Logo
image

সাম্প্ৰদায়িক ৰাজনীতিৰ ব্যৱসায়

বিধানসভাৰ নিৰ্বাচনৰ দিন ক্ৰমাৎ চমু চাপি অহাৰ লগে লগে অসমত একাংশ ৰাজনৈতিক নেতাৰ মুখত বিভিন্ন উগ্ৰ সাম্প্ৰদায়িক মন্তব্য সহজলভ্য হৈ পৰিছে৷ বিশেষকৈ বিজেপি দলৰ নেতা-মন্ত্ৰীৰ মুখত সততে শুনিবলৈ পোৱা গৈছে এনে সাম্প্ৰদায়িক মন্তব্য৷ এনে কাণ্ডৰ সৈতে মুখ্যমন্ত্ৰী আৰু তেওঁৰ মন্ত্ৰীসভাৰ দুই-এজন জ্যেষ্ঠ মন্ত্ৰীৰ নামো সাঙোৰ খাই পৰিছে৷ চৰকাৰী পৃষ্ঠপোষকতাতে যদি ৰাজ্যত উগ্ৰ সাম্প্ৰদায়িকতাবাদৰ আৰম্ভণি হয়, তেন্তে আমাৰ সমাজ গঠনৰ পৰিকাঠামো ধবংস হ’বলৈ বেছি সময় নালাগিব৷ মুখ্যমন্ত্ৰী বা তেওঁৰ মন্ত্ৰীসভাৰ সদস্যসকলে দেশৰ অখণ্ডতা, সাৰ্বভৌমত্ব, ধৰ্মনিৰপেক্ষতা ৰক্ষাৰ শপত খাইহে মন্ত্ৰী হয়৷ কিন্তু শপত গ্ৰহণৰ সময়ত আওৰোৱা বাক্যাংশ নিৰ্বাচনৰ সময়ত যেন মূল্যহীন হৈ পৰে তেওঁলোকৰ বাবে৷ শেহতীয়াভাৱে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল বা তেওঁৰ মন্ত্ৰীসভাৰ অন্যতম প্ৰভাৱশালী মন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ৰাজনৈতিক সভাসমূহত ৰাজ্যৰ উন্নয়নমূলক কাম-কাজৰ কথা কোৱাৰ পৰিৱৰ্তে উগ্ৰ সাম্প্ৰদায়িক কথাহে কোৱা পৰিলক্ষিত হৈছে৷ মুখ্যমন্ত্ৰীয়ে মোগলৰ আক্ৰমণ অব্যাহত থকা বুলি কৈছে৷ মন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই দুটা সভ্যতাৰ যুঁজৰ কথা কৈছে৷ যেতিয়া এজন মুখ্যমন্ত্ৰী বা জ্যেষ্ঠ মন্ত্ৰীয়ে নিজে সভাই-সমিতিয়ে সাম্প্ৰদায়িক কথা ক’ব, তেতিয়া সৰ্বসাধাৰণ লোক তেওঁলোকৰ কথাৰ দ্বাৰা উদ্বুদ্ধ হোৱাটোৱে স্বাভাৱিক৷ এনেধৰণে সাম্প্ৰদায়িক বিষবাষ্প বিয়পিবলগীয়া হ’লে সমাজত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হ’ব৷ মুখ্যমন্ত্ৰীয়ে মোগলৰ আক্ৰমণ অব্যাহত থকা বুলি কৈ ৰাইজক আতংকিত কৰাৰ পৰিৱৰ্তে তেওঁৰ কাৰ্যকালত ৰাজ্যত কি কি উন্নয়নমূলক কাম-কাজ প্ৰকৃতাৰ্থত কাৰ্যকৰী হ’ল, তাৰ খতিয়ানহে দাঙি ধৰিব লাগিছিল৷ মুখ্যমন্ত্ৰীজনে নিজৰ কাৰ্যকালত অসমৰ ৰাইজক নতুন কি কি দিলে সেই কথাহে তথ্যসহকাৰে জনাব লাগিছিল৷ সাম্প্ৰদায়িকতাৰ ৰাজনীতি কৰাতকৈ উন্নয়নৰ ৰাজনীতিতহে মুখ্যমন্ত্ৰী বা তেওঁৰ মন্ত্ৰীসভাত গুৰুত্ব দিব লাগিছিল৷ পূৰ্বৰ কাম-কাজসমূহক বাদ দি এইখন চৰকাৰে অসমত কি কি প্ৰকল্প নতুনকৈ আৰম্ভ কৰি তাক সম্পূৰ্ণ কৰিলে, তাৰ খতিয়ান ৰাইজক দিলে তাৰ পৰাহে ৰাইজ উপকৃত হ’লহেঁতেন৷ কিন্তু চতুৰ ৰাজনীতিকসকলে ভালদৰে জানে যে ভাৰতীয় মানুহ জাত-পাত, ধৰ্মক