Logo
image

১৪খন জিলাত বিজেপিয়ে এলাগী কৰিলে অগপক

আমাৰ অসম, ১৬ ফেব্ৰুৱাৰীঃ ৰাজ্যৰ ৮০খন পৌৰসভাৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ মঙলবাৰে অন্তিম দিন৷ দিছপুৰত আছে অগপ-বিজেপি মিত্ৰজোঁটৰ চৰকাৰ৷ পৌৰসভাৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ প্ৰাকমুহূৰ্ততো সম্পূৰ্ণ বিপৰীত মেৰুত অৱস্থান কৰিছে দুই মিত্ৰ দল অগপ বিজেপি৷ ৰাজ্যৰ ১১খন জিলাত আসন বুজাবুজিক লৈ ঐক্যমতত উপনীত হ’ব পৰা নাই দুই দলৰ নেতা-কৰ্মী৷ বঙাইগাঁও, যোৰহাট, বোকাখাট, বৰপেটা, ডিব্ৰুগড়, বজালী, নগাঁও, মৰিগাঁও, হোজাই সহ ১৪খন জিলাত আসন বুজাবুজিক লৈ তীব্ৰ অসন্তুষ্ট দুই দলৰ নেতা-কৰ্মী৷ তাৰ মাজতে মঙলবাৰে ৰাজ্যৰ ৮০খন পৌৰসভাৰ ৯৭৮টা ৱাৰ্ডৰ বিপৰীতে কেইবাহাজাৰ প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে৷

বঙাইগাঁও জিলাত অগপ-বিজেপি দুই মিত্ৰজোটৰ নুখুলিল জঁট

অবশেষত অগপ - বিজেপি এই দুই দলৰ মিত্ৰতাৰ জট নুখুলিল বঙাইগাঁও জিলাত৷ জিলা খনৰ অধীনত বঙাইগাঁও পৌৰসভা আৰু অভয়াপুৰী পৌৰসভা দুয়ো চহৰতে পৌৰসভা নিৰ্বাচনত এই অগপ - বিজেপিৰ মিত্ৰতাৰ পৰিবৰ্তে সন্মুখ সমৰত যুঁজত অৱতীৰ্ণ হ’বলগীয়া হৈছে৷ বঙাইগাঁও জিলাত অগপ দলে তথা স্থানীয় বিধায়ক ফণীভূষণ চৌধুৰীয়ে মিত্ৰজোঁট বিজেপি দলৰ সৈতে মিত্ৰতা স্থাপন কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰি আহিছিল যদিও বিজেপি দলে বিধায়কজনৰ এই আগ্ৰহৰ প্ৰতি কোনো গুৰুত্ব আৰোপ নকৰাত মিত্ৰতাৰ পৰিবৰ্তে বিজেপি দলে দুয়োখন পৌৰসভাতে অকলশৰীয়া ভাবে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ যাৰ বাবে আজি দুয়োটা দলে বঙাইগাঁও আৰু অভয়াপুৰী পৌৰসভাত নিজাববীয়াকৈ প্ৰদান কৰা প্ৰাৰ্থী সকলে মনোনয়ন পত্ৰ দাখিল কৰে৷ ২৫টা ৱাৰ্ডৰে গঠিত বঙাইগাঁও পৌৰসভা নিৰ্বাচনৰ বাবে আজি অসম গণ পৰিষদ দলে ২৫টা ৱাৰ্ডতে মনোনয়ন পত্ৰ দাখিল কৰে৷ ভাৰতীয় জনতা পাৰ্টিয়ে ২৩ নম্বৰ ৱাৰ্ড বাদ দি বাকী ২৪টা ৱাৰ্ডতে মনোনয়ন পত্ৰ দাখিল কৰে৷ ভাৰতীয় জাতীয় কংগ্ৰেছ দলে ১৯টা ৱাৰ্ডত মনোনয়ন পত্ৰ দাখিল কৰে৷ দলটোৱে ৫ নং,  ৯ নং, ১৪ নং, ১৮ নং,  ২১ নং আৰু ২৩ নং ৱাৰ্ড এই ৬টা ৱাৰ্ড বাদদি বাকী সকলো ৱাৰ্ডতে মনোনয়ন পত্ৰ দাখিল কৰে আজি৷ চিপিআইএম দলে ১০ নং,  ১২ নং আৰু ২৫ নং মুঠ ৩টা ৱাৰ্ডত মনোনয়ন পত্ৰ দাখিল কৰে৷ ১০ নং আৰু ১১ নং ৱাৰ্ডত এজনকৈ নিৰ্দলীয় প্ৰাৰ্থীয়ো মনোনয়ন পত্ৰ দাখিল কৰে৷ বঙাইগাঁৱত মনোনয়ন পত্ৰ দাখিল কৰা প্ৰাৰ্থীৰ সংখ্যা হৈছে ৭৩ জন৷  ইপিনে বঙাইগাঁও পৌৰসভাত ২৩ নং ৱাৰ্ডত এক মাত্ৰ মনোনয়ন পত্ৰ দাখিল কৰা প্ৰাৰ্থী হৈছে অগপ দলৰ শৈলেন সৰকাৰ৷ যিহেতু এইখন ৱাৰ্ডত সৰকাৰৰ বিৰুদ্ধে কোনো মনোনয়ন পত্ৰ দাখিল কৰা নাই গতিকে অগপ প্ৰাৰ্থী গৰাকী বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱাৰ সম্ভাৱনা অধিক৷ এই কথা ঘোষণা কৰা হ’ব নথি পত্ৰ বাছনিৰ পাছত৷ ইপিনে জিলাখনৰ আন এখন পৌৰসভা অভয়াপুৰী পৌৰসভাতো আজি অগপ, বিজেপি, কংগ্ৰেছ, চিপিআইএম আৰু নিৰ্দলীয় প্ৰাৰ্থী সকলে মনোনয়ন পত্ৰ দাখিল কৰে৷ ১১টা ৱাৰ্ডৰে গঠিত আজি অভয়াপুৰী পৌৰসভা নিৰ্বাচনৰ বাবে ১১টা ৱাডৰ সকলোতে বিজেপি, কংগ্ৰেছ আৰু অগপ দলৰ প্ৰাৰ্থী সকলে মনোনয়ন পত্ৰ দাখিল কৰে৷ চিপিআইএম দলে এক মাত্ৰ ১০ নং ৱাৰ্ডত মনোনয়ন পত্ৰ দাখিল কৰে ২, ৩, ৫, ৭ আৰু ১১ নং ৱাৰ্ডত এজনকৈ নিৰ্দলীয় প্ৰাৰ্থীয়েও আজি মনোনয়ন পত্ৰ দাখিল কৰে৷

টীয়ক পৌৰসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলক কেন্দ্ৰ কৰি বেমেজালি

পৌৰসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগেই নগৰ এলেকাত সম্প্ৰতি প্ৰতিটো ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰ তুগংত উঠিছে৷ আজি আৰম্ভ হোৱা টীয়ক পৌৰসভাৰ প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিলত এক বিশৃঙ্খল পৰিবেশৰ সৃষ্টি হয়৷  চাৰিটা ৱাৰ্ডেৰে গঠিত টীয়ক নগৰ সমিতি বৰ্ধিত জনসংখ্যাৰে এইবাৰ ১০ ৱাৰ্ডেৰে পৌৰসভালৈ উন্নীত হোৱাত মিত্ৰজোঁট দলৰ বিজেপিৰ ৬ গৰাকী আৰু গণ পৰিষদৰ চ্ছ্ৰ গৰাকী প্ৰাৰ্থীৰ মাজত আসন ভাগ বতৰা হয়৷ তাৎপৰ্য বিষয় যে আঠ নম্বৰ ৱাৰ্ডত বিজেপি প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ পাছত একেটা ৱাৰ্ডতে গণ পৰিষদ দলৰো এগৰাকী প্ৰাৰ্থী প্ৰক্ষেপ কৰাক লৈ এক বিশৃঙ্খল পৰিবেশৰ সৃষ্টি হোৱাত মনোনয়ন পত্ৰ দাখিল প্ৰক্ৰিয়া কিছু স্থবিৰ হোৱাৰ লগতে টীয়ক পৌৰসভাত মিত্ৰজোঁট ভংগ হোৱাৰ সম্ভাৱনীয়তা প্ৰকট হৈ পৰিছে৷

