চিনেমাৰ পুলিচ, বাস্তৱৰ পুলিচ
বলীউডৰ লগতে দক্ষিণ ভাৰতীয় চিনেমাসমূহত পুলিচৰ চৰিত্ৰসমূহে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ ইয়াৰে একাংশ চিনেমাত পুলিচে নায়ক, সহনায়কৰ চৰিত্ৰ ৰূপায়ণ কৰে আৰু বহু চিনেমাত পুলিচক কেৱল ঘোচখোৰ, অপৰাধীক সহায় কৰোতা, মন্ত্ৰী-ক্ষমতাশালী ব্যক্তিৰ ধেমাধৰা ৰূপে প্ৰক্ষেপ কৰা হয়৷ অৱশ্যে বহু চিনেমাত একেলগে ‘ভাল পুলিচ’, ‘বেয়া পুলিচ’ দুয়োবিধক দেখুওৱা হয় আৰু কাহিনীৰ অন্তত ভাল পুলিচৰ যোগাত্মক ভূমিকা অধিক ৰূপত প্ৰকট হয়৷ দক্ষিণ ভাৰতৰ বহু কেইখন চিনেমাত পুলিচক চুপাৰহিৰ’ ৰূপে প্ৰক্ষেপ কৰি তেওঁৰ দ্বাৰা বাস্তৱ জীৱনত সম্ভৱ নোহোৱা বহু কথা-কাণ্ডক সম্ভৱ কৰি তোলা হয়৷ বলীউডৰ বহু চিনেমাৰ কাহিনী দক্ষিণ ভাৰতীয় চিনেমাৰ আধাৰত পুনৰ নিৰ্মিত হোৱাৰ প্ৰক্ৰিয়া আগৰে পৰাই চলি আহিছে৷ ভাৰতীয় চিনেমা জগতৰ হিট ছবি ছলমান খান অভিনীত ‘দাবাং’, অজয় দেৱগণ অভিনীত ‘সিংঘম’ৰ কাহিনী দক্ষিণ ভাৰতৰ ছবিৰ পৰাই ধাৰ কৰা৷ দাবাং, সিংঘম আদি চৰিত্ৰসমূহে ভাৰতীয় দৰ্শকৰ মাজত এনে এক অভূতপূৰ্ব জনপ্ৰিয়তা অৰ্জন কৰিছে যে কোনো আৰক্ষী বিষয়াই অপৰাধ, হত্যা, লুণ্ঠন, ধৰ্ষণ, ড্ৰাগ আদিৰ বিৰুদ্ধে সাহসিক পদক্ষেপ গ্ৰহণ কৰিলে দাবাং, সিংঘমৰ সৈতে তুলনা কৰা হয়৷ সংবাদ মাধ্যমেও এনে বিষয়াৰ ভূমিকাক প্ৰশংসা কৰি বাস্তৱ জগতৰ দাবাং, সিংঘম সকলক পোহৰলৈ আনে৷ দাবাং, সিংঘম, চিম্বা, সূৰ্যবংশীৰ দৰে চিনেমাজগতৰ বহু কথাছবি আছে যিবিলাকে দৰ্শকৰ মাজত প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে৷ অৱশ্যে পুলিচৰ নিগেটিভ দিশসমূহ প্ৰতিফলিত কৰিও চিনেমা হিট নোহোৱা নহয়৷ শেহতীয়াকৈ ভাৰতীয় চিনেমা জগতত অবিশ্বাস্য সফলতা অৰ্জন কৰা দক্ষিণ ভাৰতীয় কথাছবি ‘পুষ্পা’ৰ নায়ক আল্লু অৰ্জুনক লৈ চৰ্চা হ’লেও এই ছবিখন অতি কম সময়ৰ বাবে ভুমুকি মৰা অতি ঘোচখোৰ, খেয়ালী পুলিচ বিষয়াজনৰ শক্তিশালী অভিনয়ে ‘পুষ্পা’ৰ সফলতাত ইন্ধন যোগাইছে৷ পুষ্পাৰ সফলতাৰ পৰা এই কথা অনুমান কৰিব পাৰি যে পুলিচৰ পজিটিভ, নিগেটিভ দুয়োটা চৰিত্ৰকে দৰ্শকে সময়ে সময়ে আদৰি লয়৷ পুলিচক লৈ নিৰ্মাণ কৰা ছবিবোৰৰ লগতে পুলিচক এক শক্তিশালী উপাদান ৰূপে লৈ নিৰ্মিত ছবিৰ সংখ্যা দিনকদিনে বৃদ্ধি পোৱাৰ মূল কাৰণ হ’ল ভাৰতীয় প্ৰশাসনিক, আৰ্থ-সামাজিক ব্যৱস্থাটোত পুলিচৰ ভূমিকা দিনকদিনে বৃদ্ধি পাইছে৷ আমাৰ সমাজ ব্যৱস্থা সুচাৰুৰূপে পৰিচালিত হ’বলৈ হ’লে দুৰ্নীতি, অনিয়ম, অপৰাধী আদি নিয়ন্ত্ৰিত ৰূপত থাকিব লাগিব৷ কিন্তু দেখা গৈছে যে দেশৰ বহু ৰাজ্যত বিভিন্ন ধৰণৰ অপৰাধজনিত ঘটনা, হত্যা-লুণ্ঠন আদি হ্ৰাস পোৱাৰ পৰিৱৰ্তে দিনকদিনে বৃদ্ধিহে পাইছে৷ যিহেতু এনে অপৰাধজনিত ঘটনাসমূহ নিয়ন্ত্ৰণৰ দায়িত্ব মূলতঃ পুলিচৰ ওপৰতে ন্যস্ত কৰা হৈছে সেয়েহে ৰাইজে বিচাৰে খাকী পোচাকধাৰীসকলে এই ক্ষেত্ৰত সৱল ভূমিকা পালন কৰি ৰাইজক আশ্বস্ত কৰক৷ এচাম পুলিচে এই ক্ষেত্ৰত নিষ্ঠাৰে দায়িত্ব পালন কৰে যদিও এচাম নিজেই ‘ক্ৰিমিনেল ইন ড্ৰেছ’ অৰ্থাৎ চৰকাৰী পোছাক পিন্ধা অপৰাধীত পৰিণত হয়৷ বাস্তৱত ঘটি থকা এই ঘটনা-পৰিঘটনাসমূহৰ ওপৰত নিৰ্ভৰ কৰি চিনেমা জগতৰ প্ৰযোজক, পৰিচালকসকলে পুলিচক নায়ক, খলনায়ক সজাই চিনেমা নিৰ্মাণ কৰে৷ কোৱা বাহুল্য, ‘সিংঘম’ৰ দৰে বিষয়াই যেতিয়া অপৰাধীৰ বেহুত সোমাই নিজৰ কৌশল, শক্তিৰে প্ৰতিপক্ষক পৰাভূত কৰি বীৰদৰ্পে ওলাই আহে– চিনেমা চাই থকা দৰ্শকসকল আনন্দত উথলি উঠে৷ চিনেমাৰ পৰিচালকে টেকনিক, সুন্দৰ আৱহ সংগীত, ফাইটিং আদিবোৰ ব্যৱহাৰ কৰি সিংঘমক এনে পৰ্যায়লৈ লৈ গ’ল যে চিনেমাখন নিৰ্মাণ হোৱা বহু বছৰৰ পাছতো ই আজিৰ দিনতো অতি জনপ্ৰিয়৷ সম্প্ৰতি অসমত ড্ৰাগছ, কয়লা, চুপাৰি, গৰু ছিণ্ডিকেট আদিৰ বিৰুদ্ধে