লৈ আৱেগিক৷ গতিকে আৱেগৰ ৰাজনীতিৰে সহজে মানুহৰ মন জয় কৰিব পাৰি৷ কৰ’না-লকডাউন আদিৰ কথা আজিকালি কাৰো মুখতে শুনিবলৈ পোৱা নাযায়৷ দীঘলীয়া লকডাউনৰ ফলত কিমান যে লোক কৰ্মহীন হ’বলগীয়া হ’ল, সেই বিষয়ে মুখ্যমন্ত্ৰী নিমাত৷ এইসকল লোকক নতুন জীৱিকাৰ সন্ধান দিয়াত চৰকাৰ সম্পূৰ্ণ ব্যৰ্থ হৈছে৷ চৰকাৰেও এতিয়া নিজৰ ব্যৰ্থতা ঢাকিবলৈ ধৰ্মৰ ৰাজনীতিৰ আশ্ৰয় ল’বলৈ বাধ্য হৈছে৷ আজি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী আধৰুৱা হৈ পৰি থাকিল৷ এক কথাত ক’বলৈ গ’লে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী এক মূল্যহীন দলিলত পৰিণত কৰিলে বিজেপি দল আৰু চৰকাৰে৷ অসম চুক্তিৰ ৬নং দফা কমিটীৰ প্ৰতিবেদনৰ অস্তিত্বই বিচাৰি পাবলৈ নাই এতিয়া৷ অথচ মুখ্যমন্ত্ৰীয়ে কয় অসমত মোগলৰ আক্ৰমণ অব্যাহত আছে৷ যদি মোগলৰ আক্ৰমণ অব্যাহত আছেই, তেন্তে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী কিয় সম্পূৰ্ণ নকৰিলে? অসম চুক্তিৰ ৬নং দফা কিয় কাৰ্যকৰী নকৰিলে? দুটা সভ্যতাৰ যুঁজৰ কথা কৈ ভোটাৰ ৰাইজক উত্তেজিত কৰাৰ পৰিৱৰ্তে মন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই অসমত কৰ’না কালত স্বাস্থ্যখণ্ডৰ কি কি পৰিৱৰ্তন সাধন কৰিলে, ৰাজ্যৰ কিমান বাট-পথ পকী হ’ল, নতুনকৈ কিমান দলং নিৰ্মাণ হ’ল, সেই তথ্য অৱগত কৰাহেঁতেন ৰাইজ অধিক আশ্বস্ত হ’লহেঁতেন৷ মন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা সুদীৰ্ঘ বছৰ স্বাস্থ্য বিভাগৰ দায়িত্বত থকাৰ পাছতো কৰ’না কালতহে অসমৰ স্বাস্থ্যখণ্ডৰ পয়ালগা অৱস্থা পোহৰলৈ আহিল৷ কানিৰ ৰাগীত ব্ৰিটিছসকলে যিদৰে দেশবাসীক মতলীয়া কৰি যুগ যুগান্তৰ শাসনত থকাৰ কৌশল লৈছিল, ঠিক তেনেদৰে মুখ্যমন্ত্ৰী বা তেওঁৰ মন্ত্ৰীসভাৰ একাংশ সদস্যই ভোটাৰক ধৰ্ম-জাত-পাতৰ কথাৰে উত্তেজিত কৰি উন্নয়নৰ কথা পাহৰাই ৰখাৰ কৌশল লৈছে৷ উগ্ৰ সাম্প্ৰদায়িকতা ৰাজনীতিৰ অন্যতম লাভজনক ব্যৱসায় হৈ পৰিছে৷ মুখ্যমন্ত্ৰী বা জ্যেষ্ঠ মন্ত্ৰীৰ পদাংক অনুসৰণ কৰিয়ে ৰাজ্যত এতিয়া এনে বহু পালিনেতাৰ আৱিৰ্ভাৱ হৈছে যিয়ে সমাজত সাম্প্ৰদায়িকতা আৰু বিভেদৰ ব্যৱসায় কৰি ঘূৰি ফুৰিছে৷ ভাৰতীয় প্ৰচলিত আইনী ব্যৱস্থাত ই এটা গুৰুতৰ অপৰাধ৷ কিন্তু আইন আৰু ন্যায়ব্যৱস্থাৰ নিৰপেক্ষতাক লৈও আজি প্ৰশ্ন উত্থাপিত হৈছে৷ সেয়ে ভোটাৰ ৰাইজ নিজে সজাগ-সচেতন হ’ব লাগিব৷ উন্নয়ন লাগে নে সাম্প্ৰদায়িক পৰিৱেশ লাগে সেইটো ভোটাৰে নিজে বাছি ল’ব লাগিব৷