ধেমাজিত নিৰ্দলীয়সহ ৩৬ গৰাকীৰ মনোনয়ন দাখিল

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে ধেমাজিতো ধেমাজি পৌৰসভাৰ আসনকেইখন দখলৰ বাবে আজি নিৰ্দলীয় প্ৰাৰ্থীসহ সৰ্বমুঠ ৩৬ গৰাকীয়ে নিজৰ নিজৰ মনোনয়ন পত্ৰ প্ৰদান কৰে৷ দহটা ৱাৰ্ডৰে গঠিত ধেমাজি পৌৰসভাৰ বাবে বিজেপি-অগপ মিত্ৰজোঁটে সাতখন বিজেপিয়ে আৰু অগপই তিনিখন আসন ভাগ বাটোৱাৰা কৰিছে৷ মিত্ৰজোঁটৰ ১ নং ৱাৰ্ডৰ বাবে ৰিংকু কোঁৱৰ [অগপ], ২ নং ৱাৰ্ডৰ বাবে দীপৰেখা দাস বাগ্ৰী, ৩ নং ৱাৰ্ডৰ বাবে প্ৰতিমা দাস, ৪ নং ৱাৰ্ডৰ বাবে নিবেদিতা দাস দেউৰী, ৫ নং ৱাৰ্ডৰ বাবে বিজয়া কাকতি, ৬ নং ৱাৰ্ডৰ বাবে দিব্যজ্যোতি ডেকাবৰুৱা, ৭ নং ৱাৰ্ডৰ বাবে ৰিণ্টু দত্ত, ৮ নং ৱাৰ্ডৰ বাবে হেৰেম্বৰ গোহাঁই [অগপ], ৯ নং ৱাৰ্ডৰ বাবে ৰমেশ নৰহ আৰু ১০ নং ৱাৰ্ডৰ বাবে বিপ্লৱ কোঁৱৰ আৰু ৯ নং ৱাৰ্ডত অগপৰ পৰা মনোনয়ন দাখিল কৰে৷ আনহাতে অসম জাতীয় পৰিষদৰ পৰা ১ নং ৱাৰ্ডত মীনাক্ষী চাংমাই শৰ্মা, ২ নং ৱাৰ্ডত জ্যোৎস্না দলে মিছং, ৪ নং ৱাৰ্ডত জানমণি বৰুৱা, ৫ নং ৱাৰ্ডত গীতাঞ্জলি শইকীয়া গগৈ, ৬ নং ৱাৰ্ডত স্মৃতিৰেখা পেগু, ৭ নং ৱাৰ্ডত বৰ্ণালী গগৈ হাজৰিকা আৰু ৮ নং ৱাৰ্ডত দীপামণি দাসক প্ৰাৰ্থিত্ব প্ৰদান কৰাত আজি মনোনয়ন প্ৰদান কৰে৷ আনহাতে কংগ্ৰেছৰ পৰা ৰ নং ৱাৰ্ডত জুনু শইকীয়া, ২ নং ৱাৰ্ডত ৰিচা ভৰালী তামোলী, ৩ নং ৱাৰ্ডত কনকলতা দলে পেগু, ৪ নং ৱাৰ্ডত আৰতি বৰগোহাঁই, ৫ নং ৱাৰ্ডত কনকলতা পাতিৰ দাৱ, ৬ নং ৱাৰ্ডত নিতুল দত্ত, ৭ নং ৱাৰ্ডত গীতাঞ্জলি হাজৰিকা, ৮ নং ৱাৰ্ডত মঞ্জুমণি বৰা দাস, ৯ নং ৱাৰ্ডত মমী শইকীয়া আৰু ১০ নং ৱাৰ্ডত যজ্ঞজ্যোতি বৰগোহাঁয়ে আজি মনোনয়ন পত্ৰ দাখিল কৰে৷ ইফালে নিৰ্দলীয় হিচাপে ৬ নং ৱাৰ্ডত হিৰণ্য কোঁৱৰ, ৭ নং ৱাৰ্ডত ভীমকান্ত দাস, মাইনা ভূঞা বৰগোহাঁই আৰু নলিনী কুমাৰ চুতীয়া, ২ নং ৱাৰ্ডত ভাৰতী দাস দত্ত আৰু হেমা দলৈ বৰগোহাঁয়ে আজি মনোনয়ন দাখিল কৰে৷ 

বৰপেটাৰোড পৌৰসভাত বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজয়ী বিজেপি প্ৰাৰ্থী

