Logo
image

চান্দা

বিগত কেইটামান দিনত অসমত চৰ্চাৰ শীৰ্ষত থকা বিষয়টো হৈছে চান্দা৷ আনকি ‘দ্য ইক’ন’মিক টাইমছ’ৰ দৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ বাতৰিকাকততো বিষয়টোৱে বাতৰি হিচাপে স্থান পাইছে৷ ব’হাগ বিহুৰ সৈতে চান্দাৰ কথাটো সামৰি লৈ অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে যে বিহুৰ বাবে জোৰকৈ চান্দা আদায় কৰাটো বন্ধ কৰিব লাগে, বিশেষকৈ, ক’ভিড-১৯ অতিমাৰীৰ ফলত বহুত লোকচানৰ সন্মুখীন হ’বলগীয়া হোৱা ব্যৱসায়ীসকলৰ পৰা জোৰকৈ চান্দা ল’ব নালাগে৷ লগতে দহ বছৰৰ পুৰণি প্ৰতিখন বিহু সমিতিকেই চৰকাৰে ডেৰ লাখ টকাকৈ সাহায্য দিব বুলিও ঘোষণা কৰিছে৷ বাতৰিত প্ৰকাশ পোৱা মতে, জোৰকৈ চান্দা সংগ্ৰহ কৰাটো এক অপৰাধ বুলি গণ্য কৰাৰ অৰ্থে অচিৰেই সদনত এখন বিল উত্থাপন কৰি ইয়াক আইনৰ আবেষ্টনীলৈ অনাও হ’ব৷ মুখ্যমন্ত্ৰীৰ এই মন্তব্যই ৰাজ্যৰ বিভিন্ন শ্ৰেণীৰ মানুহৰ মাজত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে৷ চান্দা তুলি উৎসৱ উদ্‌যাপন কৰাৰ পৰিপন্থীসকলে মুখ্যমন্ত্ৰীৰ ঘোষণাক আদৰণি জনাইছে৷ কিন্তু, আন এচামে জাঙুৰ খাই উঠিছে৷ আনকি চান্দা তুলি বিহু উদ্‌যাপন নকৰিলে অসমীয়া সংস্কৃতিৰ পৰা বিহুৱেই নোহোৱা হ’ব বুলিও এচামে যুক্তি দৰ্শাইছে৷ বহুতে আকৌ ৰাইজৰ দান-বৰঙণি অবিহনে ৰাজহুৱা অনুষ্ঠান-উৎসৱ পতাটোৱেই সম্ভৱ নহয় আৰু ই আমাৰ পৰম্পৰা বুলিও যুক্তি দিছে৷ এতিয়া মুখ্যমন্ত্ৰীয়ে এনেবোৰ কথাৰ প্ৰতি কাণসাৰ দিব নে নিজৰ সিদ্ধান্ত অনুসৰি ব্যৱস্থা ল’ব, সেইটো সময়তহে স্পষ্ট হ’ব৷ তাৰ আগতে জানিবলগীয়া কথাটো হৈছে এয়ে যে মুখ্যমন্ত্ৰীৰ এই মন্তব্যবোৰৰ আঁৰৰ মূল উদ্দেশ্য কি? মন কৰিবলগীয়া কথা যে মুখ্যমন্ত্ৰীয়ে ব্যৱসায়ীসকলৰ পৰা জোৰকৈ চান্দা সংগ্ৰহ কৰাৰহে বিৰোধ কৰিছে৷ অৰ্থাৎ চান্দা-দান-বৰঙণি বন্ধ কৰাৰ কথা কোৱা নাই বা বিৰোধিতাও কৰা নাই৷ এনেক্ষেত্ৰত কিছুমানে সমালোচনা কৰাৰ দৰে ৰাজহুৱা কাম বা অনুষ্ঠানৰ বাবে দান-বৰঙণি তোলাৰ পথ এতিয়াও বন্ধ হোৱা নাই৷ আচলতে, দান-বৰঙণি তোলাৰ যি পৰম্পৰা, তাৰ লগত কেইটামান দিশ জড়িত হৈ থাকে৷ প্ৰয়োজন সাপেক্ষে দুৰ্গতসকলৰ বাবে অথবা স্কুল-কলেজ আদি ৰাজহুৱা তথা সামাজিক অনুষ্ঠান গঢ়াৰ বাবে, গাঁও এলেকাবোৰত আনকি আলিবাট, নামঘৰ, সংঘ, খেলপথাৰ আদি নিৰ্মাণৰ বাবে ৰাইজৰ পৰা যথাসাধ্য বৰঙণি সংগ্ৰহৰ পৰম্পৰা আমাৰ মাজত চলি আহিছে, যিটোৰ প্ৰয়োজনীয়তা নুই কৰিব নোৱাৰি৷ কিন্তু, সম্প্ৰতি জোৰকৈ চান্দা সংগ্ৰহৰ এক ধাৰা গঢ় লৈ উঠিছে, যিটো কেৱল ব’হাগ বিহু উদ্‌যাপনৰ নামতেই নহয়, আন বহু কথা-কাণ্ডৰ লগত সাঙোৰ খাই পৰিছে৷ চান্দাৰ জৰিয়তে ৰাজনৈতিক দল আৰু উদ্যোক্তা-ব্যৱসায়ীৰ মাজৰ যি মিত্ৰতা গঢ় লৈ উঠিছে, সি কাৰো অগোচৰ হৈ থকা নাই৷ চান্দাই সৃষ্টি কৰা এই মিত্ৰতাই সৰ্বসাধাৰণৰ কোনো কল্যাণ কৰা নাই, বৰঞ্চ দেশৰ উদ্যোক্তা-ব্যৱসায়ীসকলক ৰাজনীতিৰ অংশীদাৰী হোৱাত সহায় কৰিছে৷ দেশপ্ৰেমৰ গইনা লৈ গঢ় লৈ উঠা অসংখ্য সংগঠন, চৰকাৰৰ অন্যায়-অনীতিৰ প্ৰতিবাদকল্পে গঢ়ি উঠা আন্দোলনকাৰী সংগঠন, ছাত্ৰ সংগঠন, যুৱ সংগঠন আদিৰ সৈতেও চান্দা তোলা কাৰবাৰটো জড়িত হৈ আছে৷ বিভিন্ন উৎসৱ-পাৰ্বণ পতাৰ নামত ৰাজপথত ব্যক্তিগত বা ৰাজহুৱা যান-বাহনৰ গতি স্তব্ধ কৰি শেঙুন-নকা কিশোৰৰ পৰা প্ৰাপ্তবয়স্কসকলৰ এচামকো দৃষ্টিকটুভাৱে চান্দা সংগ্ৰহ কৰি থকা সকলোৱে দেখিছে৷ মুখ্যমন্ত্ৰীয়ে সকলো কথা খুলি-মেলি কোৱা নাই৷ কৈছে কেৱল বিহুৰ কথা৷ তাতে বিহু কমিটীবোৰলৈ সাহায্য দিয়াৰ কথা কৈ বিষয়টোৰ গুৰুত্ব আন দিশলৈ লৈ গৈছে৷ এনে সিদ্ধান্তই চান্দাৰ সৈতে অথবা জোৰকৈ ধন-বিত সংগ্ৰহ কৰা কাৰ্যটোৰ সৈতে থকা সমস্যাবোৰৰ সমাধান নকৰে৷ পৃথিৱীখন ক’ৰ পৰা ক’লৈ গতি কৰিছে আৰু আমি চান্দা তুলি উৎসৱ পাতি সংস্কৃতি ৰক্ষা কৰা বুলি নিজকে আভুৱা-ভাঁৰি আছোঁ৷ মুখ্যমন্ত্ৰীৰ ঘোষণা যি ‘হিডেন এজেণ্ডা’ৰ বোকোচাত উঠি আহিছে, চান্দা তুলি সংস্কৃতি ৰক্ষা কৰাৰ পোষকতা কৰাসকলেও আন এক ‘হিডেন এজেণ্ডা’ৰ পিঠিত বহি কথা কৈছে৷ আচলতে, কথাবোৰ কোনতো দিশতেই ‘গোপন’ হৈ থকা নাই৷ উভয়ে উভয়ৰ মুখাৰ আঁৰৰ মুখ স্পষ্টকৈ দেখিছে৷ এতিয়া বাকী আছে আলাপ-আলোচনা, এৰা-ধৰাৰ মাজেৰে সন্ধি স্থাপনৰ ব্যৱস্থা কৰিবলৈ৷ সময়ত সেইটোও হ’ব আৰু চান্দাৰ পৰম্পৰাও অব্যাহত থাকিব৷