Logo
image

এনকাউণ্টাৰৰ সেই নিচাতেই গৰজি উঠিছিল বনৰক্ষীৰ বন্দুক

আমাৰ অসম, ১৭ ফেব্ৰুৱাৰীঃ ‘মানুহজনক ভৰিতো গুলীয়াইছিল, হাততো গুলীয়াইছিল৷ মানুহজনে নামাৰিব নামাৰিব বুলি চিঞৰিছিল যদিও বনৰক্ষীসকলে তেওঁৰ কথা একো নুশুনিলে, বুকুত গুলীয়াই হত্যা কৰিলে৷ ৮ জাই গুলীয়ে থকা সৰকা কৰিলে৷ অথচ বন বিষয়াই মোৰ মানুহজনৰ পৰা ৫-৬ হাজাৰ টকালৈ হাবিত কাঠ কটাৰ বাবে অনুমতি দিছিল৷ নিৰ্মীয়মান ঘৰটোৰ খিৰিকীৰ বাবে কাঠ আনিবলৈ গৈছিল৷ গুলী কৰা বন বিষয়াসকল আমাৰ ঘৰলৈ প্ৰায়ে আহে৷ মোক ভাগিন বুলি মাতিছিল সিহঁতে৷ আৰু সিহঁতে মানুহজনক গুলীয়াই মাৰিলে৷ এতিয়া মোক ন্যায় দিব কোনো?– পৰিচিত চৰকাৰী বিষয়াই স্বামীক গুলীয়াই হত্যা কৰাৰ পাছত এইদৰে আক্ষেপ কৰিছে এগৰাকী পত্নীয়ে৷ মৰিগাঁৱৰ কুঠৰী বনাঞ্চলত বনকৰ্মীৰ এনকাউণ্টাৰত মৃত্যু হোৱা বীৰসিং তিছুৰ দুৰ্ভগীয়া পত্নীয়ে বুধবাৰেই চাঞ্চল্যকৰ মন্তব্য কৰিছে৷ মুখ্যমন্ত্ৰীৰ সেউজ সংকেতত অসম আৰক্ষীৰ পদাংক অনুসৰণ কৰি বনৰক্ষীৰ মূৰতো যেন শিপাইছে এনকাউণ্টাৰৰ ভূত৷ স্বামীক ভুৱা এনকাউণ্টাৰত গুলীয়াই হত্যা কৰা ঘটনাৰ ন্যায় বিচাৰি বুধবাৰে ৬ বছৰ আৰু ৭ মহীয়া দুই সন্তানক বুকুত বান্ধি মৰিগাঁও উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ৰাইজৰ সৈতে প্ৰতিবাদত বহে নিহত বৰসিং তিছুৰ পত্নীয়ে৷ নগাঁৱৰ কীৰ্তি কমল বৰাৰ ভুৱা এনকাউণ্টাৰৰ দৰেই যেন বৰসিং তিছুক এনকাউণ্টাৰত গুলীয়াই হত্যা কৰিলে বনৰক্ষীয়ে৷ অসম আৰক্ষীয়ে বৰ্তমানলৈ ১০০ ৰো অধিক এনকাউণ্টাৰ সংঘটিত কৰি প্ৰায় ২৫ জনক গুলীয়াই হত্যা কৰিছে৷ আৰক্ষীৰ এই এনকাউণ্টাৰকলৈ বিভিন্নজনে সন্দেহৰ দৃষ্টিয়ে চাইছে৷ শেহতীয়াকৈ নগাঁও আৰক্ষীয়ে কীৰ্তি কমল বৰা নামৰ এজন ছাত্ৰক ভুৱা এনকাউণ্টাৰত গুলীবিদ্ধ কৰাৰ তথ্য অতিৰিক্ত মুখ্য সচিবৰ তদন্তৰ প্ৰতিবেদনত উন্মোচন হৈছে৷ এনে এনকাউণ্টাৰ দেখি যেন ৰৈ থাকিব পৰা নাই বনৰক্ষীয়েও৷ যাৰ বাবে বনাঞ্চলত নিজেই কাঠ কাটিবলৈ অনুমতি দিয়া এজন স্থানীয় লোকক বনৰক্ষীয়েই সুৰাৰ নিচাত ওলোটাই ভুৱা এনকাউণ্টাৰত গুলীয়াই হত্যা কৰাৰ অভিযোগ উঠিছে৷  আনকি বনৰক্ষীৰ গুলীত আঘাতপ্ৰাপ্ত হৈ বৰসিং তিছুৰ সহযোগী ৰাজীৱ চিংনাৰ চিকিৎসাধীন হৈ আছে৷ ইপিনে সুৰাৰ ৰাগিত গুলীচালনা কৰা বুলি অভিযোগ উত্থাপন হোৱা বনবিষয়া আৰু বনকৰ্মীদ্বয়ে আত্মগোপন কৰা বুলিও জানিব পৰা গৈছে৷ লক্ষণীয়ভাৱে এই হত্যাকাণ্ডৰ সন্দৰ্ভত মৰিগাঁও জিলা উপায়ুক্তই নিয়মমাফিক দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিয়েই দায়িত্ব সামৰাৰ অভিযোগ উঠিছে৷

