Logo
image

মুম্বাইত টাটাৰ হাতত ‘অসম বৈভৱ’ তুলি দিলে মুখ্যমন্ত্ৰীয়ে

আমাৰ অসম, ১৭ ফেব্ৰুৱাৰীঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে মুম্বাইত উপস্থিত হৈ দেশৰ বিশিষ্ট উদ্যোগপতি তথা টাটা ট্ৰাষ্টৰ অধ্যক্ষ ৰতন টাটাক অসমৰ সৰ্বোচ্ছ অসামৰিক সন্মান ‘অসম বৈভৱ’ প্ৰদান কৰে৷ মুম্বাইৰ কোলাৱাত থকা তাজ ৱেলিংটনত অনুষ্ঠিত এক অনুষ্ঠানত মুখ্যমন্ত্ৰী শৰ্মাই ৰতন টাটাৰ হাতত এই সন্মান তুলি দিয়ে৷ অসমত কৰ্কট ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত আগবঢ়োৱা অনবদ্য সেৱাৰ বাবে ৰতন টাটাক এই সৰ্বোচ্ছ অসামৰিক সন্মান আগবঢ়ায় ৰাজ্য চৰকাৰে৷ এই সন্মানৰ অংশৰূপে তেওঁক এটা পদক, এখন প্ৰশস্তি পত্ৰ আৰু নগদ ৫ লাখ টকা প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে৷ উল্লেখ্য, ২৪ জানুৱাৰীত গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰত এক বৰ্ণাঢ্য অনুষ্ঠানত ৰাজ্যপাল জগদীশ মুখীয়ে ৰাজ্যৰ তিনিটা অসামৰিক সন্মান সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ বিশিষ্ট সেৱা আগবঢ়োৱা অন্য ১৮জন লোকক প্ৰদান কৰিছিল৷ কিন্তু স্বাস্থ্যজনিত কাৰণত ৰতন টাটা এই অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিলে৷ সেয়ে মুখ্যমন্ত্ৰী শৰ্মাই আজি নিজে মুম্বাইলৈ গৈ ৰতন টাটাৰ হাতত ‘অসম বৈভৱ’ বঁটা তুলি দিয়ে৷ ইয়াৰ পাছতে মুখ্যমন্ত্ৰী শৰ্মা ভাৰতৰত্ন সদ্যপ্ৰয়াত লতা মংগেশকাৰৰ বাসগৃহত উপস্থিত হৈ লতা মংগেশকাৰৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে৷ সেই সময়ত লতা মংগেশকাৰৰ ভ্ৰাতৃ হৃদয়নাথ মংগেশকাৰ ভগ্নী ঊষা মংগেশকাৰো উপস্থিত আছিল৷ মুখ্যমন্ত্ৰীয়ে লতা মংগেশকাৰৰ পৰিয়ালৰ সদস্যৰে বাৰ্তালাপ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে৷ উল্লেখ্য, লতা মংগেশকাৰৰ প্ৰতিচ্ছবি আজি গামোছাৰে সজাই থোৱা আছিল৷ বাৰ্তালাপত অসমৰ সৈতে থকা  লতা মংগেশকাৰৰ দীঘলীয়া সম্পৰ্কৰ বিষয়ে মুখ্যমন্ত্ৰীয়ে স্মৰণ কৰে৷