Logo
image

বিপজ্জনকভাৱেই ডিপোত বিতৰণ ইথানলমিশ্ৰিত পেট্ৰ’ল

উঃ প্ৰদেশৰ কুঁহিয়াৰেৰে প্ৰস্তুত হৈছে ইথানল

আমাৰ অসম, ১৬ ফেব্ৰুৱাৰীঃ নূ্ন্যতম সুৰক্ষা ব্যৱস্থা গ্ৰহণ নকৰাকৈয়ে মহানগৰীৰ সকলো পেট্ৰ’ল পাম্পত পেট্ৰ’লিয়াম কোম্পানীসমূহে ইথানল মিহলি পেট্ৰ’ল ভৰাই দিলে৷ ১০ শতাংশ ইথানল মিহলি পেট্ৰ’লেৰে যোৱা মঙলবাৰৰ পৰাই চলি আছে মহানগৰীৰ সকলো যান-বাহন৷ কেন্দ্ৰীয় চৰকাৰৰ তীব্ৰ হেঁচাত অভাৱনীয় তৎপৰতাৰে এইদৰে মহানগৰীৰ পেট্ৰ’ল পাম্পসমূহত ইথানল মিহলি কৰাৰ কাৰ্যত মুঠেই সন্তুষ্ট নহয় ‘উত্তৰ-পূব ভাৰত পেট্ৰ’লিয়াম ডীলাৰ্ছ এছ’চিয়েছন’৷ পেট্ৰ’লৰ সৈতে ইথানল মিহলি কৰাক লৈ ডীলাৰ্ছ এছ’চিয়েছনৰ কোনো লাভ-ক্ষতি নাই৷ কিয়নো ইথানল মিহলি কৰি দিলেও তেওঁলোকে যি মূল্যত পেট্ৰ’লিয়াম কোম্পানীৰ পৰা পেট্ৰ’ল ক্ৰয় কৰে সেই মূল্য একেই আছে আৰু বিক্ৰীৰ ক্ষেত্ৰটো তেওঁলোকৰ এই দিশত অতিৰিক্ত কোনো লাভ নাই৷ ক্ষতি কেৱল গ্ৰাহকৰ৷ ঘাইকৈ দুটা দিশৰ পৰা এইক্ষেত্ৰত পেট্ৰ’লৰ গ্ৰাহকৰ ক্ষতি হৈছে৷ প্ৰথমটো হৈছে সুৰক্ষাৰ ক্ষেত্ৰত৷ ‘উত্তৰ-পূব ভাৰত পেট্ৰ’লিয়াম ডীলাৰ্ছ এছ’চিয়েছেন’ প্ৰথমৰে পৰাই তিনিটা নূ্ন্যতম  সুৰক্ষা ব্যৱস্থা প্ৰয়োগ কৰাৰ বাবে পেট্ৰ’লিয়াম কোম্পানী, চৰকাৰ তথা প্ৰশাসনক হেঁচা প্ৰয়োগ কৰি আছিল৷ সেইকেইটা হৈছে– ১] পেট্ৰ’ল পাম্পৰ পেট্ৰ’ল মজুত ৰখা টেংকী সম্পূৰ্ণৰূপে চাফা কৰা, ২] টেংকীত পূৰ্বৰে পৰা বিভিন্ন কাৰণত সোমাই থকা পানী শেষ টোপাললৈকে নিষ্কাশন কৰা আৰু ৩] অট’মেশ্বন ব্যৱস্থা সংযুক্ত কৰা, যাতে পানীৰ এটা টোপাল থাকিলেও পেট্ৰ’ল যোগানৰ সময়ত যোগান ধৰা পাইপৰ ‘নজল’ বন্ধ হৈ পৰে বা পেট্ৰ’ল পাম্পত বিপদ সংকেত জ্বলি উঠে৷ তাৎপৰ্যপূৰ্ণ এয়াই যে, এই তিনিটা নূ্যনতম সুৰক্ষা ব্যৱস্থাৰ এটাও ব্যৱস্থা গ্ৰহণ নকৰাকৈ গুৱাহাটীৰ পেট্ৰ’ল পাম্পত ইথানল মিহলি পেট্ৰ’ল বিক্ৰী হৈ আছে৷ উল্লেখ্য, পানী বা গেদ ইথানলৰ সৈতে মিহলি হৈ থাকিলে গাড়ীৰ ইঞ্জিনৰ ভয়ংকৰ ক্ষতি কৰিব পাৰে৷ পেট্ৰ’ল মজুত ৰখা টেংকীৰ পৰা সেয়ে আগতীয়াকৈ পানী আৰু গেদ চাফা কৰাৰ বাবে ডীলাৰ্ছ এছ’চিয়েছনে হেঁচা প্ৰয়োগ কৰিছিল৷ একেদৰে বাকী দুয়োটা ব্যৱস্থা প্ৰয়োগ কৰিলে পানী নোসোমোৱাকৈ গ্ৰাহকে নিজৰ গাড়ীত পেট্ৰ’ল ভৰাব পাৰিলেহেঁতেন৷ পিছে এই তিনিটা সুৰক্ষা ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলত এতিয়া পানী