মাজুলীৰ উপ-নিৰ্বাচন আৰু বিৰোধীৰ ভূমিকা
জল্পনা-কল্পনাৰ অন্ত৷ সৰ্বানন্দ সোণোৱালে মুখ্যমন্ত্ৰী হ’বলৈ বাছি লোৱা সমষ্টিটোৰ পৰা বোধকৰোঁ সৰ্বকালৰ বাবে বিদায় ল’লে সোণোৱালে৷ অৱধাৰিতভাৱেই আহিল আৰু এটা সমষ্টিৰ উপ-নিৰ্বাচন৷ এজন মুখ্যমন্ত্ৰীয়ে প্ৰতিনিধিত্ব কৰা সমষ্টিটো স্বাভাৱিকতেই গুৰুত্বপূৰ্ণ সমষ্টি হৈ পৰে৷ একাংশই সন্মানীয় সমষ্টি বুলি বিশেষণ দিব বিচাৰে যদিও ভোটাৰৰ দৃষ্টিৰে ৰাজ্যখনৰ ১২৬টা সমষ্টিয়েই সন্মানীয়৷ সেই দিশৰ পৰা মাজুলীৰ উপ-নিৰ্বাচন শাসক-বিৰোধীৰ বাবেই সন্মানৰ বিষয় হিচাপে আহি পৰিছে৷ কিন্তু বিগত সময়ত ৰাজ্যখনৰ প্ৰধান বিৰোধী দল কংগ্ৰেছৰ প্ৰতি অসমৰ জনসাধাৰণৰ মোহভংগ হোৱাৰ লগতে দলটো নেতৃত্বশূন্যতাৰ দিশলৈ গৈ থকাৰ বাবে বিজেপিয়ে আন সমষ্টিৰ লগতে মাজুলী সমষ্টিতো কংগ্ৰেছৰ ভেটি দখল কৰিলে৷ সেয়ে এতিয়া কংগ্ৰেছৰ ৰাজীৱ লোচন পেগু, যিজনে কেইবাবাৰো বিধায়ক হৈছিল, সেইজনেও কংগ্ৰেছৰ সংগ ত্যাগ কৰিলে৷ আনহাতে, যোৱা অক্টোবৰত অনুষ্ঠিত ৰাজ্যখনৰ উপ-নিৰ্বাচনৰ সময়তো বিৰোধীৰ যি অবুজ জোঁটবন্ধন আছিল, সেই সময়তে মাজুলীৰ আসনখন নতুন আঞ্চলিক দল অসম জাতীয় পৰিষদৰ বাবে কংগ্ৰেছে এৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল আৰু সেই প্ৰতিশ্ৰুতিৰ ভিত্তিতে এতিয়া জাতীয় পৰিষদে নিজৰ প্ৰাৰ্থী ঘোষণা কৰিছে বিগত সাধাৰণ নিৰ্বাচনত ধেমাজি বিধানসভা সমষ্টিত এক নিৰ্ণায়ক অংশৰ ভোট পাবলৈ সক্ষম হোৱা তথা জাতীয় পৰিষদৰ নেতা চিত্তৰঞ্জন বসুমতাৰীক৷ যিজন বসুমতাৰীক নিজ সমষ্টিতে বৰ্তমানৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ৩০ হাজাৰতকৈও অধিক ভোটৰ ব্যৱধানত পৰাস্ত কৰিছিল, সেইজন চিত্তৰঞ্জন বসুমতাৰী মিচিং অধ্যুষিত মাজুলীত বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী হোৱা বিষয়টো ৰাজনৈতিক বিচক্ষণতাৰ পৰিচায়ক নহয় বুলি ইতিমধ্যে ৰাজনৈতিক বিশ্লেষকৰ মাজত ব্যাপক চৰ্চা হৈছে৷