পৌৰ সভা নিৰ্বাচনৰ মনোনয় পত্ৰ দাখিলৰ অন্তিম দিনা বৰপেটাৰোড পৌৰ সভাৰ ৬ নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী গৰাকী বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজয়ী হোৱাৰ পথ প্ৰশস্ত হয়৷ ৱাৰ্ডটোত বিজেপি দলে প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছিল গীতুমণি দাসক৷ সেইমৰ্মে আজি মনোনয়ন পত্ৰ দাখিল কৰে বিজেপি প্ৰাৰ্থী গীতুমণি দাসে৷ কিন্তু শেষ সময় পৰ্যন্ত অন্য কোনো দলীয় অথবা নিৰ্দলীয় প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল নকৰাত অৱশেষত বিজেপি প্ৰাৰ্থী গীতুমণি দাস বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱাটো নিশ্চিত হৈ পৰে৷

চতিয়া পৌৰসভাত বিজেপিৰ চ্ছ্ৰজন প্ৰাৰ্থী বিনাপ্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত

নতুন কৈ গঠন হোৱা বিশ্বনাথ জিলাৰ চতিয়া পৌৰসভাৰ মুঠ ১০টা ৱাৰ্ডৰ ভিতৰত চাৰিটা ৱাৰ্ডত বিজেপিৰ প্ৰাৰ্থীৰ বিপৰীতে বিৰোধী দল কংগ্ৰেছকে ধৰি কোনো ৰাজনৈতিক দল বা নিদ্দৰ্লীয় প্ৰাৰ্থীয়ে মনোনয়ন দাখিল নকৰাত চাৰিজন প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে জয় হোৱাতো প্ৰায় নিশ্চিত৷ বিশ্বনাথ জিলাৰ চতিয়াৰ ৭ নম্বৰ ৱাৰ্ডত বিজেপি প্ৰাৰ্থী পবিত্ৰ গগৈ, ৮ নম্বৰ ৱাৰ্ডত দীপশিখা সন্দিকৈ, ৯ নম্বৰ ৱাৰ্ডত বিষ্ণু বৰুৱা আৰু ১০ নম্বৰ ৱাৰ্ডত যাদৱ হাজৰিকা বিনাপ্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱাতো নিশ্চিত হৈ পৰিছে৷

হোজাই পৌৰ সভাত অগপৰে নহ’ল মিত্ৰতা

আজি হোজাই পৌৰসভাৰ ১৯খন আসনৰ বাবে মুঠ ৬৫জন লোকে প্ৰাৰ্থিত্ব প্ৰদান কৰে৷ হোজাই পৌৰ সভাৰ কাৰ্যালয়ত শাসক বিৰোধী প্ৰাৰ্থীয়ে পৌৰ নিৰ্বাচনৰ বাবে নিজৰ নিজৰ মনোনয়ন দাখিল কৰে৷ শাসকীয় বিজেপি দলে ১৯টা ৱাৰ্ডত, কংগ্ৰেছ দলে ১৬ খনত, এ আই ইউ ডি অফ দলে দুখন, চি পি আই দলে এখন, এল আৰ পি দলৰ হৈ দুখন, আপৰ হৈ এজন আৰু বিজেপিৰ মিত্ৰজোঁট অগপ দলে দুখন আসনৰ বাবে মনোনয়ন দাখিল কৰাৰ বিপৰীতে ২২ জনে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰে৷ এইবাৰ নিৰ্দলীয় হিচাপে বিগত পৌৰসভাৰ পৌৰপতি মমতা দে, প্ৰাক্তন পৌৰপতি প্ৰদীপ ঘোষ, উপ পৌৰপতি অধিবক্তা সমীৰ চৰকাৰ, সাংবাদিক তথা প্ৰাক্তন মন্ত্ৰী প্ৰয়াত সাধন ৰঞ্জন চৰকাৰৰ পুত্ৰ সঞ্জীত দে, যুৱ ব্যৱসায়ী মৃদুল শইকীয়াই আজি মনোনয়ন দাখিল কৰে৷ শাসকীয় দলৰ লগত স্থানীয় অগপৰ আসন বুজাবুজি নোহোৱাত অগপ দলে এক নং ৱাৰ্ডত গৌৰৱ বৰা আৰু ১৯ নং ৱাৰ্ডত নাইম উদ্দিনে আজি মনোনয়ন দাখিল কৰে৷ ইফালে আজমলৰ গৃহ চহৰত আজমলৰ দলে ১৯টা ৱাৰ্ডৰ বাবে প্ৰাৰ্থী বিচাৰি নাপাই কেৱল ১৫ আৰু ১৯ নং ৱাৰ্ডত দুজন লোকক প্ৰাৰ্থিত্ব প্ৰদান কৰা আজি এই দুজনে মনোনয়ন দাখিল কৰে৷ ইফালে হোজাই পৌৰসভাৰ ছয় নং ৱাৰ্ডত কেৱল বিজেপি দলৰ মনোনীত প্ৰাৰ্থী দীপালি দাস চৰকাৰৰ বাহিৰে আন কোনেও প্ৰাৰ্থিত্ব প্ৰদান নকৰাত বিনা প্ৰতিদ্বন্দ্বিতাই জয়ী হোৱাৰ কথা কেৱল ঘোষণা কৰিবলৈ বাকী৷ 

