Logo
image

গৰুখুটিৰ ‘বেদখলকাৰী’ক সসন্মানে দলগাঁৱত সংস্থাপন

আমাৰ অসম, ১৬ ফেব্ৰুৱাৰীঃ ছিপাঝাৰৰ গৰুখুটীত মঙলবাৰৰ পৰা পুনৰ বেদখল উচ্ছেদ প্ৰক্ৰিয়া আৰম্ভ হৈছে৷  বিশেষকৈ ‘গৰুখুটী কৃষি প্ৰকল্প’ৰ ভিতৰৰ চৰকাৰী ভূমি বেদখলমুক্ত কৰাৰ ক্ষেত্ৰত দীৰ্ঘদিনৰ মূৰত প্ৰশাসনে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে৷ সেই অনুসৰি দৰং জিলা প্ৰশাসনে আলোচনাৰ মাধ্যমেৰে ‘গৰুখুটী কৃষি   প্ৰকল্প’ৰ বেদখলকৃত ভূমি খালী কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে৷ জিলা প্ৰশাসনে বেদখলকাৰীসকলক স্থানান্তৰ ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে৷ লক্ষণীয় যে ‘গৰুখুটী কৃষি প্ৰকল্প’ৰ অধীনস্থ নিজ শালমাৰাত ৪২০টা আৰু ৰনং ধলপুৰৰ অংশ বিশেষত বসবাস কৰি অহা ২১০টা পৰিয়ালক পৰ্যায়ক্ৰমে স্থানান্তৰ কৰাৰ প্ৰক্ৰিয়া আজিৰে পৰা প্ৰশাসনে আৰম্ভ কৰে৷ উল্লিখিত ঠাইৰ পৰা আজি ৩৯টা তেনে পৰিয়ালক দলগাঁৱৰ এক নিৰ্ধাৰিত ঠাইলৈ স্থানান্তৰ কৰাৰ এক প্ৰক্ৰিয়া জিলা কতৃৰ্পক্ষই গ্ৰহণ কৰিছে৷ ইয়াৰ পূৰ্বে কৃষি প্ৰকল্পস্থলীৰ পৰা প্ৰশাসনে উচ্ছেদ অভিযানৰ জৰিয়তে আঁতৰাই পঠোৱা ১৪১৮টা পৰিয়ালকো পৰৱৰ্তী সময়ত পুনৰ সংস্থাপনৰ বাবে ইতিমধ্যে প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে৷ ‘গৰুখুটী কৃষি প্ৰকল্প’ৰ ভূমিৰ পৰা বেদখলকাৰীসকলে আজি নিজেই নিজ নিজ ঘৰসমূহ উঠাইলৈ প্ৰশাসনে দেখুৱাই দিয়া নিৰ্ধাৰিত ঠাইলৈ ৰাওনা হয়৷ উল্লেখ্য যে কিছুদিন পূৰ্বে দৰং জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত এখন সভাত গৰুখুটি প্ৰকল্পৰ পৰা উচ্ছেদ কৰিবলগীয়া পৰিয়ালক দলগাঁও ৰাজহ চক্ৰৰ অধীনত পৰ্যায়ক্ৰমে সংস্থাপিত কৰাৰ সিদ্ধান্ত লোৱা হৈছিল৷ এই সিদ্ধান্তৰ ভিত্তিত আজিৰে পৰা আৰম্ভ হয় উচ্ছেদৰ প্ৰক্ৰিয়া৷ দলগাঁৱৰ ৰৌমাৰী, আৰিমাৰি আদি অঞ্চলত পুনৰ সংস্থাপিত কৰা হ’ব আজিৰ উচ্ছেদিত লোকসকলক৷ প্ৰশাসন আৰু উচ্ছেদিত লোকৰ মাজত হোৱা আলোচনাৰ ভিত্তিত আজি পুৱাৰে পৰা লোকসকল নিজৰ নিজৰ ঘৰ দুৱাৰ আচবাব আদি সাঙুৰি নিজে উঠি সাজু হয়৷ জিলা প্ৰশাসনে প্ৰায় ২০০ খন ট্ৰেক্টৰ যোগান ধৰে উচ্ছেদিত লোকসকলক দলগাঁওলৈ যাবৰ বাবে৷ অতি শান্তিপূৰ্ণভাৱে উচ্ছেদিত লোকসকলে নিজৰ গন্তব্য স্থানলৈ যায়৷