Logo
image

ইউক্ৰেইন সীমান্তৰ পৰা উভতিছে ৰুছ সেনা, মূৰ দাঙিছে ছেনছেক্সেও

আমাৰ অসম, ১৬ ফেব্ৰুৱাৰীঃ কেইদিনমান পূৰ্বে আমেৰিকাই কৈছিল, ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰা কেৱল সময়ৰ অপেক্ষা৷ ইতিপূৰ্বে বলপূৰ্বকভাৱে দখল কৰা ইউক্ৰেইনৰ দক্ষিণ দিশৰ ক্ৰিমিয়া, ৰাছিয়াৰ সৈতে থকা দুই দেশৰ সীমান্ত আৰু উত্তৰে বেলাৰুছৰ দিশৰ পৰা কেইবালক্ষাধিক সেনাৰে ৰাছিয়াই ইউক্ৰেইনক বেৰি পেলাইছিল৷ ইয়াৰ ফলতে আমেৰিকা আৰু ইউৰোপৰ নাটোৰ অন্তৰ্ভুক্ত দেশসমূহে যিকোনো মুহূৰ্তত ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰি দখল কৰি ল’ব বুলি ধাৰণা কৰিছিল আৰু মুকলিভাৱে তেনে মন্তব্যও কৰিছিল৷ অনেকেই কৈছিল চীনৰ শীতকালীন অলিম্পিক শেষ হ’লেই ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰিব৷ আন একাংশৰ মত আছিল ১৪ ফেব্ৰুৱাৰীত কিয়েভ হৈ ১৫ ফেব্ৰুৱাৰীত জাৰ্মানীৰ চেঞ্চেলৰ ওলাফ ছোলৎজেৰ মস্কো ভ্ৰমণ শেষ হোৱাৰ লগে লগে আক্ৰমণ আৰম্ভ হ’ব৷ কিন্তু এই দুয়ো ধাৰণা সলনি কৰি মঙলবাৰে, ১৫ ফেব্ৰুৱাৰীত আজি ৰাছিয়াই ইউক্ৰেইনৰ দক্ষিণ আৰু পশ্চিম সীমান্তৰ পৰা সেনাবাহিনী অপসাৰণ কৰিছে৷ যুদ্ধোন্মাদ ৰাছিয়াৰ সেনাবাহিনীৰ এটা বৃহৎ অংশ বেৰেকলৈ উভতি গৈছে বুলি ৰাছিয়াৰ সেনাবাহিনীৰ সূত্ৰই ভিডিঅ’সহ প্ৰকাশ কৰিছে৷ ৰাছিয়াই অৱশ্যে পূৰ্বৰ দৰেই একে স্থিতি অব্যাহত ৰাখি তেওঁলোকে ইউক্ৰেইন আক্ৰমণ কৰিবলৈ উদ্যত হোৱা নাছিল বুলি আজিও মন্তব্য কৰিছে৷ ৰাছিয়াই প্ৰকাশ কৰিছে, তেওঁলোকৰ সেনাবাহিনীয়ে সীমান্তৰ একাধিক স্থানত সামৰিক অনুশীলন চলাইছিল৷ সেয়া সেনাবাহিনীৰ নিয়মিত অনুশীলনৰ অংশ৷ অনুশীলনৰ সমাপ্তি ঘটাৰ বাবেই সেনাবাহিনীৰ বৃহৎ অংশ এতিয়া বেৰেকলৈ উভতি গৈছে৷ তাত কোনো নতুনত্ব নাই৷ ক্ৰেমলিনৰ মুখপাত্ৰ ডিমিট্ৰি পেছক’ভে কয় যে, ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰিব বুলি চলোৱা প্ৰচাৰ আচলতে পশ্চিমীয়া দেশৰ এক অপপ্ৰচাৰহে৷ তেওঁলোকে ইউক্ৰেইনক আক্ৰমণ কৰিবলৈ প্ৰস্তুতি চলোৱা নাছিল৷ অথচ আমেৰিকাকে ধৰি নাটোৰ সদস্যভুক্ত ৰাষ্ট˜ই অপপ্ৰচাৰ চলাই ৰাছিয়াৰ ভাৱমূৰ্তি বিনষ্ট কৰিছে৷ পেছক’ভে কয় যে, ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰিব বুলি চলা অপপ্ৰচাৰক দেশৰ ৰাষ্ট˜পতি ভ্‌লাডিমিৰ পুটিনে সাম্প্ৰতিক সময়ৰ বৃহত্তম কৌতুক বুলি অভিহিত কৰিছে৷ অৱশ্যে ৰাছিয়াৰ সেনাৰ পশ্চাতপসৰণ সত্ত্বেও বেচৰকাৰী সংস্থাৰ উপগ্ৰহ চিত্ৰ বিশে¡ষণ কৰি আমেৰিকা আৰু নাটোৰ অন্তৰ্ভুক্ত ৰাষ্ট˜ৰ সংবাদ মাধ্যমে দাবী কৰিছে যে, কিছুসংখ্যক টেংক আৰু সেনাৰ অপসাৰণ ঘটালেও ৰাছিয়াই এতিয়াও তিনি দিশৰ পৰা ইউক্ৰেইনক ঘেৰিয়ে আছে৷ পূৰ্বে ডেৰ লাখৰো অধিক সেনা ইউক্ৰেইন সীমান্তত সমবেত কৰা হৈছিল৷ এতিয়াও তাৰ এক লাখ ত্ৰিশ হেজাৰ সেনা সীমান্ততে আছে৷ ইপিনে ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰিব বুলি সংবাদ প্ৰচাৰ হোৱাৰ লগে লগে বিশ্বজুৰি পতন ঘটা শ্বেয়াৰ বজাৰৰ সৈতে সাদৃশ্য ৰাখি সোমবাৰে ভাৰতীয় শ্বেয়াৰ বজাৰত বৃহৎ পতন ঘটিছিল৷ আজি পিছে ৰাছিয়াই সেনাবাহিনী অপসাৰণ কৰাৰ লগে লগে যুদ্ধৰ আশংকা হ্ৰাস পোৱাত পুনৰ ভাৰতীয় শ্বেয়াৰ বজাৰে মূৰ দাঙি উঠে৷ কালি হোৱা ক্ষতি একেদিনাই পূৰণ কৰি আজি ১৭৩৬.২১ ছেনছেক্স পইণ্ট বৃদ্ধি পায়৷ বিএছই ছেনছেক্সৰ দৰেই এনএছই অৰ্থাৎ নেশ্বনেল ষ্টক এক্সছেঞ্জতো আজি এদিন পূৰ্বে হোৱা সকলো ক্ষতি এদিনতে পূৰণ হয়৷ এনএছইৰ নিফটীও আজি উদ্ধৰ্গামী হয়৷ উল্লেখ্য, কালি এদিনতে ভাৰতীয় শ্বেয়াৰ বজাৰত অবিশ্বাস্য পতন ঘটাত ১০ লাখ কোটিতকৈয়ো অধিক ধন বিনিয়োগকাৰীয়ে হেৰুৱাইছিল৷ পিছে নিশাটোৰ ভিতৰতে আজি প্ৰায় সমান ছেনছেক্স পইণ্ট বৃদ্ধি পোৱাত দেশৰ শ্বেয়াৰ বজাৰলৈ পুনৰ বিনিয়োগকাৰীৰ ধন উভতি আহে৷