ৰহা পৌৰসভাৰ নিৰ্বাচনৰ বাবে ২২গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল

ৰহা পৌৰসভাৰ বাবে মুঠ ২২ গৰাকী প্ৰাৰ্থীয়ে ৰহা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে৷ দহটা ৱাৰ্ডেৰে গঠিত ৰহা পৌৰসভা নিৰ্বাচনৰ বাবে এইবাৰ পাঁচখন আসন মহিলাৰ বাবে সংৰক্ষণ কৰা হৈছে৷ শাসনাধিস্থ বিজেপি দলে এইবাৰ সাতখন আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে তিনিখন আসন মিত্ৰদল অগপক এৰি দিছে৷ ইয়াৰ মাজতে ৰহা সমষ্টিৰ প্ৰাক্তন বিধায়ক ডিম্বেশ্বৰ দাসৰ পত্নী অনিমা দাসেও আঠ নং ৱাৰ্ডৰ পৰা বিজেপিৰ প্ৰাৰ্থী হিচাপে মনোময়ন দাখিল কৰিছে৷ আনহাতেদি কংগ্ৰেছ দলে পাঁচখন আসন, অসম জাতীয় পৰিষদে পাঁচখন আসনত আৰু নিৰ্দলীয় হিচাপে দুগৰাকী প্ৰাৰ্থীয়ে আজি মনোনয়ন দাখিল কৰে৷

মৰিগাঁও পৌৰসভাৰ ১১খন আসনৰ বাবে ২৯জন প্ৰাৰ্থীৰ মনোনয়ন

ক’ভিডৰ নীতি নিৰ্দেশনাক একাষৰীয়া কৰি মৰিগাঁও পৌৰসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিল কৰা অন্তিম দিনটোত প্ৰাৰ্থী আৰু সমৰ্থক সকলৰ মাজত আজি উৎসৱ মুখৰ পৰিবেশে বিৰাজ কৰে সমগ্ৰ মৰিগাঁও চহৰ৷ আজি মৰিগাঁও পৌৰসভা নিৰ্বাচনৰ বাবে মুঠ ২৮জন প্ৰাৰ্থীয়ে নিজৰ নিজৰ মনোনয়ন পত্ৰ দাখিল কৰে৷ মনোনয়ন পত্ৰ দাখিল কৰা সকলৰ ভিতৰত বিজেপি দলৰ ৮ জন, অগপ ৩ জন, কংগ্ৰেছ দলৰ ৭ জন, চি পি আই ২ জন, এজেপিৰ ২ জন, ৰাইজৰ দলৰ ১জন আৰু নিৰ্দলীয় ৫জন প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে৷

