Logo
image

আই পি এল আৰু তৰুণ ক্ৰিকেটাৰৰ ভৱিষ্যৎ

সদ্যসমাপ্ত অনূধবৰ্ ১৯ বছৰৰ বিশ্বকাপ জয় কৰা ভাৰতীয় দলটোৰ যিকেইজন সদস্যক আই পি এলৰ পঞ্চদশ ছীজনৰ নিলামত অন্তৰ্ভুক্ত কৰা হৈছিল, তেওঁলোকে ভাল মূল্য পাব বু্‌লি পূৰ্বেই ধাৰণা কৰা হৈছিল৷ প্ৰত্যাশিতভাৱে ৰাজ অংগদ বাৱা আৰু ৰাজৱৰ্ধন হেঙাৰগেকাৰে পালে এক কোটি টকাতকৈ অধিক ধন৷ অনূধবৰ্ ১৯ বছৰৰ বিশ্বকাপৰ ফাইনেলৰ ‘মেন অৱ দ্য মেচ’ ৰাজ বাৱাক ২ কোটি টকাৰ বিনিময়ত লাভ কৰে কিংছ ইলেভেন পাঞ্জাবে৷ তাৰ বিপৰীতে ৰাজৱৰ্ধনে লাভ কৰে ১.৫০ কোটি টকা৷ ৰাজ বাৱা আৰু ৰাজৱৰ্ধনৰ দৰে অৱশ্যে সৌভাগৱান নাছিল দলটোৰ অধিনায়ক যশ ধূল৷ ৫০ লাখ টকাত ধূলক ক্ৰয় কৰে দিল্লী কেপিটেলছে৷ এতিয়া এইসকল যুৱ ক্ৰিকেটাৰে আই পি এলত কেনে প্ৰদৰ্শন দেখুৱায় সেয়া হ’ব লক্ষণীয়৷ এটা কথা স্বীকাৰ্য যে আই পি এল হৈছে বিশ্বৰ সবাতোকৈ জনপ্ৰিয় আৰু ব্যয়বহুল ফ্ৰেঞ্চাইজী ক্ৰিকেট লীগ৷ ২০০৮ চনত আৰম্ভ হোৱা এই লীগৰ ১৪টা সংস্কৰণ সমাপ্ত হৈছে৷ ভাৰতৰ বহু যুৱ ক্ৰিকেটাৰে আই পি এলত খেলি নিজকে প্ৰমাণ কৰাৰ সুযোগ পাইছে৷ আই পি এলত দেখুওৱা প্ৰদৰ্শনৰ ভিত্তিত বহুকেইজনে ৰাষ্ট্ৰীয় দলতো খেলাৰ সুযোগ পাইছে৷ সেইপিনৰ পৰা চাই টুৰ্নামেণ্টখনে ভাৰতীয় ক্ৰিকেটৰ মান উন্নত কৰাত বিশেষ ভূমিকা লোৱা বুলিও ক’ব পাৰি৷ কিন্তু তাৰ বিপৰীতে আই পি এলে বহু সময়ত ভাৰতীয় ক্ৰিকেটাৰক ক্ষতি কৰা বুলিও অভিযোগ শুনা যায়৷ টুৰ্নামেণ্টখনৰ দীঘলীয়া সূচীত ব্যস্ত থকা বাবে পৰৱৰ্তী পৰ্যায়ত আন্তঃৰাষ্ট˜ীয় শৃংখলা অথবা প্ৰতিযোগিতাত বহু ক্ৰিকেটাৰে স্বাভাৱিক প্ৰদৰ্শন দেখুওৱাত সফল হ’ব নোৱাৰে৷ তাৰ লগতে আছে আঘাতৰো সমস্যা৷ ইউনাইটেড আৰব এমীৰেটছত অনুষ্ঠিত টুৱেণ্টী২০ বিশ্বকাপত ভাৰতৰ নিৰাশাজনক প্ৰদৰ্শ:ৰ বাবেও আই পি এলকে জগৰীয়া কৰা হৈছে৷

