Logo
image

মন্ত্ৰীৰ বিপৰীত মেৰুত অধ্যক্ষ

বিহুৰ পাঠ্যক্ৰম আছে নে বাতিল হ’ল

আমাৰ অসম, ১৪ ফেব্ৰুৱাৰীঃ উচ্ছতৰ মাধ্যমিকৰ একাদশ আৰু দ্বাদশ শ্ৰেণীৰ পৰা বিষয় হিচাপে বিহুক বাতিল কৰা প্ৰসংগক লৈ দুই ভিন্ন মেৰুত অৱস্থান কৰিছে ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু আৰু অসম মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ৰুক্মগোহাঁই বৰুৱাই৷ অসম মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষই চলিত শিক্ষাবৰ্ষৰ পৰা একাদশ আৰু দ্বাদশ শ্ৰেণীৰ পাঠ্যক্ৰমত এবছৰ পূৰ্বে অন্তৰ্ভুক্ত কৰা বিহু বিষয়টো বাতিল কৰা বুলি এদিন পূৰ্বে ঘোষণা কৰিলেও দেওবাৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে এতিয়ালৈকে বিহু বিষয়টো পাঠ্যক্ৰমৰ পৰা বাতিল কৰাৰ কোনো সিদ্ধান্ত লোৱা নাই বুলি মন্তব্য কৰিছে৷ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে দেওবাৰে শিৱসাগৰত প্ৰকাশ কৰা অনুসৰি এই সন্দৰ্ভত চৰকাৰে কোনো জাননী বা নিৰ্দেশনা প্ৰকাশ কৰা নাই৷ তেওঁৰ মতে ঐচ্চিক এই বিষয়টোৰ প্ৰতি ছাত্ৰ-ছাত্ৰীয়ে বিশেষ আগ্ৰহ প্ৰকাশ কৰা নাই৷ সেয়ে এই বিষয়টো নতুন ৰূপত উপস্থাপন কৰিব পাৰি নেকি সেই বুলিহে চৰকাৰলৈ এটা প্ৰস্তাৱ প্ৰেৰণ কৰিছে শিক্ষা সংসদে৷ ইয়াৰ বিপৰীতে অসম উচ্ছতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ৰুক্মগোহাঁই বৰুৱাই এদিন পূৰ্বে ৰাজহুৱাভাৱে সংবাদ মাধ্যমৰ আগত বিহু উচ্ছতৰ মাধ্যমিকৰ পাঠ্যক্ৰমৰ পৰা বাতিল কৰা বুলি ঘোষণা কৰিছিল৷ তেওঁৰ সেই ঘোষণা ৰাজ্যৰ সকলোবিলাক টিভি চেনেল আৰু  বাতৰি কাকতত প্ৰকাশো পাইছিল৷ তাৰ পাছতে দেওবাৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে বিহু বিষয়টো বাতিল কৰা হোৱা নাই বুলি মন্তব্য কৰাৰ ফলত চৰকাৰৰ শিক্ষা বিভাগত বিৰাজ কৰা সমন্বয়হীনতা স্পষ্টভাৱে মুকলি হৈ পৰিছে৷ ধাৰণা কৰা হৈছে বিহু বিষয়টো বাতিল কৰাৰ সিদ্ধান্তৰ বিষয়ে দেওবাৰে ৰাজ্যৰ সকলো ধৰণৰ সংবাদ মাধ্যমত অতি গুৰুত্বসহকাৰে প্ৰকাশ পোৱাত চৰকাৰে সেই প্ৰতিক্ৰিয়া দেখি বিহু বাতিল নকৰা বুলি মন্তব্য কৰিব লগাত পৰিছে৷ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ মন্তব্য ৰাজ্যজুৰি হোৱা প্ৰতিক্ৰিয়াৰ ফলশ্ৰুতি বুলিও একাংশই ধাৰণা কৰিছে৷ ৰণোজ পেগুৱে বিহু বিষয়টোৰ প্ৰতি