Logo
image

বাঘ চাবলৈ কাজিৰঙালৈ আহক

আমাৰ অসম, ১৬ ফেব্ৰুৱাৰীঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বিশ্বৰ সৰ্বাধিক এটা খৰ্গ থকা গঁড়ৰ কাৰণে বিশ্ববিখ্যাত৷ বৰ্তমান গঁড়ৰ লগতে ঢেঁকীয়াপতীয়া বাঘৰ কাৰণে ৰাষ্ট্ৰীয় উদ্যানখন পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে৷ কাজিৰঙালৈ প্ৰতিবছৰ দেশ-বিদেশৰ পৰ্যটকৰ আগমন ঘটে প্ৰধানকৈ এটা খৰ্গ থকা গঁড় দৰ্শনৰ বাবে৷ সাধাৰণতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা টাইগাৰ ৰিজাৰ্ভ ফাইভ বিগ্‌ছৰ কাৰণে জনপ্ৰিয়৷ ফাইভ বিগ্‌ছ অৰ্থাৎ গঁড়, হাতী, ঢেঁকীয়াপতীয়া বাঘ, এছীয় ম’হ আৰু দুষ্প্ৰাপ্য দল হৰিণা৷ পৃথিৱীৰ এখন ৰাষ্ট্ৰীয় উদ্যানত একেলগে পাঁচটা ডাঙৰ বন্যপ্ৰাণী থকাটো বিৰল৷ যাৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান প্ৰকৃতিপ্ৰেমীৰ কাৰণে বিশেষ আকৰ্ষণ হৈ পৰিছে৷ শেহতীয়াকৈ দেশৰ ভিতৰত ঢেঁকীয়াপতীয়া বাঘৰ ঘনত্বৰ সৰ্বাধিক এখন ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি পোৱাত দেশবিদেশৰ পৰ্যটকৰ আকৰ্ষণ অধিক বৃদ্ধি পাইছে৷ ইণ্ডিয়ান ষ্টেট অৱ ফৰেষ্ট ৰিপ’ৰ্ট-২০২১ৰ তথ্যৰ পৰা জানিব পৰা মতে, কেন্দ্ৰীয় চৰকাৰে পৰ্যালোচনা কৰি দেশৰ প্ৰতিখন টাইগাৰ ৰিজাৰ্ভৰ প্ৰতি ১০০ বৰ্গ কিলোমিটাৰ ব্যাসাৰ্ধ এলেকাত ঢেঁকীয়াপতীয়া বাঘৰ ঘনত্ব প্ৰকাশ কৰিছিল৷ উক্ত তথ্যৰ ওপৰত ভিত্তি কৰি দেশৰ ভিতৰত উত্তৰাখণ্ড ৰাজ্যৰ কৰবেট টাইগাৰ ৰিজাৰ্ভত সৰ্বাধিক প্ৰতি এশ বৰ্গ কিলোমিটাৰ এলেকাত ১৪টা বাঘৰ অৱস্থিতি পাইছিল৷ অন্যহাতে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা টাইগাৰ ৰিজাৰ্ভত ১৩.০৬টা বাঘ থকাৰ তথ্যই দেশৰ ভিতৰতেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে দ্বিতীয় স্থান লাভ কৰিছে৷ ইফালে কৰ্ণাটকৰ নাগৰহোল টাইগাৰ ৰিজাৰ্ভত ১১.৮২টা, ওৰাং টাইগাৰ ৰিজাৰ্ভত ১০.৬২টা আৰু মানাহ টাইগাৰ ৰিজাৰ্ভত ০৩.৩০টা বাঘ থকাৰ তথ্য পোৱা গৈছে৷ অন্যহাতে, শেহতীয়াকৈ ৰাজ্যখনৰ টাইগাৰ ৰিজাৰ্ভকেইখনত বাঘ গণনা মতে, কাজিৰঙাত ১০৪টা, মানাহত ৩১টা, ওৰাঙত ২১টা আৰু নামেৰিত মাত্ৰ ০৩টা বাঘ পোৱা গৈছিল৷ ইফালে দেশৰ ভিতৰত অধিকসংখ্যক অৰ্থাৎ ২৩১টা বাঘ আছে কৰবেট টাইগাৰ ৰিজাৰ্ভত৷ দ্বিতীয় কৰ্ণাটকৰ নাগৰহোলাত ২১৭টা আৰু তৃতীয় স্থানত একেখন ৰাজ্যৰ বান্দিপুৰ টাইগাৰ ৰিজাৰ্ভত ১২৬টা বাঘ আছে৷ উল্লেখ্য যে, কাজিৰঙা টাইগাৰ ৰিজাৰ্ভৰ অন্তৰ্গত মুঠ ১,১৭৩.৫৮ বৰ্গ কিলোমিটাৰ মাটি আছে৷ ইয়াৰে ৬২৫.৫৮ বৰ্গ কিলোমিটাৰ ক’ৰ জ’ন আৰু ৫৪৮ বৰ্গ কিলোমিটাৰ বাফাৰ জ’ন এলেকা আছে৷ বিপৰীতে মানাহ টাইগাৰ ৰিজাৰ্ভৰ অন্তৰ্গত ২,৮৩৭.১০ বৰ্গ কিলোমিটাৰ মাটি আছে৷ ইয়াৰে ৫২৬.২২ বৰ্গ কিলোমিটাৰ ক’ৰ জ’ন আৰু ২,৩১০.৮৮ বৰ্গ কিলোমিটাৰ বাফাৰ জ’ন হিচাপে চিহ্নিত কৰা হৈছে৷ এক গুৰুত্বপূৰ্ণ কথা যে মানাহ টাইগাৰ ৰিজাৰ্ভ দেশৰ তিনিখন উন্নতমানৰ টাইগাৰ ৰিজাৰ্ভৰ ভিতৰত এখন৷ তথা দেশৰ ভিতৰতেই মানাহক অধিক এলেকা সাঙুৰি থকা একমাত্ৰ টাইগাৰ ৰিজাৰ্ভ বুলি স্বীকৃতি দিয়া হৈছে৷ উল্লেখ্য যে, ইণ্ডিয়ান ষ্টেট অৱ ফৰেষ্ট ৰিপ’ৰ্ট-২০২১ৰ মতে, কাজিৰঙা টাইগাৰ ৰিজাৰ্ভত বাঘৰ ঘনত্ব সৰ্বাধিক হোৱাৰ কথা প্ৰকাশ পোৱাত দেশ-বিদেশৰ পৰ্যটক কাজিৰঙাৰ প্ৰতি অধিক আকৰ্ষিত হৈ পৰা দেখা গৈছে৷ পূৰ্বতে কাজিৰঙালৈ অহা পৰ্যটকে প্ৰকৃতিৰ মনোৰম দৃশ্যৰ মাজত বিভিন্ন প্ৰজাতিৰ পক্ষী,  জলচৰ উদ্ভিদৰ লগতে গঁড়, হাতী, ম’হ বা দুষ্প্ৰাপ্য দল হৰিণাৰ জাক দেখা পাইছিল যদিও ভাগ্যক্ৰমে কেতিয়াবাহে ঢেঁকীয়াপতীয়া বাঘৰ দৰ্শন হৈছিল৷ এতিয়া কাজিৰঙালৈ অহা পৰ্যটকে সঘনাই অৰ্থাৎ ঢেঁকীয়াপতীয়া বাঘৰ দৰ্শন সহজলভ্য হৈ পৰিছে৷ এই সম্পৰ্কে ৰাষ্ট্ৰীয় উদ্যানখনৰ গৱেষণা বিষয়া ৰবীন্দ্ৰ শৰ্মাই জানিবলৈ দিয়া মতে, ৰাষ্ট্ৰীয় উদ্যানখন কত্তৃৰ্পক্ষৰ উদ্যোগত ২০০৯চনৰ পৰাই কেমেৰা ট্ৰেপ পদ্ধতিৰে বাঘ গণনা কৰি থকা হৈছে৷ ৰাষ্ট্ৰীয় উদ্যানখনত বাঘৰ সংখ্যা পূৰ্বৰ তুলনাত বেছি বৃদ্ধি হোৱা নাই৷ কেৱল পূৰ্বে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ জীপছী গাড়ীৰ সংখ্যা ক’ম আছিল যদিও এতিয়া বৃদ্ধি পাইছে৷ আগতে বাঘে গাড়ী আৰু মানুহক ভয় খাই দূৰত্ব বজাই ৰাখিছিল৷ দিনকদিনে গাড়ী আৰু মানুহৰ বিচৰণ সঘনাই হোৱাত পূৰ্বৰ তুলনাত আন বন্যপ্ৰাণীৰ লগতে বাঘ অভ্যস্ত হৈ পৰাত পৰ্যটকে সঘনাই বাঘ দেখা পাইছে বুলি গৱেষণা বিষয়াই মত প্ৰকাশ কৰে৷