Logo
image

অসমত ১২খন ৰে’লৰ চলাচল গোপনে বন্ধ কৰি দিলে কেন্দ্ৰই

আমাৰ অসম, ১২ ফেব্ৰুৱাৰীঃ অসমৰ ৰে’ল পথৰ পৰা গোপনে নোহোৱা হ’ল ১২খন যাত্ৰীবাহী ৰে’ল৷  ক’ভিড পৰিস্থিতিৰ অজুহাতত উত্তৰ-পূৱ সীমান্ত ৰে’লৱে বিগত ২০২০ বৰ্ষৰ মাৰ্চৰ পৰা অসমত চলাচল কৰা ১২খন যাত্ৰীবাহী ৰে’লৰ চলাচল বন্ধ কৰি ৰাখিছে৷ বিগত দুবছৰ ধৰি উত্তৰ-পূৱ সীমান্ত ৰে’লৱে অসমত চলাচল বন্ধ কৰি ৰখা ১২খন যাত্ৰীবাহী ৰে’ল হৈছে ক্ৰমে– ডিব্ৰুগড় শতাব্দী, ঝাঝা এক্সপ্ৰেছ, কলকাতা চুপাৰফাষ্ট, মৰিয়নি ইণ্টাৰচিটী, কামাখ্যা ইণ্টাৰচিটী, নাহৰলগুন ইণ্টাৰচিটী, ফৰকাটিং ইণ্টাৰচিটী, মৰিয়নি পেছেঞ্জাৰ, ডাঙৰী পেছেঞ্জাৰ, শিলচৰ পেছেঞ্জাৰ, মুৰ্কংকচেলেক পেছেঞ্জাৰ আৰু নিউ বঙাইগাও পেছেঞ্জাৰ৷ ৰে’ল মন্ত্ৰণালয়ে এই গুৰুত্বপূৰ্ণ ৰে’লকেইখন বন্ধ কৰি ৰখাত দৈনিক যাতায়াত কৰা যাত্ৰীসকল যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে৷  যাত্ৰীবাহী ৰে’ল কেইখনত ফেৰীৱালাৰ পৰা আদি কৰি ৰে’লত বিভিন্ন ব্যৱসায় কৰি জীৱিকাৰ সন্ধান উলিওৱা অসমীয়া যুৱক সকলো উপাৰ্জনহীন হৈ পৰিছে৷ এই সন্দৰ্ভত অসম ৰে’লযাত্ৰী সংস্থাৰ সাধাৰণ সম্পাদক দীপাংকৰ শৰ্মাই বন্ধ হৈ থকা ৰে’লকেইখন পুনৰ চলাচল কৰাৰ বাবে উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ মহাপ্ৰবন্ধকক ৰে’লযাত্ৰী সংস্থাৰ তৰফৰ বহুবাৰ আৱেদন নিৱেদন কৰা হৈছে যদিও কোনো গুৰুত্ব দিয়া নাই বুলি আক্ষেপ ব্যক্ত কৰে৷  ১২খন যাত্ৰীবাহী ৰে’ল বন্ধ কৰাৰ সম্পৰ্কত উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ তৰফৰ পৰা দুবছৰ ধৰি কোনো জাননী জাৰি কৰা হোৱা নাই৷ ৰে’লযাত্ৰী সংস্থাৰ তৰফৰ পৰা দুবছৰ ধৰি বন্ধ হৈ থকা ১২খন ৰেলৰ ভিতৰত শীঘ্ৰে পাঁচখন ৰে’ল ক্ৰমে গুৱাহাটী-ৰঙিয়া-নিউ বঙাইগাঁও পেছেঞ্জাৰ, আলিপুৰ দুৱাৰ-ৰঙিয়া-কামাখ্যা ইণ্টাৰচিটী, ডিব্ৰুগড়-লখিমপুৰ-কলং চুপাৰফাষ্ট, ডিব্ৰুগড়-লামডিং-গুৱাহাটী শতাব্দী আৰু ডিব্ৰুগড়-মাকুম-ডাঙৰী পেছেঞ্জাৰ পুনৰ চলাচল কৰাৰ বাবে দাবী জনাইছে৷  ইপিনে উত্তৰ-পূব সীমান্ত ৰে’লৱে কেইবাখনো ৰে’লৰ সেৱা পুনৰ আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে৷ কিছুসংখ্যক ৰে’ল ১২ ফেব্ৰুৱাৰীৰ পৰা পুনৰ আৰম্ভ হ’ব আৰু আন কিছুসংখ্যক ১৩ ফেব্ৰুৱাৰীৰ পৰা পুনৰ আৰম্ভ হ’ব৷ আৰম্ভ কৰা ৰে’ল সেৱাসমূহৰ ভিতৰত আছে শিলিগুড়ি জংচন - মালদা কোৰ্টৰ মাজত এযোৰ ডেমু বিশেষ ৰেল; কাটিহাৰ-মালদা কোৰ্টৰ মাজত এযোৰ বিশেষ ৰে’ল আৰু কাটিহাৰ-মালদা টাউনৰ মাজত আন এযোৰ বিশেষ ৰে’ল৷ তদুপৰি, হাওৰা-কাটিহাৰ- হাওৰা এক্সপ্ৰেছ মালদা টাউন আৰু কাটিহাৰৰ মাজত আংশিকভাৱে পুনৰ আৰম্ভ হ’ব৷ ইপিনে ৰে’লৰ মানচিত্ৰত দৰং জিলা অন্তৰ্ভুক্ত নোহোৱাটো পুনৰবাৰ নিশ্চিত কৰিছে ৰে’ল মন্ত্ৰণালয়ে৷ ৰঙিয়া-ডেকাৰগাঁও সংযোগী ৰে’ল লাইনত অনুমোদন নিদিলে মন্ত্ৰণালয়ে৷ বৃহস্পতিবাৰে সংসদত কেন্দ্ৰীয় ৰে’লমন্ত্ৰীয়ে এই কথা স্পষ্ট কৰি দিয়ে৷