ছাত্ৰ-ছাত্ৰীৰ আগ্ৰহ নাই বুলি শিৱসাগৰত দেওবাৰে সংবাদমেলত কৰা মন্তব্য প্ৰকৃততে মিথ্যাচাৰৰ নামান্তৰ৷ কিয়নো অন্তৰ্ভুক্ত কৰাৰ প্ৰথমটো বছৰতে অৰ্থাৎ ২০২০-২১ শিক্ষাবৰ্ষত একাদশ শ্ৰেণীত ৯৯৬জন ছাত্ৰ-ছাত্ৰীয়ে বিহু বিষয়টো ঐচ্চিক হিচাপে পঢ়িবলৈ লৈছিল৷ সেয়ে বিহু বিষয়ৰ প্ৰতি ছাত্ৰ-ছাত্ৰীৰ আগ্ৰহ নোহোৱা বুলি শিক্ষামন্ত্ৰীয়ে কৰা মন্তব্য তেনেই মিছা প্ৰতিপন্ন হৈছে৷ এতিয়া শিক্ষাৰ্থীসকলে চৰকাৰৰ এই নাশ্ৰুত-নাভূত সিদ্ধান্ত দেখি মূৰে-কপালে হাত দিছে৷ একাদশ আৰু দ্বাদশ শ্ৰেণীৰ বিষয় হিচাপে বিহুক অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত লোৱা হৈছিল ২০২০ চনৰ জুনত, একেই বিজেপি চৰকাৰৰ প্ৰথমটো কাৰ্যকালত৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শপত লোৱাৰ পৰাই জাতি-মাটি-ভেটি তত্বৰ অন্যতম অংশ আছিল উচ্ছতৰ মাধ্যমিকত বিহুক বিষয় হিচাপে অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত৷ দ্বিতীয় কাৰ্যকালত অসমৰ বিজেপি চৰকাৰে জাতি-মাটি-ভেটি ৰক্ষা নকৰে বুলি কোৱা নাই যদিও অধিক গুৰুত্ব আৰোপ কৰিছে ‘ভাৰত এখনেই দেশ হিচাপে’ ৰাষ্ট˜ীয়তাবাদত৷ বিহুক পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰোঁতে অসমৰ চহকী সংস্কৃতিৰ বিৱৰ্তন সন্দৰ্ভত শিক্ষাদান কৰাৰ সিদ্ধান্ত লোৱা হৈছিল৷ তাৰ বাবে ‘বিহু উৎসৱ অৱ আছাম’ নামে এখন পাঠ্যপুঠি প্ৰণয়ন কৰা হৈছিল৷ বিহু বিষয়টোত মুঠ ১০০ নম্বৰ নিৰ্ধাৰণ কৰা হৈছিল, য’ৰ ৬০ শতাংশ আছিল প্ৰেক্টিকেল আৰু ৩০ শতাংশ থিঅ’ৰী৷ অথচ বিহু বাতিল কৰা বুলি ঘোষণা কৰি  অসম উচ্ছতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ৰুক্মগোহাঁই বৰুৱাই দাবী কৰিছিল যে, কোনো গৱেষণা অবিহনেই বিষয়টো পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হৈছিল৷ কোনে প্ৰেক্টিকেল পৰীক্ষা পৰিচালনা কৰিব, পৰীক্ষক কোন হ’ব তাৰ একো পৰিকল্পনা নাছিল৷ তদুপৰি সম্পূৰ্ণ বিষয়টো তেওঁ নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ পৰিপন্থী বুলিও দাবী কৰিছিল৷ 