মিহলি থকা ইথানল-পেট্ৰ’ল ব্যৱহাৰ কৰিবলগীয়া হৈছে গ্ৰাহকে৷ তদুপৰি এতিয়া অসমলৈ যি ইথানল আনি থকা হৈছে তাৰ গুণগত মানক লৈ সন্দেহৰ সৃষ্টি হৈছে৷ উত্তৰ প্ৰদেশৰ যিকোনো কোম্পানীয়ে প্ৰস্তুত কৰা ইথানল আনি মিহলি কৰি আছে তেল কোম্পানীসমূহে৷ নাম-গোন্ধ নোহোৱা উত্তৰ প্ৰদেশৰ কোম্পানীৰ পৰা এনেদৰে বিশাল পৰিমাণত ইথানল অনাৰ আঁৰতো পেট্ৰ’লিয়াম কোম্পানী আৰু কেন্দ্ৰ তথা উত্তৰ প্ৰদেশত শাসনাধিষ্ঠিত বিজেপি চৰকাৰৰ লাভ-লোকচানৰ অংক আছে৷ গুণগত মান বেয়া ইথানল আনি গুৱাহাটীৰ পেট্ৰ’ল পাম্পত ভৰাই থাকিলেও সাধাৰণ গ্ৰাহকে একোৱেই কৰিব নোৱাৰে৷ যিদৰে সুৰক্ষা ব্যৱস্থাক লৈ প্ৰায় এবছৰ পূৰ্বৰে পৰা ডীলাৰ্ছ এছ’চিয়েছনে প্ৰশাসনক বাৰম্বাৰ সকীয়াই থকা সত্ত্বেও তেওঁলোকক মুঠেই গুৰুত্ব নিদিয়াকৈ পেট্ৰ’লিয়াম কোম্পানীসমূহে গুৱাহাটীৰ পেট্ৰ’ল পাম্পসমূহত ইথানল মিহলি পেট্ৰ’ল ভৰাই বিক্ৰী কৰিবলৈ বাধ্য কৰাই আছে৷ এইক্ষেত্ৰত অসম চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান বিভাগে পেট্ৰ’লিয়াম কোম্পানীক সুৰক্ষা বিধি সম্পূৰ্ণৰূপে প্ৰয়োগ কৰিবলৈ বাধ্য কৰিব পাৰে৷ কিন্তু কেন্দ্ৰীয় চৰকাৰৰ কঠোৰ নিৰ্দেশৰ ভয়ত এইক্ষেত্ৰত অসম চৰকাৰ আৰু প্ৰশাসন নিশ্চুপ হৈ আছে৷ সুৰক্ষা বিধি প্ৰয়োগ কৰি ইথানল মিহলি পেট্ৰ’ল বিক্ৰী কৰিবলৈ হ’লে বহু সময়ৰ প্ৰয়োজন হ’ব৷ ইমান সময় ব্যয় কৰিবলৈ মোদী চৰকাৰৰ সময় নাই৷ সেয়ে কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা কঠোৰ নিৰ্দেশৰ ফলত সুৰক্ষা অবিহনেই গুৱাহাটীত ইথানল মিহলি পেট্ৰ’ল বিক্ৰী দৌৰাদৌৰিকৈ আৰম্ভ কৰা হৈছে৷ গ্ৰাহকৰ দ্বিতীয় লোকচানটো হৈছে– মূল্যৰ ক্ষেত্ৰত৷ পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত ৯৫-৯৬ টকা৷ আনহাতে ইথানলৰ মূল্য প্ৰতি লিটাৰত সৰ্বোচ্ছ ৬০ টকা৷ অৱশ্যে এতিয়ালৈকে গুৱাহাটীত মিহলি কৰি থকা ইথানলৰ মূল্য আছিল প্ৰতি লিটাৰত ৪৬-৪৭ টকা৷ ফলত পেট্ৰ’ল ক্ৰয় কৰা গ্ৰাহকে কমদামী ইথানলৰ সৈতে মিহলি পেট্ৰ’ল কিনি আছে অধিক দাম ভৰি৷ হিচাপ মতে গ্ৰাহকৰ পৰা পেট্ৰ’লিয়াম কোম্পানীয়ে ইথানল মিহলি কৰাৰ ফলত পেট্ৰ’লৰ মূল্য কমকৈ ল’ব লাগিছিল৷ সেই লাভৰ ধন গোটাই আছে পেট্ৰ’লিয়াম কোম্পানী আৰু মোদী চৰকাৰে৷ দেশজুৰি ইথানল মিহলি পেট্ৰ’ল ব্যৱহাৰ সম্পূৰ্ণ হ’লে নৰেন্দ্ৰ মোদী চৰকাৰে বছৰেকত তিনি লাখ কোটি টকাকৈ ৰাজহ লাভ কৰিব৷ এনেক্ষেত্ৰত