প্ৰতিবাদত উত্তাল মৰিগাঁও, মুখ্যমন্ত্ৰীলৈ পত্ৰ

কালি জাগীৰোডৰ কুঠুৰী বনাঞ্চল বনকৰ্মীৰ গুলীত বীৰসিং তিছ’ৰ মৃত্যু হোৱাৰ ঘটনাৰ প্ৰতিবাদত আজি মৰিগাঁৱত বহুকেইটা সংগঠনে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ সদৌ তিৱা ছাত্ৰ সন্থা, কাৰ্বি ছাত্ৰ ইউনিয়ন, মৰিগাঁও জিলা ছাত্ৰ সন্থা, তিৱা যুৱ ছাত্ৰ পৰিষদ, সদৌ তিৱা মহিলা সন্থা, মৰিগাঁও জিলা ট্ৰাইবেল সংঘ আৰু সদৌ অসম ট্ৰাইবেল ইউথ লীগ আদি সংগঠনে কুঠৰী বিটৰ বন বিষয়া কেশৱ শস্যৰ আৰু নীল হাজৰিকাই প্ৰথমে ধন লৈ গছ কাটিবলৈ অনুমতি দি পাছত জাগীৰোড বনাঞ্চলিক বিষয়া দুলাল বৰাৰ নেতৃত্বত যোৱা এটা বন বিষয়াৰ দলে ঘেৰিধৰি অপ্ৰৰোচিতভাৱে গুলীয়াই বীৰসিং তিছ’ক হত্যা কৰাৰ লগতে ৰাজীৱ চিংনাৰক গুলীয়াই আহত কৰে৷ এই ঘটনাৰ লগত জড়িত বন বিষয়াসকলক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবীত আৰু নিহত বীৰসিং তিছ’ৰ পৰিয়ালক ৫০ লাখ টকাৰ ক্ষতিপূৰণ আদায় দিয়াৰ লগতে তেওঁৰ পত্নীক চৰকাৰী সংস্থাপন দিয়াৰ দাবীত মৰিগাঁও জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত সহস্ৰাধিক প্ৰতিবাদী জনতাই প্ৰতিবাদ কৰি পৰিৱেশ উত্তাল কৰি তোলে৷ প্ৰতিবাদকাৰীসকলে এইসমূহ দাবী সম্বলিত এখন স্মাৰক-পত্ৰ জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে৷ স্মাৰক-পত্ৰত লগতে উল্লেখ কৰে যে, কুঠৰী বন বিভাগৰ জ্ঞাতসাৰেই একাংশ সন্দেহজনক লোকে বনাঞ্চলখনৰ মূলবান শাল, ছেগুন আদি গছ কাটি তহিলং কৰি ঘৰ বনাই স্থায়ীভাৱে বাস কৰি থকা লোকসকলৰ বিৰুদ্ধে বন বিভাগে ব্যৱস্থা গ্ৰহণ কৰিবলৈ সাহস কৰিব নোৱৰা বন বিভাগৰ বিষয়াই স্থানীয় জনজাতি লোকক অপ্ৰৰোচিতভাৱে গুলীয়াই হত্যা কৰা কাৰ্যকলাপৰ কঠোৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে এই ঘটনাৰ এক দণ্ডাধীশপৰ্যায়ৰ তদন্ত ঘোষণা কৰিবলৈ চৰকাৰক দাবী জনায়৷ এই স্মাৰক-পত্ৰৰ প্ৰতিলিপি স্থানীয় বিধায়ক তথা মন্ত্ৰী পীয়ূষ হাজৰিকা আৰু শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুলৈয়ো প্ৰেৰণ কৰে৷