কালাপাহাৰেই নহয়, সলনি হৈ যাব বহু গাঁও-চহৰৰ নাম
নাম সলনিৰ বাবে মুখ্যমন্ত্ৰীৰ প’ৰ্টেল শীঘ্ৰেই
আমাৰ অসম, ১৭ ফেব্ৰুৱাৰীঃ উত্তৰ প্ৰদেশৰ দৰে দেশৰ অন্য বিজেপি শাসিত ৰাজ্যসমূহৰ পদাংক অনুসৰণ কৰি শীঘ্ৰে চৰকাৰী উদ্যোগত অসমতো আৰম্ভ হ’ব ঠাইৰ নাম সলনিৰ পৰিক্ৰমা৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই নিজেই ইতিমধ্যে ঘোষণা কৰিছে ৰাজ্য চৰকাৰৰ এই সিদ্ধান্ত৷ এই ক্ষেত্ৰত তেওঁ গুৱাহাটীৰ কালাপাহাৰৰ নাম উদাহৰণ হিচাপে দাঙি ধৰিছে৷ বুধবাৰে মুখ্যমন্ত্ৰী ড॰ শৰ্মাই টুইট যোগে পুনৰ এই সিদ্ধান্ত সদৰি কৰি কয়–এখন চহৰ, নগৰ বা গাঁৱৰ নামে ঠাইখনৰ সংস্কৃতি, পৰম্পৰা আৰু সভ্যতাক প্ৰতিনিধিত্ব কৰিব লাগে৷ সমগ্ৰ ৰাজ্যত আমাৰ সভ্যতা, সংস্কৃতিৰ পৰিপন্থী আৰু যিকোনো জাতি বা সম্প্ৰদায়ৰ বাবে সন্মানহানিকৰ ঠাইৰ নাম পৰিৱৰ্তন কৰাৰ ক্ষেত্ৰত পৰামৰ্শ আহ্বানৰ বাবে আমি পোৰ্টেল এটা মুকলি কৰিম৷ আনহাতে মাজুলীতো এই সন্দৰ্ভত মতামত প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয়–কিছুমান ঠাইৰ নাম কিছুমান জনগোষ্ঠীৰ প্ৰতি হেয়সূচক৷ যেনে কুকুৰমুতা, চাৰাপভাটি৷ এনেকোৱা নাম ভাল নহয়৷ আৰু কিছুমান একেবাৰে জনগোষ্ঠীসমূহক অপমান কৰা গাঁও আৰু চহৰৰ নাম আছে৷ সেইবাবে অসমীয়া সংস্কৃতিৰ অনুৰূপ, যিবিলাক নাম অসমীয়া মানুহে ভাল পায় তেনেকোৱা নামেৰে আমি ঠাইবিলাক নামাকৰণ কৰিব বিচাৰিছো৷ ইয়াত চৰকাৰৰ কোনো জোৰ জবৰদস্তি নাই৷ চৰকাৰে পোৰ্টেল এটা মুকলি কৰিব৷ ইয়াত গাঁৱৰ ৰাইজে পুৰণি নামটো দিব আৰু নতুন নামটো প্ৰস্তাব কৰিব৷ যদি ৰাইজে প্ৰস্তাব নিদিয়ে তেন্তে ঠাইৰ নাম সলনি নহ’ব৷ চৰকাৰে কোনো নাম এটা জাপি নিদিয়ে৷ ৰাইজে সভা কৰি ঠাইৰ নাম এটা ঠিক কৰি পোৰ্টেলত প্ৰস্তাব দিব৷ উপায়ুক্তই গৈ খবৰ কৰিব যে নতুন নামটো সৰ্বসন্মতি ক্ৰমে দিছে নে নাই৷ যদি গাঁৱৰ মানুহে কয় যে নতুন নামটো সৰ্ব সন্মতিক্ৰমে দিছে তেতিয়াহে নামটো সলনি হ’ব৷ অহা ৭ দিনৰ ভিতৰত পোৰ্টেলটো আৰম্ভ হ’ব৷ কুকুৰমুতা, চাৰাপভাটিৰ নাম মইহে বেয়া পাইছো৷ স্থানীয় ৰাইজে হয়তো ভালেই পাই থাকিব পাৰে৷ বহু ৰাইজে ঐতিহ্যৰ খাতিৰত নামটো হয়তো পৰিৱৰ্তন কৰিব নিবিচাৰিবও পাৰে৷ ঐতিহ্য আৰু সংস্কৃতিবান নাম সলনি কৰিব নিদিও৷ উল্লেখ্য যে কালাপাহাৰত গুৱাহাটীৰ দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰি দিয়া ভাষণত মুখ্যমন্ত্ৰী ড॰ শৰ্মাই উল্লেখ কৰিছিল যে কালাপাহাৰে কামাখ্যা মন্দিৰ ভাঙিছিল৷ কালাপাহাৰৰ নামত এখন ঠাই থকাৰ কোনো যুক্তি থাকিব নোৱাৰে৷ স্থানীয় বিধায়কে ইয়াৰ বাসিন্দাৰ লগত আলোচনা কৰি কালাপাহাৰৰো নতুন নাম এটা দিব লাগে৷ কামাখ্যা মন্দিৰ ভঙা লোক এজনক স্মৰণ কৰি থকাৰ যুক্তি থাকিব নোৱাৰে৷ অসমত এনেকোৱা বহু ঠাইৰ নাম আছে যাক সেই ঠাইৰ লোকে কবলৈ ভাল নাপায়৷ কিছুমান জাতিক তুচ্ছ কৰি কিছুমান ঠাইৰ নাম ৰখা হৈছিল৷ সেই নাম বিলাকো পৰিৱৰ্তন কৰিব লাগে৷ কালাপাহাৰৰ পৰা সেই কামৰ আৰম্ভণি কৰিব পাৰি৷