Logo
image

জু-ৰোড, জিএছ ৰোড, জালুকবাৰীৰ মোহ এৰিব পৰা নাই গুৱাহাটীবাসীয়ে

আমাৰ অসম, ১৮ ফেব্ৰুৱাৰীঃ গুজৰাট মডেল নহয়৷ অসমৰ বিজেপি মিত্ৰদলৰ চৰকাৰে এইবাৰ উত্তৰ প্ৰদেশ মডেল অনুসৰণ কৰাৰ সিদ্ধান্ত লৈছে৷ উত্তৰ প্ৰদেশৰ দায়িত্বভাৰ গ্ৰহণৰ পিছতে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে যিদৰে ইখনৰ পিছত সিখন চহৰ আৰু নগৰ, আনকি ৰে’ল ষ্টেচনৰ নাম পৰ্যন্ত সলনিৰ প্ৰক্ৰিয়া আৰম্ভ কৰে, তাকে যেন অনুসৰণ কৰি এইবাৰ ড॰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আৰম্ভ কৰিব বিচাৰিছে অসমৰ বিভিন্ন নগৰ-চহৰ আৰু অঞ্চলৰ নাম সলনিৰ কাম৷ ইয়াৰ বাবে শীঘ্ৰে চৰকাৰী উদ্যোগত আৰম্ভ কৰা হ’ব এটা পোৰ্টেল৷ ইয়াৰে আৰম্ভণি হিচাপে মুখ্যমন্ত্ৰীয়ে কালাপাহাৰৰ নাম সলনি কৰাৰ প্ৰস্তাব ৰাজহুৱাভাৱে দিছে৷ লক্ষণীয়ভাৱে চৰকাৰে বিভিন্ন ঠাইৰ নাম সলনিৰ উদ্যোগ গ্ৰহণ কৰিছে যদিও প্ৰকৃতপক্ষে এনে কাৰ্য কিমান দূৰ কাৰ্যকৰী হয় তাক কেন্দ্ৰ কৰি প্ৰশ্ন উত্থাপিত হৈছে৷ এই পৰ্যন্ত চৰকাৰৰ উদ্যোগত গুৱাহাটীৰ বিভিন্ন ঠাই আৰু বাটপথৰ নাম সলনি কৰা হ’ল৷ কিন্তু সৰ্বসাধাৰণ ৰাইজৰ মাজত আজিও সেই বাটপথৰ পুৰণি নামে প্ৰচলিত আৰু জনপ্ৰিয় হৈ আছে৷ তৰুণ গগৈ চৰকাৰে জালুকবাৰী ৰটাৰীৰ নাম ৰাজীব চ’ক হিচাপে নামাকৰণ কৰিলে৷ কিন্তু এই নাম ফাইলত আবদ্ধ থাকি গ’ল৷ ৰাজীব চ’ক বুলি লিখা কোনো এখন চৰকাৰী ফলকো আনকি জালুকবাৰীত আজি দেখিবলৈ নাই৷ আজিও অসমবাসীয়ে ৰাজীব চ’কৰ পৰিৱৰ্তে সেই ঠাইৰ নাম জালুকবাৰীয়ে বুলিয়ে জানে আৰু চিনি পায়৷ আজিৰ তাৰিখত ৰাজ্যৰ অন্য প্ৰান্তৰ কথাটো বাদেই, খোদ গুৱাহাটী মহানগৰীৰ বহু আবাসীয়ে হয়তো নাজানে মাদাৰ টেৰেছা পথ কোনটো৷ মাদাৰ টেৰেছা পথ বুলি ক’লে গুৱাহাটীৰ কোনটো পথক বুজায় বহুতে অবগত নহয়৷ অথচ এই পথ চোৱা গুৱাহাটীবাসীৰ মনত জু-নাৰেংগী পথ বুলিয়ে জনপ্ৰিয়৷ ঠিক তেনেদৰে ৰাধা গোবিন্দ বৰুৱা পথ বুলি কোৱাতকৈ জু-ৰোড বুলি ক’বলৈহে অধিক পছন্দ কৰে গুৱাহাটীবাসীয়ে৷ গুৱাহাটীৰ অন্যতম ব্যস্ততাপূৰ্ণ জি এছ ৰোডৰ নাম ইতিমধ্যে বহুবাৰ সলনি কৰা হ’ল৷ কংগ্ৰেছ চৰকাৰৰ শাসনকালত এই পথচোৱাৰ নাম ইন্দিৰা গান্ধী পথ নামেৰে নামাকৰণ কৰিছিলে৷ পৰৱৰ্তী সময়ত ইয়াক শ্ৰীমন্ত শংকৰদেৱ পথ নামেৰে নামাকৰণ কৰা হ’ল৷ কিন্তু আজিও এই পথটোৰ নাম জি এছ ৰোড হিচাপে জনপ্ৰিয়৷ সকলোতে জি এছ ৰোড হিচাপে ব্যৱহাৰ হৈ আছে৷ চৰকাৰী উদ্যোগক দিয়া নাম আজি পাহৰণিৰ গৰ্ভত৷ গুৱাহাটী ক্লাব ৰটাৰীৰ নাম ‘বেজবৰুৱা চ’ক’ হিচাপে নামাকৰণ কৰা হ’ল যদিও ইয়াৰ ব্যৱহাৰ এই পৰ্যন্ত পৰিলক্ষিত নহ’ল৷ নাৰেংগী-চন্দ্ৰপুৰ পথৰ নাম চৰকাৰে নতুনকৈ হোমেন বৰগোহাঞি পথ হিচাপে নামাকৰণ কৰিলে যদিও সেয়া কেৱল এখন নাম ফলকতে আৱদ্ধ হৈ থাকি গ’ল৷ গুৱাহাটী অধিকাংশ লোকেই নাজানে যে ছয়মাহৰ পৰা নাৰেংগীলৈ এই সুদীৰ্ঘ পথছোৱাৰ নাম মাধবদেৱ পথ বুলি৷ আজিও এই পথচোৱা ভি আই পি ৰোড নামেৰেই জনপ্ৰিয় আৰু চৰ্চিত৷ গুৱাহাটীৰ অন্যতম চিনাকী ঠাই জয়ানগৰৰ পৰা বেলতলা চালিআলি পৰ্যন্ত এই পথচোৱাৰ নাম চৰকাৰে আজান ফকীৰ পথ হিচাপে নামাকৰণ কৰিছিল যদিও আজিও সকলোৰে বাবে এই পথচোৱা বেলতলা বজাৰ পথ বুলিয়ে পৰিচিত৷ গুৱাহাটীৰ এনে বহু বাট-পথ আৰু অঞ্চলৰ নাম আছে যিবোৰৰ নাম চৰকাৰে সময়ে সময়ে সলনি কৰি আহিছে৷ কিন্তু সৰ্বসাধাৰণ লোকৰ মাজত আজিও সেই ঠাইৰ পুৰনি নামেই ব্যৱহাৰ হৈ আছে৷ গুৱাহাটীৰ এটা বৃহৎ অঞ্চলৰ মাজেদি যোৱা মূল পথটোৰ নাম চৰকাৰে কিছুবছৰ পূৰ্বে আৰ পি ৰোড হিচাপে নামাকৰণ কৰিছিল৷ কিন্তু আজিও এই পথটোক সকলোৱে হাতীগাঁও পথ বুলিয়ে জানে আৰু চিনি পায়৷ আনকি চৰকাৰে অসমৰ ইংৰাজী নামটোৱে সলনি কৰিছিল কিছুবছৰ পূৰ্বে৷ Assam ৰ পৰিৱৰ্তে Asom কৰে যদিও আজি পৰ্যন্ত চৰকাৰৰ ঘৰতে Asom বুলি কতো ব্যৱহাৰ হোৱাৰ নজিৰ নাই৷ নাম সলনিৰ এই চৰকাৰী উদ্যোগৰ মাজতে মালিগাঁৱৰ পাণ্ডুঘাট হৈ কামাখ্যা মন্দিৰলৈ যোৱা পথটিৰ নাম নতুনকৈ নামাকৰণ কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে গুৱাহাটী পৌৰ নিগমে৷ পৌৰ নিগমে কামাখ্যা-পাণ্ডু পথটোৰ নতুন নাম ‘স্বামী মুকুতানন্দ সৰস্বতী’ পথ কৰাৰ প্ৰস্তাৱ দিছে৷ এই ক্ষেত্ৰত কাৰোবাৰ কিবা অজোৰ-আপত্তি থাকিলে আগন্তুক ১৫ দিনৰ ভিতৰত এই সন্দৰ্ভত পৌৰ নিগমৰ আয়ুক্তৰ ওচৰত তেওঁলোকৰ মতামত অৱগত কৰিবলৈ কোৱা হৈছে৷