৰে৷ আনকি দুৰ্নীতিগ্ৰস্ত আৰক্ষী বিষয়াৰ পৰামৰ্শতো বহু সময়ত জব্দকৃত ট্ৰাকত অগ্নিসংযোগ কৰি প্ৰমাণ নষ্টৰ বাট মুকলি কৰে৷ কিন্তু আৰক্ষীৰ থানাৰ সন্মুখতে ৰহস্যজনকভাৱে জব্দকৃত ট্ৰাক জ্বলি যায় যদিও এই অগ্নিসংযোগৰ ঘটনাৰ কোনো তদন্তই আজিলৈকে হোৱা নাই৷ জব্দকৃত বাহনত জুই লাগিলে তদন্তকাৰী বিষয়াজন দায়বদ্ধ যদিও আজিলৈকে সংশ্লিষ্ট আৰক্ষীৰ বিৰুদ্ধে কোনো শান্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই৷ উল্লেখ্য, আৰক্ষীয়ে দুদিন পূৰ্বে উত্তৰ গুৱাহাটীৰ বিতৰ্কিত ব্যৱসায়ী বিনোদ জৈনৰ গুডামৰ পৰা ৭৭ টন চুপাৰিসহ দুখন ট্ৰাকে জব্দ কৰিছিল৷ চোৰাং বাৰ্মিজ চুপাৰিখিনি মাফিয়া জয় প্ৰকাশ শৰ্মাই ব্যৱসায়ী বিনোদ জৈনৰ গুডামত মজুত ৰাখিছিল৷ আৰক্ষীয়ে চুপাৰিসহ এ এছ ২৫ চি চি ৭৭৪১ আৰু এম এইচ ১৮ এ এ ৫৩৫৪ নম্বৰ ট্ৰাক দুখন উত্তৰ-গুৱাহাটীৰ গৌৰীপুৰ আৰক্ষী চকীৰ সন্মুখত আৱদ্ধ কৰি ৰাখিছিল৷ এই ছিণ্ডিকেটৰ ঘটনাত আৰক্ষীয়ে চুপাৰি মাফিয়া জয় প্ৰকাশ শৰ্মাক তলব কৰিছিল যদিও মাফিয়াটোৱে আত্মগোপন কৰা বুলিও আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছিল৷ গুৱাহাটী আৰক্ষীৰ ক্ৰাইম ব্ৰান্সে চুপাৰি ছিণ্ডিকেটৰ তদন্ত অব্যাহত ৰখাৰ মাজতে আকস্মিকভাৱে বৃহস্পবিাৰে নিশা চুপাৰিসহ ট্ৰাক দুখনত দুবুৰ্ত্তই অগ্নিসংযোগ  কৰাত ৰহস্যৰ সৃষ্টি হৈছে৷ স্বাভাৱিকতে এই অগ্নি কাণ্ডৰ ঘটনাত জয় প্ৰকাশ শৰ্মা আৰু বিনোদ জৈনৰ বিৰুদ্ধে সন্দেহৰ আঙুলি উঠাৰ লগতে আৰক্ষীৰ ভূমিকাক লৈ সন্দেহৰ সৃষ্টি হৈছে৷ লক্ষণীয়ভাৱে এমাহ পূৰ্বে চাংসাৰি থানাৰ আৰক্ষীয়ে জব্দ কৰা গৰু সৰবৰাহত ব্যৱহৃত তিনিখন ট্ৰাক থানাৰ সন্মুখতে জ্বলি উঠিছিল৷ বহিঃৰাজ্যৰ পৰা চোৰাংভাৱে গৰু সৰবৰাহৰ কৰা এ এছ ০১ চি চি ৮৪৪২, এ এছ ০১ চি চি ৮২৫৯ আৰু এ এছ ০১ চি চি ০৩৪৩ নম্বৰ ট্ৰাক তিনিখন ছিণ্ডিকেট  মাফিয়াই আৰক্ষীৰ সহযোগত জ্বলাই দিয়াৰ অভিযোগ উঠিছিল৷ কিন্তু আজিলৈকে এই অগ্নিকাণ্ডৰো  কোনো তদন্ত নহ’ল৷