ইপিনে এই সন্দৰ্ভত অসম চৰকাৰৰ শিক্ষা উপদেষ্টা ননীগোপাল মহন্তৰ সৈতে হোৱা কথা-বতৰাত তেওঁ কয় যে, কালিহে বিহু বিষয়টোক পাঠ্যক্ৰমৰ পৰা বাতিল কৰা সন্দৰ্ভত তেওঁ অৱগত হৈছে৷ আজি তেওঁ চৰকাৰৰ ওচৰত বিহুৰ পৰিৱৰ্তে অসমৰ সকলো ধৰণৰ কৃষ্টি-সংস্কৃতি সামৰি ল’ব পৰাকৈ এটা বিষয় গ্ৰহণ কৰিবলৈ প্ৰস্তাৱ আগবঢ়াইছে৷ ‘ফক্‌ টেল্‌ছ এণ্ড ফক্‌ কালচাৰ অৱ আছাম’ শিৰোনামেৰে এটা নতুন বিষয় উচ্ছতৰ মাধ্যমিকত অন্তৰ্ভুক্ত কৰাৰ বাবে প্ৰস্তাৱ দিয়াৰ কাৰণ হৈছে, অসমৰ সংস্কৃতিৰ বিশালতা৷ কেৱল বিহু বিষয়টো এককভাৱে অন্তৰ্ভুক্ত কৰিলে ৰাজ্যখনৰ চহকী সংস্কৃতিৰ অনেক বিষয় বাদ পৰি যায়৷ ‘ফক্‌ টেল্‌ছ এণ্ড ফক্‌ কালচাৰ অৱ আছাম’ হিচাপে নতুন বিষয় এটা অন্তৰ্ভুক্ত কৰিলে তাত অসমৰ সকলো সংস্কৃতিৰ বিষয়ে ছাত্ৰ-ছাত্ৰীয়ে পঢ়ি ৰাজ্যখনৰ চহকী সংস্কৃতিৰ সম্যক জ্ঞান লাভ কৰিব পাৰিব বুলি তেওঁ মন্তব্য কৰে৷ অৱশ্যে ননী গোপাল মহন্তই বিহু বিষয়টো চৰকাৰে বাদ দিয়াৰ সিদ্ধান্ত লোৱা নাই বুলিও দাবী কৰে৷ তেওঁ কয় যে, শিক্ষা ক্ষেত্ৰৰ সংস্কাৰ আৰু পৰিৱৰ্তন এটা চলি থকা প্ৰক্ৰিয়া৷ এই প্ৰক্ৰিয়াত সময়ে সময়ে প্ৰয়োজন অনুসৰি সাল-সলনি ঘটোৱা হয় বা হ’ব পাৰে৷ এনে এক পৰিস্থিতিতে তেওঁ চৰকাৰৰ ওচৰত ‘ফক্‌ টেল্‌ছ এণ্ড ফক্‌ কালচাৰ অৱ আছাম’ নামৰ বিষয় অন্তৰ্ভুক্ত কৰিবলৈ প্ৰস্তাৱ আগবঢ়াইছে৷

ততাতৈয়াকৈ স্পষ্টীকৰণ দিলে শিক্ষামন্ত্ৰীয়ে

‘আমাৰ অসমঃ অৱশেষত বিহু বিষয়ক একাদশ-দ্বাদশ শ্ৰেণীৰ পৰা বাদ দিয়াৰ সন্দৰ্ভত স্পষ্টীকৰণ দাঙি ধৰিলে অসম চৰকাৰৰ শিক্ষামন্ত্ৰী তথা শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী ৰণোজ পেগুৱে৷ তেওঁ আজি শিৱসাগৰ আৱৰ্ত ভৱনত সংবাদ মধ্যমক সম্বোধন কৰি এনে কৰ্তনৰ বাতৰি নেতিবাচক বুলি মন্তব্য কৰে৷ লগতে তেওঁ কয় যে উচ্ছতৰ মাধ্যমিক শ্ৰেণীৰ পৰা ঐচ্ছিক বিষয়ৰূপে থকা বিহু বিষয়টোক কৰ্তনৰ কোনো সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই অথবা এই সন্দৰ্ভত কোনো জাননী-নিৰ্দেশনাও চৰকাৰৰ তৰফৰ পৰা প্ৰদান কৰা হোৱা নাই৷ কিন্তু শিক্ষা সংসদত এই সন্দৰ্ভত আলোচনা হৈছে৷ কাৰণ বিহু বিষয়টো ঐচ্ছিক বিষয় হিচাপে লোৱাত ছাত্ৰ-ছাত্ৰীসকলৰ বিশেষ আগ্ৰহ দেখা নাই৷ সেয়ে এই বিষয়টো ন-ৰূপত সজাব পাৰি নেকি তাক লৈ এটা প্ৰস্তাৱ অসম চৰকাৰলৈ প্ৰেৰণহে কৰিছে৷ এতিয়ালৈকে সিদ্ধান্ত লোৱা নাই৷ লগতে তেওঁ কয় যে একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ঐচ্ছিক বিষয়ৰ তালিকাখন বহু দীঘলীয়া৷ প্ৰায় ৮৪টা বিষয় আছে৷ এই বিষয়সমূহৰ পৰা এটা ঐচ্ছিক বিষয় বাচি লব