Logo
image

ক্ৰেতা সাজু? হঠাৎ কাগজকলৰ মূল্য ৪২৯ কোটি টকালৈ হ্ৰাস

বিক্ৰী হৈ গ’ল গুৱাহাটীৰ দুটা ফ্লেট, কলকাতাৰ হাউছিং কলনী

আমাৰ অসম, ১৬ ফেব্ৰুৱাৰীঃ  প্ৰত্যাশিতভাৱে হিন্দুস্থান পেপাৰ কপ’ৰেচনৰ অংশীদাৰ নগাঁও আৰু কাছাৰ কাগজ কলৰ অন্তৰ্গত সা-সম্পত্তি বিক্ৰী আৰম্ভ হ’ল৷ নগাঁও আৰু কাগজ কলৰ চৌহদৰ ভূমি-সম্পতি এই পৰ্যন্ত বিক্ৰী হোৱা নাই যদিও হিন্দুস্থান পেপাৰ ক’পৰেচন চমুকৈ এইছ পি চিৰ অধীনৰ গুৱাহাটীৰ গেম-ভিলেজত থকা দুটাকৈ ফ্লেট আৰু কলকতাৰ চল্টলেক চিটিত থকা হাউছিং কলনীৰ কলনিৰ সা-সম্পত্তি ইতিমধ্যে নিলাম সম্পূৰ্ণ কৰিছে৷ এই সন্দৰ্ভত কাগজ কল দুটাৰ লিকুইডেটৰ কুলদীপ বাৰ্মাই ৰাজহুৱাভাৱে কোনো তথ্য প্ৰকাশ কৰা নাই যদিও নগাঁও  আৰু কাছাৰ কাগজ কলৰ নিলামৰ সন্দৰ্ভত মঙলবাৰে জাৰি কৰা নিবিদাত এই কথা স্পষ্ট হৈ পৰিছে৷ কিয়নো লিকুইডেটৰ কুলদীপ বাৰ্মাই মঙলবাৰে কাগজ কলৰ সা-সম্পত্তিৰ মূল্য ৫০০কোটি টকাৰ তললৈ হ্ৰাস কৰি জাৰি কৰা নিলামকৰণৰ তালিকাৰ পৰা ১ কোটি ৪ লাখ টকা মূল্যৰ গুৱাহাটীৰ গেম ভিলেজত থকা দুটা আৱাসিক ফ্লেট আৰু কলকতাৰ চল্টলেক চিটিত থকা হাৰ্ট হাস্পতালৰ সমীপৰ হাউছিং কলনীৰ ৫৮.৫০ কোটি টকা মূল্যৰ বিশাল সম্পত্তি আঁতৰাই দিছে৷ অৰ্থাৎ কাগজ কলৰ গুৱাহাটী আৰু কলকতাৰ এই দুই সম্পত্তি ইতিমধ্যে বিক্ৰী হোৱাটো স্পষ্ট হৈ পৰিছে৷ তাৎপৰ্যপূৰ্ণভাৱে লিকুইডেটৰ কুলদীপ বাৰ্মাই পূৰ্বতে নগাঁও আৰু কাছাৰ কাগজ কলৰ সমস্ত ভূমি-সম্পত্তি ১১৩৯ কোটি টকাত নিলামৰ বাবে নিবিদা আহ্বান কৰিছিল৷ নিলাম নিৰ্বিদাত তালিকাভুক্ত কৰিছিল নগাঁও কাগজ কলৰ ৫৭৩.৯৫ একৰ ভূমি সম্পত্তি, কাছাৰ কাগজ কলৰ ১০০৮ একৰ ভূমি সম্পত্তি, হাফলঙত থকা ১০ কঠা লীজ ভূমি, মুম্বাইত থকা হাউছিং ফ্লেট, গুৱাহাটীৰ দুটা ফ্লেট, কলকাতাৰ হাউছিং কলনি, দিল্লীৰ কাৰ্যালয় আৰু নাগালেণ্ড পেপাৰ কোম্পানীত বিনিয়োগ কৰা প্ৰায় ১০ কোটি টকা মূল্যৰ ইকুইটী শ্বেয়াৰ৷ লক্ষ্যণীয়ভাৱে লিকুইডেটৰ কুলদীপ বাৰ্মাই ইতিপূৰ্বে বহুবাৰ নিলামৰ নিবিদা আহ্বান কৰিছে যদিও কোনো প্ৰতিষ্ঠানে কাগজ কল ক্ৰয়ৰ বাবে আগবাঢ়ি অহা নাই৷ যাৰ পৰিপ্ৰেক্ষিতত মঙলবাৰে কাগজ কল দুটাৰ ভূমি সম্পত্তিৰ মূল্য ৪২৯.৫৯ কোটি টকালৈ হ্ৰাস কৰি নিবিদা আহ্বান কৰিছে লিকুইডেটৰে কাগজ কলৰ সম্পত্তিৰ মূল্য পানীৰ দৰলৈ হ্ৰাস কৰাত কোনো ক্ৰেতা সাজু আছে নেকি তাক লৈও প্ৰশ্ন উত্তাপন হৈছে৷ অৱশ্যে এইবাৰ নগাঁও আৰু কাছাৰ কাগজ কলৰ ভূমিৰ মূল্য নিৰূপন কৰিছে মাত্ৰ ৪১৩.৩৪ কোটি টকা৷ যিহেতু অসম চৰকাৰৰ ঔদ্যোগিক উন্নয়ন নিগমে ইতিপূৰ্বে কাগজ কল দুটা ৩০০কোটি টকাত ক্ৰয়ৰ বাবে লিকৃইডেটৰক প্ৰস্তাৱ দিছিল, সেয়েহে স্বাভাৱিকতে কাগজ কলৰ মূল্য হ্ৰাস কৰাত কাগজ কল ক্ৰয়ৰ বাবে সুযোগ আহি পৰিছে অসম চৰকাৰৰ হাতলৈ৷ অৱশ্যে এইবাৰ কাগজ কলৰ মূল্য ৫০০ কোটি টকাৰ তললৈ হ্ৰাস কৰাত অসম চৰকাৰে অতিৰিক্ত  ১০০ কোটি টকা দি সম্পত্তি ক্ৰয়ৰ বাবে ইচ্ছা  প্ৰকাশ কৰিব নে নাই, সেয়া সময়তে স্পষ্ট হ’ব৷ কিয়নো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কাগজ কলৰ কৰ্মচাৰীক  প্ৰাপ্য বকেয়াৰ ৫৭০ কোটি টকা তিনি মাহৰ ভিতৰত আদায় দিয়াৰ চুক্তি স্বাক্ষৰ কৰিছিল যদিও চুক্তি স্বাক্ষৰ হোৱাৰ চাৰি মাহ উকলি যোৱাৰ পাছতো চৰকাৰে ফুটাকড়ি এটাও মোকলাই নিদিলে৷ ধনৰ অভাৱত উন্নত চিকিৎসা লাভ নকৰি ৯৯ জন কৰ্মচাৰীয়ে মৃত্যুক আকোঁৱালি লোৱাৰ পাছতো অলপো সহানুভূতি নেদেখুওৱা অসম চৰকাৰে কাগজ কল দুটা যে ক্ৰয় কৰিলেও পুনৰোজ্জ্বীৱিত নকৰে সেয়াও স্পষ্ট৷