‘আমাৰ অসমঃ আজি পুৱতি নিশা গুৱাহাটী মহানগৰীৰ পাশ্বৱৰ্তী এলেকা উত্তৰ গুৱাহাটী গৌৰীপুৰ আৰক্ষী চকীৰ সন্মুখতে চুপাৰি ভৰ্তি দুখন ট্ৰাক ৰহস্যজনকভাৱে পুৰি চাই হোৱাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ ঘটনাৰ বিৱৰণীত প্ৰকাশ যে, কামৰূপ জিলাৰ আৰক্ষীয়ে উত্তৰ গুৱাহাটী ব্ৰহ্মপুত্ৰ উদ্যোগ পামৰ চৌদহৰ পৰা চুপাৰি ভৰ্তি এ এছ-২৫-চি চি-৭৭৪১ আৰু এম এইছ-১৮ এএ-৫৩৫৪ নম্বৰৰ ট্ৰাক দুখন জব্দ কৰি গৌৰীপুৰ আৰক্ষী চকীৰ সন্মুখত ৰখাই থয়৷ ৫০টন চুপাৰি ভৰ্তি ট্ৰাক দুখন আজি পুৱতি নিশা ২.৩০ বজাত ৰহ্যজনকভাৱে জুয়ে আগুৰি ধৰে৷ নিমিষতে ট্ৰাক দুখনত জুয়ে মাৰাত্মক ৰূপ ধাৰণ কৰাত ট্ৰাকৰ চকা ফুটি প্ৰচণ্ড শব্দ কৰে৷ শব্দ শুনি ৰাইজ শোৱা পাটিৰ পৰা উঠি আহি ট্ৰাক জ্বলি থকা প্ৰত্যক্ষ কৰে৷ নিমিষতে ট্ৰাক দুখন পুৰি ছাই হৈ যায়৷ আৰক্ষীৰ জিম্মাত থকা ট্ৰাক দুখনত দুৰ্বৃত্তই অগ্নি সংযোগ  কৰা বুলি কৈ আৰক্ষীয়ে দায় সৰা মন্তব্য আগবঢ়ায়৷ ট্ৰাকৰ অগ্নি সংযোগৰ ঘটনা সন্দৰ্ভত ৰাজ্য চৰকাৰে নিৰাপক্ষ তদন্ত কৰিলে উৰহী গছৰ ওৰ ওলাই পৰিব৷ স্মৰ্তব্য যে, শ্ৰীৰামপুৰ গেটত অলপতে জব্দ কৰা গো-পৰিবাহী ট্ৰাক দুষ্কৃতিকাৰীয়ে জ্বলাই দিছিল৷ ইপিনে, গুৱাহাটীৰ পাণ্ডু বজাৰৰ হৰিজন কলনীত আজি ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়৷ এই অগ্নিকাণ্ডৰ ফলত এটা গেছ চিলিণ্ডাৰ বিস্ফোৰণ হোৱাত জুয়ে মাৰাত্মক ৰূপ ধাৰণ কৰে৷ অগ্নিকাণ্ডৰ ফলত ১৫টা ঘৰ পুৰি ছাই হয়৷ কেবা লাখ টকাৰ সম্পত্তি পুৰি ভষ্মীভূত হয়৷ দ্বীপ চাকিৰ পৰা এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে৷

উত্তৰ গুৱাহাটীত থানাৰ কাষতে জ্বলিল চুপাৰিভৰ্তি ট্ৰাক

আমাৰ অসমঃ ৰাজ্যৰ অসাধু চক্ৰৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰি অহাৰ সময়তে খোদ মুখ্যমন্ত্ৰী তথা গৃহমন্ত্ৰীৰ সমষ্টিতে অপৰাধীৰ টিঘিল-ঘিলনী বৃদ্ধি হৈ আহিছে৷ উত্তৰ গুৱাহাটীত এতিয়াও চুপাৰী মাফিয়াৰ অখণ্ড প্ৰতাপ চলি থকাৰ পিছতো এজনো কলা ব্যবসায়ীক হাতকেৰেয়া লগাব পৰা নাই আৰক্ষী প্ৰশাসনে৷ উত্তৰ গুৱাহাটী আৰক্ষী চকীৰ সমুখতে