নলবাৰী পৌৰসভাৰ ১৬ টা ৱাৰ্ডত মনোনয়ন বিৰোধী ঐক্য মঞ্চৰ 

১৭টা ৱাৰ্ড থকা নলবাৰী পৌৰসভা নিৰ্বাচনৰ বাবে অবশেষত আজি কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী ঐক্য মঞ্চই প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰাৰ লগতে মনোনয়ন পত্ৰ দাখিল কৰিছে৷ লক্ষণীয়ভাবে কংগ্ৰেছ, অসম জাতীয় পৰিষদ, ৰাইজৰ দল আৰু চিপিআই[এম] দলে মিলি ঐক্য মঞ্চই মুঠ ১৭টা ৱাৰ্ডৰ ভিতৰত এটা ৱাৰ্ডত নিৰ্দলীয় প্ৰাৰ্থীক সমৰ্থন কৰাৰ বিপৰীতে আন এটা ৱাৰ্ডত প্ৰাৰ্থী দিবলৈ সক্ষম নহ’ল৷ যাৰ ফলত উক্ত ৱাৰ্ডটোত শাসকীয় দলটোৱে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱাৰ পথ সুগম হৈ পৰিল৷ আজি বিৰোধী ঐক্য মঞ্চৰ কংগ্ৰেছে নটা ৱাৰ্ডত, অসম জাতীয় পৰিষদে চাৰিটা ৱাৰ্ডত, ৰাইজৰ দলে এটাত, চিপিআই [এম] দলে এটা ৱাৰ্ডত প্ৰাৰ্থী দিয়াৰ বিপৰীতে ১০ নং ৱাৰ্ডত নিৰ্দলীয় প্ৰাৰ্থী শেৱালি মালাকাৰক সমৰ্থন দিছে বিৰোধী ঐক্য মঞ্চই৷ আনহাতে, কংগ্ৰেছে ৰ নং ৱাৰ্ডত নাজিদা বেগম, ২নং ৱাৰ্ডত তবিবুৰ ৰহমান, ৫ নং ৱাৰ্ডত চবনম চুলতানা, ৬ নং ৱাৰ্ডত ৰুনু কলিতা দাস, ৮ নং ৱাৰ্ডত গীতাঞ্জলী দাস, ১২ নং ৱাৰ্ডত লীনা দাস কলিতা, ১৪ নং ৱাৰ্ডত ৰীতাঞ্জলী বৰ্মন, ১৬ নং ৱাৰ্ডত পিংকী হালৈ আৰু ১৭ নং ৱাৰ্ডত চন্দনা বৰ্মনক প্ৰাৰ্থিত্ব দিছে৷ সেইদৰে, অসম জাতীয় পৰিষদে ১৩ নং ৱাৰ্ডত ৰাজীৱ ভূঞা, ৩ নং ৱাৰ্ডত গীতা দেৱী, ৭ নং ৱাৰ্ডত প্ৰণীতা বৰ্মন আৰু ১১ নং ৱাৰ্ডত ৰুমী দেৱীক প্ৰাৰ্থিত্ব দিয়াৰ বিপৰীতে ৰাইজৰ দলে ৪ নং ৱাৰ্ডত আৰিফুল ইছলাম, চিপিআই[এম] দলে ৮ নং ৱাৰ্ডত প্ৰদীপ দত্তক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে৷