লগা হয়৷ কিন্তু উচ্ছতৰ মাধ্যমিকৰ কলা অথবা বিজ্ঞান শাখাৰ ছাত্ৰ-ছাত্ৰীসকলে অতি দৰকাৰী বা উচ্ছতৰ মাধ্যমিকৰ পাছৰ পৰিকল্পনা কৰিহে ঐচ্ছিক বিষয় গ্ৰহণ কৰে৷ বহুজনে কোনো ঐচ্ছিক বিষয় গ্ৰহণ নকৰে৷ এনেস্থলত ঐচ্ছিক বিষয়সমূহক নতুন শিক্ষানীতিৰ মাজেৰে এক পৰিকল্পিতৰূপ প্ৰদানৰ চিন্তা কৰা হৈছে৷ যাৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকলক আমাৰ জাতি, সংস্কৃতি, বুৰঞ্জী, ভূগোলৰ সম্যক জ্ঞান দিব পৰা হ’ব৷ যিবিলাক বিষয় অধ্যয়ন কৰিলে ছাত্ৰ-ছাত্ৰীৰ লাভ হয়, নিয়োগৰ সম্ভাৱনা বাঢ়ে সেইবিলাক বিষয় নতুন ৰূপত সজাব পাৰি নেকি তাক লৈ চৰ্চা কৰি থকা হোৱা বুলিও তেওঁ জানিবলৈ দিয়ে৷ বিহু বিষয় সন্দৰ্ভত তেওঁ ঐচ্ছিক বিষয় গ্ৰহণ পদ্ধতি বিশ্লেষণ কৰি কয় যে এই ৮৪টি ঐচ্ছিক বিষয়ৰ ভিতৰত বিহু বিষয়ো এটা৷ বিহু অন্তৰ্ভুক্ত হোৱাৰ লগে লগে বড়ো সংস্কৃতি, ঐনিতমৰ এটা বিষয় হ’ব লাগে বুলিও দাবী আহি আছে৷ কিন্তু দ্বাদশ শ্ৰেণীৰ পাছত কলেজত ছাত্ৰ-ছাত্ৰীসকলে সেই ধাৰাবাহিকতা কেনেকৈ ৰক্ষা কৰিব/ কিয়নো বিহু বুলিটো কলেজ পৰ্যায়ত কোনো বিষয় নাই৷ কিন্তু পৰিৱেশ্য কলা হিচাপে যদি আমি একাদশ শ্ৰেণীৰ পৰাই এই বিষয়বিলাক সজাই নিও তেতিয়া সুবিধা হ’ব৷ কাৰণ পৰিৱেশ্য কলাত স্নাতক-স্নাতকোত্তৰ ডিগ্ৰীলৈকে পঢ়াৰ ব্যৱস্থা আছে৷ অথবা অসমৰ লোককলা-সংস্কৃতি বুলি বিষয় কৰিব পাৰি নেকি সেই বিষয়ে চৰ্চা কৰা হৈছে৷ কিন্তু সিদ্ধান্ত একো হোৱা নাই৷ ইয়াৰোপৰি শিক্ষামন্ত্ৰীয়ে বিহু বিষয়ক ঐচ্ছিক বিষয়ৰূপে গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকল ইচ্ছুক নহয় বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰাৰ লগতে এই বিষয়টো শিক্ষা সাংসদে বাদ দিয়া নাই বুলিও স্পষ্ট কৰি দিয়ে৷ সামগ্ৰিকভাৱে এই সমূহ ঐচ্ছিক বিষয়ক লৈ কিছু নতুন চিন্তা শিক্ষা সাংসদে চৰকাৰলৈ প্ৰেৰণ কৰিছে আৰু এই সন্দৰ্ভত চৰকাৰে উপযুক্ত শিক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এক উচিত সিদ্ধান্ত লব বুলিও তেওঁ সংবাদ মাধ্যমৰ আগত সদৰী কৰে৷ 

সিদ্ধান্ত প্ৰত্যাহাৰৰ আহ৩ান অসম সাহিত্য সভাৰ

