লতাৰ স্মৃতিচাৰণত গামোচা দেখি আৱেগিক মুখ্যমন্ত্ৰী
আমাৰ অসম, ১৮ ফেব্ৰুৱাৰীঃ ভাৰতৰত্ন প্ৰয়াত লতা মংগেশকাৰৰ মুম্বাইস্থিত বাসগৃহৰ এক বিশেষ দৃশ্যই বুধবাৰে সন্ধিয়া আবেগিক কৰি তোলে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাক৷ দুদিনীয়া কাৰ্যসূচীৰে বুধবাৰে মুম্বাইত উপস্থিত হোৱা মুখ্যমন্ত্ৰী ড॰ শৰ্মা সেইদিনা সন্ধিয়া কোকিলকণ্ঠী গায়কগৰাকীৰ বাসগৃহলৈ যায় তেওঁৰ প্ৰতি অসমবাসীৰ হৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যেৰে৷ প্ৰভুকুঞ্জৰ এটা বিশেষ কোঠাত পুষ্পৰে সজাই থোৱা আছিল লতা মংগেশকাৰৰ প্ৰতিচ্ছবি৷ লক্ষণীয়ভাৱে লতা মংগেশকাৰৰ প্ৰতিচ্ছবি যি স্থানত থোৱা আছিল সেই স্থান এখন ফুলাম গামোছাৰে অতি সুন্দৰকৈ সজাই থোৱা আছিল৷ ইয়াৰ পৰাই স্পষ্ট হৈ পৰে লতা মংগেশকাৰে অসমক কিমান ভাল পাইছিল৷ তেখেতে যি কেইটা অসমীয়া গান গাইছিল সেইকেইটা আজিও অতি জনপ্ৰিয়৷ বুধবাৰে মুখ্যমন্ত্ৰী ড॰ শৰ্মা তেওঁৰ পুত্ৰৰ সৈতে লতা মংগেশকাৰৰ বাসগৃহত উপস্থিত হোৱাৰ সময়ত সেই সময়ত তাত উপস্থিত আছিল তেখেতৰ ভগ্নী উষা মংগেশকাৰ আৰু ভাতৃ হৃদয়নাথ মংগেশকাৰ৷ মুখ্যমন্ত্ৰী ড॰ শৰ্মাক পোনে পোনে প্ৰভুকুঞ্জৰ সেই বিশেষ কোঠাটোলৈ লৈ যোৱা হয় য’ত লতা মংগেশকাৰৰ প্ৰতিচ্ছবি এখন ফুলাম গামোছাৰ ওপৰত ৰখা আছিল৷ এনে এক পৰিৱেশত আবেগিক হৈ পৰে স্বয়ং মুখ্যমন্ত্ৰী ড॰ শৰ্মা৷ মুখ্যমন্ত্ৰীয়ে দীঘলীয়া সময় ধৰি শিল্পীগৰাকীৰ পৰিয়ালৰ সৈতে মত-বিনিময় কৰি কয়– অসমৰ সৈতে লতা মংগেশকাৰৰ এক দীঘলীয়া আৰু আত্মীয়ক সম্পৰ্ক আছিল৷ ড॰ ভূপেন হাজৰিকা, লতা মংগেশকাৰ অসমৰ মানুহৰ হৃদয়ত আছে৷ তেখেতে অসমৰ জনসাধাৰণৰ সৈতে সদায় বিশেষ সম্পৰ্ক ৰক্ষা কৰিছিল৷ চিৰ প্ৰবাহমান বৰলুইতৰ দৰে এইগৰাকী শিল্পীৰ স্মৃতি অসমবাসীৰ মনত চিৰিদিন সজীব হৈ থাকিব৷