Logo
image

উৎপাদন কমিছে, স্কুলত ড্ৰপ-আউট বাঢ়িছে

ৰাজ্যৰ অৰ্থনৈতিক সমীক্ষা প্ৰতিবেদন

আমাৰ অসম, ১৮ ফেব্ৰুৱাৰীঃ ৰাজ্য চৰকাৰে অৰ্থনৈতিক সমীক্ষা অসম ২০২০-২১ প্ৰকাশ কৰিছে৷ এই সমীক্ষাত উল্লেখ কৰা হৈছে যে ২০১৯-২০ বৰ্ষত ৰাজ্যত কয়লাৰ উৎপাদন ২৩ শতাংশলৈ, প্ৰাকৃতিক গেছৰ উৎপাদন ৫ শতাংশলৈ, খাৰুৱা তেলৰ উৎপাদন ৩.০ শতাংশলৈ পূৰ্বৰ তুলনাত হ্ৰাস পাইছে৷ একেদৰে ২০১৮-১৯ বৰ্ষৰ তুলনাত ৰাজ্যত প্ৰাথমিক পৰ্যায়ত স্কুল ড্ৰপআউট ছাত্ৰ-ছাত্ৰীৰ সংখ্যাও বৃদ্ধি পাইছে৷ ২০১৮-১৯ বৰ্ষত প্ৰাথমিক স্তৰত স্কুল ড্ৰপআউট ৩.১ শতাংশ হোৱাৰ বিপৰীতে ২০১৯-২০ত ৪.৩ শতাংশলৈ বৃদ্ধি পাইছে৷ এই অৰ্থনৈতিক সমীক্ষাত প্ৰকাশ পোৱা অনুসৰি ২০১৯-২০ৰ তুলনাত ৰাজ্যত কেন্দ্ৰীয় আবকাৰী কৰৰ অংশ, কৰ্প’ৰেট কৰ হ্ৰাস পাইছে৷ ২০১৯-২০ বৰ্ষত ৰাজ্যখনে ৮৯৬২৯৬.২ লাখ জি এছ টি লাভ কৰাৰ বিপৰীতে ২০২০-২১ বৰ্ষত ৭৩৪৯১৯ লাখ জি এছ টি লাভ কৰিছে৷ সমীক্ষা অনুসৰি দেশৰ নিবনুৱাৰ হাৰতকৈ অসমত নিবনুৱাৰ হাৰ বৃদ্ধি পাইছে৷ সেইদৰে চাহৰ উৎপাদনো বহু পৰিমানে হ্ৰাস পাইছে৷