Logo
image

কোনে ৰেকৰ্ড কৰিছে অজিত ভূঞাৰ ফোন

আমাৰ অসম, ১৬ ফেব্ৰুৱাৰীঃ ৰাজ্যৰ একাংশ ৰাজনৈতিক  নেতা, জাতীয় দল সংগঠনৰ নেতা আৰু জ্যেষ্ঠ সাংবাদিকৰ ফোন চৰকাৰে গোপনে ৰেকৰ্ডিং কৰি থকা বুলি কিছুদিন পূৰ্বে গুৰুতৰ অভিযোগ উত্থাপন হৈছিল৷ অসম আৰক্ষীয়ে একাংশ লোকৰ ফোন ৰেকৰ্ডিং কৰি থকা বুলি আনকি অসম বিধান সভাৰ বিৰোধী দলপতিয়েও অভিযোগ উত্থাপন কৰিছিল৷ এনে অভিযোগৰ প্ৰতিক্ৰিয়া মাৰ নাযাওঁতে সাংসদ অজিত কুমাৰ ভূঞাই মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত এখন সংবাদ মেলত কয় বিৰোধীৰ কণ্ঠৰোধ কৰিবলৈ এইখন চৰকাৰে কি কৰা নাই৷ মোৰ ফোন টেপ কৰিছিল৷ মই নিজে ভূক্তভোগী৷ মই বিভিন্ন আন্দোলনকলৈ সক্ৰিয় থকা বাবে মোৰ ফোন চৰকাৰে টেপ কৰিছিল৷  তেওঁলোকে মানুহক মুৰ্খ বুলি ভাবে৷  ফোন টেপ কৰিবলৈ উচ্ছ প্ৰযুক্তিৰ প্ৰয়োজন নহয়৷ ফোন টেপ কৰিলে কিবা এটা পোৱা যায়৷ ময়ো জানিব পৰিছিলোঁ যে এইখন চৰকাৰে মোৰ টেপ কৰিছিল৷ সত্য উন্মোচিত হোৱাৰ ভয়ত সংসদত পেগছাছ সন্দৰ্ভত প্ৰশ্ন উত্থাপন হ’বলৈ নিদিলে চৰকাৰে৷ চৰকাৰে নুই কৰিব পৰা নাই পেগছাছ ব্যৱহাৰৰ কথা৷ চৰকাৰে নিজেই এই ঘটনাৰ লগত জড়িত থকাৰ বাবেই তদন্ত ঘোষণাৰ সাহস কৰা নাই৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ তাৰিখত ২+২=৩ হয় বুলি ক’লেও ৰাইজে মানি ল’বলৈ বাধ্য৷ অলপতে নিউয়ৰ্ক টাইমচত ইজৰায়েলী সংস্থা এন এছ অ’ৰ বিষয়ে প্ৰকাশ কৰা প্ৰতিবেদন এটাই ভাৰত চৰকাৰৰ মুখা বুলি দিলে৷ যদিও এ এছ অ’ এটা ব্যক্তিগত খণ্ডৰ সংস্থা ইয়াৰ গুৰুত্বপূৰ্ণ পদবীত থকা সকলৰ আটাইবোৰেই কিন্তু প্ৰাক্তন ইজৰায়েলী সামৰিক চোৰাংচোৱাবাহিনীৰ লোক৷ এন এচ অ’ আৰু চৰকাৰৰ মাজৰ সম্পৰ্ক অতি ঘনিষ্ঠ৷ কিয়নো, ইজৰায়েলী চৰকাৰৰ ৰাজনৈতিক আৰু কূটনৈতিক স্বাৰ্থ পূৰণৰ স্বাৰ্থতে ই আন এখন দেশলৈ চফটৱেৰ যোগান ধৰে৷ নিউয়ৰ্ক টাইমচৰ প্ৰতিবেদনটোত এই সংস্থাটোৰ বিষয়ে কেতবোৰ অতি তাৎপৰ্যপূৰ্ণ কথা উল্লেখ কৰা হৈছে৷ চফটৱেৰটোৰ ঘোষিত উদ্দেশ্য হল অপৰাধমূলক আৰু সন্ত্ৰাসবাদী কাৰ্যকলাপ নিয়ন্ত্ৰণ কৰা৷ কিন্তু, বাস্তবক্ষেত্ৰত, বিশেষকৈ মেক্সিকো, পানামা, পোলেণ্ড, হাংগেৰী আৰু সংযুক্ত আৰব এমিৰেটৰ দেশসমূহত ইয়াক