Logo
image

এক লাখ চাকৰিৰ প্ৰতিশ্ৰুতি পূৰণ হ’ল! দাবী মুখ্যমন্ত্ৰীৰ

অহা মাহত ৪০ হাজাৰ পদৰ বাবে বিজ্ঞাপন

আমাৰ অসম, ১৪ ফেব্ৰুৱাৰীঃ ক্ষমতালৈ আহিলে এবছৰত ৰ লাখ নিবনুৱাক চৰকাৰী চাকৰি দিয়াৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি দিছিল হিমন্ত বিশ্ব শৰ্মাই৷ চৰকাৰ গঠন কৰাৰ পাছত বিধানসভাতো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক লাখ নিবনুৱাক গণি গণি চাকৰি দিব বুলি ৰাজহুৱা ঘোষণা কৰি এক লাখ সম্পূৰ্ণ হোৱা নিযুক্তি পত্ৰ বিতৰণী অনুষ্ঠানত বিৰোধী দলপতিক মুখ্য অতিথি হিচাপে নিমন্ত্ৰণ কৰিব বুলিও ঘোষণা কৰিছিল৷ অৱশ্যে চাকৰিৰ আশাত ৰাজ্যৰ প্ৰায় ২৪ লাখ নিবনুৱাই হাহাকাৰ কৰাৰ মাজতে দিনচেৰেক পূৰ্বে বিত্তমন্ত্ৰী অজন্তা নেওগে এবছৰত ৰ লাখ নিবনুৱাৰ চাকৰি সম্ভৱ নহয় বুলিও অসহায়ভাৱে স্বীকাৰ কৰিছিল৷ কিন্তু বিত্তমন্ত্ৰীয়ে এই তথ্য অৱগত কৰিলেও শনিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৬০ হাজাৰ পদৰ চাকৰিৰ বাবে  ইতিপূৰ্বে ‘ইণ্টাৰভিউ’ সম্পূৰ্ণ হোৱা বুলি দাবী কৰিছে৷ তদুপৰি বাকী ৪০ হাজাৰ পদৰ বাবে চলিত মাহতে বিজ্ঞাপন প্ৰকাশ কৰাৰ চেষ্টা চলাইছে বুলি জানিবলৈ দিছে৷ মুখ্যমন্ত্ৰীয়ে শনিবাৰে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত নিযুক্তি সন্দৰ্ভত এই তথ্য প্ৰকাশ কৰিলেও ৰাজ্যৰ একাংশ নিবনুৱাই মুখ্যমন্ত্ৰীৰ এই বক্তব্য সত্য নহয় বুলিও ছ’চিয়েল মিডিয়াত অভিযোগ কৰা দেখা গৈছে৷ কিছু কিছু বিভাগত একাংশ পদৰ নিযুক্তি হ’লেও ৬০ হাজাৰ পদৰ সাক্ষাৎকাৰ হোৱা তথ্য ভিত্তিহীন বুলিও নিবনুৱাসকলে অভিযোগ কৰিছে৷ যদিহে ৬০ হাজাৰ পদৰ বিজ্ঞাপন প্ৰকাশ হৈছে, তেনেহ’লে সেয়া মুখ্যমন্ত্ৰীক ৰাজহুৱা কৰিবলৈও দাবী জনাইছে বিভিন্নজনে৷ অৱশ্যে পূৰ্বতে মুখ্যমন্ত্ৰীয়ে ২০২২  ৰ মে’ৰ ভিতৰত এক লাখ নিবনুৱাৰ নিযুক্তি দিয়াৰ কথা ঘোষণা কৰিছিল যদিও এতিয়া সেই সময়সীমা জুনলৈ পিছুৱাই দিছে৷  শনিবাৰে দিছপুৰত মুখ্য সচিব আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকলৰ সৈতে মুখ্যমন্ত্ৰীয়ে এখন বৈঠকত অংশ লৈ ১০ জুনৰ ভিতৰত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে৷