চুপাৰিভৰ্তি ট্ৰাকত নিশা ৰহস্যজনকভাবে সংঘটিত অগ্নিকাণ্ডকলৈ চাঞ্চল্যই বিৰাজ কৰিছে অঞ্চলটোত৷ উত্তৰ গুৱাহাটী গৌৰীপুৰ আৰক্ষী চকীৰ সমুখত কোটি টকীয়া চুপাৰীৰ ট্ৰাকত নিশা দুবৃৰ্ত্তই অগ্নি সংযোগ কৰাৰ অভিযোগ কৰিছে আৰক্ষীয়ে৷ AS ২৫CC ৭৭৪১ আৰু MH ১৮AA ৫৩৫৪ নম্বৰৰ ট্ৰাক দুখন উত্তৰ গুৱাহাটী ব্ৰহ্মপুত্ৰ উদ্যোগিক পামৰ পৰা জব্দ কৰি উত্তৰ গুৱাহাটী আৰক্ষী চকীৰ নিচেই কাষতে ৰাখিছিল আৰক্ষীয়ে৷ নিশা দুই বাজি ত্ৰিছ মিনিটত ৰহস্যজনকভাবে আৰক্ষীৰ নৈশ পহৰাৰ মাজতে জ্বলি উঠিল চুপাৰিভৰ্তি ট্ৰাক দুখন৷ বৰষুণৰ পানীৰে তিতি থকা ট্ৰাকত জুই জ্বলিল কেনেকৈ এইলৈ প্ৰশ্ন উঠাৰ সময়তে আৰক্ষীয়ে কোনো দুবৃৰ্ত্তই গাড়ীৰ টায়াৰত অগ্নি সংযোগ কৰাৰ সন্দেহ কৰিছে৷ কেইবাটাও বৃহৎ শব্দ শুনি স্থানীয়লোকে ঘৰৰ বাহিৰলে ওলাই আহি ৩১নং ৰাষ্ট্ৰীয় ঘাই পথৰ দাতিত তথা গৌৰীপুৰ আৰক্ষী চকীৰ গাতে জুই দেখি হতবাক হয়৷ পথেৰে গাড়ী আহ যাহৰ মাজতে দুখনকৈ চুপাৰী ভৰ্তি ট্ৰাকৰ বিধংসী জুয়ে প্ৰতিবেশী সকলকো আতংকিত কৰি তোলে৷ ঘৰৰ আচবাব বাহিৰলৈ উলিয়াই সকলো বাহিৰলৈ আহি অগ্নি নিৰ্বাপন বাহিনীক খবৰ দিয়ে৷ পাণ্ডু আৰু উত্তৰ গুৱাহাটীৰ পৰা অহা অগ্নি নিৰ্বাপকৰ তিনিখনকৈ গাড়ীয়ে প্ৰায় তিনি ঘণ্টা যুঁজি যুঁজি জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয়৷ উল্লেখ্য, পূৰ্বে চাংসাৰী থানাৰ সমুখতো ৰহস্যজনকভাবে জ্বলি চাই হৈছিল আৰক্ষীয়ে জব্দ কৰা গৰু কঢ়িয়াই অনা খালি বাহন৷ কেইবাকোটি টকাৰ চুপাৰীৰ জুইৰ বাবে আৰক্ষীৰ ওপৰত সন্দেহৰ আঙুলি তুলিছে স্থানীয় লোকে৷  কিয়নো আৰক্ষী চকীৰ সমুখত নিশা গাড়ীৰ নিয়মীয়া তালাচি চলোৱা আৰক্ষীয়ে কিয় ওমঘাম নাপালে অগ্নি সংযোগৰ, এই লৈ সৰ্বসাধাৰণৰ মাজত প্ৰশ্ন হৈছে৷ আৰক্ষীয়ে দুই ট্ৰাকৰ চালক হেণ্ডিমেনক ক্ৰমে অজয় পাল সিং, পৱন কুমাৰ, ৰবি সিং আৰু মঞ্জয় কুমাৰক আটক কৰি তদন্ত আৰম্ভ কৰিছে৷ উত্তৰ গুৱাহাটীৰ চুপাৰী ছিণ্ডিকেটৰ শিপা উঘালিবলৈ সক্ষম হবনে চৰকাৰ প্ৰশাসন এই লৈ সন্দেহ ব্যক্ত কৰিছে স্থানীয় লোকে৷