ব্যৱহাৰ কৰা হৈছে মানব-অধিকাৰ কৰ্মী তথা আৰু ৰাজনৈতিক বিৰোধীসকলৰ বিৰুদ্ধেহে৷ প্ৰতিবেদনটোত এই কথা স্পষ্টকৈ উল্লেখ কৰা হৈছে যে ২০১৭ চনত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ ইজৰায়েল ভ্ৰমণৰ সময়ও ভাৰত চৰকাৰে অন্য সামৰিক অস্ত্ৰৰ লগতে এই এন-এচ-অ’ স্পাইৱেয়াৰ পেগাছাছা দুশ কোটি ডলাৰ মূল্য কিনিছিল৷ পেগাছাছা স্পাইৱেয়াৰৰ বিষয়ে এই প্ৰতিবেদনটো দুজন প্ৰখ্যাত আৰু বঁটাবিজয়ী সাংবাদিকে বছৰজোৰা গৱেষণাৰ অন্তত প্ৰস্তুত কৰিছে৷ তেওঁলোকে অসংখ্য চৰকাৰী বিষয়া, চোৰাংচোৱা, আইন শৃঙ্খলা বলবৎকাৰী অনুষ্ঠানৰ নেতৃস্থানীয় লোক, চাইবাৰ অস্ত্ৰৰ বিশেষজ্ঞ, ব্যবসায়িক প্ৰতিষ্ঠানৰ উচ্ছ পদস্থ ব্যক্তি আৰু ব্যক্তিবাধীনতা কৰ্মীৰ লগত সাক্ষাৎকাৰ লৈ এই প্ৰতিবেদনটো প্ৰস্তুত কৰিছিল৷ পেগাছাছ সম্পৰ্কে ভাৰতৰ উচ্ছতম ন্যায়ালয়ত বিচাৰাধীন হৈ থকা এই অভিযোগটো নিউয়ৰ্ক টাইম্‌চৰ প্ৰতিবেদনটোৱে সত্য প্ৰমাণিত কৰিলে৷ এইটো এটা ভয়ংকৰ কথা৷ ভাৰত চৰকাৰে কেনেকৈ এনে এটা কাম কৰিব পাৰে? ই এক নোহোৱা নোপজা কথা৷ গণতান্ত্ৰিকভাবে নিৰ্বাচিত চৰকাৰ এখনৰ দ্বাৰাই দেখদেখকৈ ক্ষমতাৰ অপব্যৱহাৰ৷ গণতন্ত্ৰ আৰু আইনৰ শাসনৰ সম্পূৰ্ণ পৰিপন্থী৷ পেগছাছ বিতৰ্কৰ ক্ষেত্ৰত চৰকাৰে ভাৰতীয় সংসদ আৰু উচ্ছতম ন্যায়ালয়কো ভুল পথে পৰিচালিত কৰিছে৷ যিখন চৰকাৰে এটা স্পাইৱেয়াৰ নিজৰ নাগৰিক, ৰাজনৈতিক বিৰোধী আৰু উচ্ছ পদবীত থকা ব্যক্তিসকলৰ বিৰুদ্ধে ব্যৱহাৰ কৰিব পাৰে সেইখন চৰকাৰ নিজেই গণতন্ত্ৰৰ প্ৰতি এক প্ৰচণ্ড ভাবুকি নহয়নে? স্বাধীনতাৰ পিচত, আমাৰ দেশ এনে ধৰণৰ ঘটনাৰ এই বাৰেই প্ৰথম সন্মুখীন হৈছে৷ আমাৰ সংবিধান আৰু ই উধবৰ্ত তুলি ধৰা মৌলিক অধিকাৰসমূহ চৰকাৰৰ কাৰ্যই খৰ্ব কৰিছে৷ ই আমাৰ সকলোৰে বাবে এক গভীৰ উদ্বেগৰ বিষয়৷ আমি আমাৰ বিবেকৰ প্ৰশ্ন কৰা উচিত এওঁলোকে আমাৰ দেশখন কঅলৈ লৈ গৈছে! ইয়াৰ পিচতো তেওঁলোকৰ ক্ষমতাত থকাৰ অধিকাৰ আছেনে? প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাজহুৱা ধনৰ অপব্যৱহাৰৰ ভাষা নাই৷  প্ৰধান মন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে পদত্যাগ কৰা উচিত৷ ইয়াৰ উচিত তদন্ত লাগে৷ দোষীয়ে শাস্তি পাব লাগে৷