আই পি এলত বিনিয়োগ হোৱা বৃহৎ অংকৰ ধনে ক্ৰিকেটাৰসকলক আৰ্থিকভাৱে সহায় কৰা বিষয়টোত কাৰো দ্বিমত থাকিব নোৱাৰে৷ কিন্তু কেইদিনমান পূৰ্বে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক সুনীল গাভাস্কাৰে কৰা এটা মন্তব্যই বিশেষ তাৎপৰ্য বহন কৰিছে৷ গাভাস্কাৰৰ মতে, এতিয়াও ৰাষ্ট˜ীয় দলত খেলাৰ সুযোগ নোপোৱা তৰুণ ক্ৰিকেটাৰসকলৰ বাবে আই পি এলত পাৰি৷ মিকৰ এক উচ্ছতম সীমা বান্ধি দিয়া উচিত৷ কম বয়সৰ ক্ৰিকেটাৰক এক কোটি টকাতকৈ অধিক পাৰি৷ মিক নিদিবলৈ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডক পৰামৰ্শ দিছে গাভাস্কাৰে৷ তেওঁৰ যুক্তি হৈছে– বয়স গ্ৰুপৰ টুৰ্নামেণ্টতসফল হোৱা ক্ৰিকেটাৰ আই পি এল অথবা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যে সফল হ’ব তাৰ কোনো গেৰাণ্টী নাই৷ কম সময়তে বৃহৎ অংকৰ ধন পালে যুৱ ক্ৰিকেটাৰসকল পথভ্ৰষ্টও হ’ব পাৰে৷ ভাৰতীয় ক্ৰিকেটত এনে উদাহৰণ বহুতো আছে৷ আই পি এলত যুৱ ক্ৰিকেটাৰসকলে দেশ-বিদেশৰ আগশাৰীৰ ক্ৰিকেটাৰৰ সৈতে খেলাৰ সুযোগ পায়৷ পৰৱৰ্তী সময়ত এই অভিজ্ঞ তা তেওঁলোকক পৰিপক্ব ক্ৰিকেটাৰত পৰিণত কৰাত সহায়ক হ’ব৷ এটা কথা ঠিক যে ভাল প্ৰদৰ্শন দেখুৱালে ক্ৰিকেটাৰসকলে তাৰ প্ৰাপ্য স্বীকৃতি নোপোৱাকৈ নাথাকে৷ ৰাষ্ট্ৰীয় দললৈ আমন্ত্ৰণ পোৱাৰ পূৰ্বে আই পি এলত নামী-দামী ক্ৰিকেটাৰৰ সৈতে খেলাৰ সুযোগ পোৱাটো তৰুণ ক্ৰিকেটাৰসকলৰ বাবে এক ডাঙৰ প্ৰাপ্তি৷ সেয়েহে বৰ্তমান তেওঁলোকে ৰাষ্ট্ৰীয় দলত স্থান পাবলৈ নিজকে প্ৰমাণ কৰাৰ সময়৷ এইক্ষেত্ৰত গাভাস্কাৰৰ পৰামৰ্শৰ যুক্তি আছে বুলিয়ে ভবাৰ থল আছে৷ ৰাষ্ট্ৰীয় দলত খেলাৰ সুযোগ পালে ক্ৰিকেট ব’ৰ্ডৰ ফালৰ পাৰও ক্ৰিকেটাৰসকললৈ আগবঢ়োৱা হয় বৃহৎ অংকৰ ধন৷ তাৰ লগতে থাকে বিভিন্ন আন্তঃৰাষ্ট্ৰীয় শৃংখলা আৰু প্ৰতিযোগিতাত খেলাৰ বাবে পোৱা ধন৷ সেয়েহে ৰাষ্ট্ৰীয় দলত সুযোগ পোৱাৰ পূৰ্বে আই পি এলত যদি এইসকল ক্ৰিকেটাৰক কোটিৰ ঘৰত পাৰি৷ মিক দিয়া হয়, তেন্তে পৰৱৰ্তী সময়ত তাৰ দ্বাৰা তেওঁলোকক ক্ষতিহে কৰা হ’ব পাৰে, যিটো বিষয়ত উদ্বেগ প্ৰকাশ কৰিছে গাভাস্কাৰে৷