পুলিচৰ জোৰদাৰ অভিযান চলি আছে৷ ইতিমধ্যে ৰাজ্যৰ কেইবাখনো জিলাত এনে অবৈধ ব্যৱসায়ৰ বিৰুদ্ধে চলোৱা পুলিচৰ অভিযানত বহু অবৈধ ব্যৱসায়ী গুলীবিদ্ধ হৈছে৷ এনে অভিযানক আধাৰ কৰি অলপতে বদলি হোৱা নগাঁৱৰ এছ পি আনন্দ মিশ্ৰ এক চেলিব্ৰেটী চৰিত্ৰত পৰিণত হৈছে৷ সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে জিলাত হোৱা প্ৰতিটো অপাৰেশ্যনৰ সাফল্যৰ কৃতিত্বৰে মিডিয়াত ‘বাইট’ দিয়া নিজৰ কাৰ্যকলাপক ছ’চিয়েল মিডিয়াত আপলোড কৰি নিজৰ চেলিব্ৰেটী ইমেজ বৰ্তাই ৰখাত সিদ্ধহস্ত আছিল এছ পি মিশ্ৰ৷ ধুবুৰীৰ পৰা বদলি হৈ অহাৰ সময়তো আৰক্ষী অধীক্ষকজনে জনপ্ৰিয় ৰাজনৈতিক নেতাৰ দৰে বাটে বাটে ৰাইজৰ অভিবাদন গ্ৰহণ কৰি অহাৰ দৃশ্য মিডিয়াই বিভিন্ন মাধ্যমত দেখুৱাইছিল৷ কীৰ্তিকমল বৰা নামৰ যুৱকজনক পুলিচে গুলীয়াই আহত কৰাৰ আগলৈকে আনন্দ মিশ্ৰৰ বিৰুদ্ধে বিশেষ অভিযোগ উত্থাপিত হোৱা নাছিল৷ প্ৰশ্ন হ’ল– আনন্দ মিশ্ৰই এই চেলিব্ৰেটী ইমেজ কিয় লাভ কৰিছে? ড্ৰাগে ছানি ধৰা অসমৰ যুৱ-প্ৰজন্মলৈ আহিছে এক অশনি সংকেত৷ ইয়াৰ বিৰুদ্ধে অসমৰ প্ৰায়বোৰ জিলাৰ আৰক্ষী অধীক্ষকে অপাৰেশ্যন অব্যাহত ৰাখিছে৷ ইয়াৰে ভিতৰত আনন্দ মিশ্ৰই ছ’চিয়েল মিডিয়াক সৎ ব্যৱহাৰ [?] কৰি ড্ৰাগৰ লগতে বিভিন্ন অপাৰেশ্যনৰ সফলতাক আপলোড কৰিছে৷ বিদ্যুতিন মাধ্যম, ৱেব মিডিয়াইও তেওঁক অহৰহ হাইলাইট কৰা হৈছে৷ ফলত তেওঁ চেলিব্ৰেটীলৈ পৰিণত হৈছে৷ আৰক্ষী অধীক্ষক, উপায়ুক্ত যি পৰ্যায়ৰ বিষয়াই নহওক চেলিব্ৰেটী হোৱাৰ আপত্তি নাই৷ ৰাইজে দুৰ্নীতি-অনিয়মৰ বিৰুদ্ধে যুঁজা বিষয়াক বিচৰাৰ বাবে এনে বিষয়া জনপ্ৰিয় হৈছে৷ চিনেমাৰ কাহিনীৰ দৰে বাস্তৱতো ৰাইজে বিচাৰে বহু সিংঘমৰ জন্ম হওক– যি অপৰাধ নিয়ন্ত্ৰণ কৰি ৰাখক৷ অৱশ্যে তেনে বিষয়াই নিজক চেলিব্ৰেটী কৰি ৰখাত অগ্ৰাধিকাৰ দিয়াটো কাৰো কাম্য নহয়৷