‘আমাৰ অসমঃ  অসম আৰু অসমীয়াৰ মূল পৰিচয় বাপতিসাহোন ‘বিহু’ বিষয়টি উচ্ছতৰ মাধ্যমিকৰ একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ঐচ্ছিক বিষয়ৰ পাঠ্যক্ৰমৰ পৰা বাতিল কৰা বিষয়টিত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে অসম সাহিত্য সভাই৷ ২০২০-২১ শিক্ষাবৰ্ষৰ পৰা এই ‘বিহু’ শীৰ্ষক  ঐচ্ছিক বিষয় কোনো আগতীয়া ঘোষণা নকৰাকৈয়ে উচ্ছতৰ মাধ্যমিক শিক্ষা সংসদে হঠাৎ বাতিল কৰা সিদ্ধান্তৰ বিৰুদ্ধে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ সময়তে অসমীয়াৰ স্বাভিমানত আঘাত হানি ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে এই দুৰ্ভাগ্যজনক সিদ্ধান্ত গ্ৰহণ কৰাত সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদব চন্দ্ৰ শৰ্মাই এক বিবৃতিৰ জৰিয়তে উদ্বিগ্নতা প্ৰকাশ কৰি এই সিদ্ধান্ত বাতিল কৰিবলৈ দাবী উত্থাপন কৰিছে৷ বিবৃতিটোত নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ প্ৰসংগ অৱতাৰণা কৰি উল্লেখ কৰা হৈছে যে, নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিত সাংস্কৃতিক অধ্যয়নক অধিক গুৰুত্ব দিয়াৰ কথা উল্লেখ থকাৰ সময়ত অসম চৰকাৰে আকৌ অসমীয়া সংস্কৃতিৰ মূল অংগ ‘বিহু’ক পাঠ্যক্ৰমত অধিক গুৰুত্ব সহকাৰে অন্তৰ্ভূক্ত কৰাৰ বিপৰীতে ইয়াক বাতিল কৰাৰ কাৰ্য এক হঠকাৰী কাৰ্য বুলি উল্লেখ কৰিছে৷ উল্লেখ্য যে, তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰে উচ্ছতৰ মাধ্যমিকত বিহুক বিষয় হিচাপে অন্তৰ্ভূক্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি ‘বিহু উৎসৱ অৱ আছাম’ নামে পাঠ্যপুথি প্ৰণয়নও কৰা হৈছিল৷ বিহু বিষয়টিত মুঠ এশ নম্বৰ নিদ্ধাৰণ কৰা হৈছিল আৰু ইয়াৰে ষাঠী শতাংশ ব্যৱহাৰিক বা প্ৰেক্টিকেলৰ বাবে আৰু ত্ৰিশ শতাংশ নম্বৰ থিয়ৰিত ধাৰ্য কৰা হৈছিল৷  প্ৰথম বৰ্ষতে ৯৯৬জন শিক্ষাৰ্থীয়ে বিহু বিষয়টিক ঐচ্ছিক বিষয় হিচাপে গ্ৰহণ কৰিছিল৷ কিন্তু এবছৰ নৌহওঁতেই একেটা দলৰে চৰকাৰে এই বিষয়টো বাতিল কৰাত স্বাভাৱিকতে ছাত্ৰ-ছাত্ৰীসকলৰ মাজতো প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ এই স্পৰ্শকাতৰ বিষয়টোক লৈ ৰাজ্যজুৰি সচেতন মহলে প্ৰতিক্ৰিয়া অব্যাহত ৰখাৰ মাজতে আজি অসম সাহিত্য সভাই এই ক্ষেত্ৰত নিজৰ স্থিতি স্পষ্ট কৰি বিহু বিষয়টোক পাঠ্যপুথিত আৰু অধিক প্ৰযোজ্য হোৱাকৈহে অন্তৰ্ভূক্ত কৰিবলৈ দাবী জনাই চৰকাৰৰ এই সিদ্ধান্ত তাৎক্ষণিক ভাৱে বাতিল কৰিবলৈ সংবাদ বিজ্ঞপ্তিটোত দাবী উত্থাপন কৰিছে৷