Logo
image

নেহৰু ষ্টেডিয়ামো দখল! ক্ৰিকেটৰ গ্লেমাৰত স্থান হেৰাইছে ফুটবলৰ

আমাৰ অসম, ১৭ ফেব্ৰুৱাৰীঃ ক্ৰিকেটৰ জনপ্ৰিয়তাই ম্লান কৰিছে ফুটবলক৷ এই কথা প্ৰতীয়মান হৈছে অসমৰ ক্ৰীড়াৰ প্ৰাণকেন্দ্ৰ গুৱাহাটীতে৷ গুৱাহাটীত ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ লগতে অনুশীলন তথা প্ৰশিক্ষণৰ বাবে খেলপথাৰৰ অভাৱ৷ কেইমাহমান আগলৈকে গুৱাহাটীক্ৰীড়া সন্থাৰ লগতে মহানগৰীৰ ফুটবল ক্লাববোৰে প্ৰতিযোগিতা অনুষ্ঠিত কৰা আৰু অনুশীলনৰ বাবে নিৰ্ভৰ কৰিছিল নেহৰু ষ্টেডিয়ামৰ ওপৰত৷ কিন্ত শেহতীয়াকৈ নেহৰু ষ্টেডিয়ামো দখল কৰিলে ক্ৰিকেটে৷ সৰুসজাই ক্ৰীড়া প্ৰকল্পক বাদ দি গুৱাহাটীত বৰ্তমান খেলৰ গতি বিধিৰ বাবে যিকেইখন খেলপথাৰ আছে আটাইকেইখন ব্যৱহৃত হৈ আছে কেৱল ক্ৰিকেটৰ বাবেহে, যাৰফলত ক্ষতিগ্ৰস্ত হৈছে ফুটবল খেলুৱৈসকল৷ অসম ক্ৰিকেট সন্থাৰ যিহেতু  বৰ্ষাপাৰাত নিজস্ব এখন ষ্টেডিয়াম আছে তেনেক্ষেত্ৰত নেহৰু ষ্টেডিয়াম ফুটবলৰ বাবে সংৰক্ষণ কৰাৰ বাবে বিভিন্ন সময়ত দাবী উত্থাপন হ’লেও চৰকাৰ কিম্বা সংশ্লিষ্ট বিভাগে এই বিষয়টোত গুৰুত্ব নিদিয়া বু্‌লি অভিযোগ উত্থাপন কৰিছে সদৌ অসম ফুটবল খেলুৱৈ কল্যাণ সন্থাই৷ বুধবাৰে গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত এখন সংবাদমেল আয়োজন কৰি সন্থাটোৰ সভাপতি হেম দাস আৰু সম্পাদক দুৰ্গা বড়োৱে খেলপথাৰৰ অভাৱৰ বাবে গুৱাহাটীৰ ফুটবলাৰসকল বৰ্তমান হীনমান্যতাত ভুগিছে বুলি দুখ প্ৰকাশ কৰে৷ ‘নেহৰু ষ্টেডিয়ামত অনুশীলনকৰিয়েই  বহু ফুটবলাৰে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অসম তথা ভাৰতক প্ৰতিনিধিত্ব কৰিলে৷ তেনেস্থলত সেই নেহৰু ষ্টেডিয়ামতে আজি ফুটবলাৰে খেলিবৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে৷ খেলুৱৈসকল হীনমান্যতাত ভোগাতো স্বাভাৱিক’– সন্থাটোৰ বিষয়ববীয়াই সংবাদমেলত ক্ষোভ প্ৰকাশ কৰি কয়৷ আনহাতে, নেহৰু ষ্টেডিয়ামৰ উপৰি মালিগাঁৱৰ ৰে’লৱে ষ্টেডিয়াম, জজ খেলপথাৰ, লতাশিল খেলপথাৰ সকলোতে এতিয়া ক্ৰিকেটৰ দপদপনি৷ প্ৰভাৱশালী লোক ক্ৰিকেটৰ সৈতে জড়িত থকাৰ বাবেই আৰু অসমৰ ক্ৰিকেটৰ অভিভাৱক সন্থাটো ধনবান হোৱাৰ বাবেই যেন এতিয়া গুৱাহটীৰ খেলপথাৰত ক্ৰিকেটৰ বাহিৰে অন্য ক্ৰীড়াই স্থান নোপোৱা হৈছে৷ একপ্ৰকাৰ সকলো খেলপথাৰ দখল কৰিছে ক্ৰিকেটে৷ তদুপৰি ক্ৰিকেটত গ্লেমাৰ বেছি৷ গতিকে, ক্ৰিকেটৰ গ্লেমাৰত ফুটবলৰ লগতে আন খেলসমূহে স্থান হেৰুৱাবলগা পৰিস্থিতিৰ সৃষ্টি হৈছে৷  ইফালে, খানাপাৰাৰ অসম পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰখনো এতিয়া ব্যৱহূত হয় হেলিপেড হিচাপে৷ অসমৰ মুখ্যমন্ত্ৰী তথা আন মন্ত্ৰীয়ে এই খেলপথাৰখন হেলিপেড হিচাপে ব্যৱহাৰ কৰে৷ সদৌ অসম ফুটবল খেলুৱৈ কল্যাণ সন্থাই নেহৰু ষ্টেডিয়ামখন কেৱল ফুটবলৰ বাবে সংৰক্ষণ কৰাৰ বাবে চৰকাৰৰ ওচৰত আহ্বান জনোৱাৰ লগতে অসম ফুটবল সন্থাকো বিষয়টোৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনায়৷ নেহৰু ষ্টেডিয়ামত ফুটবল খেলৰ কাৰ্যকলাপ ধৰি ৰখাৰ বাবে অসম ফুটবল সন্থাই যিধৰণে কাৰ্যপন্থা হাতত ল’ব লাগিছিল সেইধৰণে লোৱা নাই বুলি লগতে ক্ষোভ উজাৰে সন্থাটোৱে৷  উল্লেখ্য, ফুটবল খেলুৱৈ কল্যাণ সন্থাই প্ৰাক্তন খেলুৱৈৰ সহযোগত নেহৰু ষ্টেডিয়ামলৈ পুনৰ ফুটবলৰ পৰিৱেশ ঘুৰাই অনাৰ দাবীৰে  ২০ ফেব্ৰুৱাৰীত গুৱাহাটী ক্লাবস্থিত টি চি ছোৱালী স্কুলৰ পৰা নেহৰু ষ্টেডিয়ামলৈ এটা প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব৷ স্মৰ্তব্য যে, অসম ক্ৰিকেট সন্থা আৰু ব’ৰ্ড অব স্প’টৰ্ছৰ  মাজত হোৱা চুক্তি অনুসৰি  নেহৰু ষ্টেডিয়ামৰ খেলপথাৰখন অসম ক্ৰিকেট সন্থাই তৈয়াৰ কৰিলেও খেলপথাৰখন চোৱা-চিতা কৰিব ব’ৰ্ড অব স্প’ৰ্টছে৷  য’ত ক্ৰিকেটৰ লগতে আন খেলেও সমানে সুযোগ পাব৷ কিন্ত সেই প্ৰতিশ্ৰুতি অসাৰ প্ৰতিপন্ন হৈছে৷ খেলপথাৰখন তৈয়াৰ হৈ উঠাৰ পাছৰে পৰা কেৱল ক্ৰিকেটেই হৈ আছে৷  এতিয়াও ৰঞ্জি ট্ৰফী আয়োজনৰ পূৰ্ণ প্ৰস্তুতি চলিছে নেহৰু ষ্টেডিয়ামত৷