শোণিতপুৰৰ ৪৯টা ৱাৰ্ডত ১৫ৰজনৰ মনোনয়ন দাখিল

শোণিতপুৰৰ ঢেকিয়াজুলি, তেজপুৰ, ৰঙাপৰা আৰু জামুগুৰি পৌৰসভাৰ নিৰ্বাচনৰ বাবে আজি মুঠ ৪৯টা ৱাৰ্ডৰ বাবে ১৫ৰজন প্ৰাৰ্থীয়ে মনোনয়ন দাখাল কৰিছে৷ ১৯টা ৱাৰ্ডৰ তেজপুৰ পৌৰসভাৰ বাবে ৬৯জনে, ঢেকিয়াজুলিৰ ১০টা ৱাৰ্ডৰ বাবে ২৮জনে, জামুগুৰিৰ ১০টা ৱাৰ্ডৰ বাবে ১৯জনে আৰু ৰঙাপৰাৰ ১০টা ৱাৰ্ডৰ বিপৰীতে ৩৫জনে আজি মনোনয়ন দাখিল কৰিছে৷ উল্লেখযোগ্য যে পৌৰ নিৰ্বাচনৰ প্ৰাৰ্থীত্বকেন্দ্ৰীক সংঘাত বিজেপি আৰু কংগ্ৰেছ দলত স্পষ্ট হোৱাৰ বিপৰীতে জিলাখনত নামত কেবল তেজপুৰতে তিনিটা ৱাৰ্ডত প্ৰাৰ্থী দিলেও ইয়াৰে দুজনেই প্ৰকৃততে বিজেপিৰে সদস্য৷ প্ৰাৰ্থীত্ব কেন্দ্ৰীক সংঘাতৰ বাবে আজি পুৱাই কংগ্ৰেছ নেতা মুৰ্দাবাদ ধবনিৰে উত্তাল হৈ পৰে তেজপুৰস্থিত শোণিতপুৰ জিলা কংগ্ৰেছৰ কাৰ্যালয়৷ কংগ্ৰেছ দলে এক নম্বৰ ৱাৰ্ডত শ্যাম চাহানি, দুই নম্বৰ ৱাৰ্ডত সোণালি দাস, চাৰি নম্বৰ ৱাৰ্ডত ইকবাল আহমেদ, পাঁচ নম্বৰ ৱাৰ্ডত নেপাল দাস, ছয় নম্বৰ ৱাৰ্ডত সুমন দাস, সাত নম্বৰ ৱাৰ্ডত সুদীপ্ত হাজৰিকা, আঠ নম্বৰ ৱাৰ্ডত জুম্পা দে, ১০ নম্বৰ ৱাৰ্ডত সুৰেশ পাছোৱান, ১১ নম্বৰ ৱাৰ্ডত লক্ষ্মী ভট্ট দাস, ১২ নম্বৰ ৱাৰ্ডত পিংকী বাঢ়ৈ, ১৩ নম্বৰ ৱাৰ্ডত কমলা দাস পাল, ১৪ নম্বৰ ৱাৰ্ডত উত্তম পাল, ১৫ নম্বক ৱাৰ্ডত সুৰজিত ঘোষ, ১৬ নম্বৰ ৱাৰ্ডত অপৰাজিতা কাকতি, ১৮ নম্বৰ ৱাৰ্ডত কল্পনা কাকতি আৰু ১৯ নম্বৰ ৱাৰ্ডৰ পৰা নিৰ্মল দাসক প্ৰাৰ্থীত্ব প্ৰদান কৰি আৰু আজি তেওঁলোকে তেজপুৰ পৌৰ সভাত মনোনয়ন পত্ৰ দাখিল কৰে৷ ইপিনে অগপ দলৰ তিনি প্ৰাৰ্থী ১০নম্বৰ ৱাৰ্ডত পাৰশ নাথ ৰায়, তিনি নম্বৰত অনল ডেকা আৰু পাঁচ নম্বৰত দিব্যজ্যোতি দাসে মনোনয়ন দাখিল কৰে৷ উল্লেখযোগ্য যে ৰায় আৰু দাস প্ৰকৃততে বিজেপিৰে সদস্য আছিল৷ ইপিনে,  অসম জাতীয় পৰিষদে শোণিতপুৰ জিলাৰ তেজপুৰ, ৰঙাপৰা আৰু ঢেকিয়াজুলি পৌৰ সভাত নিজ দলীয় প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে৷ সেই অনুসৰি অজাপই তেজপুৰ পৌৰ সভাৰ ১৯টা ৱাৰ্ডৰ ভিতৰত তিনিটা ৱাৰ্ডৰ বিপৰীতে ঘোষণা কৰা প্ৰাৰ্থী সকলে আজি তেজপুৰ পৌৰ সভাৰ কাৰ্যালয়ত উপস্থিত হৈ মনোনয়ন পত্ৰ দাখিল কৰে৷ জামুগুৰিত ১০টা ৱাৰ্ডৰ বিপৰীতে কংগ্ৰেছৰ নজনেহে মনোনয়ন দাখিল কৰিছে৷ 