মোদী চৰকাৰে পেট্ৰ’লৰ ওপৰত আৰোপ কৰা কৰ হ্ৰাস কৰিব লাগিছিল৷ তেতিয়া গ্ৰাহকে সামান্য হ’লেও সকাহ পালেহেঁতেন৷ কিন্তু যোৱা সাত বছৰত পেট্ৰ’লৰ ক্ষেত্ৰত ৩০০ শতাংশ কৰ বৃদ্ধি কৰা মোদী চৰকাৰে জনসাধৰণক সকাহ নিদিয়ে৷ উল্লেখ্য, ২০১৪ চনত শাসনভাৰ লেৱাৰ সময়ত পেট্ৰ’লৰ ক্ষেত্ৰত যিমান কৰ আছিল, সাত বছৰৰ পাছত সেই কৰৰ হাৰ ৩০০ গুণ বঢ়ালে মোদী চৰকাৰে৷ প্ৰসংগতঃ উল্লেখযোগ্য ৫ শতাংশ ইথানল মিহলি পেট্ৰ’লে যানবাহনৰ ইমান ক্ষতি নকৰে৷ এতিয়া দেশত যি ইঞ্জিনৰ যানবাহন চলি আছে সেই যানবাহনৰ ইঞ্জিন মূলতঃ ইন্ধন হিচাপে পেট্ৰ’ল ব্যৱহাৰৰহে উপযোগী৷ তথাপি ৫ শতাংশ পৰ্যন্ত ইথানল মিহলি কৰিলে তেনে ইঞ্জিনে সেয়া সহ্য কৰিব পাৰে৷ কিন্তু ১০ শতাংশ ইথানল মিহলি কৰি দিয়া পেট্ৰ’লেৰে গাড়ী চলোৱাৰ লগে লগে তেনে পুৰণি ইঞ্জিনৰ গাড়ীৰ ভয়ংকৰ ক্ষতি হ’ব৷ পাৰিপাশ্বিৰ্ক দৃষ্টিকোণৰ পৰা কুঁহিয়াৰৰ পৰা তৈয়াৰ কৰা এই বায়’ফুৱেল বা জৈৱ ইন্ধন পৰিৱেশৰ বাবে উপকাৰী৷ কিন্তু সেই জৈৱ ইন্ধন ব্যৱহাৰ কৰি চলাব পৰা গাড়ীও কোম্পানীয়ে নিৰ্মাণ কৰিব লাগিব৷ দেশত প্ৰথমে ২০০৩ চনতে ইথানল মিহলি পেট্ৰ’ল ব্যৱহাৰ কৰা হৈছিল৷ পৰৱৰ্তী সময়ত ‘ব্যুৰ’ অৱ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ছে’ ২০০৬ চনত অনুমোদন দিয়াৰ পাছত ভাৰতত ১০ শতাংশ ইথানল মিহলি পেট্ৰ’ল ব্যৱহাৰৰ পথ সূচল হয়৷ কিন্তু দেশৰ গাড়ী নিৰ্মাতা কোম্পানীসমূহে এতিয়ালৈকে ইথানল মিশ্ৰিত পেট্ৰ’লৰ বাবে সুবিধাজনক গাড়ীৰ ইঞ্জিন নিৰ্মাণ কৰা নাই৷ সেয়ে এতিয়া হঠাতে গুৱাহাটীত পেট্ৰ’লৰ সৈতে ১০ শতাংশ ইথানল মিশ্ৰিত কৰি দিয়াৰ ফলত নিশ্চিতভাৱে যানবাহনৰ ভয়ংকৰ ক্ষতি হ’ব৷ আগশাৰীৰ গাড়ী নিৰ্মাতা কোম্পানীয়ে প্ৰকাশ কৰা অনুসৰি গাড়ীৰ ইঞ্জিনত থকা প্লাষ্টিক, ৰবৰ, এলুমিনিয়ামৰ অংশ ইথানল মিশ্ৰিত পেট্ৰ’লে সম্পূৰ্ণৰূপে নষ্ট কৰি পেলাব৷ ইথানল মিশ্ৰিত পেট্ৰ’লে গাড়ীৰ ইঞ্জিনৰ ফুৱেল পাইপ,  ইঞ্জেক্টৰ আৰু হছ পাইপ নষ্ট কৰি পেলাব৷ প্ৰকৃততে ১০ শতাংশ ইথানল মিহলি ইন্ধনৰ বাবে পৃথকে ইঞ্জিন নিৰ্মাণ কৰা প্ৰয়োজন৷ ভাৰতত তেনে ধৰণৰ ইঞ্জিন নিৰ্মাণ কৰাৰ পূৰ্বেই কেন্দ্ৰীয় চৰকাৰে বলপূৰ্বকভাৱে প্ৰথমে গুৱাহাটীত আৰু অচিৰেই সমগ্ৰ অসমত ১০ শতাংশ ইথানল মিহলি পেট্ৰ’ল বিক্ৰী কৰিবলৈ কঠোৰ নিৰ্দেশ জাৰি কৰাৰ ঘটনাই সম্প্ৰতি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