বিজেপিয়ে যিজনক মাজুলীৰ পৰা বিধানসভালৈ নিবলৈ টিকট দিছে, সেইজন ব্যক্তিৰ কুকীৰ্তি সম্পৰ্কত ইতিমধ্যে সামাজিক মাধ্যমত ব্যাপক ৰটনা হৈছে৷ সঁচাকৈয়ে যিজন মুখ্যমন্ত্ৰীয়ে মুখেৰে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কয়, দালালৰাজ নোহোৱা কৰাৰ কথা কয়, সেইজন মুখ্যমন্ত্ৰীয়েই মাটিৰ দালালী কৰাৰ অভিযোগ থকা ব্যক্তিক বিধানসভালৈ নিবলৈ লোৱা কাৰ্যই মুখ্যমন্ত্ৰী তথা বিজেপি দলটোৰ আচল চৰিত্ৰ সন্মুখলৈ আনিছে৷ আচলতে সন্মানীয় সমষ্টি তেতিয়াহে হয় যেতিয়া সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা লোকজন সামাজিক ব্যক্তি হয় আৰু জনসাধাৰণৰ সুখ-দুখ বুজিব পৰা হয়৷ সম্পদশালীৰে সম্পৰ্ক থকা লোকে সাধাৰণ লোকৰ সুখ-দুখৰ কথা চিন্তা নকৰে৷ সেয়ে এনে ব্যক্তিক জনসাধাৰণে নিৰ্বাচন কৰা উচিত নহয়৷ কিন্তু জনগণেনো কি কৰিব? যিহেতু অনাগত ৪ বছৰলৈ চৰকাৰ লৰচৰ কৰিব পৰা নাযাব, তেনে অৱস্থাত চৰকাৰৰ লগত থকাই উচিত বুলি বহুতে বিবেচনা কৰে৷ তেনে পৰিস্থিতিৰ সুযোগ গ্ৰহণ কৰিয়েই অসৎ লোকেও জনপ্ৰতিনিধি হোৱাৰ সুযোগ লাভ কৰে৷ আনহাতে যদি বিৰোধীৰ কোনো শক্তিশালী প্ৰাৰ্থী নাথাকে, তেনে অৱস্থাত ভয়-শংকাৰ কাৰণ নাথাকে৷ চিত্তৰঞ্জন বসুমতাৰী মাজুলীৰ ভোটাৰৰ বাবে যে কোনো ফেক্টৰ নহয় সেই কথা সহজেই অনুমেয়৷ কাৰণ মাজুলীৰ মানুহে মাজতে দুবাৰ বিশেষ পৰিস্থিতিত অনামিচিং প্ৰতিনিধি নিৰ্বাচন কৰাৰ বাদে স্বাধীনতাৰ সময়ৰ পৰা ধাৰাবাহিকভাৱে স্থানীয় মিচিং প্ৰাৰ্থীকে নিৰ্বাচিত কৰি আহিছে ৷ সেয়ে জাতীয় পৰিষদে এইবাৰ এটা ভাল সুযোগ হেৰুৱাবলৈ যোৱা বুলিহে চৰ্চা হৈছে ৷ কেউটা বিৰোধী দলে লগ হৈ যদি এজন স্থানীয় শক্তিশালী প্ৰাৰ্থী থিয় কৰাব পাৰিলেহেঁতেন, তেতিয়া হয়তো বিজেপিৰ বাবে এক প্ৰত্যাহ্বান সৃষ্টি হ’লহেঁতেন৷ কিন্তু এতিয়া চৰকাৰৰ সন্মুখত যে কোনো প্ৰত্যাহ৩ান সৃষ্টি কৰিব নোৱাৰে, সেইটো নিশ্চিত৷ আনহাতে, বিৰোধীৰ এই অদূৰদৰ্শী সিদ্ধান্তই মাজুলীত বিৰোধী ৰাজনীতিৰ বাবে এক অশনি সংকেত হৈ দেখা দিব৷ কংগ্ৰেছৰ কথা বাদ দি নতুন আঞ্চলিক শক্তি জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ বাবেও সমষ্টিটোত ভৱিষ্যতে ৰাজনীতি কৰা কঠিন হৈ পৰিব৷ ইমানৰ পাছতো মাজুলীৰ নিৰ্বাচনে ৰাজ্যখনৰ ভৱিষ্যতৰ ৰাজনীতিৰ বাবে এক শুভ বাৰ্তা বহন কৰিছে৷ কিয়নো কংগ্ৰেছ, ৰাইজৰ দল, জাতীয় পৰিষদ আৰু কমিউনিষ্ট পাৰ্টী একেখন মঞ্চত থিয় দিব পাৰিছে৷ ভৱিষ্যতৰ নিৰ্বাচনত হয়তো ই অধিক সংহত হ’ব আৰু বিজেপিৰ অপশাসন উফৰাই পেলোৱাত সহায় হ’ব৷