হোজাই জিলা বিজেপিৰ সভাপতি আৰু জিলা প্ৰভাৰীৰ বিৰুদ্ধে ব্যাপক খেলিমেলিৰ অভিযোগ

পৌৰসভাৰ নিৰ্বাচনত প্ৰাৰ্থিত্ব প্ৰদান কৰাক কেন্দ্ৰ কৰি হোজাই জিলা বিজেপিত ধনৰ লেনদেন আৰু ব্যাপক খেলিমেলি অভিযোগ উল্‌থাপন হৈছে৷  বিজেপিৰ হোজাই জিলাৰ সভাপতি অনূপ দেৱ আৰু জিলা প্ৰভাৰী প্ৰনৱ ঘোষৰ বিৰুদ্ধে ভাৰতীয় জনতা যুৱমৰ্চাৰ হোজাই জিলা সমিতিৰ উপ-সভাপতি অভিজিত দাস আৰু কংগ্ৰেছ দলৰ প্ৰাক্তন পৌৰ সভানেত্ৰী তথা বৰ্তমানৰ বিজেপি কৰ্মী ৰমা মজুমদাৰে গুৰুত্বৰ অভিযোগ আনিছে৷ হোজাই সমষ্টিৰ বিধায়কক আঁতৰাই সংঘটিত কৰা এনে খেলিমেলিৰ এক উচিত তদন্তৰো দাবী কৰিছে দুয়োগৰাকী বিজেপি কৰ্মীয়ে৷ লংকা পৌৰসভাৰ এই দুগৰাকী বিজেপিৰ কৰ্মীৰ প্ৰতি তৃণমূল কৰ্মীৰ সমৰ্থন থকাৰ পাছতো দলীয় টিকটৰ পৰা বঞ্চিত কৰাৰ আঁৰত ধনৰ লেনদেন হোৱাৰ অভিযোগ আনিছে৷ আন প্ৰাৰ্থীসকলৰ সৈতে বিজেপিৰ দলীয় টিকটৰ পৰা বঞ্চিত হৈ নিৰ্দলীয় হিচাপে বহু বিজেপি সমৰ্থকৰ সৈতে আজি লংকা পৌৰসভাৰ কাৰ্যালয়ত উপস্থিত হৈ মনোনয়ন পত্ৰ দাখিল কৰে দুয়োগৰাকীয়ে৷ কংগ্ৰেছে ২নং ৱাৰ্ডত মুকুটদেৱ গোস্বামী, ৰনং ৱাৰ্ডত তৰণজিৎ কৌৰ, ৩ নং ৱাৰ্ডত সাহাব উদ্দিন, প্তনং ৱাৰ্ডত অধিবক্তা বন্তিশিখা শৰ্মা গোস্বামী, ১১ নং ৱাৰ্ডত কুন্দন সিং ভুঁয়ে বিজেপিৰ প্ৰতি তীব্ৰ প্ৰত্যাহ৩ান যে আনিব সেয়া স্পষ্ট হৈ পৰিছে৷ উল্লেখ্য যে, সমগ্ৰ ৰাজ্যৰ লগতে ৬ মাৰ্চত অনুষ্ঠিত হবলগা লংকা পৌৰসভাৰ মুঠ ১১টা ৱাৰ্ডৰ বাবে মংগলবাৰে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনা মুঠ ৪৭খন মনোনয়ন দাখিল কৰে প্ৰাৰ্থীসকলে৷  লংকা পৌৰসভাৰ কাৰ্যালয়ৰ পৰা ৭৬খন মনোনয়ন পত্ৰ বিভিন্ন প্ৰাৰ্থীয়ে সংগ্ৰহ কৰিছিল যদিও বিজেপিয়ে ১১কংগ্ৰেছৰৰৰ খনৰ বিপৰীতে এজেপিয়ে ২খনত আৰু এআইইউডিএফে ৰখন মনোনয়ন পত্ৰ দাখিলৰ বিপৰীতে ২২খন মনোনয়ন পত্ৰ দাখিল কৰে নিৰ্দলীয় প্ৰাৰ্থীয়ে ১০নং ৱাৰ্ডত ৰমা মজুমদাৰে, ৪ নং ৱাৰ্ডত অভিজিৎ দাসে, ৫ নং ৱাৰ্ডত ৰশ্মিৰেখা বৰা, সংগিতা দাস মজুমদাৰ, তুলুৰাণী দাস, মণি দেই, ৬ নং ৱাৰ্ডত শ্ৰিপা মজুমদাৰ, শ্যামলী ধৰ, অনিতা ৰয় দাস, পূৰ্ণিমা দাস দে, ৭ নং ৱাৰ্ডত হিৰালাল শীল, ৰাজীৱ চন্দ্ৰ শীলে, ৮ নং ৱাৰ্ডত প্ৰাক্তন উপ সভানেত্ৰী শুলতা শীলৰ স্বামী দীপক কুমাৰ শীল ১১ নং ৱাৰ্ডত প্ৰসেনজিৎ দাসে, ১ নং ৱাৰ্ডত পূজা মজুমদাৰে নিৰ্দলীয় হিচাপে মনোনয়ন পত্ৰ দাখিল কৰে৷